-->

Rajpath by Bhabananda Dutta । ৰাজপথ

 ৰাজপথ
- ভবানন্দ দত্ত


1. ভবানন্দ দত্ত কোন শ্ৰেণীৰ কবি?

উত্তৰঃ- ভবানন্দ দত্ত আধুনিক প্রগতিবাদী ভাৱধাৰাৰ কবি।


2. 'নিশ্রেয়স' শব্দৰ অর্থ কি? HS-2019 

উত্তৰঃ- 'নিশ্রেয়স'শব্দৰ অৰ্থ মঙ্গলহীন।


3. 'অসমীয়া কবিতাৰ কাহিনী' গ্রন্থকাৰ ৰচনা?

উত্তৰঃ- 'অসমীয়া কবিতাৰ কাহিনী' নামৰ গ্ৰন্থখন ভবানন্দ দত্তৰ ৰচনা।


 4. 'ব্লেক আউট' মানে কি? 

উত্তৰঃ- 'ব্লেক আউট' মানে নিষ্পদ্রীপ।


5. ভবানন্দ দত্তৰ এখন গৱেষণাত্মক গ্রন্থৰ নাম লিখা।

উত্তৰঃ- ভবানন্দ দত্তৰ এখন গৱেষণাত্মক গ্রন্থৰ নাম হ'ল 'দৃষ্টি আৰু দর্শন'।


6.  'নিচিকেতা' কাৰ ছদ্ম নাম? 

উত্তৰঃ- 'নচিকেতা' ভবানন্দ দত্তৰ ছদ্ম নাম।


7. ভবানন্দ দত্তৰ জন্ম কত হৈছিল?

উত্তৰঃ- ভবানন্দ দত্তৰ জন্ম হৈছিল যোৰহাটত।


8. 'ৰাজপথত' কোন সময়ত ভদ্র-বনিতাৰ চৰণাঘাত পৰে?

উত্তৰঃ- ৰাজপথত ৰাতিৰ ভাগত ভদ্র-বনিতাৰ চৰণাঘাত পৰে। 


9. 'ৰাজপথ' কবিতাটি প্রথমে কোনখন আলোচনীত প্রকাশ পাইছিল?

উত্তৰঃ- 'ৰাজপথ' কবিতাটি 'জয়ন্তী'ৰ পাতত প্রথমে প্রকাশ পাইছিল।


10. ভবানন্দ দত্তই ৰচনা কৰা এখন ইংৰাজী গ্রন্থৰ নাম লিখা।

উত্তৰঃ- ইংৰাজীত ৰচনা কৰা ভবানন্দ দত্তৰ এখন গ্রন্থৰ নাম হ'লঃ- 'Philosophy and India'.


11. 'ৰাজপথ' নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্র অংকন কৰিছে?

উত্তৰঃ- 'ৰাজপথ' কবিতাটিত কবিয়ে আধুনিকতাৰ বিংশ শতিকাৰ চতুর্থ দহকৰ সময়ছোৱাৰ চিত্র অংকন কৰিছে।


12. বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?

উত্তৰঃ- বিভিন্ন ব্যক্তিয়ে তলত দিয়া ধৰণে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে— 

উদভ্রান্ত প্রেমিক প্রেমিকাই গোপন অভিসাৰ কৰিছে। ভদ্র-বনিতাই জীৱিকাৰ সন্ধানত ৰাতিৰ সুযোগত উদাৰ ৰাজপথত দেহ বিক্ৰী কৰিছে, বিৰহ-কাতৰা কলেজীয়া ছোৱালীয়ে তথাকথিত অভিজাত লোকৰ শৰ্যা সংগীনি হৈছে। 


13. ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰঃ- ৰাজপথৰ দুয়োকাষে অভিজাত লোকৰ শাৰী শাৰী অট্টালিকা গঢ়ি উঠিছে। সেই অট্টালিকাবোৰৰ বাসিন্দাসকল হৈছে ধনীক শ্ৰেণীৰ প্রতিনিধি। সিহঁত বিলাসী জীৱন-যাপন কৰাত মগ্ন। সিহঁতে মেহগনি পালেঙত বিৰহা-কাতৰা কলেজীয়া যুৱতীৰ আলাসিত দেহাৰ সৈতে প্রেম উন্মাদনাত মত্ত। বাহিৰৰ ৰাজপথৰ দাঁতিত দীন-দৰিদ্রই ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰিছে। অভিজাত লোকসকলে সিহঁতৰ কথা এবাৰো ভবাৰ সময় নাই। 


14. ৰাজপথৰ কাষৰ ফুট পাথত কোন কেনেকৈ থাকে? 

উত্তৰঃ- ৰাজপথৰ কাষৰ ফুটপাথত গৃহহীন নিঃস্ব লোকসকলে ভিক্ষাৰ পাত্ৰ লৈ শুই থাকে। সিহঁত কোনো দিন পেট পুৰাই খাবলৈ নোপোৱা বাবে কংকালসাৰত পৰিণত হৈছে।


15. ভবানন্দ দত্তৰ 'ৰাজপথ' কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?

উত্তৰঃ- ভবানন্দ দৰ 'ৰাজপথ' কবিতাটিত আধুনিক সভ্যতাৰ কঠোৰ বাস্তৱতা ফুটি উঠিছে।

আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰি আছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধান ৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে। নিঃস্ব, নিচলা পৰিয়ালৰ ছোৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লোকসকলৰ কামনা কোলাত সঁপি দিছে।


16. 'ৰাজপথ' কবিতাটোৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্রকাশিত হৈছে— বুজাই লিখা। 

উত্তৰঃ- 'ৰাজপথ' কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ প্রকাশিত হৈছে৷

কবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধানত ৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব, নিচলা পৰিয়ালৰ ছোৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লোকসকলৰ কামনাৰ কোলাত সঁপি দিছে।


17. 'ৰাজপথ' কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয় থলী হিচাপে প্ৰকাশ কৰা হৈছে?

উত্তৰঃ- 'ৰাজপথ' কবিতাটিৰ শেষভাগত কবিয়ে ৰাজপথক নিঃস্ব, নিচলা, গৃহহীন, লাঞ্চিত, বঞ্চিত, নিষ্পেষিত লোকৰ আশ্রয়থলী হিচাপে অঙ্কন কৰিছে।

কবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধানত ৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব, নিচলা পৰিয়ালৰ ছোৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লোকসকলৰ কামনাৰ কোলাত সঁপি দিছে। ৰাজপথেই হৈছে সেই দৰিদ্ৰ লোকসকলৰ বাসস্থান। সিহঁত কোনো দিন পেট পুৰাই খাবলৈ নোপোৱা বাবে কংকালসাৰত পৰিণত হৈছে। 


18. সমাজজীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন 'ৰাজপথ' কবিতাটিত কেনেদৰে প্রকাশিত হৈছে বুজাই লিখা।

উত্তৰঃ- ভৱানন্দ দত্তৰ 'ৰাজপথ' শিৰোনামাৰ কবিতাটিত আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ জীৱন ধাৰাৰ মাজত থকা বৈষম্যৰ চিত্ৰ দাঙি ফুটি উঠিছে।

ধনতান্ত্রিক সমাজ ব্যৱস্থাৰ ছবি অংকন কৰিবলৈ গৈ কবিয়ে দেখুৱাইছে যে অভিজাত লোকসকলে ৰাজপথৰ দুয়োকাষে শাৰী শাৰী অট্টালিকা নির্মাণ কৰি মোগ বিলাসী জীৱন-যাপন মত্ত হৈ পৰিছে। সিহঁতৰ পাঁচ মহলা অট্টালিকাৰ পৰা ৰেডিঅ'ৰ গান, ৰবীন্দ্ৰ সুৰৰ মুৰ্চ্ছনা, ভাঁহি আহিছে। সিহঁতে মেহগনি কাঠেৰে সজা পালেঙত আলসুৱা দেহাটি এৰি দি ধন-সম্পত্তি প্রাচুর্যতাৰ মাজত বিলাসীতাৰ সন্ধান কৰিছে।

আনহাতে ৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্র লৈ মৃতপ্রায় হৈ পৰি আছে কংকালসাৰ দৰিদ্র, নিঃস্ব লোকসকল। সিহঁত গৃহহীন, আশ্রয়হীন হৈ ফুটপাথকেই শেষ আশ্রয় হিচাপে গ্ৰহণ কৰিছে। কিছুমান তিৰোতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে।

এনেদৰে কবিয়ে 'ৰাজপথ' নামৰ কবিতাটিত শ্রেণী বৈষম্যৰ ছবি অংকন কৰিছে।


19. 'ৰাজপথ' কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা' মানে কি কথা কোৱা হৈছে? 

উত্তৰঃ- কবিয়ে কৈছে যে ৰাজপথ অতি উদাৰ। ইয়াৰ ওপৰেদি ট্রাম, বাছ, টেক্সি, ৰিক্সা আদি অনবৰত চলি আছে। এই ৰাজপথ বিভিন্নজনে ভিন ভিন উদ্দেশ্যত ভিন ভিন ধৰণে ব্যৱহাৰ কৰিছে। বঞ্চিত, লাঞ্চিত, নিষ্পেষিত, নিঃস্ব, আৰু গৃহহীন লোকসকলৰ বাবে ই হৈছে শেষ আশ্রয়স্থল। সিহঁতে ৰাজপথৰ উদাৰতাৰ সুযোগলৈ বাচি থাকিবলৈ বাঞ্ছা কৰে।


20. প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ HS-2019 

সমাজৰ চকুত ধুলি দিয়াজীৱিকা-সন্ধানী ভদ্র-বনিতাৰ 

চৰণাঘাত লভিছা কত। 

উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তর্গত ভৱানন্দ দত্তই ৰচনা কৰা 'ৰাজপথ'নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। 

আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ অৱক্ষয় আৰু অশ্লীলতাৰ ছবি অংকন কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

আধুনিকতাই সমাজত শ্রেণী বৈষম্যৰ সৃষ্টি কৰিছে। অভিজাত শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত মত্ত। আনহাতে দীন-দৰিদ্র আশ্রয়হীন লোকসকলে ভিক্ষাৰ পাত্র লৈ আলিবাটৰ দাঁতিত আশ্ৰয় লৈছে। ৰাজপথত জীৱিকা সন্ধানী ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে। নিঃস্ব, নিচলা পৰিয়ালৰ ছোৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি মুখাপিন্ধা ভদ্র লোকসকলৰ কামনাৰ কোলাত নিজকে সঁপি দিছে। 


20. প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(খ) পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান

অর্গেনত ৰবীন্দ্র সংগীত, 

ডবল-তলিচা পৰা মেহগনি পালেঙত 

বিৰহ-কাতৰা কলেজ গার্লৰ

অলাসায়িত দেহ। 

উত্তৰঃ- উক্ত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তর্গত ভৱানন্দ দত্তই ৰচনা কৰা 'ৰাজপথ' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে উক্ত কবিতাফাকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ নগ্ন চিত্র অংকন কৰিছে।

ৰাজপথৰ দুয়োকাষে অভিজাত শ্ৰেণীটোৱে শাৰী শাৰী অট্টালিকা নির্মাণ কৰি বিলাসী জীৱন-যাপন মত্ত। পাঁচ মহলীয়া অট্টালিকাৰ পৰা ৰেডিঅ'ৰ গান, ৰবীন্দ্র সংগীতৰ সুৰ ভাঁহি অহা শুনিবলৈ পোৱা যায়। ৰাজপথৰ দাঁতিত ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰা লোকসকলৰ কথা অট্টালিকাৰ বাসিন্ধাসকলৰ এবাৰো ভাবি চোৱাৰ সময় নাই। সিহঁত মেহগনি পালেঙত কলেজীয়া যুৱতীৰ আলাসিত দেহাৰ সৈতে প্রেম উন্মাদনাত মত্ত।

এইদৰে কবিয়ে অন্তঃসাৰ শূন্য সমাজৰ ধনীক শ্ৰেণীৰ বিলাসৰ চিত্ৰ ফুটাইতুলিছে। 


20. প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(গ) আৰু তাৰ তলতেই ফুট পাথত

(ধন্য তোমাৰ দয়া) 

শূন্য ভিক্ষা পাত্ৰ লৈ গুই পৰা।

মৃতপ্রায় কংকালৰ শাৰী। 

উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা 'ৰাজপথ' নামৰ কবিতাটি পৰা তুলি দিয়া হৈছে।

কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেদি আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ ব্যৱধানৰ চিত্র অংকন কৰিছে।

ৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্ৰ লৈ মৃতপ্রায় হৈ পৰি আছে কংকালসাৰ দৰিদ্র, নিঃস্ব লোকসকল। সিহঁত গৃহহীন, আশ্রয়হীন হৈ ফুটপাথকেই শেষ আশ্রয় হিচাপে গ্ৰহণ কৰিছে। কিছুমান তিৰোতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে।

এনেদৰে কবিয়ে 'ৰাজপথ' নামৰ কবিতাটিত শ্রেণী বৈষম্যৰ ছবি অংকন কৰিছে।

কবিয়ে লক্ষ্য কৰিছে যে ৰাজপথত জীৱিকাৰ সন্ধানত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব, নিচলা পৰিয়ালৰ ছোৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লোকসকলৰ কামনাৰ কোলাত সঁপি দিছে। ৰাজপথেই হৈছে সেই দৰিদ্র লোকসকলৰ বাসস্থান। সিহঁত কোনো দিন পেট পুৰাই খাবলৈ নোপোৱা বাবে কংকালসাৰত পৰিণত হৈছে।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »