-->

Ekhon Chithi- Hem Barua । এখন চিঠি

 এখন চিঠি 
- হেম বৰুৱা


1. 'এখন চিঠি' কবিতাটিৰ ৰচক কোন? 

উত্তৰঃ- হেম বৰুৱা।


2. হেম বৰুৱাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা। HS-2018 

উত্তৰঃ- বালিছন্দা।


3. হেম বৰুৱাই ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা।

উত্তৰঃ- The Red River and Blue Hill. 


4. হেম বৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল?

উত্তৰঃ- ধুবুৰী অধিবেশনৰ সভাপতি আছিল। (১৯৭২)।


5. হেম বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।

উত্তৰঃ- পছোৱা। 


6. 'এখন চিঠি' কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত? HS-2018

উত্তৰঃ- 'এখন চিঠি' কবিতাটো হেম বৰুৱাৰ 'মন-ময়ুৰী' কবিতা সংকলনখনৰ অন্তৰ্গত।


7. হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।

উত্তৰঃ- হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম হ'ল 'পছোৱা'। 


8. চেলা গিৰিপথ ক'ত আছে?

উত্তৰঃ- চেলা গিৰিপথ অৰুণাচল প্রদেশ আৰু চীনা সীমান্তত আছে।


9. কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে? 

উত্তৰঃ- কবিয়ে দেশৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।


10. 'এখন চিঠি' কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি?

উত্তৰঃ- 'এখন চিঠি' কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম 'মমতা'।


11. 'এখন চিঠি' কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?

উত্তৰঃ- 'এখন চিঠি' কবিতাটিত সৈনিকজনে যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নী আৱেগত মৌন হৈ পৰিছিল। দুচকুৱেদি লোতক ওলাই আহিছিল। সৈনিকজনেও কোনো কথা ক'ব পৰা নাছিল। তেওঁৰ মনত যি আবেগ আৰু বিৰহ বেদনাৰ উদয় হৈছিল তাৰ গভীৰতা তেওঁ ভাষাৰে প্ৰকাশ কৰিবলৈ অপাৰগ হৈছিল। 


12. 'এখন চিঠি' কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?

উত্তৰঃ- 'এখন চিঠি' কবিতাটিত কবিয়ে কৈছে যে তেওঁ যি অঞ্চলত কর্তব্যৰত হৈ আছে তাত ইতিহাসৰ বিভিন্ন সময়ত বহুতো যুদ্ধ সংঘটিত হৈছিল। সেই যুদ্ধৰ কাহিনীবোৰ কোনোৱাই লিখি ৰাখিলে মহাকাব্য হ'লহেঁতেন। সৈনিকজন ৰৈ থকা স্থানৰ পৰা শত্রুসেনাৰ কামানৰ গর্জন শুনিবলৈ পাইছে আৰু গুলি-বাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে। 


13. সৈনিকজনে মৃত্যুক কেনদেৰে গ্ৰহণ কৰিছে?

উত্তৰঃ- সৈনিকজনে মৃত্যক অতি সহজভাৱেই গ্রহণ কৰিছে। তেওঁ মৃত্যুলৈ অকনো ভয় কৰা নাই। তেওঁ উপলব্ধি কৰিছে যে যুদ্ধত যদি তেওঁৰ মৃত্যুও হয়, সেই মৃত্যু দেশৰ কল্যাণৰ বাবেই হ'ব। অর্থাৎ যুদ্ধত তেওঁৰ মৃত্যু ঘটিলে সেই মৃত্যু হ'ব পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। তেনে মৃত্যুত দেৱতাৰ আশীর্বাদ আছে বুলিও সৈনিকজনে ভাৱিছে।


14. নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?

উত্তৰঃ- সৈনিকজনে তেওঁৰ পত্নীক কৈছে যে, যদি যুদ্ধ পথাৰত তেওঁৰ মৃত্যু হয়, তেন্তে তাই যেন সিহঁতৰ ল'ৰা দুটিক দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। তাই ল'ৰা দুটিক এইবুলি বুজনি দিয়ে যেন মৃত্যুয়ে তেওঁক অমৰত্ব দান কৰিছে। কাৰণ দেশৰ জনগণৰ কল্যাণৰ বাবেই তেওঁৰ মৃত্যু হৈছে যি মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্র।


15. সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি?

উত্তৰঃ- সৈনিকজনে পত্নীলৈ লিখা চিঠিখন সেইদিনা ডাকত পঠাব নোৱাৰিছিল কাৰণ চিঠিখন লিখি উঠা মূহুর্ততে যুদ্ধক্ষেত্রলৈ যোৱাৰ আদেশ পাইছিল। 


16. "তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল" কথাষাৰৰ মর্মার্থ বুজাইলিখা।

উত্তৰঃ- সৈনিকজনে চিঠিখন লিখিবলৈ লোৱাৰ সময়ত পত্নীৰ পৰা বিদায় লোৱা মূহুৰ্তৰ দৃশ্য তেওঁৰ চকুৰ আগত ভাঁহি উঠিছে। বিদায়ৰ সময়ত সৈনিকজনৰ পত্নী আৱেগত মৌন হৈ পৰিছিল। দুচকুয়েদি লোতক ওলাই আহিছিল। এনেদৰে বিৰহা-কাতৰা নাৰীৰ মনৰ স্বাভাৱিক অথচ চিৰন্তন হৃদয়ৰ আবেগ উদ্ধৃত কবিতাশাৰীৰ মাজেদি ফুটি উঠিছে।


17. সৈনিকজনৰ দেশপ্রেম 'এখন চিঠি' কবিতাত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ- 'এখন চিঠি' কবিতাটিত সৈনিকজনৰ দেশপ্রেম প্রকাশ পাইছে।

সৈনিকসকলে স্বদেশৰ লোকসকলৰ নিৰাপত্তাৰ বাবে যিকোনো সময়তে যুদ্ধ লৈ যাৱাৰ বাবে প্রস্তুত। 'এখন চিঠি'ৰ সৈনিকজনে উপলব্ধি কৰিছে যে যুদ্ধত যিকোনো সময়ত তেওঁৰ মৃত্যু হ'ব পাৰে। তেওঁ ভাৱে যে যুদ্ধত যদি তেওঁৰ মৃত্যুও হয়, সেই মৃত্যু দেশৰ জনগণৰ কল্যাণৰ বাবেই হ'ব। সেয়ে যুদ্ধ পথাৰত তেওঁৰ মৃত্যু হ'লে সেই মৃত্যু হ'ব পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। তেনে মৃত্যুত দেৱতাৰ আশীর্বাদ আছে বুলিও সৈনিকজনে ভাৱিছে।

এনেদৰে সৈনিকজনে স্বদেশৰ কল্যাণৰ হকে মৃত্যুৰ বাবে সাজু থাকি অকপট দেশপ্রেম প্ৰকাশ কৰিছে।


18. এখন চিঠি' কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাব প্রকাশ পাইছে?

উত্তৰঃ- কবিতাটিত উল্লেখ কৰা সৈনিকজন সীমান্তত নিয়োজিত থকা এজন প্ৰহৰী সৈনিক। তেওঁ কৰ্তব্যৰত স্থানৰ পৰা নিজ ঘৰত থকা পত্নীলৈ চিঠি লিখিছে। সৈনিকজনে লিখিছে যে চিঠিখন লিখিবলৈ লোৱাৰ সময়ত তেওঁৰ পত্নীৰ পৰা বিদায় লোৱা মূহুৰ্তৰ দৃশ্য চকুৰ আগত ভাঁহি উঠিছে। বিদায়ৰ সময়ত সৈনিকজনৰ পত্নী আৱেগত মৌন হৈ পৰিছিল। চকুয়েদি লোতক ওলাই আহিছিল। সৈনিকজনেও কোনো কথা ক'ব পৰা নাছিল। তেওঁৰ মনত যি আবেগ আৰু বিৰহ বেদনাৰ উদয় হৈছিল তাৰ গভীৰতা তেওঁ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। সেইবোৰ যেন বনপোৰা জুইৰ দৰে নিজৰ ভিতৰতে জ্বলি আপোনা-আপুনি নিঃশেষ হৈছে।


19. 'এখন চিঠি' কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াবহতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ- 'এখন চিঠি' কবিতাটিত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ ভয়াবহতা প্রকাশ কৰিছে এইদৰে-

সৈনিকজন সমতলৰ পৰা বহুত উচ্চতাত পর্বতৰ ওপৰত প্ৰহৰী সৈনিক হিচাপে কর্তব্যত নিয়োজিত হৈ আছে। ঠাইডোখৰ নির্জন আৰু ভয়াল। তেনে ঠাইত তেওঁৰ মনৰ আবেগ আৰু মনৰ কল্পনাবোৰ ছাই হৈ যায়। তেওঁৰ মনৰ ভিতৰত জ্বলি থকা বিৰহ-বেদনাবোৰ যেন পর্বত ঠেকা খাই উভতি আহে।

সৈনিকজনে থকা স্থানত অতীতত বহুত যুদ্ধ সংঘঠিত হৈছিল। বহুত সৈনিকৰ বুকুৰ তেজৰ চেকুৰা তাত লাগি আছে। সেই যুদ্ধৰ ঘটনাবোৰ লিখি ৰখা হ'লে এখন মহাকাব্যৰ হ'লহেঁতেন। সৈনিকজন ৰৈ থকা স্থানৰ পৰাই শত্রুসেনাৰ কামানৰ গর্জন শুনিবলৈ পাইছে আৰু গুলিবাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে।


20. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ-

(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই 

লেখি যোৱা তেজৰ বুৰঞ্জী। HS-2018

উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তর্গত হেম বৰুৱাই ৰচনা কৰা 'এখন চিঠি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সৈনিকজনে পত্নীলৈ চিঠি লিখিবলৈ লোৱা স্থানৰ সামৰিক তথা ঐতিহাসিক গুৰুত্বৰ বিষয়ে ক'বলৈ গৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

সৈনিকজন সীমান্তত কৰ্তব্যৰত আছিল। সামৰিক আৰু দেশখনৰ নিৰাপত্তাৰ দিশৰ পৰা ঠাইখন বৰ গুৰুত্বপূর্ণ আছিল কাৰণ সেই সীমান্তদিয়েই বিদেশীয়ে দেশখন আক্রমণ কৰাৰ সম্ভাৱনা আছিল। তেনে সীমান্তত প্ৰায়ে শত্রু সেনাৰ লগত গুলিয়া-গুলি হয়। সৈনিকজনে কৈছে যে তেওঁ যি অঞ্চলত কর্তব্যৰত হৈ আছে তাত ইতিহাসৰ বিভিন্ন সময়ত বহুতো যুদ্ধ সংঘটিত হৈছিল। সেই যুদ্ধৰ কাহিনীবোৰ কোনোৱাই লিখি ৰাখিলে এখন মহাকাব্য হ'লহেঁতেন। সৈনিকজন ৰৈ থকা স্থানৰ পৰা শত্রুসেনাৰ কামানৰ গর্জন শুনিবলৈ পাইছে আৰু গুলি-বাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে। 


20. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ-

(খ) মৃত্যুয়ে যদি অভিনন্দন জনায় HS-2019

সেই মৃত্যু পাৰিজাত ফুল 

তাত দেবতাৰ আশীর্বাদ আছে।

উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত হেম বৰুৱাই ৰচনা কৰা 'এখন চিঠি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা সৈনিকসকলৰ মৃত্যুত যে দেৱতাৰ আশীর্বাদ আছে সেই কথা ব্যক্ত কৰিবলৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

সৈনিকজনে মৃত্যক অতি সহজভাৱেই গ্রহণ কৰিছে। তেওঁ মৃত্যুলৈ অকনো ভয় কৰা নাই। তেওঁ উপলব্ধি কৰিছে যে যুদ্ধত যদি তেওঁৰ মৃত্যুও হয়, সেই মৃত্যু দেশৰ কল্যাণৰ বাবেই হ'ব। অর্থাৎ যুদ্ধত তেওঁৰ মৃত্যু ঘটিলে সেই মৃত্যু হ'ব পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। তেনে মৃত্যুত দেৱতাৰ আশীর্বাদ আছে বুলিও সৈনিকজনে ভাৱিছে।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »