-->

Lachit Phukan । লাচিত ফুকন

 লাচিত ফুকন
দেৱকান্ত বৰুৱা 


1. দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?

উত্তৰঃ- দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত 'দোমোজাৰ কবি' হিচাপে জনাজাত।


2. দেৱকান্ত বৰুৱাৰ একমাত্র কাব্যপুথিখনৰ নাম কি? HS-2019 

উত্তৰঃ- 'সাগৰ দেখিছা' দেৱকান্ত বৰুৱাৰ একমাত্র কবিতা পুথিখন।


3. 'দুর্মদ' শব্দৰ অর্থ কি? 

উত্তৰঃ- অতি পৰাক্ৰমী, দুর্ধর্ষ।


4 অসমীয়া ভাষাত পোন প্ৰথমতে কোনজন কবিয়ে দৈনন্দিন কথিত ভাষাৰ ৰূপ প্রয়োগ কৰে?

উত্তৰঃ- দেৱকান্ত বৰুৱাই।


5. কোনজন অসমীয়া কবি 'অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰোঁতা' বুলি খ্যাত?

উত্তৰঃ- দেৱকান্ত বৰুৱা।


6. দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্রথমে আধুনিকতাৰ প্রতিধ্বনি শুনা যায়?

উত্তৰঃ- দেৱকান্ত বৰুৱাৰ "আমি দুৱাৰ মুকলি কৰোঁ" কবিতাটিত প্ৰথম আধুনিকতাৰ প্রতিধ্বনি শুনা যায়।\


7. 'দেশৰ বাতৰি শুনিবানে বীৰ' -ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ- 'দেশৰ বাতৰি শুনিবানে বীৰ' বুলি লাচিত ফুকনৰ কথা কোৱা হৈছে।


8. 'নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ – 'জয়শ্রী' মানে কি?

উত্তৰঃ- 'জয়শ্রী' মানে শত্রুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা সন্মান।


9. দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?

উত্তৰঃ- দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখা যায়। সেই গৰাকী কবিৰ কাব্যিক শৈলীক 'নাটকীয় স্বগতোক্তি' শৈলী বুলি কোৱা হয়।


10. 'হে অসমৰ ত্যাগৰ মূর্তি! মাতুল-ঘাতক-নবী' -ইয়াত কাক কিয় 'মাতুল ঘাতক নবী' বুলি কৈছে?

উত্তৰঃ- ইয়াত কবিয়ে লাচিত বৰফুকনক 'মাতুল ঘাতক নবী' বুলি কৈছে। কাৰণ লাচিত বৰফুকনে স্বদেশৰ স্বাধীনা ৰক্ষাৰ বাবে মোগলৰ লগত হোৱা যুদ্ধৰ সময়ত নিজৰ মোমায়েকৰ মূৰ কাটিছিল।

  

11. ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্রদর্শন কৰিছিল? HS-2019 

উত্তৰঃ- ইব্রাহিম (আব্রাহাম) হ'ল বাইবেল আৰু কোৰাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী। ঈশ্বৰে সপোনত দিয়া নির্দেশমতে তেওঁ নিজ পুত্র ইছমাইলক কোৰবাণি দিছিল। অৱশ্যে ঈশ্বৰে ইব্রাহিমৰ ত্যাগৰ পৰীক্ষাহে লৈছিল। গতিকে ইছমাইলৰ মৃত্যু নহৈ বলিদানৰ স্থানত এটা ভেৰাৰ মৃতদেহ দেখা গৈছিল।


12. 'অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল' -ইয়াত 'গাধৰ পাল' বুলি কবিয়ে কাক বুজাইছে?

উত্তৰঃ- 'অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল' – পংক্তিফাঁকিৰ দ্বাৰা কবি দেৱকান্ত বৰুৱাই শোষিত, নিষ্পেষিত হোজা জনসাধাৰণক বুজাইছে যিসকলে এমুঠি খাদ্যৰ বাবে গাধৰ দৰে নেতাসকলৰ বোজা কঢ়িয়ায় আৰু সিহঁতৰ হুকুম মতে উঠা-বহা কৰে। কিন্তু সিহঁতৰ পাৰিশ্ৰমিকৰ বিনিময়ত পায় কিল, ভুকু আৰু অৱজ্ঞা।


13. দেশ জননীৰ কেনে আয়োজন দেখি 'মুক্তি পলাল' বুলি কবিয়ে কৈছে?

উত্তৰঃ- ভুৱা দেশ প্রেমিকসকলৰ কাণ্ডকাৰখানা দেখি কবিয়ে দেশ জননীৰ 'মুক্তি পলাল' বুলি কৈছে। আজিৰ দেশ প্রেমিকসকলে দেশৰ প্রতি সিহঁতৰ দায়িত্বজ্ঞান পাহৰি পিয়ানো বজাই, পূজাৰ আৰতি কৰি, বেদীত মমৰ বাতি জ্বলাই দেশৰ মুক্তি কামনা কৰে। সেয়ে কবিয়ে দুখ কৰি তেনেদৰে কৈছে।


14. 'লাচিত ফুকন' কবিতাটিত কেনেধৰণৰ চিন্তা কর্মসমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে?

উত্তৰঃ- দেৱকান্ত বৰুৱাই 'লাচিত ফুকন' নামৰ কবিতাটিত ভুৱা, স্বার্থান্বেষী, কৃত্রিম কর্ম আৰু চিন্তা চর্চাই বৰ্তমানৰ সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কৈছে।

অসমীয়াসকল ভুৱা স্বদেশপ্রেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি থকা সিহঁতৰ কৰ্তব্যক পাহৰি সিহঁতে এমুঠি খাদ্যৰ বাবে নেতাসকলৰ পিছে পিছে লৰি ফুৰে আৰু তাৰ বিনিময়ত প্ৰভুৰ পৰা কামৰ মূল্য স্বৰূপ কিল, ভুকু, চৰ, লাথি, অৱজ্ঞা আদি পায়। বর্তমানৰ স্বদেশপ্রেমীসকল হৈছে নকল-নবীছৰ দৰে। সিহঁতে অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই, আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্রতি কাৰো মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলোকে বক্তৃতাৰে ৰণ জয় কৰিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্রেমৰ তাৎপর্য বুজি নাপায়।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশাৰ বাবে শোক কৰিছে।


15. 'লাচিত ফুকন' কবিতাটিত কবিয়ে কেনেধৰণৰ স্বদেশপ্রেমক ভুৱা দেশপ্রেম বুলি কৈছে?

উত্তৰঃ- দেৱকান্ত বৰুৱাই 'লাচিত ফুকন' নামৰ কবিতাটিত বীৰ লাচিত ফুকনৰ বীৰত্ব আৰু স্বদেশপ্রেমৰ কথা সুঁৱৰি বর্তমান প্রজন্মৰ ভুৱা, স্বার্থান্বেষী, অধোঃগামী আৰু কৃত্রিম স্বদেশানুৰাগৰ তুলনা কৰি আক্ষেপ কৰিছে।

অসমীয়াসকল ভুৱা স্বদেশপ্রেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি থকা সিহঁতৰ কৰ্তব্যক পাহৰি সিহঁতে এমুঠি খাদ্যৰ বাবে নেতাসকলৰ পিছে পিছে লৰি ফুৰে আৰু তাৰ বিনিময়ত প্ৰভুৰ পৰা কামৰ মূল্যস্বৰূপ কিল, ভুকু, চৰ, লাথি, অৱজ্ঞা আদি পায়। বর্তমানৰ স্বদেশপ্রেমীসকল হৈছে নকল-নবীছৰ দৰে। সিহঁতে অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্রতি কাৰো মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলোকে বক্তৃতাৰে ৰণ জয় কৰিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপর্য বুজি নাপায়।

কবিয়ে এনে স্বদেশপ্রেমক ভুৱা স্বদেশপ্রেম বুলি কৈছে।


16. 'লাচিত ফুকন' কবিতাটিত কবিয়ে 'দেশৰ বাতৰি শুনিবানে বীৰ' বুলি কৈ কি কি বাতৰি দিছে?

উত্তৰঃ- দেৱকান্ত বৰুৱাই 'লাচিত ফুকন' নামৰ কবিতাটিত বীৰ লাচিত ফুকনৰ বীৰত্ব আৰু স্বদেশপ্রেমৰ কথা সুঁৱৰি লগতে বর্তমান প্রজন্মৰ ভুৱা, স্বার্থান্বেষী, অধোঃগামী আৰু কৃত্রিম স্বদেশানুৰাগৰ তুলনা কৰি শোকত (ম্ৰিয়মান) হৈ লাচিতক বর্তমান চামৰ বাতৰি শুনাব বিচাৰিছে।

কবিয়ে দেখা পাইছে যে বর্তমান সময়ত অসমত লাচিতৰ দৰে কোনো বীৰ আৰু স্বদেশপ্রেমিক নাই। আজিৰ অসমীয়াসকলৰ স্বদেশপ্রেম ভুৱা আৰু কৃত্রিম। সিহঁতে অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই, আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্রতি কাৰো মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলোকে বক্তৃতাৰে ৰণ জয় কৰিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেম ভাওনা পাতে। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্রেমৰ তাৎপর্য বুজি নাপায়।

কবিয়ে বর্তমানৰ অসমবাসীৰ এইবোৰ ভণ্ডামী আৰু কৃত্রিমতাৰ বাতৰি লাচিত ফুকনক শুনাব বিচাৰিছে।


17. 'লাচিত ফুকন' কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্রেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।

উত্তৰঃ- 'লাচিত ফুকন' কবিতাটিৰ মাজেৰে কবি দেৱকান্ত বৰুৱাৰ অকপট স্বদেশপ্রেম প্রকাশ পাইছে।

আজিৰ অসমীয়াই অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱর্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্রতি কাৰো মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলোকে বক্তৃতাৰে ৰণ জয় কৰিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্রেমৰ তাৎপর্য বুজি নাপায়।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্রেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশা আৰু অতীত গৌৰৱৰ স্খলন হোৱা বাবে শোক কৰি স্বদেশৰ প্ৰতি কবিৰ প্ৰেম প্ৰকাশ কৰিছে।


18. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ- 

(ক) "বক্তৃতা দি আকাশ কঁপাই, চিঞৰত টেটু ফালি বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।"

উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তর্গত দেৱকান্ত বৰুৱাই ৰচনা কৰা 'লাচিত ফুকন' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। 

বৰ্তমানৰ ভূৱা দেশপ্রেমিকৰ কার্যকলাপৰ চিত্ৰ অংক কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

আজিৰ অসমীয়াই বক্তৃতাৰে ৰণ জয় কৰিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। লোকেল ব'ৰ্ডৰ সদস্য, এছেম্বলীত মন্ত্রীত্ব পোৱা অর্থাৎ ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্রেমৰ মূল্য বুজি নাপায়।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্ৰেমৰ চিত্র অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশা আৰু অতীত গৌৰৱৰ স্খলন হোৱা বাবে শোগক কৰিছে।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »