-->

দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন । Dushyanta Shakuntalar Purnamilan

 দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন
কবিৰাজ চক্ৰবর্তী


1. "দুষ্যন্ত শকুন্তলাৰ পুনর্মিলন" পাঠটিৰ ৰচক কোন? 

উত্তৰঃ- "দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন" নামৰ পাঠটিৰ ৰচক হ'ল কবিৰাজ চক্ৰৱৰ্তী। 


2. শকুন্তলাৰ স্বামীৰ নাম কি? 

উত্তৰঃ- শকুন্তলাৰ স্বামীৰ নাম দুষ্যন্ত। 


3. কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম কি? 

উত্তৰঃ- কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম হ'ল- ৰামনাৰায়ণ চক্ৰৱৰ্তী। 


4. সিংহজিত কাৰ নাম?

উত্তৰঃ- সিংহজিত দুষ্যন্ত-শকুন্তলাৰ পুত্ৰ ভৰতৰ আন এটি নাম।


5. সর্বদমন কাৰ নাম আছিল? 

উত্তৰঃ- সর্বদমন ভৰতৰ নাম আছিল। 


6. শকুন্তলা কাব্য কোনে ৰচনা কৰিছিল? 

উত্তৰঃ- শকুন্তলা কাব্য কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিল


7. নিধান শব্দৰ অর্থ কি? 

উত্তৰঃ- নিধান শব্দৰ অৰ্থ হ'ল- সম্পত্তিৰ ভঁৰাল বা বহুমূলীয় বস্তু। 


8. "এক দৃষ্টি নিৰেখিয়া ৰৈলা নৃপবৰ।" —কোনে, কাক দেখি 'এক দৃষ্টি'ৰে নিৰীক্ষণ কৰি ৰ'ল লিখা|

উত্তৰঃ- ৰজা দুষ্যন্তই, খেলত মগ্ন হৈ থকা সিংহজিতক দেখি 'এক দৃষ্টিৰে নিৰীক্ষণ কৰি ৰ'ল। 


9. 'শংখচুড় বধ' কাব্য কোনে ৰচনা কৰিছিল? 

উত্তৰঃ- শংখচূড় বধ কাব্য কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিল। 


10. কাৰ অনুৰোধত কবিৰাজ চক্ৰৱৰ্তীয়ে গীতগোবিন্দ ভাঙনি কৰিছিল? 

উত্তৰঃ- ৰুদ্ৰসিংহৰ অনুৰোধ মতে কবিৰাজ চক্ৰৱৰ্তীয়ে গীতগোবিন্দ ভাঙনি কৰিছিল। 


11. কাক দেখি দুষ্যন্ত ৰজাৰ হৃদয়ত আনন্দ উপজিছিল? 

উত্তৰঃ- সিংহজিতক দেখি দুয্যন্ত ৰজাৰ হৃদয়ত আনন্দ উপজিছিল। 


12. কবিৰাজ চক্ৰৱৰ্তীয়ে কোনজন ৰজাক পঢ়াই শাস্ত্ৰত পণ্ডিত কৰিছিল? 

উত্তৰঃ- মহাৰাজ ৰুদ্ৰসিংহক। 


13. "কিন্তু জননীৰ জানা প্ৰাণৰ সমান"– জননীৰ বাবে প্ৰাণৰ সমান কোন? 

উত্তৰঃ- জননীৰ বাবে প্ৰাণৰ সমান হ'ল— পুত্ৰ। 


14. আহোম ৰজা ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ সভাৰ কবি জনৰ নাম কি?

উত্তৰঃ- আহোম ৰজা ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ সভাৰ কবি জনৰ নাম হ'ল- কবিৰাজ চক্ৰৱর্তী। 


15. কাশ্যপ নন্দন কোন? 

উত্তৰঃ- কাশ্যপ নন্দন হ'ল সিংহজিত, দুষ্যন্ত শকুন্তলাৰ পুত্ৰ। 


16. শকুন্তলা কোন মুনিৰ আশ্ৰমত আছিল?

উত্তৰঃ- শকুন্তলা কাশ্যপ মুনিৰ আশ্ৰমত আছিল। 


17. সিংহৰ স'তে খেলা খেলি থকা বালকৰ বৰ্ণনা দুষ্যন্ত ৰজাই কিদৰে দিছে বর্ণনা কৰা।

উত্তৰঃ- স্বৰ্গৰ ৰজা ইন্দ্ৰৰ অনুৰোধমর্মে যৱনসকলক বধ কৰি ৰজা দুষ্মন্তই এবাৰ কাশ্যপ মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল। সেই আশ্ৰমত প্ৰৱেশ কৰা সময়তে ৰাজচিহ্নযুক্ত এটি সুন্দৰ সুঠাম দেহৰ অধিকাৰী শিশুৱে সিংহৰ স'তে খেলি থকা দেখিছিল। সিংহৰ স'তে খেলি থকা বালকটিৰ বিষয়ে ৰজা দুষ্যন্তই এনেদৰে কৈছিল যে- সিংহজিতৰ ৰাজচিহ্নযুক্ত সুন্দৰ সুঠাম শৰীৰটিয়ে সকলোকে মুগ্ধ কৰে। তেওঁৰ মুখখন মাতৃ শকুন্তলাৰ দৰে ধুনীয়া আছিল। সেই ল'ৰাটিক দেখি ৰজা দুষ্যন্তই স্নেহত আবদ্ধ হৈ আকুল হৈ পৰিছিল। 


18. ৰজাই পূর্বজ্ঞান হেৰুৱাই শকুন্তলাক চিনি নোপোৱাত তেওঁ ক'ত, কিদৰে জীৱন কটাব লগা হৈছিল লিখা। 

উত্তৰঃ- ঋষি দুর্বাসাৰ অভিশাপৰ বাবে ৰজা দুষ্যন্তই পূর্বজ্ঞান হেৰুৱাই পেলাইছিল। শকুন্তলাৰ স'তে তেওঁৰ গন্ধর্ব প্ৰথাৰে হোৱা বিবাহৰ কথাও সমুলি পাহৰি গৈছিল। ফলত তেওঁৰ ৰাজসভালৈ অহা শকুন্তলাই তেওঁৰ পত্নী বুলি দাবী কৰাত ৰজাই তেওঁক নিন্দা কৰি ৰাজ সভাৰ পৰা খেদি পঠায়। বিষাদ মনেৰে শকুন্তলাই তাৰ পৰা উভতি আহোতে মাতু মেনকাই দেখা পায় আৰু ৰথত উঠাই লৈ নিজ পৰিচয় ব্যক্ত কৰে। তাৰ পিছত শকুন্তলাক কাশ্যপ মুনিৰ আশ্ৰমত নমাই দিয়ে। কাশ্যপ মুনিয়ে শকুন্তলাক নিজৰ জীয়েকৰ দৰে মৰম কৰে। তেওঁৰ আশ্ৰয়ত থাকি শকুন্তলাই এটি পুত্ৰ সন্তান জন্ম দিয়ে। সেই সন্তানটিৰ জাতকর্ম বিধিমতে কৰি তাৰ নাম থয় ভৰত বা সর্বদমন।


19. "মুনি বোলে দৈবৰ ঘটনা উপস্থিত।" 

-ইয়াত কি "দৈৱ ঘটনা" উপস্থিত হোৱাৰ কথা কোৱা হৈছে? ঘটনাটি ব্যাখ্যা কৰা।

উত্তৰঃ- ইয়াত দুষ্যন্ত আৰু শকুন্তলাৰ মাজত বিবাহৰ পিছত সংঘটিত হোৱা ঘটনাটিক 'দৈব ঘটনা' বুলি কোৱা হৈছে। কাৰণ ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ মাজত হোৱা সকলো ঘটনা যে দুর্বাসা মুনিৰ অভিশাপৰ ফলত হৈছিল এই কথা কাশ্যপ মুনিয়ে গম পাইছিল। কাৰণ যেতিয়া কাশ্যপ মুনিৰ অনুপস্থিতিত দুষ্যন্ত আৰু শকুন্তলাৰ মাজত গন্ধর্ব বিবাহ সম্পন্ন হয়। তেতিয়া ৰজা দুষ্যন্তই মিলনৰ সাক্ষীৰূপে এটি নিজৰ নাম খচিত আঙুঠি শকুন্তলাক দিয়ে আৰু অতি শীঘ্ৰে শকুন্তলাক ৰাজৰাণী কৰাৰ প্ৰতিশ্রুতি দি নিজ ৰাজ্যলৈ উভতি যায়। স্বামীৰ বিদায় বেলাৰ পিছৰে পৰা স্বামী দুষ্যন্তৰ কথাকে ভাবি শকুন্তলাই বাস্তৱ জগতৰ সকলো কথা পাহৰি একমাত্ৰ স্বামীৰ ধ্যানতেই মগ্ন হয়। এনেদৰে কাশ্যপ মুনিৰ আশ্ৰমত দুর্বাসা মুনি অতিথিৰূপে প্ৰৱেশ কৰে আৰু কাশ্যপ মুনিৰ বিষয়ে শকুন্তলাক প্ৰশ্ন কৰে। কিন্তু স্বামীৰ চিন্তাত মগ্ন হৈ থকা শকুন্তলাই মুনিৰ উপস্থিতিৰ বিষয়ে একো গম নাপায়। আনহাতে আশ্ৰমত থকা শকুন্তলাৰ দুই সখীয়েক প্ৰিয়ম্বদা আৰু অনুসূয়াইয়ো ঘৰুৱা কামত ব্যস্ত হৈ থকাৰ বাবে দুৰ্বাসা মুনি অহাৰ কথা একোকে গম নাপায়। যাৰফলত দুর্বাসা মুনিয়ে তেওঁক অবজ্ঞা কৰা বুলি ভাবি শকুন্তলাক খঙতে অভিশাপ দিলে যে শকুন্তলাই যাৰ কথা ভাবি এনেদৰে মুনিক অবজ্ঞা কৰিছে তেওঁৱেই এদিন শকুন্তলাক পাহৰি যাব।

কালক্ৰমত দুর্বাসাৰ অভিশাপৰ ফলস্বৰূপে সঁচাকৈ এদিনাখন ৰজা দুষ্যন্তই শকুন্তলাৰ সৈতে ঘটা যোৱা সকলো ঘটনা পাহৰি গ'ল। গর্ভৱতী শকুন্তলাই ভৰা ৰাজসভাত দুষ্যন্তৰ দ্বাৰা প্ৰত্যাশিত হ'ল। শকুন্তলায়ো ৰজাই দিয়া আঙুঠিটো হেৰাই পেলোৱাৰ বাবে ৰজাক একো প্ৰমাণ দিব নোৱাৰিলে। যাৰ কাৰণে ৰাজসভাত শকুন্তলাই মিছা কথা কোৱা বুলি প্ৰমাণিত হ'ল।

শকুন্তলাৰ লগত হোৱা এই সকলো ঘটনা যে দুর্বাসা মুনিৰ অভিশাপস্বৰূপে ঘটিছিল সেই কথা কাশ্যপ মুনিয়ে ধ্যানৰ দ্বাৰা গম পাইছিল। সেই কাৰণে শকুন্তলাই যেতিয়া পুনৰবাৰ স্বামীৰ ওচৰলৈ যাবলৈ কুণ্ঠাবোধ কৰিলে তেতিয়া এই সকলো ঘটনাযে দুর্বাসা মুনিৰ অভিশাপত হৈছে তেওঁ উল্লেখ কৰিছে। লগতে এই ঘটনাত যে দুষ্যত্বৰ কোনো দোষ নাই তাকো উল্লেখ কৰিছিল। 


20. "পুত্ৰসুখ না দেখিলো ভার্যা নাহি ঘৰে।"

-উক্ত কথাষাৰ কোনে, কাৰ আগত কৈছিল? কওঁতাজনে কিহৰ বাবে এইদৰে আক্ষেপ কৰিব লগা হৈছিল বুজাই লিখা। 

উত্তৰঃ- উক্ত কথাষাৰ ৰজা দুষ্যন্তই শকুন্তলাৰ পুত্ৰ ভৰতৰ ধাত্ৰী গৰাকীৰ আগত কৈছিল।

সিংহৰ সৈতে খেলি থকা পৰাক্ৰমী শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় পাবলৈ তেওঁ ব্যাকুল হৈ পৰিছিল। তেতিয়া ৰজা দুয্যন্তই শিশুটিক পিতৃ-মাতৃৰ পৰিচয় বিচাৰি প্ৰশ্ন কৰিছিল যদিও শিশুটি খেলত ব্যস্ত হৈ থকা বাবে একো উত্তৰ নিদিলে। উপায়ন্তৰ হৈ ৰজাই শিশুটিৰ ধাত্ৰীগৰাকীক শিশুটিৰ বিষয়ে প্ৰশ্ন কৰিলে আৰু শিশুটিক দেখি তেওঁৰ মনত উদয় হোৱা সংশয়ৰ বিষয়ে ক'লে। লগতে সেই ধাত্ৰীগৰাকীক শকুন্তলাৰ সৈতে হৈ যোৱা ঘটনাৰ বিষয়েও বিৱৰি কয়। সেই শিশুটিক দেখি যে তেওঁৰ নিজ পুত্ৰ যেন অনুভৱ হৈছে তাকো উল্লেখ কৰিছে।


21. "কদাচিত এমত না বোলে সাধুজনে।"

-এই কথাষাৰ কোনে, কাক কৈছে? কি এনে কথা সাধুজনে নকয় বুলি কোৱা হৈছে বুজাই লিখা। 

উত্তৰঃ- উক্ত কথাষাৰ শকুন্তলাৰ পুত্ৰ ভৰত (সিংহজিত সর্বদমন)ৰ ধাত্ৰী গৰাকীয়ে ৰজা দুষ্যন্তক কৈছিল।

উক্ত কথাষাৰ ধাত্ৰী গৰাকীয়ে যেতিয়া ৰজা দুষ্যন্তই খেলত মগ্ন হৈ থকা ৰাজচিহ্ন যুক্ত সুন্দৰ সুঠাম দেহৰ শিশুটিক দেখি সেই শিশুটিক নিজৰ পুত্ৰৰ দৰে অনুভৱ কৰিছিল তেতিয়া কৈছিল।

স্বৰ্গৰ ৰজা ইন্দ্ৰৰ অনুৰোধ মর্মে যৱসকলক বধ কৰি ৰজা দুষ্যন্তই এবাৰ কাশ্যপ মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল। সেই আশ্ৰমত প্ৰৱেশ কৰা সময়তে ৰাজচিহ্ন যুক্ত এটি সুন্দৰ সুঠাম দেহৰ অধিকাৰী শিশুৱে সিংহৰ স'তে খেলি থকা দেখিছিল। সেই শিশুটিক ভালদৰে লক্ষ্য কৰাত তেওঁৰ পত্নী শকুন্তলালৈ মনত পৰিবলৈ ধৰিলে। কাৰণ সেই শিশুটিৰ মুখমণ্ডল শকুন্তলাৰ দৰে আছিল। লাহে লাহে ৰজাৰ মনত প্ৰত্যাখ্যান কৰা গৰ্ভৱতী শকুন্তলাৰ কথাই আমনি কৰিব ধৰিলে। কাৰণ শিশুটিক দেখা পাই ৰজাৰ হৈ যোৱা সকলো ঘটনা স্পষ্টকৈ মনত পৰিব ধৰিছিল।

সিংহৰ সৈতে খেলি থকা পৰাক্ৰমী শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় পাবলৈ তেওঁ ব্যাকুল হৈ পৰিছিল। তেতিয়া ৰজা দুষ্যন্তই শিশুটিক পিতৃ-মাতৃৰ পৰিচয় বিচাৰি প্ৰশ্ন কৰিছিল যদিও শিশুটি খেলত ব্যস্ত হৈ থকা বাবে একো উত্তৰ নিদিলে। উপায়ন্তৰ হৈ ৰজাই শিশুটিৰ ধাত্ৰীগৰাকীক শিশুটিৰ বিষয়ে প্ৰশ্ন কৰিলে আৰু শিশুটিক দেখি তেওঁৰ মনত উদয় হোৱা সংশয়ৰ বিষয়ে ক'লে। লগতে সেই ধাত্ৰীগৰাকীক শকুন্তলাৰ সৈতে হৈ যোৱা ঘটনাৰ বিষয়েও বিৱৰি কয়। সেই শিশুটিক দেখি যে তেওঁৰ নিজ পুত্ৰ যেন অনুভৱ হৈছে তাকো উল্লেখ কৰিছে। তেতিয়া ধাত্ৰীগৰাকীয়ে কৈছিল ৰজাৰ মুখত এনে, কথা শোভা নাপায় আৰু সাধুসকলেও এনেদৰে নকয় বুলি কৈছিল।


22. 'আশ্ৰম দেখিয়া তুষ্ট ভৈলা নৰপতি।' 

– এই নৰপতিজন কোন আছিল? তেওঁ কিয় আৰু কাৰ আশ্ৰম দেখি তুষ্ট হৈছিল লিখা। 

উত্তৰঃ- এই নৰপতিজন ৰজা দুষ্মন্ত আছিল। দুর্বাসা মুনিৰ অভিশাপৰ ফলত ৰজা দুষ্মন্তই সকলো পূর্বজ্ঞান অর্থাৎ শকুন্তলাৰ লগত তেওঁৰ প্ৰেম আৰু বিবাহৰ সকলো কথা পাহৰি পেলাইছিল। সেই কাৰণে তেওঁ ৰাজসভাত উপস্থিত হোৱা শকুন্তলাক চিনি নাপাও বুলি প্ৰত্যাখান কৰে। কিন্তু যেতিয়া ৰজা দুষ্মন্তৰ পূর্বজ্ঞান ঘূৰি আহে তেতিয়া তেওঁ নিজকে দোষী বুলি ভাবে। তাৰ পিছত তেওঁ পন্তী শকুন্তলাক বিচাৰি কাশ্যপ মুনিৰ আশ্ৰমলৈ আহি নিজ পুত্ৰ আৰু পত্নীক দেখি সন্তুষ্টি লাভ কৰে। 


23. ভাষা বিচাৰঃ- 

বিপৰীত লিংগবাচক শব্দ লিখাঃ- 

পুলিংগ স্ত্ৰীলিংগ 

নায়ক - নায়িকা

ৰাজা          -     ৰাণী

পুত্ৰ -    পুত্ৰী 

গায়ক - গায়িকা

ভাৰ্যা -        স্বামী

বালক - বালিকা

সুন্দৰ - সুন্দৰী

বুঢ়া -        বুঢ়ী 

পেহা -        পেহী 


24. সমার্থক শব্দ লিখাঃ- 

গৃহ= ঘৰ 

তনু= দেহ

বদন= মুখট

দেৱ= দেৱতা। 

ভাৰ্যা= পত্নী 

স্নেহ= মৰম, 


25. পদ পৰিবৰ্তন কৰাঃ- 

উত্তৰঃ- আকুল- আকুলতা, 

ব্যগ্ৰ- ব্যগ্ৰতা, 

কলংক- কলংকিত, 

আনন্দ- আনন্দিত, 

দৈৱ- দেৱ। 


26. উপসর্গ ভাঙি দেখুওৱা- 

অনুৰাগ = অনু + ৰাগ, 

উপস্থিত = উপ + স্থিত,

প্ৰকাশ = প্ৰ + কাশ, 

প্ৰণাম = প্ৰ + ণাম,

অভিপ্ৰায় = অভি + প্ৰায়।


26. তলৰ শব্দবোৰ আধুনিক ৰূপলৈ নিয়াঃ-

উত্তৰঃ- ছইব – হ'ব, 

তেখন – তেতিয়া, নিকট, ওচৰ, 

আঞ্চল- আঁচলত, 

নিৰেখিয়া- দেখি, 

সুঠান- সুঠাম, 

নিধান- বহুমূলীয়া বস্তু, 

ৰোম- নোম, 

মস্তক- মূৰ, 

গহ- গৰ্ব,

কদাচিত-কেতিয়াও।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »