-->

Class 9 Assamese বৈচিত্র্যময় অসম প্ৰথম খণ্ড

 দ্রুতপাঠ (বৈচিত্র্যময় অসম) 

A. আহোমসকল 


1. আহোমসকল আদিতে কোন জাতিৰ লোক আছিল? 

উত্তৰঃ- আহোমসকল আদিতে টাই জাতিৰ লোক আছিল। 


2. বর্তমান টাই ভাষা কোৱা কেইখনমান ঠাইৰ নাম লিখা। 

উত্তৰঃ- ম্যানমাৰ, দক্ষিণ চীন, থাইলেণ্ড, লাওচ, অসম আদি। 


3. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? 

উত্তৰঃ- আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত শাসন কৰিছিল। 


4. আহোমসকলৰ আদিভাষা কি আছিল? 

উত্তৰঃ- টাই বা শ্যান আহোমসকলৰ আদিভাষা আছিল। 


5. আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। 

উত্তৰঃ- মে-ডাম মে ফী, ওমফা, চাইফা, ৰিকখন, জাচিংফা, লাইলুংখাম আদি আহোমসকলৰ কেইটিমান উৎসৱৰ নাম। 


6. আহোমসকলে কেতিয়া আৰু কাৰ নেতৃত্বত অসমলৈ আহে? 

উত্তৰঃ- আহোমসকলে তেৰশ শতিকাত চ্যুকাফা ৰজাৰ নেতৃত্বত পাটকাই পর্বত পাৰ হৈ অসমলৈ আহে। 


7. আহোমসকলৰ আদি বাসস্থান ক'ত আছিল? 

উত্তৰঃ- চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল বর্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত আহোমসকলৰ আদি বাসস্থান আছিল। 


8. আহোমসকলৰ মুখ্য জীৱিকা কি আছিল? 

উত্তৰঃ- যোৱা শতিকাৰ শেষ ভাগলৈকে শালি ধানৰ খেতিয়েই আহোমসকলৰ মুখ্য জীৱিকা আছিল। 


9. আহোমসকলে কি পদ্ধতিৰে বিবাহ কার্য সম্পাদন কৰে? 

উত্তৰঃ- চকলং আৰু দেওবান এই দুটা পদ্ধতিৰে আহোমসকলে বিবাহ কার্য সম্পাদন কৰে।


10. জয়সাগৰ পুখুৰী কোনে আৰু কাৰ স্মৃতিত খন্দাইছিল? 

উত্তৰঃ- সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাকৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ সদৃশ জয়সাগৰ পুখুৰী খন্দাইছিল।


11. চমুটোকাঃ- 

(ক) ৰামসিংহঃ- ১৬৭১ চনত আহোম আৰু মোগলৰ মাজত হোৱা সর্বশেষ শৰাইঘাটৰ যুদ্ধ হৈছিল। এই যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগল পক্ষৰ সেনাপতি আছিল ৰামসিংহ। ৰামসিংহই অসমীয়া সৈন্যৰ হাতত পৰাস্ত হৈছিল। লাচিতৰ বীৰত্ব দেখি ৰামসিংহই বিদায় লোৱাৰ সময়ত কৈ গ'ল লাচিত সামান্য বীৰ নহয়। মই একো ঠাইতে ছিদ্ৰ নাপালোঁ। অসমীয়া সেনাৰ কর্মপটুতা, সাহস আৰু ৰণকৌশল দেখি ৰামসিংহই প্ৰশংসা কৰি কৈছিল— "প্ৰতিজন অসমীয়া সেনা নাও চলোৱা, কাঁড় মৰা, খাৱৈ খন্দা, হিলৈ কামান মৰা সকলো কার্যতে প্ৰার্গত। এনেদৰে সকলো কামতে পটু সেনা মই ভাৰতৰ কতো দেখা নাই।" 


11. চমুটোকাঃ- 

(খ) লাচিত বৰফুকন :- অসমৰ ইতিহাসত লাচিত বৰফুকনক দেশপ্ৰেমিক বীৰ বুলি সকলোৱে জানে। ১৬১২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ জন্ম হয়। তেওঁ মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ সন্তান আছিল। সৰুৰে পৰা তেওঁ সাহসী আৰু স্পষ্টবাদী আছিল। হাঁচতিধৰা তামুলী হিচাপে লাচিতে ৰজাঘৰত নিযুক্তি পায় যদিও নিজৰ পাৰদৰ্শিতাৰ বাবে ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্তি কৰিলে। সেনাপতি হৈ লাচিতে নিজৰ শক্তি, সাহস আৰু বুদ্ধিৰ ফলত মোগলৰ লগত কেইবাখনো যুদ্ধত জয়ী হ'ল। মোগলৰ লগত হোৱা এই যুদ্ধৰ বিজয়ে অসমীয়া সেনাক আৰু আত্মবিশ্বাসী কৰিলে। মোগলৰ পৰাজয়ৰ প্ৰতিশোধৰ পৰিণতিতে ঔৰংগজেৱৰ নিৰ্দেশত সেনাপতি ৰামসিংহৰ নেতৃত্বত ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধ হয়। লাচিত বৰফুকনে ভালদৰে বুজি পাইছিল যে শত্ৰু যিমানেই শক্তিশালী নহওঁক প্ৰতিজন অসমীয়া সেনা আৰু সেনাপতিয়ে যদি নিজৰ দায়িত্ব ভালদৰে পালন কৰে তেতিয়া তেওঁলোকে মোগলক পৰাভূত কৰিব পাৰিবই। তেওঁ এই বুলিও নির্দেশ জাৰি কৰিলে যে কোনোৱে যদি নিজৰ দায়িত্ব ভালদৰে পালন নকৰে সেই কথা গম পোৱাৰ লগে লগে সেইজনক শিৰচ্ছেদ কৰা হ'ব। নিজৰ মাতৃভূমিৰ প্ৰতি থকা অগাধ ভাল পোৱাৰ ফলতেই আমিনগাঁৱৰ ওচৰৰ গঢ় বন্ধা কামত অৱহেলা কৰাৰ বাবে খঙত জ্বলি-পকি হেংদাং হাতত লৈ "দেশতকৈ মোমাই ডাঙৰ নহয়" বুলি একেঘাপতে মোমায়েকক কাটি দুচোৱা কৰিলে। লাচিতৰ এনে উগ্ৰমূর্তি দেখি একেৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূর্ণ হ'ল। সেই গড়টোক "মোমাই কটা গড়" নামেৰে জনা যায়। ১৬৭১ চনত হোৱা শৰাইঘাটৰ যুদ্ধত টান নৰিয়া অৱস্থাতো জয়ী হোৱাৰ গুৰিতে হ'ল তেওঁ সৈন্যৰ মাজত যুদ্ধত জয়ী হ'লেহে অসমীয়াৰ ভূমি, স্বাধীনতা আৰু প্ৰাণ ৰক্ষা হ'ব বুলি এটা ভাৱ জগাই দিছিল। শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতেই লাচিত বৰফুকনৰ মৃত্যু হয়। 


11. চমুটোকাঃ- 

(গ) সতী জয়মতীঃ- সতী জয়মতী গদাপাণিৰ পত্নী আছিল। লাই আৰু লেচাই তেওঁৰ পুত্ৰ আছিল। সতী জয়মতী কুঁৱৰীৰ সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি বৰ জটিল আছিল। মন্ত্ৰী লালুকসেলাই সেইসময়ত অসমৰ উঠি-ৰজা বহি-ৰজা আছিল। প্ৰাপ্তবয়স্ক অন্যান্য উপযুক্ত কোঁৱৰ থাকোত লালুকসোলাই চৌধ্যবছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গোহাঁঞিক আনি ১৬৭৯ চনত অসমৰ ৰজা পাতিলে। আহোম মতে চ্যু-লিক-ফা আৰু হিন্দু মতে ৰত্নধ্বজ সিংহ নাম ল'লে যদিও ল'ৰা বয়সত ৰজা হোৱা দেখি প্ৰজাৰ মাজত তেওঁ ল'ৰা ৰজা নামে খ্যাত হ'ল। ছ্যুলিক ফাক ৰজা পাতিয়েই ছ্যু-দৈয়-ফা স্বৰ্গদেৱক লালুক সেলাই বিহ খুৱাই মৰালে। আতন বুঢ়াগোহাঁইকো বধ কৰাই দিলিহিয়ালৰ দীঘলা লাঙ্গিক বুঢ়াগোহাঁই পাতিলে। জৱঙ্গক ভাঙি মাদুৰীৰ লাই থেপেনাক বৰগোহাঁই পাতিলে। নিজৰ স্বাৰ্থৰ বাবে নিজৰ পাঁচ বছৰীয়া জীয়েকক চৈধ্যবছৰীয়া ল'ৰা ৰজালৈ বিয়া দি ঘাই ৰাণী পাতি সম্বন্ধৰেও বান্ধিলে। ভালেকেইজন কোঁৱৰ থকা স্বত্ত্বেও বংগৰ নৱাবৰ আশ্বাস পাই লালুকৰ আহোম ৰাজ্যৰ ৰজা হোৱাৰ লালসা প্ৰবল হৈ উঠিল।

ইফালে ল'ৰা ৰজাক কোনজন কোঁৱৰে প্ৰাণ লয় বুলি ভয় দেখুৱালে। গতিকে নিষ্কণ্টক হ'বলৈ কোঁৱৰখিনিক অঙ্গক্ষত কৰি ৰজা হোৱাৰ যোগ্যতা নাইকিয়া কৰিব লাগিব তাকে কৰিবলৈ প্ৰথমে ভয় থকা ডাঙৰীয়া বিষয়াখিনিক আঁতৰাই পঠাব লাগিব বুলি ল'ৰা ৰজাক বুজালে। লালুকৰ যুক্তিত ল'ৰ ৰজা মান্তি হৈ কোঁৱৰ নিধন পর্ব আৰম্ভ কৰিলে। তুং-খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণিৰ বাহিৰে আটাইকেইটা ফৈদৰ কোঁৱৰক লালুক বৰফুকনৰ চৰে ধৰি হয় অঙ্গক্ষত নহয় হত্যা কৰিলে। গোবৰ ৰজাৰ কোঁৱৰ গদাপাণি ক'ত আছে তাৰ সম্ভেদ নাপাই লালুক সোলাৰ শোৱন খাৱন নাইকিয়া হ'ল। গদাপাণি আৰু তেওৰ পত্নী জয়মতীয়ে কোঁৱৰ নিধন বার্তা শুনি পুত্ৰ লাই আৰু লেচাইক নগা ৰাজ্যৰ কোনো এক নিভৃতস্থানত থৈছিল। প্ৰথম অৱস্থাত গদাপাণি লুকাই থাকিবলৈ মান্তি হোৱা নাছিল যদিও জয়মতীয়ে ৰজা আৰু প্ৰজাৰ দোহাই দি বুজোৱাত গদাপাণিয়ে নগাৰ বেশ ধৰি নগাপাহাৰলৈ পলাবলৈ মান্তি হ'ল।

স্বৰ্গদেৱৰ আদেশ মতে লালুক সোলাই জয়মতীক ৰাজসভালৈ আনি পদাপাণি ক'ত আছে বুলি সোধাত তেওঁ নীৰৱে থাকিল। শেষত লালুক সোলাৰ আদেশত চাওদাঙে জয়মতীক জেৰেঙা পথাৰৰ নির্জন স্থানলৈ নি ফুচুলাই, উচতাই, ভয় দেখুৱাই, শেষত শাস্তি দি গদাপাণিৰ বাতৰি উলিয়াব নোৱাৰিলে। জয়মতী কুঁৱৰীয়ে সকলো শাস্তি সহি থাকি চৈধ্য দিন নির্জন জেৰেঙাত ১৬৭৯ চনৰ ১৩ তাৰিখৰ দিনা দেহত্যাগ কৰে। জয়মতীয়ে নাৰীৰ সীমাহীন মনোবল, স্বামীৰ প্ৰতি থকা মহানত্যাগ ইতিহাসত এৰি থৈ গ'ল।


11. চমুটোকাঃ- 

(ঘ) টেঙাই মোহনঃ- ১৭১৫ চনত পণ্ডিত টেঙাই মোহনৰ চৰাইদেউত জন্ম হয়। আহোম ৰাজত্বৰ তেওঁ এজন বুদ্ধিজীৱী আছিল। আহোম ভাষাৰ ঠাইত অসমীয়া ভাষাই প্ৰসাৰতা লাভ কৰাৰ লগে লগে সচেতন বুদ্ধিজীৱী আহোমসকল চিন্তিত হৈ পৰিল। আহোমৰ ভাষা, সভ্যতা সংস্কৃতিৰ কথা চিন্তা কৰি টেঙাই মোহনে এখন আহোম অভিধান প্ৰণয়নৰ কাম হাতত লৈছিল। গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষৰফালে তেওঁ 'বৰ কাকত হু মুং পুথি' নামৰ এখন অভিধান ৰচনা কৰে। সাঁচিপাতত লিখা এই পুথিখনত ৪২ খিলা পাত আছিল। টেঙাই মোহনেই হ'ল- অসমৰ প্ৰথম অভিধান প্ৰণেতা। তেওঁক আহোম ভাষাৰ পুথি ভাঙনিৰ বাবে ইংৰাজ চাহাবে বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। 


11. চমুটোকাঃ- 

(ঙ) দেওধাই ফুকনঃ- ১৯১২ চনৰ অক্টোবৰত চৰাইদেউৰ এটা মধ্যবিত্ত পৰিয়ালত দেওধাই ফুকনৰ জন্ম হয়। তেওঁৰ পিতৃ গংগাৰাম ফুকন আৰু মাতৃ চাদৈ ফুকন আছিল। তেওঁ টাই ভাষা সংস্কৃতিক আগবঢ়াই নি এজন টাই পণ্ডিত হিচাপে খ্যাতি লাভ কৰে। অসম বুৰঞ্জী আৰু পুৰাত্বত্ত্ব বিভাগৰ মুৰব্বী ড° সূর্যকুমাৰ ভূঞাই তেওঁক টাই ভাষাৰ বিশেষজ্ঞ হিচাপে আহোম বুৰঞ্জী অনুবাদ কৰিবলৈ ১৯৩১ চনত গুৱাহাটীলৈ মাতি আনে। ৪ বছৰমান তাতে চাকৰি কৰি ১৯৩৫ চনত ঘৰলৈ ঘূৰি আহে। তেওঁৰ নেতৃত্বত ১৯৬৩ চনত পাটসাকোঁৰ ভেচেলী বিলৰ পাৰত অসম ভিত্তিত ফুৰালং সবাহ কৰা হয়। ১৯৬৪ চনত তেওঁ টাই ভাষা সংস্কৃতিৰ উদ্ধাৰৰ বাবে এখন বিদ্যালয় নির্মাণ কৰে। এইখনেই হ'ল কেন্দ্ৰীয় টাই একাডেমী, পাটসাঁকো। ১৯৮১ চনত ১৯ খন দেশৰ আন্তর্জাতিক টাই শিক্ষা সন্মিলনত টাই পণ্ডিতসকলৰ লগত আহোম ভাষা সৰ্ম্পকত আলোচনাত মিলিত হয়। তেওঁ ১৯৮১ চনৰ ৮ এপ্ৰিলত পূর্বাঞ্চল টাই সাহিত্য সভা গঠন আৰু প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৯৩ চনত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

 


B. চুতীয়াসকল 

1. চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল? 

উত্তৰঃ- স্বাতীয়া শব্দৰ পৰা চুতীয়া শব্দৰ উৎপত্তি হৈছিল।


2. চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল। 

উত্তৰঃ- হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত থকা স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলত চুতীয়াসকলৰ বাসস্থান আছিল। 


3. চুতীয়াসকলৰ এগৰাকী বীৰাঙ্গণাৰ নাম লিখা। 

উত্তৰঃ- চুতীয়াসকলৰ এগৰাকী বীৰাঙ্গণাৰ নাম হৈছে— সতী সাধনী। 


4. চমুটোকাঃ- 

(ক) সোণাৰাম চুতীয়াঃ- ১৯১৫ খৃঃত যোৰহাট জিলাৰ কাকজানৰ বাম কুকুৰাচোৱা গাঁৱত সোণাৰাম চুতীয়াৰ জন্ম হয়। ১৯৩৫ খৃঃত পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ খণ্ড উন্নয়ন বিষয়া হিচাপে কার্যনির্বাহ কৰিছিল। তেওঁ স্বাধীনতা আন্দোলনত অংশ লৈ দুবছৰ কাৰাবাস খাটিছিল। তেওঁ অসমৰ ধর্মীয় ক্ষেত্ৰখনলৈ মূল্যৱান অৱদান আগবঢ়াই গৈছে। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯ টা কার্যকাল পদাধিকাৰ হিচাপে কার্যনির্বাহ কৰে। অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু কেবিনেট পদমর্যদাৰে সন্মানিত কৰিছিল। তৰোপৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁক "শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ বঁটা আৰু বৈষ্ণৱ পণ্ডিত" উপাধি প্ৰদান কৰে। তেওঁৰ ৰচিত গ্ৰন্থ হ'ল- নামধর্ম প্ৰকাশ, অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা, মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ চৰিত ভাগৱত মাহাত্ম্য, মহাপুৰুষীয়া ধর্ম জিজ্ঞাসা, বেদ আৰু মহাপুৰুষীয়া ধর্ম আদি। 


4. চমুটোকাঃ- 

(খ) ড° স্বর্ণলতা বৰুৱাঃ- ড° স্বর্ণলতা বৰুৱা হৈছে উত্তৰ পূর্বাঞ্চলৰ একমাত্ৰ মহিলা বুৰঞ্জীবিদ। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী। চুতীয়া জাতিৰ বুৰঞ্জীৰ মুখ্য সম্পাদিকা ড° স্বর্ণলতা বৰুৱাই 'A Comprehensive History of Assam, Last Day of Ahom Monarchy, A History of Assam From 1769-1826' আদি অত্যন্ত গুৰুত্বপূর্ণ ঐতিহাসিক গ্ৰন্থ আৰু বুৰঞ্জীমূলক প্ৰৱন্ধ ৰচনা কৰি গৈছে। তেওঁৰ Status of Women in Non-Tribal Societies of Assam নামৰ গৱেষণা পত্ৰখনে ব্যাপক সমাদৰ লাভ কৰে। তেওঁ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ অধ্যাপিকা হিচাপে কর্যনির্বাহ কৰি অৱসৰ লয়। 


4. চমুটোকাঃ- 

(গ) চিদানন্দ শইকীয়াঃ- ১৯২৪ চনত গোলাঘাট জিলাৰ বোকাখাটৰ দ গাঁৱত চিদানন্দ শইকীয়াৰ জন্ম হয়। তেওঁ আজীৱন শিক্ষাব্ৰতী, স্বাধীনতা সংগ্ৰামী আৰু সাম্যবাদী দর্শনৰ সমর্থক আছিল। তেওঁ ২৭ খন গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি গৈছে। তেওঁৰ কেইখনমান গ্ৰন্থ হ'ল- সীমান্ত গান্ধী, ছোভিয়েট নাৰী, জুয়ে পোৱা সোণ, মহর্ষি কার্লমাক্স, ৰঙচুৱা পৃথিৱীৰ সেউজীয়া বোল, জীয়া ঢল বাগৰি যায়, সত্যাগ্ৰহী, নতুন আদিপাঠ আদি। তেওঁ সাহিত্য চৰ্চাৰ বাবে টাচখণ্ড, মস্কো, ৰিগা আদি ভ্ৰমণ কৰিব সুবিধা পায়। তেওঁ ছোভিয়েট দেশ নেহেৰু বঁটা, সাহিত্যিক পেঞ্চন আৰু শিক্ষক বঁটা লাভ কৰাৰ উপৰিও অসমৰ সাংবাদিকতাৰ জগতখনলৈও তেওঁৰ অৱদান আছিল। তেওঁ জনসুহৃদয়ৰ অধিকাৰী আছিল বাবে ভূমিহীন লোকক দহ বিঘা মাটি দান কৰিব পাৰিছিল।


4. চমুটোকাঃ- 

(ঘ) কোষেশ্বৰ বৰুৱাঃ- ১৯৩৬ চনত তদানীন্তন লখিমপুৰ জিলাৰ ঢলপুৰ মৌজাৰ বৰথেকেৰাবাৰী গাঁৱত কোষেশ্বৰ বৰুৱাৰ জন্ম হয়। তেওঁ ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা কেইখনমান গ্ৰন্থ হ'ল- কলেজৰ দুবৰি বন, অনুভৱ, লগন, প্ৰজন্মৰ উমানত আদি কবিতা সংকলন জননেতা ভীমবৰ দেউৰী, ছোট কেঁৱৰৰ বুৰঞ্জী, ঐতিহাসিক বিবৰ্তনত অসমৰ চুতীয়া জনগোষ্ঠী, চুতীয়া ৰজা ৰত্নধ্বজ পান sATI Sadhini, Deuri Chutia Language আদি। দুখন গীতৰ পুথি, বিভিন্ন বাতৰিকাকত আলোচনী আদিত ৫০০ তকৈও অধিক প্ৰৱন্ধ ৰচনা কৰিছে। তেওঁ ১৯৯২ চনত গহপুৰ বিধানসভা সমষ্টিৰপৰা অসম বিধান সভালৈ নির্বাচিত হয়। তেওঁ ড° আম্বেদকাৰ ফেল'শ্বিপ আৰু সতী সাধনী বঁটাও লাভ কৰে।


5. চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা। 

উত্তৰঃ- অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত চুতীয়াসকলে আছিল অন্যতম। হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত থকা স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলেই আছিল চুতীয়াসকলৰ আদি বাসস্থান। তাৰপৰা তেওঁলোকে সোৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ অঞ্চল পায়হি। স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে তেওঁলোকক স্বাতীয়া বোলা হৈছিল। কালক্ৰমত স্বাতীয়াৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হ'ল।

চুতীয়াসকলে ৰাজত্ব কৰা শদিয়া ৰাজ্যৰ নাম আছিল বিদর্ভ আৰু ইয়াৰ ৰাজধানীৰ নাম আছিল কুণ্ডিল নগৰ। চুতীয়াসকলে নিজকে বিদর্ভ ৰাজ্যৰ ৰজা ভীষ্মকৰ বংশধৰ বুলি পৰিচয় দিয়ে। তেওঁলোক দেৱী উপাসক আছিল আৰু শদিয়াৰ কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোঁসানীক নৰবলি প্ৰথাৰে পূজা কৰিছিল। চুতীয়াৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হোৱাৰ পিছত আহোমেও কেঁচাইখাতী গোসানীৰ পূজা কৰিছিল যদিও স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ পৰা এই প্ৰথা বন্ধ হয়। সতী সাধনী চুতীয়াসকলৰ এগৰাকী বীৰাঙ্গণা আছিল। তেওঁ আহোমৰ লগত হোৱা যুদ্ধত আহোমৰ বশ্যতা/অধীনতা স্বীকাৰ কৰাতকৈ মৃত্যু শ্ৰেয় বুলি চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই প্ৰাণ ত্যাগ কৰিছিল।

চুতীয়াসকলে নগৰ পাতি বাস কৰিছিল। কুণ্ডিল, ভীষ্মক, লখিমী, ৰতনপুৰ আদি নগৰৰ নাম আৰু তাৰে কেইখনমান নগৰৰ ধ্বংসাৱশেষে চুতীয়াসকলৰ উন্নত সভ্যতা সংস্কৃতিৰ পৰিচয় দিয়ে। ম'ৰা চৰাইৰ সৈতে বিষ্ণুমূর্তি, সূর্যৰ মূর্তি, শিৱ-পাৰ্বতীৰ মূর্তি, তাশ্ৰেশ্বৰী মন্দিৰ, কেঁচাইখাতী থান, মালিনী থান আদিয়ে তেওঁলোক যে স্থাপত্য ভাস্কর্যত চহকী আছিল তাকে প্ৰমাণ কৰে। তেওঁলোকৰ সোণেৰে নিৰ্মিত ডুগডুগি, সোণৰ কেৰু, সোণৰ মেকুৰী, জোনাবিৰি, তিনিখলপীয়া সিংহাসন আদিয়ে উন্নত সংস্কৃতি চেতনাৰ পৰিচয় দিয়ে। আহোম ৰজাই পুনৰ বিদ্ৰোহ হোৱাৰ ভয়ত চুতীয়াসকলক সৰু সৰু গোটত বিভক্ত কৰি অসমৰ বিভিন্ন ঠাইত সংস্থাপিত কৰিলে। ফলস্বৰূপে তেওঁলোকে পূর্বৰ কৃষ্টি-সংস্কৃতি, সভ্যতা যথাযথ ৰূপত সংৰক্ষণ কৰিব নোৱাৰিলে। 




C. কোঁচ ৰাজবংশীসকল 

1. কোঁচ ৰাজবংশীসকল কোন ধর্মৰ লোক? 

উত্তৰঃ- কোঁচ ৰাজবংশীসকল হিন্দু ধর্মৰ লোক। 


2. কোঁচ ৰাজবংশীসকলৰ কেইবিধমান আ-অলংকাৰৰ নাম লিখা। 

উত্তৰঃ- মহিলাসকলে হাতত মুঠাখাৰু, চুৰ, শাখা, বাজু, গলৰ সূর্যহাৰ, সিক্কাহাৰ, চন্দ্ৰহাৰ, কাণত মাকিৰি, অন্তি, নাকত নোলোক, ফুল, ভৰিত তোলা খাৰু ফেলা খাৰু আদি পৰিধান কৰে। 


3. কোঁচ ৰাজবংশীসকলৰ গীত-মাতসমূহ কি কি? 

উত্তৰঃ- ভাওয়াইয়া গান, ৰাবাণ গান, কুশান গান, দোতোৰ গান, বিষহৰি পূজাৰ গান, মাটৰ পূজাৰ গান, তুক্‌খা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, ডাকনাম, জাগ গান আদি গীত মাতত তেওঁলোক স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন। 


4. কোঁচ ৰাজবংশীসকলৰ খাদ্য আৰু সাজ পোছাকৰ বিষয়ে লিখা। 

উত্তৰঃ- কোঁচ ৰাজবংশীসকৰ খাদ্যৰ ক্ষেত্ৰত নিজস্ব স্বকীয়তা আছে। খাদ্য সম্ভাৰৰ ভিতৰত তেওঁলোকে ছেকা, পেল্কা, ভেল্কা, সুট্‌কা, সিদল, টোপলাভাত, স্বকীয় বৈশিষ্ট্য সম্পন্ন।

কোঁচ ৰাজবংশীসকলৰ সাজ-পোছাকৰ ভিতৰত মহিলাসকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা আদিয়েই প্ৰধান।


5. কোঁচ ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা।

উত্তৰঃ- কোঁচ ৰাজবংশীসকলৰ ভাষাৰ বিষয়ে বিভিন্ন পণ্ডিতে আলোচনা কৰিছে যদিও তাৰ ভিতৰত জর্জ এব্ৰাহাম গ্ৰিয়াৰছনেই হ'ল বিখ্যাত, তেওঁক ভাৰতীয় ভাষাসমূহৰ জনক বুলিও কোৱা হয়। ভাৰতৰ ভাষা পিয়ল গ্ৰন্থত তেওঁ ৰাজবংশী ভাষাৰ কথা উল্লেখ কৰিছে। তেওঁলোকৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ, সর্বনাম, নিজস্ব ক্ৰিয়াৰূপ, শব্দৰূপ, মৌখিক আৰু লিখিত সাহিত্য, উচ্চাৰণ ভঙ্গী, নিজস্ব বাক্য গঠন পদ্ধতি আছে। সেয়েহে এই ভাষা অন্যন্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন এটি ভাষা।

কোঁচ ৰাজবংশীসকলৰ সংস্কৃতি হৈছে এটি ভিন্নধর্মী উজ্জ্বল চমকপ্ৰদ সংস্কৃতি। আৰ্যসকলে ভাৰতত সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা এওঁলোক সম্পূর্ণ পৃথক। আর্যক্ষত্ৰিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত তেওঁলোকৰ মিল নাই। বর্ণ হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিলেও কোঁচ ৰাজবংশীসকলৰ নিজস্ব আচাৰ সংস্কাৰ, পূজা-পার্বণ, ধর্মীয় বিশ্বাস, পোছাক-পৰিচ্ছদ, খাদ্য সম্ভাৰ, আ-অলংকাৰ, গীতমাত আদি বিদ্যমান। এই সকলোবোৰ স্বকীয় মহিমাৰে সমুজ্জ্বল। তেওঁলোকৰ জন্ম-মৃত্যু, বিয়াৰ নিজস্ব আচাৰ-নীতি, মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস, প্ৰকৃতিৰ সৃষ্টি কৰোতাক মাতৃ হিচাপে পূজা, বট গছক পূজা, টোটেমৰ প্ৰতি শ্ৰদ্ধা। জীৱ-জন্তুৰ পূজা, চড়ক পূজা, গাজন মনসা, শীতলা, কালী আদি পূজাবোৰত অর্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান। 


6. চমুটোকাঃ- 

(ক) জননেতা শৰৎ চন্দ্ৰ সিংহঃ- শৰৎ চন্দ্ৰ সিংহ স্বাধীনোত্তৰ অসমৰ ৰাজনীতিৰ এজন শ্ৰেষ্ঠ ব্যক্তি আছিল। তেওঁ এজন প্ৰকৃত জনতাৰ নেতা আছিল বাবে জননেতা বোলা হয়। ১৯১৪ চনৰ ১ জানুৱাৰিত জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল লালসিং সিংহ আৰু মাতৃৰ নাম আছিল আয়াচিনি সিংহ। শৰৎ চন্দ্ৰ সিংহ হাড়ে হিমজুৱে এগৰাকী গান্ধীৰ আদৰ্শত চলা ব্যক্তি আছিল। জনগণৰ সেৱাই তেওঁৰ জীৱনৰ প্ৰধান সংকল্প আছিল। অসমক দুর্নীতিমুক্ত ৰাজ্য হিচাপে গড়াৰ সপোনক তেওঁ জীৱনৰ অন্তিম সময়লৈকে তাক বাস্তৱৰূপ দিবলৈ চেষ্টা কৰিছিল। তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ অসমৰ মুখ্যমন্ত্ৰী আছিল। তেওঁৰ দিনতে অসমত বহুতো উন্নয়নমূলক কাম হৈছিল। তেওঁ কৃষিৰ উৎপাদন বৃদ্ধি, দৰিদ্ৰতা আৰু দুর্নীতি দূৰীকৰণ, কৃষক উন্নয়ন গ্ৰাম্য অর্থনীতি উন্নতি আৰু সম্প্ৰসাৰণৰ আদৰ্শ আগত ৰাখি কিছুমান উল্লেখযোগ্য আঁচনি হাতত লৈছিল। তাৰে কেইখনমান উল্লেখযোগ্য আঁচনি হ'ল— (১) জৰুৰীকালীন ৰবিশস্য আঁচনি। (২) গাঁও পঞ্চায়ত সমবায় সমিতি। (৩) কৃষি নিগম। (৪) আকলন পত্ৰ আঁচনি। (৫) তদাৰক কোষ আঁচনি। (৬) পঞ্চায়তীৰাজ। (৭) চিলঙৰ পৰা দিশপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্ত্ৰকৰণ। (৮) খাদ্য শস্যৰ চৰকাৰী ব্যৱসায়। (৯) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি। ২০০৫ চনৰ ২৪ ডিচেম্বত তেওঁৰ মৃত্যু হয়। 


6. চমুটোকাঃ-

(খ) অম্বিকাচৰণ চৌধুৰীঃ- ১৯৩০ চনৰ ১৬ আগষ্টত বঙাইগাঁও জিলাৰ বৰপাৰা গাঁৱত অম্বিকাচৰণ চৌধুৰীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল নৰেশ্বৰ চৌধুৰী আৰু মাতৃৰ নাম আছিল কাশীশ্বৰী চৌধুৰী। তেওঁ আর্থিক অনাটনৰ মাজতে ১৯৫৫ চনত কটন কলেজৰ পৰা দর্শন বিষয়ত অনার্চ সহ স্নাতক ডিগ্ৰী লয়। তাৰ পাছত চিলঙত চাকৰি কৰি থাকোত বি. টি পাছ কৰে। তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল। কটন কলেজৰ সমাজসেৱা বিভাগৰ সক্ৰিয় সদস্য হৈ থাকোতেই তেওঁ পলাশবাৰী মির্জা অঞ্চলৰ বানপানী আৰু গঢ়াখহনীয়াত ক্ষতিগ্ৰস্তক সহায় কৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা প্ৰশংসা লাভ কৰিছিল। চৌধুৰীদৱে সৰু-ডাঙৰ প্ৰায় ৩২ খন ইতিহাস, সংস্কৃতি, সমালোচনা আদি বিষয়ক গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ অসমীয়া, ইংৰাজী আৰু ৰাজবংশী তিনিটা ভাষাতেই তেওঁৰ সমান দখল আছিল। তাৰোপৰি তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত বিভিন্ন বিষয়ৰ প্ৰায় শতাধিক প্ৰৱন্ধও লিখিছিল। অসম সাহিত্য সভাৰ ১৯৬১ চনৰ গোৱালপাৰা অধিৱেশনত "ৰত্নপীঠৰ ৰত্ন" উপাধিৰে তেওঁ সন্মানিত হৈছিল। ১৯৯২ চনত তেওঁ উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰপৰা "কমতাৰত্ন উপাধি" ২০০৩ চনত নতুন দিল্লীৰ প্ৰেন্ড্ৰী সংঘৰপৰা মহেন্দ্ৰ নাথ বৰা পুৰস্কাৰ লাভ কৰে। প্ৰাথমিক শিক্ষক সংস্থাৰ পৰা তেওঁ "শিক্ষাবান্ধৱ'' উপাধিও লাভ কৰে।


6. চমুটোকাঃ-

(গ) অৰুণ কুমাৰ ৰায়ঃ- ১৯৭৫ চনৰ ৮ অক্টোবৰত অৰুণ কুমাৰ ৰায়ৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম প্ৰকাশ চন্দ্ৰ ৰায় আৰু মাতৃৰ নাম অভেয়শ্বৰী ৰায় আছিল। বঙাইগাঁও বীৰঝৰা উচ্চ মাধ্যমিক বিদ্যালয়ত এন্টেন্স লৈকে পঢ়ি তাৰ পাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি তেওঁ আৰ চি পি আইনত যোগ দিয়ে। বামপন্থী মতাদর্শ প্ৰচাৰৰ বাবে তেওঁ কাৰাবৰণ খাটে। ১৯৬৪ চনত তেওঁ কৃষক আন্দোলনত জড়িত হয়। গৃহৰক্ষী বিভাগত কিছুদিন কাম কৰি তেওঁ বেংগল এম. ভি. স্কুলত কিছুদিন শিক্ষকতা কৰে। ১৯৭৪-৭৫ চনত তেওঁ কোকৰাঝাক মহকুমা পৰিষদৰ সভাপতি হয়। ১৯৮৩ চনত তেওঁ উত্তৰ শালমৰা মহকুমা পৰিষদৰ সভাপতি আছিল। কিছুদিন প্ৰতিক্ষা সংস্থাৰ নামনি অসমৰ সমন্বয়কৰ দায়িত্ব বহন কৰি কোঁচ ৰাজবংশী সাহিত্য সভা গঠনত অগ্ৰণী ভূমিকা লয়। ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈকে কোঁচ ৰাজবংশী জনজাতিৰ ভাষা সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে তেওঁ কাম কৰে। তেওঁ ৰাজবংশী ভাষাত কোঁচ ৰাজবংশীসকলৰ সংস্কৃতিমূলক কেবাখনো গ্ৰন্থ লিখাৰ উপৰিও নাটক, কবিতা আৰু শব্দকোষ প্ৰণয়ন কৰে। তেওঁ সৰ্বমুঠ ১০ খন গ্ৰন্থ ৰচনা কৰে। ২০১৩ চনত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত গুৰুশিষ্য পৰম্পৰা আঁচনিৰ অধীনত লোক সংস্কৃতিৰ গুৰুৰূপে স্বীকৃতি আৰু সন্মান লাভ কৰে। কোঁচ ৰাজবংশী সাহিত্য সভাই তেওঁক মৰণোত্তৰ ভাৱে ২০১৬ চনত "সাহিত্য ৰত্ন" সন্মান প্ৰদান কৰে। 


6. চমুটোকাঃ-

(ঘ) ৰুক্মিণী কান্ত ৰায় : ৰুক্মিণী কান্ত ৰায় একেধাৰে খ্যাতনামা বুদ্ধিজীৱি, শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱী আৰু হাস্যৰসিক ব্যক্তি হিচাপে প্ৰসিদ্ধ। কোঁচ ৰাজবংশী সম্প্ৰদায়ত এটা সাধাৰণ নিম্নবিত্ত পৰিয়ালত জন্ম হৈ বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাৰে শিক্ষিত হৈ জীৱনত সফলতা অর্জন কৰিছিল। তেওঁৰ শৈক্ষিক, সমাজ সাংস্কৃতিক, ৰাজনৈতিক, ধার্মিক আদি জীৱনৰ কেওটা ভাগেই সমাজৰ বাবে আদর্শ স্বৰূপ। সমাজ আৰু সাংস্কৃতিক জীৱনত তেওঁ তেওঁৰ মাতৃভাষা ৰাজবংশী ভাষাক ব্যৱহাৰ কৰি ভাল পাইছিল। তেওঁ বেছিভাগ বক্তৃতাই মাতৃভাষাত দি সকলোৰে মন জয় কৰিছিল। তেওঁ অসংখ্য বিদ্যালয়, মহাবিদ্যালয়, মঠ-মন্দিৰ আদিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অংশ লৈ সমাজৰ উন্নতি কৰিছিল। সাধাৰণ এজন কেৰাণী চাকৰিৰ পৰা কলেজৰ অধ্যাপক, অধ্যক্ষ, তথা বিধায়ক পর্যায়লৈকে উন্নীত হৈছিল। তেওঁ এজন ভাল ফুটবল খেলুৱৈ হিচাপেও প্ৰশংসিত হৈছিল। তেওঁ জীৱনৰ শেষৰ সময়ত এজন সুদক্ষ ধর্মীয় বক্তা হিচাপে প্ৰতিষ্ঠিত হৈ কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ সান্নিধ্যত কিছুমান ধর্ম বিষয়ৰ নিবন্ধও লিখিছিল। 


6. চমুটোকাঃ-

(ঙ) তৰুণ পানীৰাম দাসঃ- ১৯১৭ চনৰ ৭ এপ্ৰিলত মঙ্গলদৈ জিলাৰ জলজলী গাঁৱৰ এটা সাধাৰণ কৃষক পৰিয়ালত তৰুণ পানীৰাম দাসৰ জন্ম হয়। ১৯৩৭ চনত তেওঁ কলিকতাৰ পৰা কৃতিত্বৰে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ স্বাধীনতা সংগ্ৰামত যোগদান কৰে। ১৯৪১ চনৰ গান্ধীৰ সত্যাগ্ৰহ আন্দোলনত যোগ দি তেওঁ কাৰাবাস খাটে। ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ড° এ. পি. জে. আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্ৰামীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰে। তেওঁ আজীৱন শুভ্ৰ খদ্দৰৰ ধুতী পাঞ্জাবী পৰিধান কৰে। তেওঁক "কৃষক শ্বহীদ দিৱসত খাদী পৰিহিত সেনাধ্যক্ষ" উপাধিৰে বিভূষিত কৰা হয়। ২০১০ চনৰ ৩০ নবেম্বৰত তেওঁৰ মৃত্যু হয়।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »