-->

শঙ্কৰ-মাধৱৰ মিলন । Sankar Madhavor Milan

 শঙ্কৰ-মাধৱৰ মিলন

গুৰু-চৰিত কথা'ৰ পৰা 


1. চোট আতা কোন? 

উত্তৰঃ- চোট আতা হৈছে মাধৱদেৱ। 


2. 'বাতকর্ম' বুলিলে কি বুজা? 

উত্তৰঃ- বাতকর্ম মানে হ'ল- নিষিদ্ধ কর্ম। 


3. জনৌকা শব্দৰ অর্থ কি?

উত্তৰঃ- জনৌকা শব্দৰ অৰ্থ হৈছে— জোনাকী পৰুৱা।


4. শংকৰদেৱে প্ৰচাৰ কৰা ধর্মটোৰ নাম কি? 

উত্তৰঃ- শংকৰদেৱে প্ৰচাৰ কৰা ধর্মটোৰ নাম হ'ল- বৈষ্ণৱ ধর্ম।


5. মকৰ-কুণ্ডল শব্দৰ অর্থ কি? 

উত্তৰঃ- মকৰৰ (ঘৰিয়ালৰ) আকৃতিৰ কাণত পিন্ধা এবিধ অলংকাৰ। 


6. কেতিয়াৰ পৰা গদ্যৰ ভাষাত গুৰ-চৰিত লিখাৰ ধাৰা আৰম্ভ হয়? 

উত্তৰঃ- অষ্টাদশ শতিকামানৰ পৰা গদ্যৰ ভাষাত গুৰু-চৰিত লিখাৰ আৰম্ভ হয়। 


7. 'গুৰ-চৰিডত কথা' গ্ৰন্থখন কাৰ সম্পাদনাত প্রকাশিত হৈছে?

উত্তৰঃ- অধ্যাপক মহেশ্বৰ নেওগৰ সম্পাদনাত 'গুৰু চৰিত কথা' গ্ৰন্থখন প্রকাশিত হৈছে।


8. মধ্য যুগৰ অসমীয়া সাহিত্যৰ এক বিশিষ্ট্য সম্পদ কি? 

উত্তৰঃ- মধ্যযুগৰ অসমীয়া সাহিত্যৰ এক বিশিষ্ট্য সম্পদ হ'ল- গুৰুচৰিত পুথিসমূহ। 


9. শ্ৰীমন্ত শংকৰদেৱৰ লগত শ্রীমাধৱদেৱৰ মিলন ঘটোৱা ব্যক্তিজন কোন আছিল? 

উত্তৰঃ- মাধৱদেৱৰ ভনীজোঁৱাই ৰামদাস আছিল। 


10. কি শ্লোকেৰে শংকৰদেৱে মাধৱদেৱক তর্কযুদ্ধত পৰাজিত কৰে?

উত্তৰঃ- তৰুমূল শ্লোকেৰে শংকৰদেৱে মাধৱদেৱক তর্কযুদ্ধত পৰাজিত কৰে। 


11. মাধৱদেৱৰ বৈনায়েকৰ (ভনী জোৱায়েক) নাম কি আছিল? 

উত্তৰঃ- মাধৱদেৱৰ বৈনায়েকৰ নাম- ৰামদাস আছিল। 


12. মহাপুৰুষ শংকৰদেৱৰ সৈতে প্রথম সাক্ষাতৰ সময়ত মাধৱদেৱ ক'ত আছিল? 

উত্তৰঃ- মহাপুৰুষ শংকৰদেৱৰ সৈতে প্রথম সাক্ষাতৰ সময়ত মাধৱদেৱ ধুৱাহাটত আছিল। 


13. শংকৰ মাধৱৰ মিলন' শিৰোনামৰ পাঠ্যাংশ ক'ৰ পৰা তুলি লোনা হৈছে।

উত্তৰঃ- 'শংকৰ মাধৱৰ মিলন' শিৰোনামৰ পাঠ্যংশ গুৰুচৰিত কথাৰ পৰা তুলি লোৱা হৈছে। 


14. গুৰু-চৰিত ৰচনা কৰা চাৰিজন ব্যক্তিৰ নাম লিখা। 

উত্তৰঃ- গুৰু চৰিত ৰচনা কৰা চাৰিজন ব্যক্তিৰ নাম হ'ল— (১) দৈত্যাৰি ঠাকুৰ (২) ভূষণ দ্বিজ (৩) ৰামচৰণ ঠাকুৰ আৰু (৪) ৰামানন্দ দ্বিজ।

 

15. গুৰু-চৰিত কি? 

(নাইবা)

গুৰু চৰিতসমূহ কাৰ জীৱনমূলক গ্রন্থ?

উত্তৰঃ- গুৰু-চৰিতসমূহ হৈছে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ- অসমৰ এই চাৰি গৰাকী বৈষ্ণৱ ধর্মগুৰু আৰু তেওঁলোকৰ শিষ্য-প্রশিষ্যসকলৰ জীৱনীমূলক গ্রন্থ। 


16. মাধৱদেৱে কেতিয়া দুর্গাদেৱীলৈ পঠা ছাগলী এযোৰ মানস কৰিছিল? এই কার্য সমাপন হ'লনে? 

উত্তৰঃ- মাধৱদেৱৰ মাকৰ টান নৰিয়া পৰাত আৰোগ্যৰ বাবে দুর্গাদেৱীলৈ পঠা ছাগলী এযোৰ মানস কৰিছিল।

এই কার্য সমাপন ন'হল। 


17. গুৰু চৰিতসমূহ কোন সময়ৰ সৃষ্টি? 'গুৰু-চৰিত-কথা'ৰ সময় আৰু লেখকৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ- 'গুৰু চৰিত-কথা'ৰ ৰচনাৰ সময় আৰু লেখকৰ নামৰ বিষয়ে একো উল্লেখ কৰা নাই। অৱশ্যে কিছুমান তথ্যৰ ভিত্তিত এই পুথিখন অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধত সাঁচিপাতত ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হয়। 


18. ৰামদাস কোন আছিল? মাধৱদেৱে তেওঁক পঠা ছাগলী আনিবলৈ কওঁতে তেওঁ কি কৰিছিল? 

উত্তৰঃ- ৰামদাস মহাপুৰুষ মাধৱদেৱৰ ভনীজোঁৱাই আছিল। মাধৱদেৱৰ মাকৰ টান নৰিয়া পৰাত আৰোগ্যৰ বাবে দুর্গাদেৱীলৈ পঠা ছাগলী এযোৰ মানস কৰিছিল। ৰামদাস বৈষ্ণৱ ভক্ত আছিল বাবে তেওঁ বলি বিধান নামানে। সেয়েহে মাধৱদেৱে তেওঁক পঠা ছাগলী আনিবলৈ কওঁতে তেওঁ বিচাৰি নগৈ নাপালো বুলি শংকৰদেৱক সেৱা কৰি গুচি আহিছিল।


19. ৰামদাসৰ সৈতে মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ কিদৰে তর্কযুদ্ধত লিপ্ত হৈছিল নিজৰ কথাৰে লিখা। 

উত্তৰঃ- ভনীজোঁৱাই ৰামদাসৰ সৈতে মাধৱদেৱেও সংকোচভাৱেৰে শংকৰদেৱক সেৱা জনালে। বণ্ডুকা অঞ্চলৰ শাসনকর্তা প্রতাপ ৰায়ৰ কথা সোধাত মাধৱদেৱে পিছদিনা দুর্গা উৎসৱৰ বাবে ব্যস্ত হৈ থকা বুলি কৈছিল। তেতিয়া শংকৰদেৱে মাধৱদেৱক টান সুৰেৰেই পূজা-পাতলৰ দৰে লঘু তুচ্ছ কৰ্মৰ কথা ক'বলৈ বাধা দিলে আৰু সেইবোৰ বাদ দি মূল কর্মহে কৰিব লাগে বুলি কৈছিল। মাধৱেও প্রবৃতি, আগম, তর্ক, নীতি, ন্যায়, স্বৰোদয়, কল্প আদি অনেক শাস্ত্ৰৰ শ্লোক মাতি বলি-বিধানৰ যুক্তি দাঙি ধৰিলে। শংকৰদেৱেও নিবৃত্তি আৰু বাৰ স্কন্ধ ভাগৱতৰ শ্লোক মাতি সেইবোৰ খণ্ডাবলৈ ধৰিলে আৰু ক'লে যে হাঁহ-ছাগলী কাটি মানুহ নৰকলৈ যায়। ব্যাসে বেদৰ শাখাত ভাগৱতক চন্দ্ৰৰ আগত জোনাকী পৰুৱা বুলি প্রথমে ভাবিছিল আৰু সেইবাবেই গুৰিয়াল নোহোৱা নাৱৰ দৰে তেওঁৰ মন অস্থিৰ হৈ আছিল। গুৰিয়াল স্বৰূপ নাৰদে আহি ভাগৱতৰ প্রকৃত তত্ত্বসমূহ বুজাই দিয়াতহে তেওঁৰ মনৰ অস্থিৰতা আঁতৰ হৈ পৰে আৰু মনৰ অজ্ঞতাবোৰ আঁতৰি জড় চৈতন্য তত্ত্বসমূহ উপলব্ধি কৰে। এইদৰে এজনে এটা যুক্তি দিলে, আকৌ আনজনে খণ্ডায়। এই আলোচনাত তেওঁলোকৰ তিনিপৰ বেলি গ'ল। শেষত শংকৰদেৱে তৰুমূল শ্লোক মাতি ক'লে গছৰ মূল বা শিপাত পানী দিলেই ডাল-পাত আদিয়ে তৃপ্তি লাভ কৰে আৰু প্রাণ বা মনৰ ভোজনৰ যোগেদি যিদৰে ইন্দ্রিয়সমূহ তুষ্ট হয়, সেইদৰে অচ্যুত বা শ্রীকৃষ্ণক পূজা কৰিলেই সকলোৰে পূজা কৰা হয়। এইদৰে মাধৱদেৱ আৰু শংকৰদেৱ তর্কযুদ্ধত লিপ্ত হৈছিল। 


20. মাধৱদেৱে শংকৰদেৱক প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ সেৱা কৰাৰ কাৰণ দুটা কি কি? 

(নাইবা) মাধৱদেৱে শংকৰদেৱক গুৰু মানি কিদৰে শৰণাপন্ন হৈছিল লিখা।

উত্তৰঃ- মাধৱদেৱ শংকৰদেৱৰ প্রধান আৰু প্রিয় শিষ্য আছিল। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা লৈছিল।

ৰামদাসে যেতিয়া মাধৱদেৱক শংকৰদেৱৰ ওচৰলৈ লৈ গৈছিল, তেতিয়া দূৰৰ পৰাই শংকৰদেৱৰ ধীৰ-স্থিৰ, গহীন-গম্ভীৰ মূর্তি আৰু দিব্য ৰূপ দেখি মাধৱদেৱৰ গাৰ নোম শিয়ঁৰি উঠিছিল।

শংকৰদেৱৰ এনে গহীন গম্ভীৰ আৰু দিব্য ৰূপ দেখি মাধৱদেৱে সংকোচ মনেৰে শংকৰদেৱক সেৱা জনালে৷ তেওঁ মাধৱদেৱৰ খা-খবৰ লৈ বণ্ডুকা অঞ্চলৰ শাসনকর্তাৰ কথা সোধাত শাসনকর্তা দুর্গা পূজাৰ কামত ব্যক্ত থকাৰ কথা যেতিয়া মাধৱদেৱে ক'লে তেতিয়া শংকৰদেৱে মাধৱদেৱক টান সুৰেৰে পূজা-পাতল, বলি-বিধানৰ দৰে লঘু আৰু পাপ কথা ক'বলৈ বাধা দিলে আৰু সেইবোৰ বাদ দি ঈশ্বৰৰ চিন্তাতহে ব্যক্ত থকাটো উচিত বুলি ক'লে।

শংকৰদেৱৰ কথাত মাধৱদেৱেও প্ৰবৃত্তি, আগম, তর্ক, নীতি, ন্যায়, স্বৰোদয়, কল্প আদি নান শাস্ত্ৰৰ শ্লোক মাতি নানা পূজা-বলি-বিধানৰ পক্ষে যুক্তি দর্শালে। তেতিয়া শংকৰদেৱে ধীৰভাৱে নিবৃত্তি আৰু বাৰস্কন্ধ ভাগৱতৰ শ্লোক মাতি সেই যুক্তিবোৰ খণ্ডন কৰিলে। শেষত শংকৰদেৱে নানা ধৰণৰ শ্লোক মাতি ক'লে যে-তৰুৰ মূল শিপা, ডাল-পাত নহয়। গতিকে শিপাত পানী দিলেই ডাল-পাতে পায়। তেনেস্থলত এজনক পূজা নকৰি দেৱ-দেৱীক পূজা কৰাৰ কোনো যুক্তি নাই।

গতিকে কৃষ্ণক পূজি দেৱতাসকলে তৃপ্তি পায়। এই কথা শুনি মাধৱদেৱৰ মনৰ সংশয় আঁতৰিল। তেওঁ শংকৰদেৱৰ চৰণত পৰি সেৱা কৰিলে। শংকৰদেৱে মাধৱদেৱৰ সেই আচৰণৰ কাৰণ জানিবলৈ বিচৰাত মাধৱদেৱে ক'লে যে তেওঁ প্ৰথমৰাৰ শংকৰদেৱক বাৰভূঞা আৰু দ্বিতীয়বাৰ গুৰু মানি সেৱা জনাইছে। মাধৱদেৱে অজানিতে যি অপৰাধ কৰিছিল তাৰ বাবে তেওঁ ক্ষমা বিচাৰিছে। 


21. চমূটোকা লিখাঃ- 

উত্তৰঃ- (ক) নৰকঃ- আমাৰ মাজত প্রচলিত ধাৰণা মতে মৃত্যুৰ পাছত পাপী মানুহে কর্মফল মতে স্বর্গ বা নৰকত স্থান পায়। নৰকত পাপী সকলক অশেষ যাতনা দিয়া হয়।

লোক বিশ্বাস মতে যমদূতে আহি পাপীক তর্জন-গর্জন কৰি নৰকলৈ লৈ যায়। বাটত কুকুৰে কামোৰে, তপত বালিৰ ওপৰেদি খোজ কঢ়াই লৈ যায়, সূৰ্যৰ তাপ আৰু বনজুইৰ তাপে দগ্ধ কৰে, পিঠিত চাবুকেৰে কোবায়। চাবুকৰ কোবত মূৰ্চ্ছা যায়। আকৌ পুনৰ সঞ্জীৱিত হয়। সেইসময়ত তেওঁলোকে পূর্বৰ পাপ কৰ্মৰ কথা সুৱৰি অনুশোচনা কৰে। 


(খ) বেদঃ- বেদ হৈছে হিন্দুসকলৰ প্রাচীন আৰু মূল ধর্মশাস্ত্ৰ বেদসমূহ সংস্কৃত ভাষাত ৰচিত। বেদ চাৰিখন- (১) অথর্ব বেদ (২) সাম বেদ (৩) যজুঃ বেদ আৰু (৪) ঋকবেদ।


(গ) মনোহৰি বাইঃ- মনোহৰি বাই মহাপুৰুষ শংকৰদেৱৰ বংশৰ এগৰাকী কন্যা। এওঁৰ নাম মনু বা মনোৰমা বুলিও জনা। এওঁ সম্বন্ধত শংকৰদেৱৰ বায়েক আছিল। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰিয়ে এওঁকেই দ্বিতীয়া পত্নী হিচাপে গ্রহণ কৰে।


(ঘ) তৰুমূল শ্লোকঃ- তৰুমূলশ্লোক শ্রীমদ্ভাগৱতৰ চতুর্থ স্কন্ধৰ ৩৯ অধ্যায়ৰ ২৪ সংখ্যক শ্লোক (শ্লোকটোৰ অৰ্থ গছৰ গুৰিত পানী দিলেই যিদৰে গছ ডাল-পাত আদিয়ে তৃপ্তি লাভ কৰে আৰু প্ৰাণ বা মনৰ ভোজনৰ যোগেদি যিদৰে ইন্দ্ৰয়সমূহ তুষ্ট হয়, সেইদৰে অচ্যুত বা শ্ৰীকৃষ্ণক পূজা কৰিলেই সকলোৰে পূজা হয়। 


22. ভাষা-বিষয়ক 

আধুনিক বানান লিখাঃ- 

উত্তৰঃ- জোৱা= যোৱা, 

বিহানে= ৰাতিপুৱাই, 

সুনি= শুনি, 

সিহৰি= শিয়ঁৰি, 

নপৰা= নৰিয়াত পৰা, 

জিতো= যিটো, 

জি= যি 

লোম= নোম, 

আচিল= আছিল, 

গ্ৰীবা/গ্ৰীব= ডিঙি, 

বৈনাই= ভনীজোঁৱাই।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Previous
Next Post »