-->

চোৰধৰা । Chordhora by Madhavdev

(খ-অংশ) গদ্যাংশ 

চোৰধৰা

শ্রীশ্রীমাধৱদেৱ


1. লৱণু চোৰ কোন? 

উত্তৰঃ- লৱণু চোৰ হ'ল- শ্রীকৃষ্ণ। 


2. মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? 

উত্তৰঃ- ১৪৮৯ চনত লক্ষিপুৰৰ নাৰায়ণপুত মাধৱদেৱৰ জন্ম হৈছিল। 


3. মাধৱদেৱে ৰচনা কৰা এখন ঝুমুৰাৰ নাম লিখা। 

উত্তৰঃ- মাধৱদেৱে ৰচনা কৰা এখন ঝুমুৰাৰ নাম হ'ল- চোৰধৰা। 


4. পঞ্চামৃত কি?

উত্তৰঃ- এৱাঁ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলাই কৰা পানীয়। 


5. মাধৱদেৱৰ মহাপ্রয়ান ঘটা ঠাইখনৰ নাম কি? 

উত্তৰঃ- ভেলাদুৱাৰ। 


6. মাধৱদেৱ ৰচিত এখন নাটৰ বাহিৰে বাকীবোৰক কি বোলে?

উত্তৰঃ- ঝুমুৰা বোলে। 


7. মাধৱদেৱৰ একমাত্র নাটখনৰ নাম কি?

উত্তৰঃ- দধিমথন বা অৰ্জুন ভঞ্জন। 


8. শ্রীকৃষ্ণ গোৱালীৰ ঘৰত কিয় সোমাইছিল? 

উত্তৰঃ- শ্রীকৃষ্ণ গোৱালীৰ ঘৰত লৱণু চোৰ কৰিবলৈ সোমাইছিল। 


9. 'ওহি বান্দীসৱক থানে আৱৰ নাহি।' 

 -'আৱৰ নাহি' বুলি কোনে, কাক কৈছিল?

উত্তৰঃ- আৱৰ নাহি বুলি মাতৃ যশোদাই কৃষ্ণক কৈছিল। 


10. মাধৱদেৱে ৰচনা কৰা চোৰ ধৰা ঝুমুৰা নে নাট? 

উত্তৰঃ- মাধৱদেৱে ৰচনা কৰা চোৰ ধৰা- ঝুমুৰা। 


11. যশোদাই কৃষ্ণক ক'ত বিচাৰি পাইছিল? 

উত্তৰঃ- যশোদাই কৃষ্ণক গোৱালীপাৰাত বিচাৰি পাইছিল। 


12. 'শিশুলীলা' কবিতাটিত 'পুত্রক খেদন্ত মহাসতী'- 'মহাসতী' বুলি কাক কোৱা হৈছে? 

উত্তৰঃ- মহাসতী বুলি যশোদাক কোৱা হৈছে। 


13. "ভক্তি ৰত্নাৱলী"- গ্ৰন্থখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ- ভক্তি ৰত্নাৱলী গ্রন্থখন শ্রীশ্রী মাধৱদেৱে ৰচনা কৰিছিল। 


14. কানাই বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ- কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। 


15. লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ- লৱণ-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল। 


16. চোৰধৰা পাঠটি কাৰ ৰচনা?

উত্তৰঃ- চোৰধৰা পাঠটি শ্রীশ্রী মাধৱদেৱৰ ৰচনা।


17. নামঘোষা কোনে ৰচনা কৰিছিল? 

(নাইবা)

মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি? 

উত্তৰঃ- মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ'ল- নামঘোষা।  


18. ঝুমুৰা কাক বোলে? 

উত্তৰঃ- একোটা সম্পূর্ণ বিষয় বস্তু বা ঘটনাৰ সলনি ক্ষদ্র ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত ৰচনা কৰা নাটককেই ঝুমুৰা বুলি কোৱা হয়।


19. মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্রকাশ কৰিছিল?

উত্তৰঃ- গোৱালী পাৰাত পুত্ৰৰ মুখ দেখি যশোদাই পৰম শান্তি লভিলে। শ্রীকৃষ্ণক কোলাত তুলি লৈ ওঠত চুমা খাই পৰম আনন্দ পালে। কৃষ্ণই মাকৰ স্তন পান কৰি কান্দি কান্দি মাকক সকলো কথা ক'লে। তেতিয়া যশোদাই গোৱালীসকলে শ্রীকৃষ্ণক চোৰ বুলি কলঙ্ক দিয়াত গালি পাৰিছিল। তেওঁ বান্দীসকলৰ ঠাইত আৰু কেতিয়াও আহিব নালাগে বুলি কৃষক কৈছিল। যশোদাৰ ঘৰত দধি, দুগ্ধ, লৱণু কোনোৱে খাই শেষ কৰিব নোৱাৰে বুলিও কৈছিল। কৃষ্ণ যশোদাৰ বাবে কৌটি পুৰুষৰ দেৱৰো দেৱতা, শিৰৰ, মুকুট, ডিঙিৰ সাতসৰী, বুকুৰ শীতল চন্দন। এইদৰে কৈ মাক যশোদাই কানাইৰ প্ৰতি থকা তেওঁৰ গভীৰ চেনেহৰ কথা প্ৰকাশ কৰিছিল। 


20. 'হে মাই যশোদে, তোহোঁ তাপ তেজহ।'

-যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল? 

উত্তৰঃ- মাধৱদেৱে 'চোৰধৰা' নাটত উল্লেখ কৰা মতে এদিন পুৱাতেই ওলাই যোৱা শিশু কৃষ্ণ সন্ধিয়ালৈকে ঘৰলৈ উভতি অহা নাছিল। যশোদাই কৃষ্ণক চাৰিওফালে বিচাৰি কোনো সন্ধান নাপাই শোকত ব্যাকুল হৈ পৰিছিল। সেই সময়তে এগৰাকী গোপীয়ে তেওঁৰ ওচৰলৈ আহি এইবুলি সান্তনা দিছিল যে তেওঁ কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ তেওঁ নিজেই গোৱালী পাৰাত কৃষ্ণক দেখি আহিছে। কৃষ্ণই এগৰাকী গোপীৰ ঘৰত লৱণু চুৰ কৰি খাওঁতে তেওঁ ধৰা পৰাত চুবুৰীৰ গোপীবিলাকক মাতি দেখুৱালে। কৃষ্ণই নিজৰ হাতত লাগি থকা লৱণুখিনি গোপীজনীৰ মুখত সানি দি তেওঁক উভতাই চোৰ সাজিলে। তেতিয়া গোপীগৰাকীয়ে লাজ পাই যাবলৈ ওলালত কৃষ্ণই আঁচলত ধৰি যাবলৈ নিদিলে। তাৰ পাচত গোপীনীজনীয়ে লৱণু খাবলৈ দিম বুলি কোৱাতহে কৃষ্ণই যাবলৈ দিলে। গতিকে শিশু কৃষ্ণৰ কাৰণে দুখী হৈ যশোদাই মন মাৰি থাকিব নালাগে।


21. শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল?

(নাইবা) 

"লৱণু চোৰ" হিচাপে ধৰা পৰাৰ পাছত কৃষ্ণই কি কৰিছিল?

(নাইবা)

ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হৰষিত ভেল? _কোনে, কাৰ কি কথা শুনি হৰষিত হৈছিল? 

উত্তৰঃ- এদিন পুৱাতেই ওলাই যোৱা শিশু কৃষ্ণ সন্ধিয়ালৈকে ঘৰলৈ উভতি অহা নাছিল। যশোদাই কৃষ্ণক চাৰিওফালে বিচাৰি কোনো সন্ধান নাপাই শোকত ব্যাকুল হৈ পৰিছিল। সেই সময়তে এগৰাকী গোপীয়ে তেওঁৰ ওচৰলৈ আহি এইবুলি সান্তনা দিছিল যে তেওঁ কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ তেওঁ নিজেই গোৱালী পাৰাত কৃষ্ণক দেখি আহিছে।

কৃষ্ণই এগৰাকী গোপীৰ ঘৰত লৱণু চুৰ কৰি খাওঁতে তেওঁ ধৰা পৰাত চুবুৰীৰ গোপীবিলাকক মাতি দেখুৱালে। কৃষ্ণই নিজৰ হাতত লাগি থকা লৱণুখিনি গোপীজনীৰ মুখত সানি দি তেওঁক উভতাই চোৰ সাজিলে। তেতিয়া গোপীগৰাকীয়ে লাজ পাই যাবলৈ ওলালত কৃষ্ণই আঁচলত ধৰি যাবলৈ নিদিলে। তাৰ পাচত গোপীনীজনীয়ে লৱণু খাবলৈ দিম বুলি কোৱাতহে কৃষ্ণই যাবলৈ দিলে। গতিকে শিশু কৃষ্ণৰ কাৰণে দুখী হৈ যশোদাই মন মাৰি থাকিব নালাগে। তেতিয়া গোৱালীজনীয়ে যশোদাই অতি পূণ্যৰ ফলতহে কৃষ্ণক পুত্ৰ হিচাপে পাইছে বুলি কৈছে। কৃষ্ণই এই গকুলবাসীৰ মাজত আনন্দৰ সঞ্চাৰ কৰে। পুত্ৰৰ সেই শুভ বার্তা শুনি যশোদাই পৰম আনন্দ পালে। 


22. ভাষা-বিষয়কঃ- 

বিপৰীত শব্দ লিখা– 

চোৰ— সাধু, 

উত্তৰ— দক্ষিণ, 

পুণ্য— পাপ, 

শোক আনন্দ হর্ষ— বিষাদ, 

শীতল— গৰম


23. আধুনিক অসমীয়া শব্দৰ ৰূপ দিয়া-

উত্তৰঃ- গাৰি- গালি, 

থিক- আছে, 

পৈসল- প্ৰৱেশ কৰিলে, সোমালে, 

পেখি- দেখি 

ঢাণ্ডি- শকত-আৱত, লুধুমী 

ৰাজ মাৰগে- ৰাজবাটত, 

ফিৰত- ঘূৰি ফুৰা, 

হামু- মই 

পড়াক- চুবুৰীৰ মাখিয়ে- সানি, 

উনিকৰ- এওঁৰ, 

উত্তৰে আণ্টয়ে নাহি পাৰি- উত্তৰত বলে নোৱাৰি, 

তাপ- দুখ, 

ভঙ্গ মানল- পৰাজয় স্বীকাৰ কৰিলে, 

কয় কহুঁ- কৰি পেলাই, 

ঠামে- ঠাইত, 

জুড়াৱল- শান্ত হ'ল, 

মুখে ছাৰ পৰক- মুখত ছাই পৰক অর্থাৎ মৰি যা, 

ঠেঙ্গনা- গালি, 

আঞ্চোৰে-আঁচলেৰে, 

নিকাৰ= যন্ত্রণা, 

তেজহ= ত্যাগ কৰা, 

জৈচন= যেনেকৈ।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »