-->

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক । Prachanda Dhumuhai Prashna

 Class IX Assamese

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক । Prachanda Dhumuhai Prashna korile muk

ড° ভূপেন হাজৰিকা । Dr. Bhupen Hazarika


1. কবিক বিশাল দৃষ্টি কোনে দিলে?

উত্তৰঃ- কবিক মহাকাশে বিশাল দৃষ্টি দিলে। 


2. কবিৰ প্রাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল? 

উত্তৰঃ- প্রচণ্ড ধুমুহাই কবিৰ প্রাপ্য কি বুলি প্রশ্ন কৰিছিল। 


3. ড° ভূপেন হাজৰিকা সম্পাদন কৰা এখন আলোচনীৰ নাম লিখা।

উত্তৰঃ- ড° ভূপেন হাজৰিকা সম্পাদন কৰা এখন আলোচনীৰ নাম হ'ল- প্রতিনিধি।


4. কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?

উত্তৰঃ- কবিয়ে আকাশক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।


5. ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া চলচিত্ৰখনৰ নাম লিখা।

উত্তৰঃ- ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া চলচিত্ৰখনৰ নাম হ'ল- এৰাবাটৰ সুৰ। 


6. 'মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পাৰোঁ- ইয়াত 'বিদ্যুৎ' শব্দই কি বুজাইছে?

উত্তৰঃ- ইয়াত 'বিদ্যুৎ' শব্দই আশাৰ ৰেঙণি অর্থাৎ জীয়াই থকাৰ প্ৰেৰণাৰ কথা বুজাইছে। 


7. প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল? 

উত্তৰঃ- প্রচণ্ড ধুমুহাই কবিক 'তোমাৰ প্ৰাপ্য কি কোৱা' বুলি প্রশ্ন কৰিছিল।


8. বজ্রই কবিক কি কি দিছিল? 

উত্তৰঃ- বজ্রই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিছিল। 


9. ড° ভূপেন হাজৰিকাদেৱে কেইখন অসমীয়া চলচিত্র পৰিচালনা কৰিছিল? তেওঁ পৰিচালনা কৰা চাৰিখন চলচিত্ৰৰ নাম লিখা।

উত্তৰঃ- ড° ভূপেন হাজৰিকাদেৱে আঠখন অসমীয়া চলচিত্র পৰিচালনা কৰিছিল। তেওঁ পৰিচালনা কৰা চাৰিখন অসমীয়া চলচিত্ৰৰ নাম হ'ল- (১) শকুন্তলা (২) প্রতিধ্বনি (৩) লটিঘটি (৪) চিক্‌মিক্‌ বিজুলী। 


10.  আকাশ, ধুমুহা আৰু বজ্রক কবিয়ে কি কাৰণে প্রণিপাত কৰিছে?

উত্তৰঃ- মুমূর্ষু অর্থাৎ মৃতপ্রায় মানৱক জীয়াই থকাৰ কিঞ্চিত আশাৰ ৰেঙণি দিয়াৰ বাবে কবিয়ে চেষ্টা কৰিছে। ইয়াৰ বাবে তেওঁ মানুহৰ পৰিৱর্তে বজ্ৰ, ধুমুহা আৰু আকাশৰ পৰা সহায় বিচাৰিছে। এইবোৰে নিস্বার্থভাৱে কবিক সহায় কৰাৰ বাবেহে তেওঁ গীতৰ মাধ্যমেৰে সফল হ'ব পাৰিছে। সেইবাবে তেওঁ আকাশ, ধুমুহা আৰু বজ্ৰক প্রণিপাত জনাইছে। 


11. কবিয়ে 'সঁচা উদাৰতা' কথাষাৰেৰে কি বুজাব খুজিছে? 

উত্তৰঃ-'যিমানে বিলাই দিবা, সিমানে মহান হ'বা' কবিৰ মতে ইয়েই হৈছে প্রকৃত উদাৰতা। এই কথাষাৰৰ মাজেৰে কবিয়ে মুক্ত আৰু উদাৰ মনৰ বিষয়ে ক'বলৈ বিচাৰিছে। এই ধৰাত কবিৰ মতে মানুহ অকলশৰীয়া নহয়। ইয়াত ইজন মানুহ সিজনৰ পৰিপূৰক। স্বার্থপৰতাই মানুহক অবাতে নিয়ে। ঠেক অন্তৰ আৰু অন্ধকাৰছন্ন মানৱ মন সুস্থ সমাজৰ পৰিপন্থী। সেয়েহে তেওঁ আকাশৰ পৰা বিচাৰিছে সঁচা উদাৰতা। 


12. মূলভাৱঃ- 

    ড° ভূপেন হাজৰিকাৰ 'প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক'- কবিতাটি মূলত মানৱতাধর্মী। কবিয়ে শোষিত, বঞ্চিত, সর্বস্ব হেৰুৱাজনৰ বাবে জীৱনৰ বিদ্যুৎ সঞ্চাৰ অর্থাৎ আশাৰ ৰেঙণি বিলাব বিচাৰিছে। ইয়াৰ বাবে কবিয়ে বিচাৰিছে শক্তি আৰু সাহস। মানৱতাৰ স্খলন ঘটা সমাজখনক কবিয়ে বিশ্বাসত ল'ব পৰা নাই। সেয়ে তেওঁ প্ৰকৃতিৰ ওচৰত সহায় বিচাৰিছে। ধুমুহা, বজ্র, আকাশৰ ওচৰত তেওঁ বিচাৰিছে শক্তি, উদাত্ত কণ্ঠ আৰু উদাৰতা। যিজন গীতিকাৰে (নৱকান্ত বৰুৱা) অকণি আকাশ মাগিছিল তাৰ বিপৰীতে এইগৰাকী কবিয়ে বিচাৰিছে "সর্বকাশ সত্তা।" য'ত কোনো ভেদাভেদ, সংকীর্ণতা নাথাকিব তেনে এখন সমাজ গঢ়িবলৈ কবিয়ে প্রকৃতিৰ ওচৰত সহায় বিচাৰিছে। প্রকৃতিয়ে কবিৰ আবেদনক সহাৰি দিছে, সেয়েহে তেওঁ নির্ভীকভাবে সঁচা কলিজাৰ সুৰেৰে গীত গাই যাব মানুহৰ বাবে। তেওঁৰ গীতে যদি মুমূর্ষুজনক কিঞ্চিত মানো আনন্দ দিব পাৰে সেয়াই হ'ব তেওঁৰ বাবে প্রতিদান, তাৰবাবে কবিয়ে ধুমুহা, বজ্ৰ আকাশৰ ওচৰত প্ৰণিপাত জনাইছে।


13. ড° ভূপেন হাজৰিকাৰ বিষয়ে এটি টোকা লিখা।

(নাইবা)

ড° ভূপেন হাজৰিকাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ- কবি পৰিচয়ঃ- বহুমুখী প্রতিভাৰ গৰাকী বিশ্ববিখ্যাত গণশিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম হয় ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত ভাৰতৰ অংগৰাজ্য সূর্য উঠা দেশ অসমৰ পুব প্ৰান্তৰ শদিয়াত। তেখেতৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্রিয়া হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা বিজয়ী আৰু পদ্মভূষণেৰে বিভূষিত এইগৰাকী মহান শিল্পীয়ে তেজপুৰ আৰু গুৱাহাটীত স্কুলীয়া শিক্ষা আৰম্ভ কৰি বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰে। ভাৰতৰ সংগীত জগতৰ সর্ব শ্রেষ্ঠ আসন সংগীত নাটক একাডেমীৰ অধক্ষ্য পদ অলংকিত কৰা হাজৰিকাদেৱে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্যসভাৰ সভাপতি পদ তেখেতে শুৱনি কৰিছিল। তেখেতৰ দ্বাৰা সম্পাদিত কেইখনমান আলোচনী হৈছে প্রতিনিধি, বিন্দু, প্রতিধ্বনি আদি। অসম তথা ভাৰতৰ বোলছবি জগতৰ ভোটাতৰা হাজৰিকাদেৱে কেইবাখনো অসমীয়া আৰু হিন্দী বোলছবিৰ সঙ্গীত পৰিচালনাৰ লগতে কেইবাখনো বোলছবি পৰিচালনাও কৰিছিল। ইয়াৰ ভিতৰত লটি-ঘটি, ভাগ্য, ৰ'দালি, চিক্‌মিক্‌ বিজুলী আদি উল্লেখযোগ্য। অসমৰ প্রখ্যাত শিল্পীদ্বয় জ্যোতি প্রসাদ আগৰৱালা আৰু বিষ্ণুৰাভাৰ সান্নিধ্যত ড° হাজৰিকাৰ সংগীত চর্চাই প্রাণ পাই উঠিছিল। মহাবাহু ব্ৰহ্মপুত্ৰৰ নির্মল জলধাৰাই তেখেতৰ শিল্পী মনক গংগা, পদ্দা, ভল্গাৰ পৰা মিচিচিপি হৈ গোটেই পৃথিৱী ঘূৰাইছিল আৰু তেখেতে বিশ্ব মানৱৰ বাবে মানৱতাৰ গীত গাইছিল। বিশ্ব বিখ্যাত গায়ক পল ৰবছন্‌ৰ গীতৰ ভাৱধাৰাত অনুপ্রাণিতহৈ বিশ্ব মানৱৰ সংকীর্ণতা আঁতৰাই মানৱতাক প্রতিষ্ঠা কৰিবলৈ গোটেই জীৱন জুৰি চেষ্টা অব্যাহত ৰখা এই গৰাকী মহান শিল্পীয়ে ২০১১ চনৰ ৫ নবেম্বৰত মুম্বাইত ইহলীলা সম্বৰণ কৰে।


14. তাৎপর্য ব্যাখ্যা কৰাঃ-

(ক) বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক'লে

তোমাৰ প্রাপ্য কি কোৱা? 

মই ক'লোঁ, বজ্ৰ তোমাৰ

শক্তিশালী কণ্ঠটি দিয়া। 

উত্তৰঃ- ব্যাখ্যেয় কবিতাংশ ড° ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত 'প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক' নামৰ কবিতাটিৰ পৰা অনা হৈছে।

ইয়াত কবিয়ে কৈছে প্রকৃতি আৰু মানৱ-জীৱন এটা আনটোৰ পৰিপূৰক। মানুহ প্ৰকৃতিৰ মহান শক্তিৰ দ্বাৰা পৰিচালিত হয়। এই প্রকৃতিৰ গছ-গছনি, ফল-ফুল, হাবি-বন, পর্বত-পাহাৰ আদিৰ সৌন্দর্যই যুগে যুগে কবি-সাহিত্যিকসকলক আকৃষ্ট কৰি আহিছে। প্ৰকৃতিৰ সৌন্দর্যই কবিক উন্মনা কৰিছে। এই কবিতাটিত প্রকৃতি জগতৰ বিশেষকৈ প্ৰকৃতিৰ বুকুত তাণ্ডব সৃষ্টি কৰা ধুমুহা, আকাশ, মেঘ, বজ্ৰ আদিৰ সৈতে কবিয়ে সম্পর্ক স্থাপন কৰিছে।

মানুহৰ মাজত জীয়াই থকাৰ আশা বিলাই দি কবিয়ে তৃপ্তি লাভ কৰিবলৈ বিচৰিছে। কবিয়ে এই আশা পূর্ণ কৰাৰ বাবে আকাশ, বজ্ৰ আদিৰ পৰা সহায় বিচাৰিছে। বজ্রই যেন কবিক কি লাগে বুলি প্ৰশ্ন কৰিছে। সেয়েহে কবিয়ে প্রশ্নকর্তা বজ্ৰৰ পৰা বিচাৰিছে শক্তিশালী উদাত্ত কণ্ঠ। যি কণ্ঠৰ পৰা নিগৰি আহিব শোষিত, নিপীড়িত, মুমূষ, দুর্গতজনৰ কল্যাণৰ বাবে প্ৰেৰণাদায়ক জীয়াই থকাৰ গান। সমাজত ধৰা দিয়া অন্যায়, অনাচাৰৰ পৰিৱর্তে সাম্যৰ সৰগ ৰচাৰ প্রতি কবি অতিকৈ আগ্রহী। সেয়েহে তেওঁ বজ্ৰৰ পৰা শক্তিশালী কণ্ঠ আৰু সাহস বিচাৰিছে। 


14. তাৎপর্য ব্যাখ্যা কৰাঃ-

(খ) মহাকাশে দিলে মোক বিশাল দৃষ্টি

আৰু ধুমুহাই প্রচণ্ড শক্তি 

বজ্রই দিলে মোক উদাত্ত কণ্ঠ

আৰু দিলে সাহসৰ যুক্তি। 

উত্তৰঃ- ব্যাখ্যেয় কবিতাংশ ড° ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত 'প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক' নামৰ কবিতাটিৰ পৰা অনা হৈছে। ইয়াত কবিয়ে বজ্ৰৰ দৰে কণ্ঠ, সাহস আৰু ধুমুহাৰ দৰে শক্তি আহৰণ কৰি মৃতপ্রায় মানুহক জীয়াই থকাৰ আশা বিলাব খজিছে। ড° হাজৰিকাদেৱৰ গীত তথা কবিতাৰ মূল বিষয় বস্তু হৈছে মানুহৰ প্রতি প্রেম আৰু সহানুভূতি। কবিয়ে শিল্পী হিচাপে নিজৰ সামাজিক দায়বদ্ধতা স্বীকাৰ কৰি শ্রমজীৱী জনগণৰ সমস্যাক গীত তথা কবিতা সমূহৰ মাজেৰে অনুধাৱন কৰাবলৈ প্রয়াস কৰিছিল। সৰু সৰু মানুহৰ সংসাৰৰ শোষণ বঞ্চনা আৰু ঘৃণাৰ পৰা মুক্তি দিয়াৰ বাবে তেওঁ গীত গাইছিল। সেই গীত গাবলৈ তেওঁ সাহস আৰু শক্তি পাইছিল আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা। এই শক্তিৰে তেওঁ দানৱৰ সমাজত মানৱতাৰ গীত গাই বঞ্চিতজনক জীয়াই থকাৰ প্রেৰণা দিবলৈ প্ৰয়াস কৰিছে। 


14. তাৎপর্য ব্যাখ্যা কৰাঃ-

(গ) মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পাৰোঁ

আকাশ, ধুমুহা আৰু বজ্রক

তাৰ বাবে প্ৰণিপাত কৰোঁ। 

উত্তৰঃ- ব্যাখ্যেয় কবিতাংশ ড° ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত 'প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক' নামৰ কবিতাটিৰ পৰা অনা হৈছে। ইয়াত কবিয়ে দুখৰ পৰিৱর্তে হাঁহিখিনি দুর্গত, মুমূর্ষু মানুহৰ মাজত বিলাই দি সান্তনা লভিছে। ইয়াৰ বাহিৰেও তেওঁ বজ্ৰৰ দৰে কণ্ঠ, সাহস আৰু যুক্তি তথা ধুমুহাৰ শক্তিৰে দানৱৰ সমাজত মানৱৰ সঁচা কলিজাৰ সুৰসিক্ত গীত গাবলৈ প্রয়াস কৰিছে। এই গীতৰ দ্বাৰা তেওঁ মৃতপ্রায় মানুহক জীয়াই থকাৰ প্ৰেৰণা দি নিজৰ জীৱনৰ স্বার্থকতা বিচাৰিছে। কবিৰ মতে বিশ্বাস, আস্থা, আশা আৰু প্রেম মানৱতাবাদৰ অন্তৰ্গত বিষয়। মানৱতাবাদত মানুহৰ উত্তৰণ আৰু পূর্ণতা বিদ্যমান। তেওঁৰ কবিতা আৰু গীতৰ মূল বিষয় বস্তু হৈছে নিপীড়িত, নিষ্পেষিত আৰু নির্যাতিতজনক জীয়াই থকাৰ প্রেৰণা দিয়া। সেয়েহে তেওঁ এইবোৰ সমস্যাৰ সমাধান বিচাৰি গীত গাবৰ বাবে আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা বলিষ্ঠ কণ্ঠ, যুক্তি আৰু সাহস বিচাৰিছে। এই ক্ষেত্ৰত তেওঁ সফল হোৱাৰ বাবে আকাশ ধুমুহা আৰু বজ্রক প্রণিপাত জনাইছে। 


15. তলত দিয়া শব্দবোৰৰ সমার্থক শব্দ লিখা— 

উদাত্ত কণ্ঠ= গুৰুগম্ভীৰ। 

কাম্য= কামনা কৰিবলগীয়া, বাঞ্ছা।

সংকীর্ণতা= ঠেক পৰিসৰৰ। 

জনৈক= অনির্দিষ্ট কোনোবা এজন সত্তাঃ অস্তিত্ব, উপস্থিতি। 

প্রণিপাত= সেৱা, নমস্কাৰ।

সিক্ত= তিতা, আর্দ্র। 

মুমূর্ষু= মৃতপ্রায়। 


16. তলত দিয়া শব্দকেইটাত কি কাৰণে 'ণ' হৈছে লিখা। 

উত্তৰঃ- কণ্ঠ : ট-বৰ্গৰ আখৰৰ লগত যুক্ত হোৱা 'ন' সদায় মূর্ধন্য 'ণ' হয়। 

পূর্ণ : ঋ, ৰ, ষ-ৰ পাছত সাধাৰণতে মূর্ধন্য 'ণ' হয়। 

প্রচণ্ড : ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা দন্ত্য 'ন' সদায় মূর্ধন্য। 'ণ' হয়। 

প্রণিপাত : প্র, পৰি নিৰ্ আদি উপসর্গৰ পাছত থকা নম্, নী আৰু নু ধাতুৰ দন্ত্য 'ন' মূর্ধন্য 'ণ' হয়। 


17. তলত দিয়া শব্দকেইটাত কি কাৰণে 'ষ' হৈছে লিখা। 

উত্তৰঃ- মুমূর্ষ : ই-কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ-কাৰৰ পিছত থকা প্রত্যয়ৰ দন্ত্য স মূর্ধন্য ষ হয়। 


18. সন্ধি ভাঙাঃ- 

দিগন্ত = দিক্ + অন্ত, 

সর্বাকাশ = সর্ব + আকাশ, 

সংকীর্ণ = সম্ + কীর্ণ।`


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »