-->

মর্মান্তিক-ড° নিৰ্মলপ্ৰভা বৰদলৈ Mormantik

মর্মান্তিক
Mormantik
ড° নিৰ্মলপ্ৰভা বৰদলৈ
Dr. Nirmalprabha Bordoloi

 

1. মর্মান্তিক শব্দৰ অর্থ কি?

উত্তৰঃ- মর্মান্তিক শব্দৰ অৰ্থ হ'ল— গভীৰ বেদনা দায়ক। 


2. 'মর্মান্তিক' কবিতাটিত কেনে ভাৱ প্ৰকাশ পাইছে?

উত্তৰঃ- 'মর্মান্তিক' কবিতাটিত দুখৰ ভাৱ প্ৰকাশ পাইছে। 


3. তোমাৰ পাঠ্যপুথিত থকা কোনটো কবিতাৰ কবি ড° নিৰ্মলপ্রভাবৰদলৈ? মর্মান্তিক কবিতাটোৰ কবিগৰাকী নাম কি?

উত্তৰঃ- মর্মান্তিক কবিতাটোৰ কৰিগৰাকীৰ নাম হ'ল- ড° নিৰ্মলপ্ৰভা বৰদলৈ।  


4. অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ সভানেত্রী কোন আছিল? 

(নাইবা)

ড° নির্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? 

উত্তৰঃ- ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত সভাপতিত্ব কৰিছিল। 


5. 'সুদীর্ঘ দিন আৰু ঋতু' কাৰ কবিতা পুথি? 

উত্তৰঃ- ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা পুথি। 


6. ড° নিৰ্মলপ্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত গীতৰ পুথি দুখনৰ নাম লিখা।

উত্তৰঃ- ড° নিৰ্মলপ্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত গীতৰ পুথি দুখনৰ নাম হ'ল- (১) সোণ বৰণীয়া আই আৰু (২) সুৰীয়া মাত। 


7. 'বঁকিয়া' শব্দৰ অর্থ কি?

(নাইবা)

পথাৰৰ 'বঁকিয়া' শব্দটোৰ অর্থ কি? 

উত্তৰঃ- 'বঁকিয়া' মানে পথাৰৰ পানী ৰখাৰ লগতে মানুহ যাব পৰাকৈ বন্ধা সৰু আলি। 


8. ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনটো বিভাগত অধ্যাপনা কৰিছিল? 

উত্তৰঃ- ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল।


9. বেলি লহিওৱাৰ পৰত পথাৰৰ বঁকিয়াইদি কোন গৈছিল? 

উত্তৰঃ- বেলি লহিওৱাৰ পৰত পথাৰৰ বঁকিয়াইদি কৃষক গৈছিল।


10. ড° নির্মলপ্ৰভা বৰদলৈৰ এখন কবিতাপুথিৰ নাম লিখা। 

(নাইবা) 

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্রথম কবিতা পথিখনৰ নাম কি?

উত্তৰঃ- ড° নিৰ্মলপ্ৰভা বৰদলৈৰ এখন কবিতা পুথিখনৰ হৈছে— বন ফৰিঙৰ ৰং।


11. তেওঁ মুৰত কি লৈছিল? 

উত্তৰঃ- তেওঁ মূৰত জাপি লৈছিল।


12. মৰ্মান্তিক কবিতাটি কিহৰ পটভূমিত ৰচিত? 

উত্তৰঃ- মৰ্মান্তিক কবিতাটি অসমীয়া গাঁৱলীয়া জীৱনৰ পটভূমিত ৰচিত।


13. মর্মান্তিক কবিতাটো কিহৰ আধাৰত ৰচিত? 

উত্তৰঃ- মৰ্মান্তিক কবিতাটো কৃষি জীৱনৰ আধাৰত ৰচিত। 


14. মৰ্মান্তিক কবিতাটিত কবিয়ে কোনটো অসমীয়া মাহৰ নাম প্রকাশ কৰিছে? 

উত্তৰঃ- মর্মান্তিক কবিতাটিত কবিয়ে আঘোণ মাহৰ নামটো প্ৰকাশ কৰিছে। 


15. জাপি কি? 

উত্তৰঃ- জাপি হ'ল বাঁহৰ কাঁঠিৰে সাজি টকৌ পাতেৰে বনোৱা এবিধ ৰ'দ-বৰষুণৰপৰা ৰক্ষা পাবৰ বাবে লোৱা ছাতি। 


16. আঘোণ মাহৰ ৰ'দ কেনেকুৱা?

উত্তৰঃ- আঘোণ মাহৰ ৰ'দ সোণবৰণীয়া। 


17. কবিয়ে তেওঁক মানে কাক বুজাইছে? 

উত্তৰঃ- কবিয়ে তেওঁক মানে কৃষিজীৱী লোকসকলক বুজাইছে। 


18. জিৰিক্‌ জিৰিক্‌ মাত বুলি কবিয়ে কাৰ কথা কৈছে? 

উত্তৰঃ- জিৰিক্‌ জিৰিক্‌ মাত বুলি কবিয়ে কাৰ কথা কৈছে। 


19. কবিয়ে তেওঁক কেতিয়া আৰু কি পথেৰে যোৱা দেখিছিল? 

উত্তৰঃ- কবিয়ে তেওঁক বেলি লহিয়াওৱাৰ সময়ত পথাৰৰ সৰু সৰু আলিয়েদি যোৱা দেখিছিল। 


20. মেটমৰা ধানৰ ডাঙৰি কান্ধত লৈ যোৱা খেতিয়কজনৰ পিছে পিছে কি কি যোৱাৰ কথা কবিয়ে কৈছে?

উত্তৰঃ- আঘোণৰ সোণবৰণীয়া ৰ'দ, খেৰৰ চুবুৰি, বাঁহ বননিৰ কেঁচা আলি আৰু গান গোৱা চৰাইজাক খেতিয়কজনৰ পিছে পিছে যোৱাৰ কথা কবিয়ে কৈছে। 


21. মর্মান্তিক আৰু মেটমৰা শব্দৰ অর্থ কি? 

উত্তৰঃ- মর্মান্তিক শব্দৰ অৰ্থ হ'ল— গভীৰ বেদনাদায়ক।

মেটমৰা শব্দৰ অৰ্থ হ'ল বহু বস্তু ঠাই খাই থকা, বৰ গধূৰ। 


22. তাৎপর্য ব্যাখ্যা কৰাঃ- 

(ক) কোনে জানে 

তেওঁ আৰু 

এই জন্মত

উভতি আহিবনে নাহে? 

উত্তৰঃ- অসমীয়া গ্রাম্য জীৱনৰ সৰলতা, কৃত্রিমতাক পৰিহাৰ কৰি মানুহৰ চহৰ মুখী প্ৰৱণতাই কবিৰ অন্তৰত মর্মান্তিক ভাৱ প্ৰকাশ কৰিছে।

গাঁৱত কৃষকে পকা ধানৰ মাজে মাজে থকা সৰু সৰু আলিয়েদি গৈ পথাৰৰ সোনগুটি ধান চপাই আনে। ভাৰ বান্ধি অনা ডাঙৰীৰ লয়লাস ভংগীৰ লগত এক ছন্দ জাগৃত হয়। নৃত্যাংগনা নাৰীৰ নূপুৰৰ শব্দৰ নিচিনাকৈ ধানগুটিৰ শব্দয়ো এটা অনাবিল ছন্দৰ সৃষ্টি কৰে। নানা তৰহৰ শাক-পাচলি, ন-ধান, বাৰিষাৰ বোকা-পানী গচকি পোৱা সুখ, ৰাতিপুৱাৰ কোমল ৰ'দালি, এইবোৰে কবিৰ মনত এক শিহৰণৰ সৃষ্টি কৰে। গাঁৱলীয়া মানুহৰ খেৰ, বাঁহ, ইকৰাৰে তৈয়াৰী খেৰিঘৰবোৰে, তামোল-পানৰ বাৰীৰ দৃশ্যই, বাঁহগছে কবিৰ মনত আনন্দ জগায়। ৰাতিপুৱাৰ লগে লগে চৰাই-চিৰিকটিৰ কাকলি, গৰু, মহৰ হেম্বেলনীয়ে এক সুমধুৰ তানৰ সৃষ্টি কৰে।

বর্তমান কবিয়ে কৃত্রিমতাৰ জালত পৰি গ্ৰাম্য জীৱনৰ সকলোবোৰ নোহোৱা হোৱাৰ উপক্ৰম হৈছে বুলি খেদ কৰিছে। মুঠৰ ওপৰত সহজ সৰল গ্রাম্য কৃষিজীৱী জীৱনৰ বিদায়ৰ বেদনাত কবিৰ হিয়া কান্দি উঠিছে। 


23. 'মর্মান্তিক' কবিতাটোৰ মূলভাৱ বুজাই লিখা।

উত্তৰঃ- ড° নির্মপ্ৰভা বৰদলৈৰ 'মর্মান্তিক' কবিতাটোত অসমীয়া গ্রাম্য জীৱনৰ সহজ সৰল চিত্র অংকন কৰিছে৷ কবিৰ মতে, অসমীয়া সাধাৰণ গ্রাম্য কৃষিজীৱী জীৱনৰ বিদায়ৰ বেদনাবোৰ এক হৃদয় বিদাৰক।

মানুহৰ চহৰমুখী প্রৱণতা আৰু কৃত্রিমতাই সহজ সৰল গ্রাম্য কৃষি জীৱনকো আক্রান্ত কৰিছে। বর্তমান পথাৰৰ সেউজীয়া দৃশ্যবোৰ এৰি কৃষক যেন ক'ৰবালৈ আঁতৰি গৈছে। কৃষকৰ মূৰৰ জাঁপি, কান্ধৰ মেটমৰা দুই ডাঙৰিৰ জিৰিক্‌ জিৰিক্‌ মাত কবিৰ চিনাকি। কিন্তু লাহে লাহে কৃষকৰ সেই পৰিচয় হেৰাই গৈছে। আঘোণৰ সোণবৰণীয়া ৰ'দজাক যেন কৃষকৰ পাছে পাছে গুচি গ'ল, গুচি গ'ল খেৰৰ চুবুৰী, বাঁহ বননৰি কেঁচা আলি, গীত জুৰা চৰাইৰ জাক আৰু পথাৰখনেও পূর্বৰ সৌন্দর্য হেৰুৱাই পেলালে। সকলোবোৰ যেন কৃত্রিমতাৰ জালত বন্দী হ'ল।

বর্তমান সকলো ফালে আৱৰি ধৰা কৃত্রিমতাৰ জালত পৰি গ্ৰাম্য কৃষিজীৱী লোকসকলৰ সৰলতা হেৰাই যাবলৈ ধৰিছে। এই হেৰাই যাবলৈ ধৰা সৰলতা পুনৰ কৃষিজীৱী লোকসকলৰ মাজত দেখা পোৱা যাবনে বুলি কবিয়ে প্রশ্ন কৰিছে। কবিৰ কৃষক বন্ধুবোৰ আকৌ সেউজীয়া পথাৰত নামিবনে। এনে অলেখ প্ৰশ্নৰ উত্তৰ বিচাৰি কবিৰ হিয়া ভাঙি গৈছে। সহজ সৰল গ্রাম্য জীৱনৰ বিদায় বেদনাত কবিৰ হিয়া কান্দি উঠিছে। 


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »