-->

যুঁজ-ড° মৃণাল কলিতা । Jhunj by Dr. Mrinal Kalita

 যুঁজ

ড° মৃণাল কলিতা


1. কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? 

উত্তৰঃ- প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। 


2. সিদ্ধার্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? 

উত্তৰঃ- সিদ্ধার্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ।  


3. মহেন্দ্ৰ মাষ্টৰে ঘটনাৰ দুদিনমানৰ আগত বিদ্যার্থীসকলক কি সাৱধান বাণী শুনাইছিল? 

উত্তৰঃ- মহেন্দ্ৰ মাষ্টৰে ঘটনাটো ঘটাৰ দুদিনমান আগত বিদ্যার্থীসকলক বিদ্যালয়লৈ লগত সৰহকৈ টকা আনিবলৈ মানা কৰিছিল। 


4. পাওদানি মানে কি? 

উত্তৰঃ- পাওদানি মানে যান-বাহনৰ দুৱাৰত ভৰি থোৱা ঠাই। 


5. নির্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? 

উত্তৰঃ- সিদ্ধার্থক বিচাৰি নির্মলে দোকানখনলৈ গৈছিল। 


6. ড° মৃণাল কলিতাৰ এখন উপন্যাসৰ নাম লিখা। 

উত্তৰঃ- ড° মৃণাল কলিতাৰ এখন উপন্যাসৰ নাম হ'ল— বকুল ফুলৰ দৰে। 


7. ড° মৃণাল কলিতাৰ ৰচিত দুখন গল্পপুথিৰ নাম লিখা। 

উত্তৰঃ- ড° মৃণাল কলিতাৰ ৰচিত দুখন গল্পপুথিৰ নাম হ'ল— (১) অনুশীলন আৰু (২) মৃত্যুৰ সিপাৰে। 


8. "আচলতে মন গ'লেই সুখী হ'ব পাৰি জান" – নির্মলে কি প্ৰসংগত এই কথা কৈছিল? 

উত্তৰঃ- সিদ্ধার্থই তাৰ জীৱনটোৱে তাক প্ৰৱঞ্চনা কৰিলে বুলি কোৱাৰ উত্তৰত নির্মলে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছিল। 


9. সিদ্ধার্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিল? 

উত্তৰঃ- দেউতাকে মাজে-সময়ে সিদ্ধার্থক দিয়া চকলেটৰ কাগজবোৰ পেঞ্চিলবক্সত সাঁচি ৰাখিছিল। অৱশ্যে পিছলৈ সেই বক্সটোত ছিগাৰেট আৰু নিচাজাতীয় পিল ৰখা হৈছিল। 


10. সিদ্ধার্থই কিয় প্ৰথমতে নির্মলৰ মুখামুখি হ'ব খোজা নাছিল?

উত্তৰঃ- সিদ্ধার্থৰ ভাল-বেয়া খবৰ লোৱা মানুহৰ যেন অভাৱ। নির্মলে তোৰ কি হৈছে বুলি কৰা প্ৰশ্নত সিদ্ধার্থ আঁচৰিত হ'ল যেন কোনো দিন নোপোৱা মৰমে তাৰ অন্তৰ চুই গ'ল। নির্মলক মিছা উত্তৰ দিয়াৰ সিদ্ধার্থৰ সাহস নাছিল। গতিকে সি নির্মলৰ মুখামুখি হ'বলৈ বিচৰা নাছিল। 


11. নির্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধার্থই কি কৈছিল? 

উত্তৰঃ- নির্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধার্থই কৈছিল যে নির্মলৰ অনুৰোধ মতে সি সেই পাণ দোকানখনলৈ নোযোৱাৰ চেষ্টা কৰিব। সেই অন্ধকূপৰ পৰা সিদ্ধার্থ উভতি অহাৰ ইংগিত দিছে। দূৰত থাকিও নির্মলে সিদ্ধার্থৰ বুকুৰ মাজত থাকি তাক ড্ৰাগছ সেৱনত বাধা দি থাকিব বুলি সি বিশ্বাস কৰে।  


12. 'তোৰ কি হৈছে, মোক ক'বই লাগিব সিদ্ধার্থ'—নির্মলৰ এই কথাখিনিয়ে সিদ্ধার্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? 

উত্তৰঃ- নকৰিবলগীয়া কাম কৰি সিদ্ধার্থ উচ্ছৃংখল স্বভাৱৰ হোৱাত সিদ্ধার্থৰ কিয় এনে হৈছে সেই কথা জোৰ দি নির্মলে সুধিছিল। সিদ্ধার্থৰ মতে ভাল-বেয়া খবৰ লোৱা মানুহ এই পৃথিৱীত তাৰবাবে কোনো নাই। কিন্তু নির্মলে তাৰ অৱস্থাৰ বিষয়ে জানিবলৈ বিচৰা যেন সিদ্ধার্থৰ বাবে সি প্ৰথম ব্যক্তি। সিদ্ধার্থই সদায় অকলশৰীয়া অনুভৱ কৰি আহিছিল। তাক কোনো কামত বাধা দিওঁতা তাৰ ঘৰত কোনো নাছিল। মাক-দেউতাকৰ মৰম আৰু শাসন আদি সকলোৰে পৰা সি বঞ্চিত। নির্মলে কৰা প্ৰশ্নত সিদ্ধার্থই নোপোৱা মৰম বিচাৰি পাইছিল। সি যে অকলশৰীয়া নহয় নির্মলৰ দাবী মিশ্ৰিত প্ৰশ্নই তাক ভাবিবলৈ বাধ্য কৰিছিল। এইদৰে নির্মলৰ উল্লেখিত কথাষাৰে সিদ্ধার্থক বাৰুকৈয়ে প্ৰভান্বিত কৰিছিল। নির্মলৰ এই কথাষাৰে শিক্ষককো বেপৰোৱাভাৱে উত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰা সিদ্ধার্থই নির্মলৰ মুখামুখি হ'বলৈকে ভয় খাইছিল। 


13. সিদ্ধার্থই কিয় নিঃসংগতাত ভূগিছিল বুজাই লিখা। 

উত্তৰঃ- মাক-দেউতাকৰ সৈতে সিদ্ধার্থই এটা সুন্দৰ পৰিয়াল পাইছিল। যদিও হঠাতে সিহঁতৰ পৰিয়াললৈ আউসীৰ আন্ধাৰ নামি আহে, বুজা হোৱা বয়সৰ পৰা সি মাক-দেউতাকে কাজিয়া কৰা দেখি আহিছে। সি এটা শ্বাসৰুদ্ধ জীৱন অতিবাহিত কৰি আহিছে। দুবছৰ পূর্বে দেউতাকে সিহঁতক এৰি বেলেগে থাকিবলৈ লয়। মাকৰো ব্যস্ততাভৰা জীৱন বাবে সিদ্ধার্থই মাকৰ শাসনৰ পৰাও বঞ্চিত হৈছিল। মাকৰ লগত একেখন ঘৰতে থাকে যদিও মাক যেন তাৰ পৰা বহু দূৰত। সিদ্ধার্থৰ ভাল-বেয়াৰ খবৰ ল'বলৈও যেন তাৰ ওচৰত কোনো নাই। সেয়েহে সি নিজকে একেবাৰে নিঃসংগ বুলি ভাবিবলৈ বাধ্য হৈছিল। নিঃসংগতাৰ লগত যুঁজ দি দি সি উদণ্ড আৰু বেপৰোৱা স্বভাৱৰ হৈ উঠিছিল। এই স্বভাৱে তাক স্কুলৰ বন্ধু-বান্ধৱৰ পৰা আঁতৰাই আনিছিল। এইদৰে নিঃসংগতাই তাৰ জীৱনক আগুৰি ধৰিছিল। 


14. নির্মলে কেনেদৰে সিদ্ধার্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল?

উত্তৰঃ- ঘৰুৱা অশান্তিত জৰ্জৰিত সিদ্ধার্থই বন্ধ-বান্ধৱৰ পৰাও আঁতৰি থকা হৈছিল। লিখা পঢ়াৰ প্ৰতিও ধাউতি কমি আহিছিল। খিঙখিঙিয়া, উচ্ছৃংখল স্বভাৱৰ হৈছিল। সি নিঃসংগতাৰ লগত যুঁজিবলৈ নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ ধৰিছিল। নির্মলে সিদ্ধাৰ্থৰ এই অনাকাংক্ষিত পৰিৱৰ্তন ভালদৰে অনুধাৱন কৰিব পাৰি তাক তাৰ কু-স্বভাৱৰ পৰা আঁতৰাবৰ বাবে চেষ্টা চলাইছিল। সিদ্ধার্থৰ ভাল-বেয়াৰ খবৰ লোৱাৰ বাবে যেন এই পৃথিৱীত তাৰ কোনো নাছিল। ঘৰুৱা শাসনৰ পৰাও সি একেবাৰে মুক্ত আছিল। সিদ্ধার্থই শিক্ষকক কৰা অভদ্ৰ আচৰণ, লগৰ ল'ৰাৰ বেগৰ পৰা কৰা টকা চুৰি, পঢ়াৰ প্ৰতি অমনোযোগিতা, বেপৰোৱা আচৰণ ইত্যাদি বোৰে তাৰ শৈক্ষিক জীৱন ধ্বংস কৰিব বুলি নির্মলে বুজি পাইছিল। তাৰ এই দুৰৱস্থাৰ পৰা সকাহ দিয়াৰ বাবে সিদ্ধার্থৰ কিয় এনে হৈছে নির্মলে সিদ্ধার্থৰ পৰা জানিবলৈ বিচাৰিছিল। নির্মলৰ সেই প্ৰশ্নত সিদ্ধার্থই নোপোৱা মৰম বিচাৰি পাইছিল। এটা সময়ত সি তাৰ জীৱনৰ সমস্ত দুখ নির্মলৰ আগত প্ৰকাশ কৰি গধুৰ হৈ থকা অন্তৰখন সি পাতল কৰিছিল। নির্মলৰ লগত হোৱা কথা বতৰৰ পৰা সিদ্ধার্থই বুজিব পাৰিছিল জীৱন যুঁজৰ আচল অর্থ। সেয়েহে সি পুনৰ পঢ়া টেবুলত বহিব পাৰিছিল। কেৱল সিদ্ধার্থক ভূল বাটৰ পৰা আতৰোৱাৰ বাবে নির্মলে ড্ৰাগছ বিক্ৰী কৰা দোকানখনলৈ গৈ মাৰ খাবলগীয়া হৈছিল। এই সকলোবোৰ প্ৰত্যক্ষ কৰিছিল সিদ্ধার্থই। সিদ্ধার্থই নির্মলৰ মাজত বিচাৰি পাইছিল বন্ধুত্বৰ প্ৰকৃত প্ৰেম আৰু দায়বদ্ধতা। সেয়েহে সিদ্ধার্থই নিচাজাতীয় দ্ৰব্য সেৱনৰ পথৰ পৰা আঁতৰি অহাৰ চেষ্টা কৰিব বুলি নির্মলক প্ৰতিশ্রুতি দিবলৈ বাধ্য হৈছিল। 


15. 'তাৰদৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি'—কথাষাৰৰ অন্তনিহিত ভাৱ বিশ্লেষণ কৰা। 

উত্তৰঃ- সিদ্ধার্থই কিয় উদণ্ড আৰু বেপৰোৱা আচৰণ কৰিছে তাৰ কাৰণ সিদ্ধার্থৰ পৰা জানিবলৈ বিচাৰি "তোৰ কি হৈছে মোক ক'বই লাগিব" এই বুলি নির্মলে প্ৰশ্ন কৰিছিল। কোনো প্ৰশ্ন উত্তৰ সত্য অসত্য বিচাৰ নকৰাকৈ দিবলৈ সামান্য ভয় নকৰা সিদ্ধার্থই নির্মলৰ এই প্ৰশ্নৰ উত্তৰ বিদলৈ থমকি ৰ'ব লগা হৈছিল। আগ-পাছ নাভাবি উত্তৰ দিবলৈ সক্ষম সিদ্ধার্থই অস্বস্তিবোধ কৰিব লগা হৈছিল। সিদ্ধার্থই নিৰ্মলৰ সেই প্ৰশ্নত সি নোপোৱা মৰম বিচাৰি পাইছিল। সিদ্ধার্থৰ মনত নির্মল তাৰ প্ৰকৃত শুভাকাংক্ষীৰ ৰূপত ধৰা দিছিল। আন যিকোনো মানুহক সি ভুল উত্তৰ দিয়াৰ দৰে এনে প্ৰকৃত বন্ধুক সি মিছা উত্তৰ দি প্ৰৱঞ্চনা কৰিব নোৱাৰে। আনহাতে তাৰ স্বভাৱৰ পৰিৱৰ্তনৰ সত্য কথাটো সি প্ৰকাশ কৰিব নোৱাৰে। এনে দোদুল্যমান অৱস্থাত উক্ত কথাষাৰি সিদ্ধার্থৰ মনত জাগি উঠিছিল। এজন প্ৰকৃত বন্ধুৰ দাবীসুলভ এটা সাধাৰণ প্ৰশ্ন উদণ্ড স্বভাৱৰ সিদ্ধার্থৰ বাবে এটা উত্তৰবিহীন প্ৰশ্নহৈ পৰিছিল। যি উত্তৰ বিচাৰি সি মৌনতাৰ মাজত মাত্ৰ ছটফটাব পাৰে কিন্তু কোনো উত্তৰ দিব নোৱাৰে। 


16. "হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি- ইমান তীব্ৰ সেই শূন্যতাৰ ভাৰ-দুখৰ দাহন"—কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে? 

উত্তৰঃ- সিদ্ধার্থই তাৰ দুখ ভৰা আৰু অকলশৰীয়া জীৱনৰ কথা বুজাবলৈ কথাষাৰ কৈছিল। পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছতেই সিদ্ধার্থই অকলশৰীয়া অনুভৱ কৰিবলৈ লয়। পিতাকে দিয়া চকলেটৰ কাগজবোৰ সি দেউতাকৰ স্মৃতি হিচাপে পেঞ্চিলবক্সত সাঁচি ৰাখিছিল। সেই চকলেটৰ কাগজখিনিয়ে দেউতাকৰ শূন্যতা পূৰণ কৰিব নোৱাৰে। বক্সত ভৰি পৰা দেউতাকৰ স্মৃতিৰূপী চকলেটৰ কাগজখিনিয়ে সিদ্ধার্থক বেছি অসহনীয় শূন্যতাৰ দিশে লৈ গৈছিল। অপ্ৰকাশিত তাৰ অকলশৰীয়া দুখভৰা অন্তৰ এখন লৈ সি হাঁহি-ধেমালিবিহীন এটা অস্বস্তিকৰ পৰিৱেশত সোমাই পৰা বুলি সিদ্ধার্থই উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। 


17. সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পিছত কিয় অন্তদন্দ্বত ভূগিছিল? 

উত্তৰঃ- ড্ৰাগছত আসক্ত হোৱা সিদ্ধার্থৰ হাতত ড্ৰাগছ কিনিবলৈ টকা নথকাৰ বাবে মাকৰ খাৰুষোৰ চুৰ কৰিছিল। প্ৰকৃত সত্য নজনাকৈয়ে খাৰুযোৰ চুৰ কৰা বুলি সিহঁতৰ ঘৰত বন কৰা ছোৱালীজনীক মাকে সন্দেহ কৰি পুলিচত দিছিল। যি সময়ত মাকৰ খাৰুযোৰেৰে সিদ্ধার্থই ড্ৰাগছ কিনিছিল সেই সময়ত সিহঁতৰ নির্দোষী বনকৰা ছোৱালীজনীক পুলিচে লকাপত ভৰাইছিল। বিনা কাৰণত এজনী অসহায় নির্দোষী ছোৱালী পুলিচৰ লকাপত সিদ্ধার্থৰ অপকৰ্মৰ বাবে সোমাবলগীয়া হোৱাত সি অন্তদন্দ্বত ভূগিছিল। এফালে নিচাৰ প্ৰতি আসক্তি আনহাতে সিদ্ধার্থৰ সন্মুখত জিলিকি উঠা বনকৰা ছোৱালীজনীৰ অসহায় কৰুণ মুখখন। সিদ্ধার্থৰ মনৰ মাজত ঘটা এই দুয়োটাৰ যুঁজত সি তাৰ ভিতৰৰ মানুহটোৰ মৃত্যু হোৱা যেন পাইছিল।



18. ব্যাখ্যা কৰাঃ-

(ক) "নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুর্বল আৰু অভিমানী কৰে।" 

উত্তৰঃ- উদ্ধৃত কথাষাৰী আমাৰ পাঠ্যপুথিৰ 'যুঁজ' নামৰ গল্পটিৰ পৰা দাঙি ধৰা হৈছে।

লিখক ড° মৃণাল কলিতাই অকনমান মৰমে কেনেকৈ উদণ্ড আৰু বেপৰোৱা স্বভাৱৰ মানুহকো নিয়ন্ত্ৰণ কৰিব পাৰি তাক উক্ত বাক্যশাৰীৰ জৰিয়তে প্ৰতিপন্ন কৰিবলৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

সিদ্ধার্থই তাৰ অকলশৰীয়া জীৱন-যুঁজত লাগি নিঃসংগতাৰ লগৰী হিচাপে ড্ৰাগছ সেৱনত ধৰে। সেই ড্ৰাগছেও তাৰ নিঃসংগতা দূৰ কৰিব পৰা নাই। তাৰ বাবে তাক ভালপোৱা, তাক শাসন কৰা পৃথিৱীত কোনো নাই। তাৰ অভাৱ অভিযোগ শুনাৰ বাবেও কোনো তাৰ কাষত নাই তাৰ কোনো শুভাকাংক্ষী। নির্মলে যেতিয়া নকৰিবলগীয়া কাম কৰি তাৰ অস্বাভাৱিক আচৰণ কৰাৰ কাৰণ সিদ্ধার্থক সুধিছিল তেতিয়া তাৰ কথা জানিবলৈ বিচৰা মানুহো এই পৃথিৱীত আছে সেই কথা সি প্ৰথম অনুভৱ কৰিছিল। নির্মলৰ প্ৰশ্নৰ মাজেৰে যেন তাক ভালপোৱা, তাৰ খবৰ ৰখা এজন প্ৰকৃত বন্ধুক সি বিচাৰি পাইছিল। সত্য অসত্য বিচাৰ নকৰাকৈ মানুহক বেপৰোৱাভাৱে উত্তৰ দিয়া উদণ্ড সিদ্ধার্থই নির্মলৰ প্ৰশ্নৰ মিছা উত্তৰ দিবলৈ সি ভয় খাইছিল। নির্মলৰ প্ৰশ্নত সি কোনো দিন নোপোৱা মৰমে তাক দুর্বল আৰু আপোন জনৰ ওচৰত মানুহ অভিমানী হোৱাৰ দৰে সি অভিমানী হৈ উঠিছিল। নির্মলৰ দৰে এজন সাধাৰণ ল'ৰাৰ এটা সাধাৰণ প্ৰশ্নই মৰম বিচাৰি হাবাথুৰি খোৱা অসৎ চৰিত্ৰৰ সিদ্ধার্থৰ দৰে ল'ৰাই মৰম বিচাৰি পাই দুর্বল হৈ পৰিছিল। অর্থাৎ নির্মলৰ ওচৰত সি বশ হৈছিল। সকলো মানুহক পৰ জ্ঞান কৰা সিদ্ধার্থই এনে কোনো আচৰণ কৰিব নোৱাৰা হ'ল যে সি কোনো কাৰণতে তাৰ প্ৰকৃত বন্ধুৰূপে ওচৰলৈ অহা নির্মলক আতৰ কৰিব পাৰে। 


18. (খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য।

উত্তৰঃ- উদ্ধৃত কথাষাৰী আমাৰ পাঠ্যপুথিৰ ড° মৃণাল কলিতাৰ ৰচিত 'যুঁজ' নামৰ গল্পটিৰ পৰা অনা হৈছে।

কথাষাৰৰ জৰিয়তে লেখকে কয় যে আমি দেখা সকলোবোৰ ঘৃণনীয় কর্ম কৰা ব্যক্তিজন এক পক্ষীয়ভাবে দোষী নহয় বৰং পৰিস্থিতিৰ তাড়নাত পৰিহে কেতিয়াবা কেতিয়াবা মানুহে এনে ঘৃণনীয় কামত লিপ্ত হয়। লিখকে যুঁজ নামৰ গল্পটিত অংকিত কৰা সিদ্ধাৰ্থৰ চৰিত্ৰৰ মাজেৰে এই কথাৰ গুৰুত্ব প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছে।

শ্ৰেণী শিক্ষক মহেন্দ্ৰ মাষ্টৰে সিদ্ধার্থক প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰা বুলি অভিযোগ আনিছিল। কিন্তু সিদ্ধার্থই বেপৰোৱাভাৱে দিয়া উত্তৰে শ্ৰেণীৰ সকলোকে আঁচৰিত কৰিছিল। নির্মলে সিদ্ধার্থৰ অমার্জিত আঁচৰণ, পঢ়াৰ প্ৰতি তাৰ কমি অহা ধাউতি, অকলশৰে থাকিবলৈ বিচৰা তাৰ প্ৰৱণতা উদঘাটন কৰিবলৈ চেষ্টা কৰিছিল। বিদ্যাৰ্থীসকলৰ সন্মুখতে মহেন্দ্ৰ মাষ্টৰে সিদ্ধার্থ বিদ্যালয়লৈ নহাৰ সুযোগ লৈ সি এটা বেয়া চৰিত্ৰৰ ল'ৰা বুলি মন্তব্য দিছিল। কেৱল নির্মলেহে বুজিছিল সিদ্ধার্থৰ অস্বাভাৱিক আঁচৰণৰ কাৰণ। পৰিস্থিতিৰ তাড়নাত পৰিহে যে সিদ্ধার্থ বেপৰোৱা হৈছে আৰু অসৎ কামত লিপ্ত হৈছে সেই কথা নির্মলে মর্মে মর্মে উপলদ্ধি কৰিছে যদিও প্ৰকৃত সত্য সি উদঘাটন কৰিব পৰা নাছিল। নির্মলৰ মতে প্ৰায়বোৰ ঘৃণনীয় কাম কৰোতাই কৰো বুলি নকৰে। কোনো বাধ্যবাধকতাৰ বাবেহে কৰোতাই তেনে কাম কৰে আৰু সেই বাধ্যবাধকতাৰ মাজত কিছুমান দুখ লগা সত্য লুকাই থাকে। সংবেদনশীল কিশোৰ সিদ্ধার্থৰ চুৰিৰ দৰে ঘৃণনীয় কর্মত জড়িত হোৱাৰ আঁৰত আছে নির্মলে শুনিবলৈ পোৱা তাৰ ঘৰৰ পাৰিবাৰিক সমস্যা মাক- বাপেকৰ বিচ্ছেদ আৰু সিদ্ধার্থ নিঃসংগতা। 


19. পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ– ইয়াত লিখকে কোনে পাবলগীয়া মৰমবোৰ হেৰুৱাইছিল বুলি কৈছে আৰু কিয়? 

উত্তৰঃ- ইয়াত লিখকে সিদ্ধার্থই পাবলগীয়া মৰমৰ পৰা বঞ্চিত হৈছিল বুলি কৈছে। কিয়নো যি সময়ত সিদ্ধার্থই মাক-বাপেকৰ পৰা মৰম পোৱা সন্তান হিচাপে তাৰ অধিকাৰ আছিল সেই সময়ত তাৰ মাক-দেউলকে পৰস্পৰৰ মাজত হাই কাজিয়া কৰি দিন অতিবাহিত কৰিছিল। সন্তানৰ প্ৰতি মাক-দেউতাকে দিবলগীয়া মৰম তাক ঘৰুৱা অশান্তিকৰ পৰিৱেশে দিবলৈ দিয়া নাছিল। সি সৰুৰে পৰা অকলশৰীয়া অনুভৱ কৰিবলৈ বাধ্য হৈছিল। প্ৰতিবাদ কৰিবলৈও তাৰ সামর্থ নাছিল। ইয়াৰ মাজতেই তাৰ মাক-বাপেকৰ বিচ্ছেদ হয়। এই বিচ্ছেদৰ সি সাক্ষী হ'লেও তাৰ কিবা কৰাৰ কোনো উপায় নাছিল। তাৰ কোনো প্ৰশ্ন, কোনো খবৰ লোৱা ব্যক্তি তাৰ কাষত নাছিল। গতিকে তাৰ মন বিদ্ৰোহী হৈ উঠিছিল, কিন্তু সৰু ল'ৰা সিদ্ধার্থই বিদ্ৰোহী হৈ কাৰো ওপৰত প্ৰতিশোধ লোৱাৰ ক্ষমতা নাছিল। নিঃসংগতাৰ লগত যুঁজ দিবলৈ সি নিজৰ জীৱনৰ ধ্বংসৰ পথ ড্ৰাগছ সেৱনত ভৰি দিছিল।


20. সকলো মানহৰেই জীৱনৰোৰ একো একোখন যুঁজ– কথাষাৰ পাঠৰ আলমত বুজাই লিখা।

উত্তৰঃ- উক্ত কথাষাৰৰ অৰ্থ হৈছে পৃথিৱীৰ সকলো মানুহেই নোপোৱা বস্তু পাবলৈ একো একোখন জীৱন যুদ্ধত অৱতীর্ণ হৈছে। এই যুঁজ অবিহনে কোনো মানুহৰে কোনো বস্তু প্ৰাপ্ত নহয়। যুঁজ নামৰ গল্পটিত সিদ্ধার্থই নোপোৱা মৰম আৰু নিঃসংগতাৰ লগত যুঁজত নামি অলপ শান্তিৰ বাবে ড্ৰাগছ সেৱন কৰিছিল। ড্ৰাগছেও তাক শান্তি দিব নোৱাৰিলে। এই যুঁজত সি পৰাজয় হৈ জীৱনটোৱেই তাক প্ৰৱঞ্চনা কৰা বুলি ধৰা সময়তে নির্মল তাৰ জীৱন উদ্ধাৰকাৰী হিচাপে অৱতীর্ণ হয়। সিদ্ধার্থৰ জীৱনলৈ ঘূৰাই অনা জীয়াই থকাৰ আশা বিলোৱা নির্মলো আন এখন জীৱন যুদ্ধত যুঁজি আছে। নির্মলে যুঁজ দিছে সি তাৰ ৰোগৰ লগত। নির্মলৰ ৰোগটো ইমান জটিল যে সেই ৰোগৰ চিকিৎসাৰ বাবে সি বাহিৰলৈ যাবলগীয়া হৈছে। সিদ্ধার্থ আৰু নির্মল দুয়ো জীৱন যুদ্ধত নামিছে যদিও দুয়োৰে যুদ্ধ দুখন বেলেগ বেলেগ। সিদ্ধার্থই যুঁজ দিছে জীৱন ধ্বংসৰ বাবে আনহাতে নির্মলে যুঁজ দিছে জীৱন বচাবৰ বাবে। অর্থাৎ নির্মল আৰু সিদ্ধার্থৰ দৰে সকলোৱেই জীৱন যুদ্ধত নামিছে মাত্ৰ যুঁজবোৰৰ উদ্দেশ্য বেলেগ বেলেগ। 


21. যুঁজ গল্পটোত ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ সহাঁৰি দেখুওৱা হৈছে লিখা। 

উত্তৰঃ- ড° মৃণাল কলিতাই তেখেতৰ যুঁজ নামৰ গল্পটিৰ মাজেৰে ড্ৰাগছ আসক্ত মানুহৰ মানৱীয় সঁহাৰি সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। স্কুলীয়া ছাত্ৰ নির্মলে তাৰ লগৰ ল'ৰা সিদ্ধার্থৰ ড্ৰাগছৰ প্ৰতি আসক্তি নোহোৱা কৰাৰ বাবে মনে প্ৰাণে চেষ্টা কৰা দেখা যায়। আনকি সি সন্দেহ কৰা মতে সিদ্ধার্থই দ্ৰাগছ ক্ৰয় কৰা দোকানত খবৰ ল'বলৈ যাওঁতে সি শাৰীৰিকভাৱে অপদস্থ হ'বলগা হয়। সিদ্ধার্থৰ পৰা তাৰ বদ অভ্যাস ত্যাগ কৰোৱাৰ বাবে নির্মলে লোৱা প্ৰচেষ্টাৰ সময়তো সি ভাল সঁহাৰি দিয়া নাছিল। সিদ্ধার্থৰ নিঃসংগতাৰ কাৰণ, জীৱনৰ প্ৰতি অনীহা আৰু ড্ৰাগছ আসক্ত হোৱা সকলো কাৰণ নিঃস্বার্থভাৱে নির্মলে বিচাৰি উলিয়াইছিল। ড্ৰাগছ সেৱনৰ পৰা সিদ্ধার্থক মুক্ত কৰাৰ বাবে সৰু ল'ৰা নির্মলে ডাক্তৰৰ সহায় লোৱাৰ মানসেৰে বিদ্যালয়ত এই ক্ষেত্ৰত সহায় পাব পৰা শিক্ষকৰ সহায় লোৱাৰ বাবে ইচ্ছাৰ কথাও গল্পটিত প্ৰকাশ পাইছে। শেষত নির্মলৰ অকৃত্ৰিম মৰম আৰু বন্ধুৰ প্ৰতি দায়বদ্ধতাত মোহিত হৈ অকনমান মৰমৰ বাবে হাবাথুৰি খাই থকা উদণ্ড স্বভাৱৰ সিদ্ধার্থই নিচাজাতীয় দ্ৰব্য সেৱন নকৰাৰ বাবে চেষ্টা চলোৱাৰ প্ৰতিশ্রুতি দিবলগীয়া হয়। এইদৰে লিখকে ড্ৰাগছ আসক্ত মানুহক সেইবোৰ সেৱনৰ পৰা মুক্ত কৰিবলৈ মানৱীয় সঁহাৰিৰ যে অতি প্ৰয়োজন সেই কথা গল্পটিৰ মাজেৰে সুন্দৰভাৱে উপস্থাপন কৰিছে। নির্মলৰ দৰে যদি মানুহে নিচাসিক্ত মানুহক অৱজ্ঞা নকৰি মানৱীয় সঁহাৰি আগবঢ়াই তেনে হ'লে আমি এখন ড্ৰাগছ মুক্ত সুন্দৰ সমাজ গঢ়িব পাৰিম। 


22. অর্থ লিখাঃ-

পকনীয়া= নৈৰ সোঁতৰ পাক, চাকনৈয়া। 

মৃত্যুশীতল= মৃত্যুৰ দৰে শীতল অনুভূতি। 

পাৰাপাৰহীন= ইপাৰ-সিপাৰ নোহোৱা। 


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »

ConversionConversion EmoticonEmoticon

:)
:(
=(
^_^
:D
=D
=)D
|o|
@@,
;)
:-bd
:-d
:p
:ng