-->

মোৰ দেশ । Mur Desh by Hiren Bhattachryya

নৱম শ্ৰেণী অসমীয়া

মোৰ দেশ ।Mur Desh 

হীৰেণ ভট্টাচার্য । Hiren Bhattachryya


1. কলৰোল মানে কি? 

উত্তৰঃ- কলৰোল মানে কলৰৱ।


2. কবিয়ে মোৰ দেশ বুলি কোনখন দেশৰ কথা কৈছে? 

উত্তৰঃ- কবিয়ে মোৰ দেশ বুলি ভাৰতবৰ্ষৰ কথা কৈছে।


3. সুগন্ধি পখিলাৰ কবি কোন? 

উত্তৰঃ- সুগন্ধি পখিলাৰ কৰি হৈছে– হীৰেণ ভট্টাচার্য। 


4. হীৰেণ ভট্টাচার্যৰ ক'ত জন্ম হৈছিল?

উত্তৰঃ-হীৰেণ ভট্টাচার্যৰ যোৰহাটত জন্ম হৈছিল।


5. দেশৰ প্ৰতিটো পুৱাই কবিৰ বাৰে কি লুকাই আনিছে?

উত্তৰঃ- দেশৰ প্রতিটো পুৱাই কবিৰ বাবে ঐশ্বর্যৰ বিপুল সম্ভাৰ লুকাই আনিছে। 


6. হীৰেণ ভট্টাচাৰ্যৰ কবিতাত কিহৰ প্রতিধ্বনি শুনা যায়? 

(নাইবা) জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি কোনজন কবিৰ কবিতাত শুনা যায়?

উত্তৰঃ- হীৰেণ ভট্টাচাৰ্যৰ কবিতাত জাপানী হাইকু কবিতাৰ প্রতিধ্বনি শুনা যায়। 


7. হীৰেণ ভট্টাচার্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।

উত্তৰঃ- হীৰেণ ভট্টাচার্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল- (১) মনন আৰু (২) চিত্ৰবন। 


8. কবিয়ে ভৱিষ্যতৰ সুখ কেনেকৈ লাভ কৰাৰ আশা কৰিছে? 

উত্তৰঃ- কবিয়ে ভৱিষ্যতৰ সুখ দেশৰ উন্নয়নমূলক কামৰ যোগেদি লাভ কৰাৰ আশা কৰিছে। 


9. প্রতিটো সন্ধিয়াই কবিৰ বাবে কি বৈ আনে? 

উত্তৰঃ- প্ৰতিটো সন্ধিয়াই কবিৰ বাবে স্নিগ্ধ ফুলৰ সুবাস বোৱাই আনে।


10. কবিক স্বদেশে কি কি দিছে? 

উত্তৰঃ- কবিক স্বদেশে বুকুৰ উম, ভালপোৱাৰ আনন্দ, যৌৱনৰ প্রাচুর্য আৰু জীৱনৰ নতুন অর্থ। 


11. দেশৰ বাবে জীয়াই থাকিবলৈ কবিয়ে কি পণ কৰিছে?

উত্তৰঃ- দেশৰ বাবে জীয়াই থাকিবলৈ কবিয়ে মৰণ পণ কৰিছে।


12. প্ৰতিটো ঋতুয়ে কবিক কি দি যোৱা বুলি কৈছে? 

উত্তৰঃ- প্ৰতিটো ঋতুয়ে কবিক জীৱনৰ আশীৰ্বাদ দি যোৱা বুলি কৈছে।


13. কবিয়ে কিয় জীয়াই আছে? 

উত্তৰঃ- কবিয়ে স্বদেশৰ উন্নতিৰ হকে জীয়াই আছে।


14. কবিয়ে নিজক ক'ত থকা বুলি ভাৱে? 

উত্তৰঃ- কবিয়ে নিজকে ৰণুৱা, বনুৱা হালোৱাৰ মাজত অৰ্থাত্‍ দেশৰ কৰ্মীসকলৰ মাজত থকা বুলি ভাৱে। 


15. কবিয়ে কাৰ অন্তৰ বিশ্বাসেৰে জিনিছে? 

উত্তৰঃ- কবিয়ে শত্রু-মিত্র সকলোৰে অন্তৰ বিশ্বাসেৰে জিনিছে।


16. কবিয়ে তেওঁৰ বন্ধুৰ সতে ক'ত ক'ত ফুৰিছে?

উত্তৰঃ- কবিয়ে তেওঁৰ বন্ধুৰ সতে কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰ গছৰ তলত ফুৰিছে। 


17. কবিয়ে শান্তিৰ চৰাইযুৰিক কি দিছে? 

উত্তৰঃ- কবিয়ে শান্তিৰ চৰাইযুৰিক আঁজলি ভঁৰাই এমুঠি ধান দিছে। 


18. 'মোৰ দেশ' কবিতাটিত কি ভাৱ প্ৰকাশ পাইছে? 

উত্তৰঃ- 'মোৰ দেশ' কবিতাটিত কবিৰ গভীৰ স্বদেশ প্রেম প্রকাশ পাইছে।


19.  হীৰেণ ভট্টাচার্যদেৱৰ দুখন কবিতাপুথিৰ নাম লিখা। 

উত্তৰঃ- হীৰেণ ভট্টাচার্যদেৱৰ দুখন কবিতাপুথিৰ নাম হ'ল- (১) সুগন্ধি পখিলা আৰু (২) ৰৌদ্র কামনা।


20. কবিৰ যাত্ৰাৰ শেষ ক'ত হোৱা বুলি কৈছে? 

উত্তৰঃ- কবিৰ যাত্ৰাৰ শেষ নিজৰ দেশত হৈছে। কবিয়ে বহুতো দেশ-বিদেশৰ ঘূৰি ফুৰি যেতিয়া নিজৰ দেশত উপস্থিত হ'ল, তেতিয়া পুনৰ সেই দেশবোৰলৈ উভতি যোৱাৰ ইচ্ছা নোহোৱা হ'ল।


21. 'মোৰ দেশ' নামৰ কবিতাটিৰ মাজেৰে কবিৰ দেশপ্রেম কেনেদৰে প্ৰকাশ পাইছে লিখা। 

উত্তৰঃ- হীৰেণ ভট্টাচার্যদেৱৰ 'মোৰ দেশ' কবিতাটো এটা নিভাজ স্বদেশপ্রেমমূলক কবিতা। কবিতাটোৰ মাজেৰে কবিৰ দেশৰ প্ৰতি থকা স্বদেশপ্ৰেমৰ ভাৱ স্পষ্টকৈ প্ৰকাশ পাইছে। যিখন দেশৰ বায়ু, পানী সেৱন কৰি কবিয়ে শৈশৱ পাৰ কৰিছে, সেই দেশখনক লৈ নতুন পৃথিৱী গঢ়াৰৰ সপোন দেখিছে। নিজৰ দেশখন কবিৰ বাবে অতি মৰমৰ, প্রাণতকৈয়ো আপোন। কবিয়ে নিজৰ দেশক অপৰিসীমভাৱে ভাল পায়। সেয়েহে তেওঁ নিজৰ দেশক কেতিয়াও এৰি থাকিব নোৱাৰে। দেশৰ চিন্তাই কবিক উন্মনা কৰি তোলে। শৈশৱ, যৌৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো চিন্তা, প্ৰতিটো কামৰ মাজেৰে তেও দেশখনক ভাল পাব বিচাৰিছে। সেয়েহে তেওঁ কৈছে-

"মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ। দেশ।" কবিয়ে নিজৰ দেশৰ বাবে ৰণুৱা, বনুৱা, হালোৱা সকলোৰে লগত আছে বুলি কৈছে। মাতৃভূমিৰ ঐক্য আৰু সংহতি ৰক্ষাৰ বাবে, বৈষম্য দূৰ কৰাৰ বাবে কবিয়ে শান্তি বিচাৰিছে। এইদৰেই ''মোৰ দেশ'' কবিতাটোৰ মাজেৰে কবিৰ স্বদেশ প্রেম সুন্দৰকৈ প্ৰকাশ পাইছে।


22. 'মোৰ দেশ' কবিতাটিৰ সাৰাংশ লিখা। 

উত্তৰঃ- কবিৰ দেশখন তেওঁৰ বাবে প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ অতিকৈ আপোন। কবিৰ প্রতিটো কামে, প্ৰতিটো চিন্তাই তেওঁৰ দেশৰ বুকুত সোণোৱালী ভৱিষ্যতৰ সপোন ৰচে। কবিয়ে নিজৰ জীৱনৰ আঁহে আঁহে, যৌৱনৰ কোঁহে কোঁহে সেই সাপোনৰ কলৰোল শুনে। পৃথিৱীৰ বুকুত বহুত দেশ আছে আৰু তেনে বহুত দেশৰ চুকে-কোণে কবিয়ে ঘূৰি ফুৰিছে কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, কেতিয়াবা পাহাৰৰ তলিত কবিয়ে ক্ষন্তেক সময়ৰ বাবে ভাগৰ মাৰিছে। কবিয়ে সেই বন্ধুসকলৰ সৈতে মুকলিভাৱে প্রাণ উদঙাই কথা পাতিছে। তাৰ পাছত আকৌ নতুন যাত্রা আৰম্ভ কৰিছে। এইদৰে দেশৰ পিছত দেশ, ঘূৰি কবিয়ে শেষত নিজ দেশত উপস্থিত হৈছে। কবিয়ে নিজৰ দেশৰ বুকুত জীৱনৰ নতুন অর্থ বিচাৰি পাইছে। নিজৰ দেশৰ বুকুৰ উমে কবিক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্রাচুর্য। নিজৰ দেশৰ প্রতিটো পুৱাই তেওঁলৈ কঢ়িয়াই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই লৈ আনে স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ মহান আশীর্বাদ। 

এই দেশখনৰ কাৰণেই কবিয়ে জীয়াই আছে আৰু এই দেশখনৰ কাৰণে জীয়াই থাকিবলৈ তেওঁ মৰণপণ কাৰছে। তেওঁ এই দেশৰ ৰণুৱা, বনুৱা, হালোৱা সকলোৰে মাজত অনৈক্যৰ মাজত ঐক্য আনিবলৈ, বিৰোধৰ মাজত সংহতি স্থাপন কৰিবলৈ ইচ্ছা কৰিছে। কবিয়ে জীৱনে-মৰণে, শয়নে-সপোনে তেওঁৰ দেশৰ আহ্বান শুনে। শত্রু-মিত্ৰ সকলোকে তেওঁ চিনি পাইছে আৰু সিহঁতৰ অন্তৰ কবিয়ে বিশ্বাসেৰে জিনিছে। শান্তিৰ চৰাইযুৰিক কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান আৰু তেওঁৰ প্ৰাণৰ একোটি গান।

সেই বস্তুবোৰৰ বাহিৰে কবিয়ে দিবলৈ আৰু একো বিচাৰি পোৱা নাই। সেই দেশত কবিৰ সপোনৰ উল্লাস তৰংগই তেওঁক লৈ যায় গভীৰৰ পৰা গভীৰতালৈ।


23. ব্যাখ্যা কৰাঃ- 

(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছে।

উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত 'মোৰ দেশ' কবিতাটোৰ পৰ উদ্ধৃত কৰা হৈছে।

ইয়াত কবিয়ে স্বদেশ অনুৰাগ প্ৰকাশ কৰি স্বদেশৰ মানুহক এক হৈ থাকিবলৈ আহ্বান জনোৱাৰ প্রসংগত উক্ত কথাফাঁকি ব্যক্ত কৰিছে।

কবিৰ নিজৰ দেশৰ বাবে প্রীতি অপৰিসীম। কবিৰ নিজ দেশ অতিকৈ আপোন। এই দেশৰ চিন্তাই কবিৰ মন তোলপাৰ কৰি তোলে। সেয়ে কবিয়ে পৃথিৱীৰ নানা দেশ ভ্রমণ কৰি পুনৰ নিজ দেশলৈ উভতি আহিছে। কাৰণ নিজৰ দেশৰ প্ৰতিজন মানুহৰ ভালপোৱাৰ আনন্দ আৰু যৌৱনৰ প্রাচুর্যই কবিৰ নতুন জীৱনৰ সৃষ্টি কৰিছে। নিজ দেশৰ অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতি প্রতিষ্ঠাৰ বাবে কবিয়ে জীৱপণ কৰিছে। তেওঁ লক্ষ্য কৰিছে যে নিজৰ জন্মভূমিত অনৈক্য আৰু বিৰোধৰ মাত্রা অধিক। সেই অনৈক্য আৰু বিৰোধৰ অন্ত পেলাই নিজৰ দেশৰ সংহতি ৰক্ষা কৰিবলৈ কবিয়ে মৃত্যুপণ কৰিছে। নিজৰ দেশৰ সংহতি ৰক্ষা কৰিবলৈ কবিয়ে মৃত্যুপন কৰিছে। নিজ দেশৰ সংহতি ৰক্ষা কৰিব পৰাটোৱেই যেন কবিৰ ডীৱনপ এৰমাত্ৰ লক্ষ্য।

এইদৰে মাতৃভূমিক সেৱা কৰি নিজৰ জীৱন সাৰ্থক কৰিবলৈ কবিৰ একান্ত ইচ্ছা।


24. ভাষা বিচাৰঃ- 

সমার্থক শব্দ লিখাঃ- 

উত্তৰঃ- দেশ= স্বদেশ, 

কাম= কর্ম, 

সপোন= স্বপ্ন, 

বন্ধু= সখা, 

শেষ= অন্ত, সামৰণি, 

সম্ভাৰ= সামগ্রী, 

শইচ= শস্য, 

বুকু= হৃদয়।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »