-->

লোক সংস্কৃতি । Lok xanskriti

 লোক সংস্কৃতি । Lok xanskriti

ড° নবীন চন্দ্ৰ শর্মা । Dr. Nabin Chandra Sarma


1. লোক মানে কি? 

উত্তৰঃ- তোক মানে ৰাইজ। 


2. লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?

উত্তৰঃ- লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোক সংস্কৃতি বোলা হয়। 


3. লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?

উত্তৰঃ- লোক সমাজত পুৰণি দিনৰ কথাৰহে অধিক সমাদৰ।


4. লোক জীৱনত যুক্তিতকৈ কিহক অধিক গুৰুত্ব দিয়া হয়? 

উত্তৰঃ- লোক জীৱনত যুক্তিতকৈ বিশ্বাসক অধিক গুৰুত্ব দিয়া হয়। 


5. লোক-সংস্কৃতিৰ বিষয়বস্তু প্ৰধানকৈ কি কি দুটা ভাগত ভগাব পাৰি?

উত্তৰঃ- লোক-সংস্কৃতিৰ বিষয়বস্তু প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। ভাগ দুটা হ'ল- (১) লোকসাহিত্য বা বাচিক কলা আৰু (২) লোকজীৱন। 


6. লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?

উত্তৰঃ- ভৌতিক বা বস্তুসংস্কৃতি হ'ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ।। 


7. লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম কি? 

উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম হ'ল- বুঢ়ী আইৰ সাধু।


8. লোক সমাজৰ বা গঞালোকৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ- (১) লোক বা জন বা গঞালোকসকল সাধাৰণতে গাঁৱে-ভূঞে বাস কৰে।

(২) তেওঁলোক সাধাৰণতে চাকৰিজীৱী বা শিল্পজীৱী নহয়, কৃষিজীৱীহে। এই ফালৰপৰা তেওঁলোক খেতিয়ক। 


9. লোক সমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্রহণ কৰিব নোৱাৰাৰ কাৰণ কি? 

উত্তৰঃ- লোকসমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰৰ বুলি ক'ব খোজে যদিও এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি। কাৰণ গাঁৱতো শিক্ষিত মানুহে বাস কৰে। তাৰ বিপৰীতে চহৰ বা নগৰতো গঞালোকৰ বসতি দেখা যায়। নগৰ-চহৰৰ বিভিন্ন কাম-কাজৰ বাবে গঞালোকৰ প্ৰয়োজন হয়। তেতিয়া গঞালোকে চহৰ-নগৰত থাকি মজদুৰ বা কামিলাৰ ভূমিকা পালন কৰে আৰু এইদৰে তেওঁলোকে চহৰ বা নগৰবাসী হয়। 


10. লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা।

উত্তৰঃ- লোক সাহিত্য (বাচিক কলা)ক পাঁচটা উপভাগত ভগাব পাৰি। উপভাগবোৰ এনেধৰণৰ- (১) লোক ভাষা (২) সাঁথৰ (৩) গদ্যধর্মী লোককথা (৪) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত আৰু (৫) প্রবচন, বচন, লোকোক্তি যোজনা, পটন্তৰ।


11. লোক সংস্কৃতি কাক বোলে? 

(নাইবা) 

লোককৃষ্টি কাক বোলা হয়?

উত্তৰঃ- গঞা-সমাজে তেওঁলোকৰ বাবে প্ৰয়োজনীয় কর্ম সম্পাদন কৰে- এয়ে কৃতি অর্থাৎ কাম আৰু এই কামবোৰেই লোককৃষ্টিৰূপে পৰিচয় লাভ কৰে। তাৰ বাহিৰেও বিভিন্ন কর্মৰ মাজতে তেওঁলোকে ঋতু, মাহ, পক্ষ আদি অনুসৰি বিভিন্ন সভা-উৎসৱ সম্পাদন কৰে। সেই সভা-উৎসৱত, গীত-নাচ অভিনয় কৰা হয়। এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলা হয়। 

লোককৃষ্টিৰ সাধাৰণ উত্তৰণেই হ'ল লোক সংস্কৃতি। লোক-সংস্কৃতিৰ বিষয়বস্তু প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। ভাগ দুটা হ'ল- (১) লোকসাহিত্য বা বাচিক কলা আৰু (২) লোকজীৱন।


12. ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি? ইয়াৰ উপ-বিভাগ কি কি? 

উত্তৰঃ- ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোক সংস্কৃতিৰ দৃশ্যমান্য দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নির্মাণ, নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়ন সামগ্রী। ভৌতিক সংস্কৃতিৰ উপ বিভাগ কেইটা হ'ল- (১) লোক ৰন্ধন প্রণালী (২) লোক আভৰণ (৩) লোক কলা (8) লোক স্থপতিকলা আৰু (৫) লোকশিল্প। 


13. চমুটোকা লিখা

(ক) নিচুকনী গীত:- সৰু ল'ৰা-ছোৱালীক শুৱাবৰ বাবে মাকে বা ধাইমাকে যি গীত গায় তাকে নিচুকনী গীত বোলে। যেনে— 

আমাৰে মইনা শুৱ এ

বাৰীতে বগৰি ৰুব এ 

বাৰীৰে বগৰি পকি সৰিব

আমাৰে মইনাই বুটলি খাব এ। 


13. (খ) জিকিৰ:- চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।

ভজো হেৰা মোৰ মন গুৰৰ পাৱত।

চোৱা চোৱা জীৱসকল ভেলৰ বিলাই।।

জিকিৰ শব্দটিৰ অৰ্থ হ'ল স্মৰণ কৰা বা উল্লেখ কৰা। এইবোৰ এক প্ৰকাৰৰ ভক্তিমূলক গীত। এই জিকিৰ আজান ফকীৰে ৰচনা কৰিছিল। জিকিৰ গীতবোৰত ইছলাম ধর্মীয় ৰীতি-নীতি আৰু তত্ত্বসমূহ প্রকাশ পাইছে। আজান ফকীৰৰ এই জিকিৰ আৰু জাৰীৰ মাজেদি সংসাৰ যাত্ৰাৰ সংকেত প্রতিফলিত হৈছে। 


14. লোক পৰিৱেশ কলাৰ উপাদানবোৰ কি কি?

(নাইবা) ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি? ইয়াৰ উপবিভাগ কোন বিলাক?

(নাইবা) "লোকজীৱন তিনিটা ভাগত বিভক্ত" -লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।

উত্তৰঃ- লোকজীৱন তিনিটা ভাগত বিভক্ত যেনে- 

(১) ভৌতিক বা বস্তু সংস্কৃতিঃ- ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোক সংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা লোৱা বস্তু সামগ্রী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক-সংস্কৃতিৰ অধ্যয়ন সামগ্রী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগ কেইটা হৈছে— লোককলা, লোকশিল্প, লোক স্থপতি কলা, লোক আভৰণ আৰু লোক ৰন্ধন প্রণালী। 

(২) সামাজিক আচাৰ-অনুষ্ঠানঃ- মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ সেতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ মৃত্যু আদি বিষয়ক ৰীতি-নীতি আচাৰ ব্যৱস্থা অনুষ্ঠান আদিয়েই সামাজিক আচাৰ অনুষ্ঠান। এইবোৰ প্রধানভাৱে লোক বিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত। যেনে- (১) উৎসৱ অনুষ্ঠান (২) অৱসৰ বিনোদন আৰু খেল ধেমালি (৩) লোক ঔষধ আৰু (৪) লোক ধর্ম। (৩) লোক পৰিৱেশ্য কলাঃ- লোকজীৱনৰ শেষভাগটো হৈছে লোক পৰিৱেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্য নাচ আৰু নাট আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা অথবা লোকগীত গোৱায়ে পৰিৱেশন কৰা, বোলা হয়। এনে ধৰণৰ পৰিৱেশন পদ্ধতি এজন বা কেইবাজনো লোকে লোকবাদ্য যন্ত্র, নৃত্যৰ পোচাক-পৰিচ্ছদ আৰু দৃশ্য বিৱৰণিৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিৰ তুলনাত আকস্মিক ধৰণৰ। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰে। লোকনাট, গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লোক নাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি। 


15. নগৰীয়া মানুহৰ তুলনাত গঞালোক কিছু পৰিমাণে পিছ পৰা কিয়? 

(নাইবা) লোক জীৱনত যুক্তিতকৈ বিশ্বাস কিয় অধিক গুৰুত্ব দিয়া হয়। 

উত্তৰঃ- লোক সমাজত পুৰণি দিনৰ কথাইহে অধিক সমাদৰ পায়। চহৰীয়া বা নগৰীয়া মানুহৰ তুলনাত গঞালোক কিছু পৰিমাণে পিচ পৰা। লোক জীৱনত বিশ্বাসক অধিক গুৰুত্ব দিয়া হয়। গভীৰ বিশ্বাসে পৰণি ধৰণ-কৰণ, ভূত-প্ৰেত, ৰীতি-নাতি, ধর্মীয়কৃত্য, ঔষধ-চিকিত্সা আদিৰ প্ৰতি তেওঁলোকৰ মন-প্রাণ সদা-সর্বত্রতে আকৃষ্ট কৰি থাকে। অতীতৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাই তেওঁলোকক যাদু-পৰায়ণ কৰি তোলে। সেই কাৰণে তেওঁলোকে সর্বত্রতে অশৰীৰী ভূত-প্রেত, বাক-দ'ত, দেৱ-দেৱতাৰ লীলা-খেলা দেখিবলৈ পায়। বেমাৰ-আজাৰ, ৰোগ-ব্যাধি, প্রাকৃতিক ঘটনা-দুৰ্ঘটনা আদিতো তেওঁলোকে এই কাৰণে অদৃশ্য শক্তিৰ লীলা-খেলা দেখিবলৈ পায়। 

লোক সমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰৰ বুলি ক'ব খোজে যদিও এনে ধাৰণা গ্রহণ কৰিব নোৱাৰি। কাৰণ, গাঁৱতো শিক্ষিত মানুহে বাস কৰে। তাৰ বিপৰীতে চহৰ বা নগৰতো গঞালোকৰ বসতি দেখা যায়। নগৰ-চহৰৰ বিভিন্ন কাম-কাজৰ বাবে গঞালোকৰ প্রয়োজন হয়। তেতিয়া গঞালোকে চহৰ-নগৰত থাকি মজদুৰ বা কামিলাৰ ভূমিকা পালন কৰে আৰু এইদৰে তেওঁলোকে চহৰ বা নগৰবাসী হয়। 


16. বিপৰীত আৰ্থ বুজোৱা শব্দ লিখা

উত্তৰঃ- সংযোগ- বিচ্ছিন্ন, 

প্রয়োজনীয়- অপ্রয়োজনীয়, 

জন্ম- মৃত্যু, 

উচিত- অনুচিত, 

বিশ্বাস- অবিশ্বাস, 

মৌখিক- লিখিত।


17. সমার্থক শব্দ লিখা। 

উত্তৰঃ- বেমাৰ= অসুখ, 

লোক= মানুহ, 

পিতা= পিতৃ, দেউতা, চহৰনগৰ।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »