-->

অন্যৰ প্ৰতি ব্যৱহাৰ । Anyor prati byabohar

 (ক-অংশ) গদ্যাংশ 

অন্যৰ প্ৰতি ব্যৱহাৰ - সত্যনাথ বৰা 

Anyor prati byabohar by Satyanath Bora


1. সজ ব্যৱহাৰৰ অনুপান কি? 

উত্তৰঃ- সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। 


2. অনুপান কাক বোলে? 

উত্তৰঃ- দৰৱৰ লগত মিহলাই খোৱা আনুষঙ্গিক উপাদানকে অনুপান বোলে। 


3. 'অন্য প্ৰতি ব্যৱহাৰ' পাঠটি কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে।

উত্তৰঃ- 'অন্যৰ প্ৰতি ব্যৱহাৰ' পাঠটি সাৰথি নামৰ পুথিখনৰ পৰা তুলি দিয়া হৈছে।


4. সকলোৰে লগত মিলেৰে থাকিব খুজিলে কি কৰিব জানিব লাগে? 

উত্তৰঃ- সকলোৰে লগত মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে। 


5. সাৰথি পুথিখন কাৰ ৰচনা?

উত্তৰঃ- সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। 


6. 'বহল ব্যাকৰণ' পুথিখন কাৰ ৰচনা? 

উত্তৰঃ- 'বহল ব্যাকৰণ' পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। 


7. কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? 

উত্তৰঃ- যিবিলাক মানুহে ভৱিষ্যতৰ কথা নাভাবি মানুহৰ লগত কেটেৰা মাৰি কথা কয়, তেনে শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। 


8. সত্যনাথ বৰাই লিখা ব্যাকৰণ পুথিখনৰ নাম কি? 

উত্তৰঃ- সত্যনাথ বৰাই লিখা ব্যাকৰণ পৃথিখনৰ নাম হ'ল- বহল ব্যাকৰণ। 


9. সত্যনাথ বৰাদেৱে সম্পাদনা কৰা কাকতখনৰ নাম কি? 

উত্তৰঃ- সত্যনাথ বৰাদেৱে সম্পাদনা কৰা কাকতখনৰ নাম হ'ল জোনাকী। 


10. পৌঢ়ী শব্দৰ অর্থ কি? 

উত্তৰঃ- প্ৰৌঢ়ী শব্দৰ অৰ্থ হ'ল জনাজাত। 


11. মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়?

উত্তৰঃ- মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়।


12. চাটুকাৰক কোন শ্ৰেণীৰ মানুহে ভাল পায়? 

উত্তৰঃ- চাটুকাৰক মূৰ্খ বা দাম্ভিক শ্ৰেণীৰ মানুহে ভাল পায়।  


13. গুপ্ত কথা কিয় সদৰী কৰিব নালাগে? 

উত্তৰঃ- লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে, আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে। সেয়েহে গুপ্ত কথা সদৰী নকৰি লুকাই ৰখা উচিত বুলি লিখকে কৈছে। 


14. চাটুকাৰৰ স্বভাৱ কেনেকুৱা? 

উত্তৰঃ- সন্মুখত প্ৰশংসা কৰা চাটুকাৰৰ স্বভাৱ। 


15. ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? 

উত্তৰঃ- মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। 


16. কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়? 

উত্তৰঃ- শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়। 


17. সৰু মনৰ চিন কি? 

উত্তৰঃ- সুদিনত সত্‍‌কাৰ আৰু দুৰ্দিনত ইতিকিং কৰাই হৈছে সৰু মনৰ চিন।  


18. কি কথা সাৱধানে লুকাই ৰাখিব লাগে? লুকাই ৰাখিব পাৰিলে কি হ'ব পাৰি? 

(নাইবা) 

''আনৰ গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ''- পাঠৰ আধাৰত লিখা।

উত্তৰঃ- লেখকৰ মতে আনৰ গুপ্ত কথা লুকাই ৰখাটো এটা ডাঙৰ গুণ। গুপ্ত কথা লুকাই ৰখাটো বৰ টান নহয়। মানুহে কথাটো নকলে কোনেও বলেৰে উলিয়াব নোৱাৰে। মানুহৰ মনটোৱেই আচল। মনটো স্থিৰ কৰিলে কোনেও মনৰ পৰা গুপনীয় কথা উলিয়াব নোৱাৰে। পাতল স্বভাৱৰ মানুহে গুপ্ত কথা সদৰী কৰি বেলেগৰ গৰিহণা খাব লাগে। সেয়েহে নিজৰ লগতে বেলেগৰো গুপ্ত কথা প্ৰকাশ কৰিব নালাগে। কিয়নো আনৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে। সেইদৰে নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে। 


19. ''অন্যৰ প্ৰতি ব্যৱহাৰ'' পাঠটিৰ যোগেদি লেখকে কি বুজাবলৈ চেষ্টা কৰিছে? 

উত্তৰঃ- ''অন্যৰ প্ৰতি ব্যৱহাৰ'' পাঠটিৰ যোগেদি লেখকে ছাত্ৰ-ছাত্ৰীসকলক জীৱন-যুদ্ধৰ আঁতি-গুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ বুজাই দিবলৈ চেষ্টা কৰিছে। যিবিলাক মানুহৰ লগত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা চলিলে সন্তোষে কাল নিয়াব পাৰি। সেই বিষয়ে লিখকে সুন্দৰকৈ বুজাই দিছে। মানুহ সজ হোৱাৰ লগতে আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়েও পাঠটিত গুৰুত্ব আৰোপ কৰা হৈছে। 


20. 'এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতলা।' ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? 

উত্তৰঃ- গুপ্ত কথা লুকাই ৰখা বৰ টান কাম নহয় নকও বুলি মন বান্ধি থাকিলে তাক কোনেও বলেৰে উলিয়াব নোৱাৰে। কিন্তু কেতবিলাক মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে। ইয়াত এই শ্ৰেণীৰ মানুহৰ কথাকেই কোৱা হৈছে।


চমুকৈ বুজাই লিখাঃ-

21. লিখকে ব্যৱহাৰ প্ৰণালীক কিয় সামান্য কথা বুলি উলাই নকৰিবলৈ কৈছে পাঠৰ সহায়ত বহলাই আলোচনা কৰা।

(নাইবা) 

ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

(নাইবা) 

সংসাৰ যাত্ৰীয়ে কি কথা ভালকৈ জনা উচিত? 

উত্তৰঃ- যিবিলাক মানুহৰ লগত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা চলিলে সন্তোষে কাল নিয়াব পাৰি, সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ বাবে বহুতে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা-গৰিহণাৰ ভাজন হয়। আকৌ অনেক কপটীয়া-ছলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰমৰ পাত্ৰ হয়। সেয়েহে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি। 


21. কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰব ভুগিবলৈ পায়? 

(নাইবা) 

কি কথা সংসাৰ যাত্ৰীয়ে ভালকৈ জনা উচিত? 

উত্তৰঃ- এই সংসাৰত যিবিলাক মানুহৰ সৈতে সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সন্তোষে কাল নিয়াব পাৰি, সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ বাবে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায়।


22. বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে 

উত্তৰঃ- বিনয়ভাৱে মানুহক মৰমীয়াল কৰি তোলে। সেয়েহে বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰা হয়। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে ঠিক তেনেদৰে বিনম্ৰভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। বিনয়ী গুণে মানুহক সকলোৰে প্ৰিয়পাত্ৰ কৰি তেলে। আনহাতে অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত। কিন্তু নির্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও, কেৱল কটুৱা মাতৰ দোষতেই সকলোৰে চকুৰ ফুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে। অৰ্বুদ দানৰ ফল একে নিমিষতে লয় হয়। মানুহে মুকলি মনেৰে দান কৰিব লাগে। কিয়নো মুকলি মনেৰে দান কৰিলেহে মানুহৰ পুণ্য হয়। সেয়েহে জ্ঞানীসকলে বিনয়ভাৱত দান কৰিব লাগে বুলি কৈছে। 


তাৎপর্য ব্যাখ্যা কৰা? 

23. লেখক সত্যনাথ বৰাদেৱে নম্ৰতা কি ব্যৱহাৰৰ অনুপান বুলি কৈছে? মনত নম্ৰভাৱ থাকিলে মুখেৰে আপোনা-আপুনি কি মাত ওলায়?

(নাইবা) 

নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। 

(নাইবা)

নম্ৰতাক লেখকে কি বুলি কৈছে? 

উত্তৰঃ- নম্ৰতাক সজ ব্যৱহাৰৰ অনুপান বুলি কোৱা হৈছে। নম্ৰ ব্যৱহাৰে মানুহৰ অন্তৰ জিনিব পাৰে। উচিত, অনুপানেৰে দৰৱ খালে যিদৰে বেছি কামত আহে সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ অধিক হয়। আনৰ লগত আপাল-আচৰণ কৰোঁতে দম্ভালি এৰি সদায় নম্ৰ হোৱা উচিত। দম্ভালি মৰা মানুহক কোনেও ভাল নাপায়। বহুতে ভাৱে যে লোকৰ আগত নম্ৰ হ'লে নিজকে সৰু কৰা হয়। আচলতে এই বিশ্বাস ভুল। নম্ৰতা এটা ডাঙৰ আশয়ৰ চিন; তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ আৰু মিঠা মাত হৈছে তাৰ ফল। মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। কিন্তু মনত অহঙ্কাৰ ভাৱ ৰাখি মুখেৰে নম্ৰ হ'লে মানুহক ছল কৰা হয়। এইটো একেবাৰে অনুচিত আচৰণ। ব্যৱহাৰত সদায় মনে-মুখে একে হব'লৈ চেষ্টা কৰা যুগুত। তেতিয়াহে ভৱিষ্যত জীৱনত এজন সৎ মানুহ হিচাপে নিজকে গঢ় দিব পাৰি। 


24. সোণৰ জেউতি অমান্য কৰিলে নকমে। 

উত্তৰঃ- সোণ এবিধ মূল্যবান ধাতু। সোণক যিমানেই তপতোৱা হয় তাৰ উজ্জ্বলতা সিমানেই প্ৰকাশ পায়। অর্থাৎ তাৰ জেউতি কেতিয়াও ম্লান নহয়। ঠিক তেনেদৰে চৰিত্ৰবান মানুহৰ ব্যক্তিত্ব কোনোৱে কেতিয়াও হানি কৰিব নোৱাৰে চৰিত্ৰবান ব্যক্তি এপাহ পদুম ফুলৰ দৰে। বোকাত জন্ম লভিলেও পদুম ফুলৰ অবিহনে পূজা-পাতল সম্ভৱ নহয়। ঠিক তেনেদৰে চৰিত্ৰবান ব্যক্তিৰ চৰিত্ৰত আঘাত হানিলেও তেওঁৰ কোনো ক্ষতি নহয়। কোনো মানুহে মান্যৱন্ত লোকক অমান্য কৰি তেওঁৰ মুল্য কমাব নোৱাৰে। সেয়ে সোণৰ জেউতিৰ লগত চৰিত্ৰবান মানুহৰ ব্যক্তিত্বক ৰিজোৱা হৈছে। 


25. মিঠা মাতষাৰে কি কৰিব পাৰে? 

(নাইবা) মিঠামাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা বুলি কিয় কোৱা হৈছে? 

উত্তৰঃ- মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত সৰবৰহী হ'ব পাৰি। ব্যৱহাৰত মিঠা মাতৰ নাটনি হ'লে উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা গঢ়ত প্ৰতিমা বিতোপন হ'লেও ৰহণ নলগালে শুৱনি নহয়। সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ দিলে সি মানুহৰ অন্তৰত সন্তোষ লগাব পাৰে। 


26. শব্দার্থঃ- 

চাটুকাৰ= ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ; স্তৱক। 

ইতিকিং= উপহাস।

গুপ্ত= আনে নজনা বা নেদেখাকৈ ৰখা। 

শঠ= প্ৰবঞ্চক। 

অনুগুত= অন্যায়। 

আটক= অবৰোধ, অভাৱ, নাটনি। 

অৰ্বুদ= দহ কোটি। 


26. বাক্য ৰচনা কৰাঃ-

চকুৰ কুটাঃ- কেৱল কঠুৱা মাতৰ দোষতেই সি এতিয়া সকলোৰে চকুৰ কুটা হৈ পৰিছে। 

পেটত কথা ৰাখঃ- পাতল স্বভাৱৰ মানুহে বেছি সময় পেটত কথা ৰাখিব নোৱাৰে।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »