-->

ৰামক বাণী জপহু মন ৷ Ramok bani jopohu mon- Madhavdev

1. ৰামক বাণী জপহু মন ৷ Ramok bani jopohu mon

ৰাগ : আশোৱাৰী

তাল : পৰি


ধ্ৰুং--

ৰামক বাণী জপহু মন৷

কলিকো কালে আৱৰ গতি নাই৷


পদ--

যাকেৰি বয়নে ৰহতু ৰামবাণী৷

তাকেৰি চৰণ ৰেণু লেহু জানি৷

ৰাম চৰণ যোহি কৰত উপাসা৷

তাকেৰি হুঁ হামু দাসকু দাসা ৷৷

মাধৱ দাস মূৰুখমতি গাই ৷

ৰহু মন ভকত চৰণ ৰেণু লাই ৷৷


2. ৰে মন সেৰহু হৰিকহু । Re mon xerhu horikahu - Madhavdev


ৰাগ : আশোৱাৰী 

তাল : পৰি


ধ্ৰুং— 

ৰে মন সেৰহু হৰিকহু চৰণা

নিকটে দেখহু নিজ মৰণা।

দেখত হৰিকহু চৰণ শৰণ বিনে

নাহি ভব ভয় তৰণা।

পদ— 

চাৰি বেদ পুৰাণ কয় ভাৰত

গীতা ভাগৱত চাই।

ওহি সাৰ বিচাৰ যত ভাষত

হৰি বিনে তাৰক নাই।

সনক সনাতন মুনি শুক নাৰদ

চতুৰবয়ন শূলপাণি।

সহস্ৰৰয়ন আদি গাৱত হৰি গুণ

সকল নিগম তত্ত্ব জানি।

কৃষ্ণ নাম যশ পৰম অমিয়া ৰস

গাৱত মুকুত নিশেষ।

পৰম মূৰুখ মতি কহয় মাধৱ দীন

শঙ্কৰ গুৰু উপদেশ।


3. হৰি পদ পঙ্কজ পঞ্জৰ । Hori pod pankaj panjar - মাধৱদেৱ


ৰাগ : আশোৱাৰী

তাল : পৰি


ধ্ৰুং— 

হৰি পদ পঙ্কজ পঞ্জৰ মোই।

তা মহ ৰহু ৰাজহংস হোই।।


পদ— 

ৰয়নী দিবসে লিজক্ৰু ৰাম নামা।

প্ৰপন্নজনাশনি পঞ্জৰ ৰামা।

আৱত কাল ভূজঙ্গম গৰজি।

হৰিপদে শৰণ লেহু সব বৰজি।

মাঘৱ দাস দীন হীনমতি।

কহতু ৰাম চৰণ দুহোঁ গতি।


4. ৰাম গোঁসাই কৰহু । Ram gosai korhu - Madhavdev


ৰাগ : আশোৱাৰী

তাল : পৰি


ধ্ৰুং— 

ৰাম গোঁসাই কৰহু গোহাৰি।

ৰহু হৃদি পঙ্কজ ঠাম হামাবি।।

পদ—

মায়া ছোড়ি ভকতি কৰো দানা।

কৰো তুৱা চৰণ পঙ্কজ মধু পানা।

মাধৱ দাস কহয় ৰাম তেৰা।

যাহা যাহা চৰণ তাহা শিব মেৰা।


5. চিন্তহু গোবিন্দ মন মেৰি । Chintahu Gobindo mon meri - মাধৱদেৱ


ৰাগ : আশোৱাৰী

তাল : পৰি


ধ্ৰুং।।— 

চিন্তহু গোবিন্দ মন মেৰি ভাই।

হৃদি পঙ্কজে ৰহু পাম গোঁসাঞী।।

পদ।।—

জগজন জীৱন ৰহু হৃদি ৰামা।

কোটি কল্পতৰু পূৰণকামা।।

মাধৱ দীন কহয় মন মোই।

ৰাম বিনে নাহি বান্ধৱ কোই।।

Previous
Next Post »