-->

ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য । Bharator Boichitrar majot aikya

 ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

ড° হেমন্ত কুমাৰ শৰ্মা 


1. 'ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য' নামৰ পাঠটিৰ লিখকজনৰ নাম উল্লেখ কৰা।

উত্তৰঃ- 'ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য' নামৰ পাঠটিৰ লিখকজনৰ নাম হ'ল- হেমন্ত কুমাৰ শৰ্মা।


2. আদিম অধিবাসী কাক বোলে? 

উত্তৰঃ- প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিবাসী বোলে।


3. অসমীয়া সাহিত্যৰ দৃষ্টিপাত নামৰ গ্ৰন্থখনৰ লেখক কোন

উত্তৰঃ- অসমীয়া সাহিত্যৰ দৃষ্টিপাত নামৰ গ্ৰন্থখনৰ লেখক হ'ল— ড° হেমন্ত কুমাৰ শৰ্মা। 


4. আর্যসকলৰ পৰা সৃষ্টি হোৱা চাৰি বৰ্ণ কি কি? 

উত্তৰঃ- আর্যসকলৰ পৰা সৃষ্টি হোৱা চাৰি বৰ্ণ হ'ল— (১) ব্ৰাহ্মণ (২) ক্ষত্ৰিয় (৩) বৈশ্য আৰু (৪) শূদ্ৰ।  


5. বুদ্ধদেৱৰ আচল নাম কি? তেওঁ কি ধর্ম প্ৰৱর্তন কৰিছিল

উত্তৰঃ- বুদ্ধদেৱৰ আচল নাম হ'ল সিদ্ধার্থ, গৌতম আৰু শাক্যসিংহ। তেওঁ বৌদ্ধ ধর্ম প্ৰৱৰ্তন কৰিছিল।  


6. দ্ৰাবিড়সকল কোন? বর্তমান ভাৰতৰ কোনবোৰ লোক দ্ৰাবিড়সকলৰ বংশধৰ। 

উত্তৰঃ- দ্ৰাবিড়সকল হৈছে ভাৰতবৰ্ষলৈ অহা এটি সুপ্ৰাচীন মানৱ গোষ্ঠী। তেওঁলোকে পোনতে পাঞ্জাব অঞ্চলত বাস কৰিছিল যদিও আৰ্যসকলৰ হেঁচাত দ্ৰাবিড়সকল দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য হ'ল। দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কর্ণাড় আদি লোক দ্ৰাবিড়সকলৰ বংশধৰ। 


7. বুদ্ধ শব্দৰ অর্থ কি? 

উত্তৰঃ- বুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞানী। 


8. প্ৰাগঐতিহাসিক যুগৰ আদিম অধিবাসী সকলৰ বর্তমান ভাৰতত থকা যিকোনো দুটা বংশধৰৰ নাম লিখা।

উত্তৰঃ- মুণ্ডা আৰু চাওঁতাল। 


9. মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন?

উত্তৰঃ- মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা ব্যাসদেৱ।  


10. কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰঃ- কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল কণিষ্ক।  


11. জৈন ধৰ্মৰ প্ৰৱর্তক কোন? 

উত্তৰঃ- জৈন ধৰ্মৰ প্ৰৱর্তক মহাবীৰ। 


12. মহাভাৰতৰ প্ৰণেতা কোন? 

উত্তৰঃ- ব্যাসদেৱ। 


13. কণিষ্ক কোন বংশৰ ৰজা আছিল? 

উত্তৰঃ- কুশান বংশৰ ৰজা আছিল।


14. ত্ৰিকালজ্ঞ মানে কি? 

উত্তৰঃ- ত্ৰিকালজ্ঞ মানে হ'ল- অতীত, বর্তমান আৰু ভৱিষ্যত কালৰ বিষয়ে যিসকলে জানে। 


15. ৰামানুজৰ জন্ম কত হৈছিল? 

উত্তৰঃ- দাক্ষিণাত্যৰ কৰ্ণাটক ৰাজ্যত ৰামানুজৰ জন্ম হৈছিল। 


16. ভাৰতবৰ্ষৰ কোনগৰাকী মনীষীক 'আদি কবি' বুলি কোৱা হয় আৰু তেওঁৰ মহাকাব্যখনৰ নাম কি?

উত্তৰঃ- বাল্মিকীক 'আদি কবি' বুলি কোৱা হয়। 

বাল্মিকীৰ মহাকাব্যখনৰ নাম হ'ল— আদিকাব্য ৰামায়ণ। 


17. ভাৰতলৈ অহা সু-প্ৰাচীন মানৱ গোষ্ঠীটোৰ নাম কি?

উত্তৰঃ- ভাৰতলৈ অহা সু-প্ৰাচীন মানৱ গোষ্ঠীটোৰ নাম হ'ল- দ্ৰাবিড়।


18. ৰামায়ণৰ ৰচক কোন? কোন যুগৰ কোন কবিয়ে সংস্কৃত ৰামায়ণখনি অসমীয়ালৈ অনুবাদ কৰিছিল? 

উত্তৰঃ- ৰামায়ণৰ ৰচক বাল্মিকী। প্ৰাক বৈষ্ণৱ কবি মাধৱকন্দলীয়ে সংস্কৃত ৰামায়ণখনি অসমীয়ালৈ অনুবাদ কৰিছিল। 


19. কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? |

উত্তৰঃ- ভাৰতবৰ্ষত বাস কৰা নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। 


20. কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায় কৰিছে? 

উত্তৰঃ- বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায় কৰিছে।  


21. কি কি পার্থক্য থকা সত্বেও ভাৰতীয় লোক সকলৰ মাজত এটি সামূহিক মিল আছে? 

উত্তৰঃ- ভাৰতীয় লোকসকলৰ মাজত ভাষাগত, ধর্মগত বা অঞ্চলগত পার্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত সাংস্কৃতিক দিশত সামূহিক মিল আছে। এই মিলৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান, মক্কাত বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়হে। কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান। 


22. উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বর্ণনা দিয়া। 

উত্তৰঃ- উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ পায়জামা পৰিধান কৰে।  


23. কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা। 

উত্তৰঃ- ভাৰতবর্ষ এখন বৈচিত্র্যপূর্ণ দেশ। ভাৰতবৰ্ষত বিভিন্ন সময়ত আৰু ভৌগোলিক অৱস্থাত অহা বিভিন্ন জাতিৰ মানুহৰ ধৰ্ম, ভাষা, আচাৰ, ব্যৱহাৰ, কলা, সংস্কৃতি আদি বিষয়ত বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। 


24. ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে লিখা। 

উত্তৰঃ- ভাৰতবৰ্ষৰ এফালে বিস্তীর্ণ সমতলভূমি, আনফালে বিৰাট মালভূমি। এফালে দ্বীপমালা, আনফালে হ্ৰদ-জলাশয় এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌছমীৰ তাণ্ডৱ, আনফালে শুকান মৰুভূমি, এফালে উচ্চ পর্বতমালা, আনফালে সুগভীৰ সাগৰ-মহাসাগৰ। এই কাৰণেই ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে। 


25. 'মহাবীৰ'ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- মহাবীৰ জৈন ধর্মৰ প্ৰৱর্তক। তেওঁৰ প্ৰকৃত নাম বৰ্দ্ধমান। উত্তৰ বিহাৰৰ বৈশালীনগৰৰ ওচৰত বর্ধমানৰ জন্ম হৈছিল। প্ৰায় ত্ৰিশ বছৰৰ গার্হস্থ্য জীৱন যাপন কৰি থাকোতে সংসাৰ ত্যাগ কৰে। অৱশেষত তেওঁ জিনে (ৰিপজয়ী) আৰ নিগ্ৰস্থ (সংসাৰ বন্ধন বিমুক্ত) ৰূপে পৰিচিত হয়। এই সময়তে বৰ্দ্ধমানে মহাবীৰ নাম লাভ কৰে।


26. ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।

উত্তৰঃ- পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত; কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে। কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ-মাংস খায়।  


27. ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বর্ণনা কৰা।  

উত্তৰঃ- সাজপাৰৰ ক্ষেত্ৰতো ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত ভিন্নতা পৰিলক্ষিত হয়। পূর্ব ভাৰতৰ মতা মানুহে গোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অৱশ্যে বর্তমানে শিক্ষিত সমাজত লংপেণ্টৰ প্ৰচলনেই অধিক। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা পৰিধান কৰে। 


28. আর্যকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা।

উত্তৰঃ- আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতি হ'ল- (১) ইংৰাজ আৰু (2) মোগল। 


29. "যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে।"- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।

উত্তৰঃ- যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে, সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে, যেন ই বহুৰঙী সূতাৰে গঁথা এখন ফুলাম দলিচাহে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান আদি লোকসকলে ধমীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰে, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে। আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বিভিন্নতা থাকিলেও ধর্মীয় বান্ধোনে দুয়োজনকে এক কৰি ৰাখিছে। অন্যান্য ধর্মাবলম্বী লোকৰ ক্ষেত্ৰতো এক কথাকেই ক'ব পাৰি। সেইকাৰণে যেতিয়া এজন ধর্মপ্ৰাণ অসমীয়া ব্যক্তিয়ে অসমৰ বাহিৰৰ কোনো ধর্মানুষ্ঠানত যোগ দিয়ে, তেতিয়া তেওঁৰ মনলৈ এনে ভাব অহাটোৱেই স্বাভাৱিক যে ভাষাৰ বিভিন্নতা সত্ত্বেও ধর্মানুষ্ঠানত যোগ দিয়া অন্যান্য ব্যক্তি আৰু তেওঁৰ মাজত যেন ভালেখিনি মিল আছে। 


30. "ঐক্য" স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি"। – এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। 

উত্তৰঃ- উক্ত কথাষাৰিৰ জৰিয়তে লিখক ড° হেমন্ত কুমাৰ শর্মাদেৱে দেশ এখনৰ ঐক্য স্থাপনৰ ক্ষেত্ৰত যে সুকুমাৰ কলা আৰু সংস্কৃতিয়ে বৰঙণি আগবঢ়াই তাকে উল্লেখ কৰিছে।

কোনো এখন দেশৰ ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উলাই কৰিব নোৱাৰি। কাৰণ প্ৰাচীন কালৰেপৰা ভাৰতবৰ্ষৰ বাসিন্দাসকলক এই সুকুমাৰ কলা আৰু সংস্কৃতিয়ে একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। সুকুমাৰ কলা হৈছে- কবিতা, সংগীত, চিত্ৰকলা, স্থাপত্য আৰু ভাস্কর্য আদি। এই পাঁচবিধ কলাই নিজ নিজ গুণৰ প্ৰকাশভংগীৰে দেশৰ বাসিন্দাসকলক আকর্ষিত কৰি একতাৰ ডোলেৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা কিছুমান উৎসৱ পার্বণেও ভাৰতবাসীক ঐক্যবদ্ধ কৰি ৰখাত সহায় কৰি আহিছে। যেনে- পোন্ধৰ আগষ্ট, গণতন্ত্ৰ দিৱস, হোলি, শিৱৰাত্ৰি, দেৱালী, জন্মাষ্টমী আদি ধর্মীয় তথা ৰাষ্ট্ৰীয় উৎসৱবোৰে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ বস্তু। ভাৰতবৰ্ষলৈ যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি-উপজাতিৰ লোক আহিছে যদিও তেওঁলোক কোনেও নিজৰটোকে ধৰি ৰাখিব পৰা নাই। তেওঁলোক সকলোৱে পূৰ্বৰপৰা চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত মিলি সমন্বয় সাধন কৰিছে। 


31. "ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।"—তাৎপর্য ব্যাখ্যা কৰা। 

উত্তৰঃ- ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। কাৰণ ভাৰতবৰ্ষলৈ যুগে যুগে নানা জাতি-উপজাতিৰ লোক আহিছে যদিও কোনেও নিজৰ সংস্কৃতিকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল আৰু সমন্বয় সাধন হ'ল। এনেদৰে গঠিত হোৱা সমন্বয়ৰ বাবে ভাৰতীয় সংস্কৃতি বাৰেবৰণীয়া হৈ পৰিছে। ভাষাগত অঞ্চলগত বা ধর্মগত পার্থক্য থকা  সত্ত্বেও ভাৰতীয় মানুহৰ মাজত সামূহিক মিল আছে, সেয়াই হৈছে সাংস্কৃতিক মিল। এই মিলনৰ বাবে ভাৰতীয় মুছলমান এজন মক্কাত বা খ্ৰীষ্টান এজন জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব তেওঁ এজন ভাৰতীয়হে। কাৰণ তেওঁ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান। 


32. চমটোকা লিখাঃ- 

(ক) ব্যাসঃ- ব্যাসদেৱ মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা আছিল। বেদ বিভাগ-কৰ্তা এগৰাকী ঋষি হিচাপে খ্যাত। 

(খ) মক্কাঃ- মক্কা হ'ল আৰৱ দেশৰ ৰাজধানী আৰু ইছলাম ধৰ্মৰ প্ৰৱর্তক হজৰত মহম্মদৰ জন্মস্থান। হজৰত মহম্মদে এই ঠাইতে জন্ম গ্ৰহণ কৰি ধৰ্মৰ নামত সেই ঠাইত চলি থকা কু-প্ৰথাবোৰ আঁতৰাই মুছলমান ধর্ম প্ৰচাৰ কৰা কাৰণেই আজি মক্কা মুছলমান লোকসকলৰ পৱিত্ৰ তীর্থস্থান। তীর্থ দর্শন কৰিবলৈ বিশ্বৰ লাখ লাখ ধর্মপ্ৰাণ মুছলমানৰ মক্কালৈ আগমন হয়। 

(গ) সুকুমাৰ কলাঃ- কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য- এই পাঁচবিধক সুকুমাৰ কলা বোলে। 


33. অর্থ লিখাঃ- 

সমন্বয়= সংযোগ, মিলন 

ভাস্কর্য= শিল, ধাতু আদিৰে মূর্তি সজা বিদ্যা। 

স্থাপত্য= স্থাপন কৰা বিদ্যা অর্থাৎ ঘৰ আদি নির্মাণৰ কলা-কৌশল, গৃহ নির্মাণ বিদ্যা। অগণন= অলেখ। 

সুউচ্চ= অতি ওখ। 

দর্শন= দৃষ্টি, জ্ঞান, তত্ত্ব। 

মহাভাৰত= ব্যাসদেৱৰ দ্বাৰা ৰচিত মহাকাব্য। 

বিস্তীর্ণ= বিশাল। 

গোষ্ঠী= বংশ। 


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »