-->

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন । Pohoror batere aagbada gaonkhon

 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন । 

জ্যোতিপ্ৰসাদ বুঢ়াগোহাঞি 


1. পিপলান্ত্ৰি গাঁওখন ক'ত অৱস্থিত? 

উত্তৰঃ- ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিঃমিঃ নিলগত পিপলান্দ্ৰি নামৰ গাঁওখন অৱস্থিত। 


2. ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম কত হৈছিল? 

উত্তৰঃ- ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ উদয়পুৰত। 


3. কিহৰ বাবে পিপলান্ত্ৰি গাঁওখন গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল?

উত্তৰঃ- মাৰ্বল পাথৰৰ বাবে পিপলান্তি গাওঁখন গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল।


4. পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে? 

উত্তৰঃ- পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী ডেনমার্ক প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত হৈছে।


5. 'Tree Sisters' নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল?

উত্তৰঃ- আর্জেন্টিনাৰ এটি দলে পিপলান্ত্ৰি গাঁৱক লৈ 'Tree Sisters' নামৰ চিনেমা নির্মাণ কৰিছিল।  


6. কিৰণ কোন আছিল? 

উত্তৰঃ- কিৰণ শ্যামসুন্দৰ পালিৱালৰ কন্যা আছিল। 


7. ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? 

উত্তৰঃ- ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে। 


8. পিপলান্ত্ৰি গাঁৱৰ মহিলাসকলে কিয় ৰাখী-বন্ধনৰ দিনা গছত ৰছী বান্ধে? 

উত্তৰঃ- গছ আৰু মানুহৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ অর্থে পিপলান্ত্ৰি গাঁৱৰ মহিলাসকলে গছত ৰছী বান্ধে। 


9. কিৰণ যোজনাৰ আঁৰৰ মানুহজন কোন? 

উত্তৰঃ- কিৰণ যোজনাৰ আঁৰৰ মানুহজন হৈছে শ্যামসুন্দৰ পালিৱাল। 


10. কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে? 

উত্তৰঃ- মৃতকৰ স্মৃতিত পিপলান্ত্ৰি গাঁৱৰ মানুহে ১১ জোপা গছ পুলি ৰোৱে। 


11. পিপলান্ত্ৰি গাঁওখনে কেতিয়া ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰে? 

উত্তৰঃ- ২০০৭ চনত তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে পিপলান্ত্ৰি গাঁৱলৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ আগবঢ়ায়। 


12. পিপলান্ত্ৰি গাঁৱত কোনো মানুহ ঢুকালে মৃতকৰ স্মৃতিত কি জন কল্যাণমূলক কাম কৰে?

উত্তৰঃ- পিপলান্ত্ৰি গাঁৱত কোনো মানুহৰ মৃত্যু হ'লে সেই মৃতকৰ স্মৃতিত ১১ টাকৈ গছপুলি ৰোপণ কৰে। 


13. Tree Sisters কি? 

উত্তৰঃ- Tree Sisters এখন চিনেমাৰ নাম। 


14. শ্যাম সুন্দৰ পালিৱালে কিমান বয়সত মাতৃক হেৰুৱাই? 

উত্তৰঃ- শ্যাম সুন্দৰে ছবছৰ বয়সতে নিজৰ মাতৃক হেৰুৱায়। 


15. শ্যাম সুন্দৰ পালিৱালৰ এটা সমাজ সংস্কাৰমূলক কাম উল্লেখ কৰা। 

উত্তৰঃ- শ্যাম সুন্দৰ পালিৱালৰ নির্দেশ মতে গাঁওখনৰ ছোৱালীৰ বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ হয়। 


16. পিপলান্ত্ৰি গাঁওখনৰ পৰিৱেশ কিয় প্ৰদূষিত হৈছিল? 

উত্তৰঃ- মাৰ্বল পাথৰ আহৰণৰ খনিবোৰত দিনে নিশাই কাম চলাৰ বাবে পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈছিল।


17. 'বাৰটা মাহত তেৰটা খেতি' বুজাই লিখা। 

উত্তৰঃ- বাৰটা মাহত তেৰটাও খেতি বুলিলে আমি একেখিনি মাটিতে কেইবাটাও খেতি কৰা বুজো। সাধাৰণতে মানুহে একো ডৰা মাটিত বছৰত এটা বা দুটা খেতি কৰিয়েই সামৰে। উন্নত প্ৰযুক্তিবিদ্যা খটাই জলসিঞ্চলৰ ব্যৱস্থা কৰি মানুহে একেখিনি মাটিতে কেইবাটাও খেতি কৰি উৎপাদন আৰু উপার্জন বৃদ্ধি কৰিব পাৰে। অর্থাৎ একেখিনি মাটিত প্ৰথম খেতি চপাই জলবায়ুৰ ওপৰত ভিত্তি কৰি সেই মাটিখিনিতে পুনৰ দ্বিতীয় আৰু তৃতীয় খেতি কৰি কেইবাটাও খেতি কৰিব পাৰে। এইদৰে বৈজ্ঞানিক উপায়েৰে খেতি কৰিলে একে মূলধন খটুৱাই অধিক আয় কৰিব পাৰে। একেখিনি মাটিতে বিভিন্ন লাভজনক শস্যৰ খেতি কৰা লোকে নিজকে স্বাৱলম্বী কৰাৰ লগতে আনৰ বাবে কর্ম সংস্থাপনৰ সৃষ্টি কৰিব পাৰে। তেতিয়া তেওঁ দেশ আৰু সমাজৰ উন্নয়নৰে অংশীদাৰ হয়। 


18. স্বচ্ছ ভাৰত অভিযান কি।

উত্তৰঃ- ২০১৫ চনত গোটেই ভাৰতবৰ্ষত পৰিস্কাৰ পৰিচন্নতা অনাৰ বাবে ভাৰত চৰকাৰে স্বচ্ছভাৰত অভিযান নামৰ এখন আঁচনি আৰম্ভ কৰে। নিজৰ অঞ্চল আৰু দেশ স্বচ্ছ হ'লে জনসাধাৰণ বহু বেমাৰৰ পৰা মুক্ত হয়। য'তে ত'তে পেলাই থৈ যোৱা জাবৰ-জোথৰে পৰিৱেশ বিষাক্ত কৰে। খোলা ঠাইত শৌচ-পেচাব কৰি মানুহে নিজৰ আৰু আনৰো অপকাৰ কৰে। মুক্ত ঠাইত মানুহে শৌচ-পেচাব কৰিব নালাগে। এই স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা দেশত কোটি কোটি শৌচাগাৰ নিৰ্মাণকৰা হৈছে। ৰাজহুৱা স্থানটো এনে শৌচাগাৰ নিৰ্মাণ কৰি গোটেই দেশলৈ পৰিস্কাৰ পৰিচন্নতা, স্বচ্ছতা আনিবলৈ বিচৰা হৈছে।


19. পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? 

উত্তৰঃ- জয়পুৰৰ পৰা ৩৫০ কিঃ মিঃ নিলগত থকা পিপলান্ত্ৰি গাঁওখন এসময়ত মাৰ্বল পাথৰৰ বাবে পৃথিৱী বিখ্যাত আছিল। মাৰ্বল পাথৰৰ বাবে গাঁওখনৰ নাম গ্ৰীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। মাৰ্বল পাথৰৰ খনি খন্দাৰ ফলত গাঁওখনে পৰিৱেশৰ ভাৰসাম্যতা হেৰুৱায়। গাঁওখন পৰিৱেশ প্ৰদূষণৰ সমস্যাত পৰে আৰু খেতি বাতিৰ বাবে পানীৰ নাটনি হয়। মাৰ্বল পাথৰ আহৰণৰ ফলত গাঁওখনৰ মানুহে বিশুদ্ধ বায়ুৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছিল। গছ-গছনিৰ সংখ্যা কমি অহাৰ ফলত বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল। মাৰ্বল আহৰণৰ বাবে কৰা অনিয়ন্ত্ৰিত খননে গাঁওখনৰ নৈ, জলাশয়, পুখুৰী আদিৰ পানীও প্ৰদূষিত কৰে। মুঠৰ ওপৰত মাৰ্বল আহৰণৰ বাবে কৰা খননে গাঁওখনৰ বায়ু, মাটি আৰু পানী প্ৰদূষিত কৰিছিল।


20. শ্যামসুন্দৰ পালিৱাল কেন? পিপলান্ত্ৰি গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ- শ্যামসুন্দৰ পালিৱাল পিপলান্ত্ৰি গাঁৱৰ এজন বাসিন্দা আছিল। তেওঁ পিছলৈ গাঁওখনৰ মুখিয়ালৰ দায়িত্ব পালন কৰিছিল। মাত্ৰ ছবছৰ বয়সতে মাতৃক হেৰুওৱা শ্যামসুন্দৰ পালিৱালে জীৱন সংগ্ৰামৰ বাবে গাঁও এৰি যাবলগীয়া হৈছিল। পিছত তেওঁ গাঁৱলৈ ঘূৰি আহি গাঁওখনত প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰা বৃহৎ বৃহৎ মাৰ্বলৰ খনিবোৰৰ বাবে গাঁওখনৰ ভূ-গর্ভৰ পানী ৮০০ ফুট তললৈ নামে বুলি মানুহক পতিয়ন নিয়াই। গাঁৱৰ ৰাইজে গাঁওখনত অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ আশা প্ৰায় ত্যাগ কৰিছিল। সৌভাগ্যৰ কথা যে ২০০৫ চনত অক্লান্ত পৰিশ্ৰমী পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লোৱাৰ পিছতে গাঁওখনৰ আমূল পৰিৱৰ্তন হয়। তেওঁৰ চেষ্টাতে গাঁওখনত খনন চলোৱা মাৰ্বলৰ খনিবোৰ বন্ধ কৰিবলৈ চৰকাৰ বাধ্য হয়। ইতিমধ্যে শ্যাম সুন্দৰৰ কিৰণ নামৰ এজনী ছোৱালীৰ মৃত্যু হৈছিল। মৃত কন্যাগৰাকীৰ স্মৃতিত শ্যাম সুন্দৰৰ পৰিয়ালে এটা গছ পুলি ৰোপণ কৰে। ইয়াতেই জন্ম পাই কিৰণ নিধি যোজনা। এই যোজনাৰ অধীনত প্ৰতিজনী কন্যা সন্তান জন্মৰ বিপৰীতে ১১১ জোপা গছ ৰোৱাৰ নিয়ম গাঁওখনত প্ৰৱৰ্তন কৰা হয়। ইয়াৰ উপৰিও গাঁওখনৰ উন্নয়নৰবাবে গছ ৰোপণ আৰু প্ৰতি পালন, পানী সংৰক্ষণ, স্ত্ৰী শিক্ষা বাধ্যতামূলক কৰণ, কন্যা ভ্রুণ হত্যা নিষিদ্ধকৰণ আদি কঠোৰভাৱে গাঁওখনত বলবৎ কৰে। গাঁওখনে পালন কৰা নিয়মবোৰ অতি কম সময়ৰ ভিতৰতে ভাৰত তথা পৃথিৱীৰ ভিতৰত বিয়পি পৰে। পিপলান্ত্ৰি গাঁওখন এখন আদর্শ গাঁও ৰূপে পৰিচিত হৈ পৰে। পৃথিৱীৰ বিভিন্ন দেশৰ পর্যটকৰো ই আকৰ্ষণৰ থলী হৈ পৰিছে। মুঠৰ ওপৰত বিনষ্ট হোৱা প্ৰাকৃতিক পৰিৱেশৰ পুনৰুদ্ধাৰ কৰি পিপলান্ত্ৰি গাঁওখনলৈ সুখ-সমৃদ্ধি, সামাজিক শৃংখলা আৰু স্বচ্ছতা কঢ়িয়াই অনাৰ ক্ষেত্ৰত শ্যাম সুন্দৰ পালিৱালৰ অৱদান চিৰ স্মৰণীয় হৈ ৰ'ব। 


21. কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিয়ালে কেনেধৰণৰ আঁচনি লৈছিল? 

উত্তৰঃ- অন্ধবিশ্বাস আৰু কুসংস্কাৰে আবৰি ৰখা পিপলান্ত্ৰি গাঁৱৰ মানুহো কন্যা ভ্ৰণ হত্যাত জড়িত আছিল। দেশৰ আন আন ঠাইৰ কিছুমান মানুহৰদৰে গাঁওখনৰ মানুহেও কন্যা সন্তান জন্মক অভিশাপৰূপে গণ্য কৰিছিল। শ্যাম সুন্দৰ পালিয়াল পিপলান্ত্ৰি গাঁৱৰ মুখিয়াল হোৱাৰ পিছৰে পৰা গাঁৱৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে সামাজিক পৰিৱেশৰো পৰিৱৰ্তন হয়। শ্যাম সুন্দৰে গাঁৱত কন্যা সন্তানৰ ভ্ৰণ হত্যা বন্ধ কৰাৰ লগতে এজনী কন্যা সন্তান জন্ম হ'লে 'কিৰণ নিধি' যোজনাৰ অধীনত ১১১ জোপা গছ ৰোপণৰ নিম বলবৎ কৰে। ছোৱালী যাতে এখন ঘৰৰ বোজা নহয় তাৰ বাবে নতুনকে জন্ম পোৱা কন্যা সন্তানৰ নামত ২১,০০০ টকা গাঁৱৰ মানুহ আৰু ১০,০০০ টকা জন্ম পোৱা কন্যা সন্তানৰ পিতৃ-মাতৃৰ পৰা সংগ্ৰহ কৰি মুঠ ৩১,০০০ টকা বেংকত ফিক্স ডিপজিট কৰাৰ নিয়ম প্ৰবর্তন কৰে। এই টকা সেই ছোৱালীৰ বিয়া আৰ শিক্ষাৰ বাদে অভিভাৱকে উলিয়াব নোৱাৰে। আকৌ সেই কন্যাৰ নামত ৰোপণ কৰা ১১১ জোপা গছ গাঁওখনৰ ৰাজহুৱা সম্পত্তি বুলি গণ্য কৰা হয়। গাঁওখনত স্ত্ৰী শিক্ষা বাধ্যতামূলক কৰা হয় যাতে কোনো ছোৱালীয়েই শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে। এই দৰে কন্যা সন্তানৰ ওপৰত ভিত্তি কৰি গাঁওখনলৈ সামাজিক আৰু আর্থিক বিপ্লৱ আহে। এই পৰিৱৰ্তনৰ সুফলবোৰে মানুহৰ পূৰ্বতে কন্যা সন্তানৰ প্ৰতি থকা হেওভাৰ সম্পূর্ণকৈ নোহোৱা কৰি কন্যা সন্তানক গাঁওখনৰ মানুহে সম্পদ হিচাপে গণ্য কৰিবলৈ ধৰিলে। মুঠৰ ওপৰত পিপলান্ত্ৰি গাঁৱলৈ কন্যা সন্তানৰ সুৰক্ষা কঢ়িয়াই অনা শ্যাম সুন্দৰ পালিৱালৰ বৈপ্লৱিক চিন্তাৰ ফচল বুলি ক'ব লাগিব। 


22. পিপলান্ত্ৰি গাঁৱৰ প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল লিখা। 

উত্তৰঃ- পিপলান্ত্ৰি গাঁৱৰ মানুহ আৰু প্ৰকৃতিৰ লগত এক নিবিড় সম্পর্কই গঢ় লৈ উঠিছিল। এসময়ত ধ্বংসৰ দিশত গতি কৰা গাঁওখনে বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ মূলতে আছে গাঁৱৰ মানুহৰ মনত জাগি উঠা প্ৰকৃতি প্ৰেম। প্ৰায় ৮০০০ লোকৰ বাসস্থলী গাঁওখনত প্ৰতিটো কন্যা সন্তান জন্মৰ লগে লগে ১১১ টা গছপুলি ৰোৱাৰ নিয়ম বান্ধি লয়। বর্তমান এই গাঁৱত কোনো মানুহৰ মৃত্যু হ'লে ১১ জোপা গছ ৰোৱাৰ নিয়ম প্ৰচলিত। এইদৰে এসময়ত গছ-গছনি নোহোৱা হোৱা গাঁওখনত মূল্যৱান গছ-গছনিৰে ভৰি পৰিল। গছে এৰা অক্সিজেনে গাওঁখনৰ প্ৰাণ ঘূৰাই আনে চৰাই চিৰিকটিৰো গাঁওখনলৈ আগমণ ঘটে। গছপুলি ৰোৱাতেই মানুহৰ দায়িত্ব শেষ নহয় বৰং সেই গছপুলিবোৰ পূর্ণাঙ্গ গছ নোহোৱালৈকে গাঁৱৰ প্ৰতিজন মানুহেই লালন-পালনৰ দায়িত্ব লয়। গাঁওখনৰ মানুহৰ বাবে গছবোৰ যেন তেওঁলোকৰ পৰিয়ালৰ সদস্যহে। ৰাখী-বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে নিজ ভাতৃক ৰাখী পিন্ধোৱাৰ দৰে গছবিলাকতো ৰছী বান্ধে। এইদৰে গছত ৰছী বান্ধি একোটা উৎসৱ উৎযাপন কৰা গাঁও বা অঞ্চল পৃথিৱীত বিৰল। গাঁওখনলৈ আগমণ ঘটা নানা প্ৰজাতিৰ চৰাই-চিৰিকটি, জীৱ-জন্তু বর্তমান পর্যটকৰ প্ৰধান আকর্ষণৰ বিন্দু হৈ পৰিছে। এইদৰে মানুহ আৰু প্ৰকৃতিৰ মাজত গঢ়ি উঠা আত্মিক সম্পর্কই পিপলান্ত্ৰি গাঁওখনক পৃথিৱীৰ এখন আদশ গাঁৱলৈ ৰূপান্তৰ কৰিছে। 


23. পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে? 

উত্তৰঃ- শ্যাম সুন্দৰ পালিৱাল নামৰ এজন লোকৰ আশাশুধীয়া প্ৰচেষ্টাৰ অন্তত ৰাজস্থানৰ পিপলান্ত্ৰি নামৰ গাঁওখনৰ সামাজিক, আর্থিক আদি সকলো দিশতে ভাবিব নোৱাৰা পৰিৱৰ্তন আহে। তেওঁৰ চেষ্টাতেই বসবাসৰ বাবে একেবাৰে অনুপযোগী হোৱা গাঁওখন এখন আদর্শ গাঁৱলৈ পৰিৱর্তিত হয়। মাটি, পানী, বায়ুৰ প্ৰদূষণ ঘটা গাঁওখন গাঁৱৰ মানুহৰ সামূহিক প্ৰচেষ্টাত গছ-গছনি, চৰাই-চিৰিকটিৰে ভৰি পৰে। গাঁওখনত ঘটা আমূল পৰিৱর্তনৰ বাতৰি দেশ আৰু বিদেশত প্ৰচাৰ হয়। ইয়াৰ উপৰিও গাঁওখনে বিভিন্ন সময়ত লাভ কৰা চৰকাৰী-বেচৰকাৰী বঁটাসমূহ গণ মাধ্যমৰ প্ৰচাৰৰ বিষয় বস্তু হয়। গাঁওখনৰ মানুহৰ প্ৰচেষ্টাত যেনেদৰে নিজে নিজে অঞ্চলটো গছ-গছনিৰে ভৰি পৰিল একেদৰে গাঁওখনৰ উন্নয়নে নিজে নিজে প্ৰচাৰ মাধ্যমৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ডেনমার্কৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফল কাহিনী অন্তর্ভুক্ত হৈছে। একেদৰে বৰ্তমান আমাৰ দেশৰ কেইবাখনো ৰাজ্যৰ পাঠ্যপুথিত পিপলান্ত্ৰি গাঁৱৰ কথা পাঠ্যপুথিৰ পাঠ হিচাপে অন্তৰ্ভুক্ত হৈছে। এই গাঁৱৰ ওপৰত শতাধিক তথ্য চিত্ৰ নির্মাণ হৈছে। আর্জেণ্টিনাৰ এটি দলে এই গাঁওখনক লৈ এখন চিনেমা নির্মাণ কৰে। ইয়াৰ বাহিৰেও গাঁওখনৰ নামেৰে এখন হিন্দী ছবিও নির্মাণ হৈছে। বাতৰি কাকত, ৰেডিঅ', টিভিৰ বাদেও ইউটিউব, ফেচবুক, টুইটাৰ আদিৰ মাধ্যমেও পিপলান্ত্ৰি গাঁওখনৰ সফল কাহিনীবোৰে পৃথিৱীত প্ৰচাৰ লাভ কৰিছে। 


24. পিপলান্ত্ৰি গাঁওখন তুমি এখন আদর্শ গাঁও বুলি ভাবানে? 

উত্তৰঃ- পিপলান্ত্ৰি গাঁওখন কেৱল এখন সাধাৰণ আদর্শ গাঁও নহয়, সম্পূর্ণ প্ৰতিকূল অৱস্থাৰ পৰা পুনৰুদ্ধাৰ কৰি প্ৰতিষ্ঠা কৰা প্ৰকৃতাৰ্থত এখন আদর্শ গাঁও। মানুহ আৰু প্ৰকৃতিৰ মাজত আত্মিক সম্পর্ক গঢ়ি তুলি গাঁওখন প্ৰতিষ্ঠা কৰা হৈছে। এইয়া কোনো চৰকাৰী আঁচনিৰ ফল নহয় বৰং গাঁৱৰ মানুহৰ সমূহীয়া প্ৰচেষ্টাৰ ফল। 'গছ মানুহৰ প্ৰাণ' এই শিক্ষা যদি আমি ক'ৰবাত পাওঁ তেন্তে পিপলান্ত্ৰিৰ কথা মনত পেলাবলৈ সকলো বাধ্য। চৰাই-চিৰিকটিৰ পুনৰ আগমন কৰোৱাই এখন আদর্শ গাঁও। পৰিস্কাৰ পৰিচন্নতা এই গাঁৱৰ অনুকৰণীয় বিষয়। গাঁওখনলৈ অহা সামাজিক আৰু আর্থিক পৰিৱৰ্তনৰ লগতে লিংগ বৈষম্যৰ অৱসান এক গৱেষণাৰ বিষয়। সেয়েহে এই ঠাইল পৃথিৱীৰ বিভিন্ন দেশৰ গৱেষক দলৰ আগমন ঘটিছে। ছোৱালী জন্ম আৰু মানুহৰ মৃতুত গছপুলি ৰোপণৰ যি নিয়ম গাঁওবাসীয়ে বান্ধি লৈছে সি সঁচাই পৰিৱেশ সচেতনতাৰ উল্লেখযোগ্য উদাহৰণ। মুঠৰ ওপৰত সামাজিক, আর্থিক আৰু পৰিৱেশ আদি সকলো দিশত অগ্ৰগতি লাভ কৰা পিপলান্ত্ৰি নামৰ গাঁওখন আমাৰ সকলোৰে বাবে এখন প্ৰকৃত আদর্শ গাঁও যি পোহৰৰ বাটেৰে আগবাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰে। 


25. 'পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন' নামৰ পাঠটোৰ শিক্ষণীয় দিশবোৰ উল্লেখ কৰা। 

উত্তৰঃ- পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নামৰ পাঠটিৰ শিক্ষণীয় দিশবোৰ তলত উল্লেখ কৰা হ'ল- 

(১) মানুহে কৰো বুলিলে সকলো কাম কৰিব পাৰে। যিকোনো সমস্যা সামূহিক প্ৰচেষ্টাৰে সমাধা কৰিব পাৰি। 

(২) সামাজিক, আর্থিক আৰু পৰিৱেশ আদি সকলো দিশলৈ পৰিৱৰ্তন পিপলাক্সি গাঁৱৰ মানুহৰ যোগদান আৰু উপযুক্ত নেতৃত্বৰ ফল। সুস্থ আৰু উপযুক্ত নেতৃত্বৰে সকলো কাম সুচাৰুৰূপে কৰিব পাৰি। 

(৩) মানুহৰ মানসিক দৃঢ়তা, সুনির্দিষ্ট পৰিকল্পনা, উদ্যম আৰু আগ্ৰহ থাকিলে অসম্ভৱ কামকো সম্ভৱ কৰিব পাৰি। 

(৪) ল'ৰা আৰু ছোৱালীৰ কোনো ব্যৱধান নাই সকলো সমান বুলি ভাবিব লাগে। 

(৫) সামাজিক সচেতনতাই কন্যা সন্তানৰ ভ্ৰূণ হত্যাৰ দৰে সামাজিক ব্যাধি সম্পূর্ণৰূপে আঁতৰ কৰিব পাৰি। 

(৬) সমাজৰ প্ৰতি প্ৰতিজন ব্যক্তিৰ সমান দায়বদ্ধতা আছে। যৌথ প্ৰচেষ্টাৰে সমাজ তথা নিজৰ নিজৰ অঞ্চলৰ সৰ্বাংগীণ বিকাশৰ বাবে সকলো আগবাঢ়ি আহিব লাগে।  


26. সামাজিক মাধ্যম বুলিলে কি বুজা? 

উত্তৰঃ- আমি জাননা যে বাতৰি কাকত, ৰেডিঅ' আৰু দূৰদৰ্শনক সাধাৰণতে গণ মাধ্যম বুলি কোৱা হয়। এই মাধ্যমটোৱে এটা নির্দিষ্ট নিয়ম-নীতিৰ মাজেৰে কোনো খবৰ আদি প্ৰচাৰ কৰে। ইয়াৰ দ্বাৰা প্ৰচাৰ কৰা সকলো তথ্যই এক বা একাধিক মানুহৰ সম্পাদনাৰ অন্ততহে প্ৰচাৰ লাভ কৰে। গতিকে জনসাধাৰণে বিচৰা বা কোনো এটা সংঘটিত হোৱা ঘটনা এই মাধ্যমত প্ৰচাৰ বা প্ৰকাশ নোহোৱাকৈ থাকিব পাৰে। গণ মাধ্যমৰ এই সীমাবদ্ধতাক সামাজিক মাধ্যমে আঁতৰ কৰিছে। ইয়াত এই মাধ্যম ব্যৱহাকাৰীয়ে নিজৰ ইচ্ছা অনুসৰি কোনো খবৰ ঘটনা অথবা কোনো ঠাইৰ দৃশ্য সহজে প্ৰচাৰ কৰিব পাৰে। ইয়াত সম্পাদনাৰ কোনো হস্তক্ষেপ নাথাকে গতিকে ঘটনা এটা যি দৰে ঘটিছে তাৰ সম্পূর্ণ দৃশ্য সহ একাধিক মানুহৰ মাজত প্ৰচাৰ কৰা সম্ভৱ। আজিকালি সামাজিক মাধ্যমত মানুহে গল্প, কবিতা, ৰাজনৈতিক বিশ্লেষণ, কোনো বিতর্কিত বিষয়ৰ আলোচনা-সমালোচনাও প্ৰচাৰ কৰা দেখা যায়। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ৱাটছ্‌এপক সামাজিক মাধ্যম বুলি কোৱা হয়। স্মার্টফ'নৰ দ্রুত ব্যৱহাৰে এই সামাজিক মাধ্যমৰ ব্যৱহাৰ অধিক শক্তিশালী আৰু সূচল কৰি তুলিছে। 


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »