-->

নীৰৱ সাধনা-ড° বাণীকান্ত কাকতি । Neerav Xadhana by Dr. Banikanta Kakati

 নীৰৱ সাধনা ।

ড° বাণীকান্ত কাকতি 


1. 'নীৰৱ সাধনা' পাঠটিৰ লিখক কোন? কোনখন গ্ৰন্থক তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভ বোলা হয়?

(নাইবা) 

ড° বাণীকান্ত কাকতিৰ জীৱনৰ কীর্তিস্তম্ভ কি?

(নাইবা) 

ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ- 'নীৰৱ সাধনা' পাঠটিৰ লিখক হ'ল- ড° বাণীকান্ত কাকতি।

ড° বাণীকান্ত কাকতিৰ জীৱনৰ কীর্তিস্তম্ভ হ'ল— তেওঁৰ গৱেষণা গ্ৰন্থ “Assamese its formation and Development. 


2. আব্ৰাহাম লিংকন ক'ৰ ৰাষ্ট্ৰপতি আছিল? 

উত্তৰঃ- আব্ৰাহাম লিংকন আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল। 


3. আমেৰিকাৰ 'ভাগ্য নির্মাতা' বুলি কাক কোৱা হয়? 

উত্তৰঃ- আব্ৰাহাম লিংকনক আমেৰিকাৰ ভাগ্য নির্মাতা বুলি কোৱা হয়। 


4. নীৰৱ সাধকসকল কাৰ নিচিনা হ'ব লাগিব?

উত্তৰঃ- নীৰৱ সাধকসকল মৌ-মাখিৰ নিচিনা হ'ব লাগিব। 


5. আব্ৰাহাম লিংকনৰ কোন দুটা গুণ সর্বজনবিদিত আছিল? 

উত্তৰঃ- লিংকনৰ সত্যনিষ্ঠ আৰু কৰ্তব্যপৰায়ণতা গুণ দুটাই সর্বজনবিদিত আছিল। 


6. ভীমৰ প্ৰধান অস্ত্ৰখনৰ নাম কি? 

উত্তৰঃ- ভীমৰ প্ৰধান অস্ত্ৰখনৰ নাম হ'ল- গদা।


7. যোগ্যজনৰ অপেক্ষাৰ পথ কেনেকুৱা? 

উত্তৰঃ- যোগ্যজনৰ অপেক্ষা খুৰৰ ধাৰৰ নিচিনা মনিব নোৱাৰা পৰ্বতীয়া বাটৰ দৰে পিচল। 


8. সাধনাৰ সাৰুৱা ক্ষেত্ৰখনক কি বোলে? 

উত্তৰঃ- সাধনাৰ সাৰুৱা ক্ষেত্ৰখনক নীৰৱতা বোলে। 


9. মৌ-মাখিয়ে ফুলে ফুলে উৰি কি আহৰণ কৰে? 

উত্তৰঃ- মৌ-মাখিয়ে ফুলে ফুলে উৰি মৌ আহৰণ কৰে।  


10. মকৰাই কেনেদৰে জাল বয়? 

উত্তৰঃ- মকৰাই নিজৰ পেটৰপৰা বিজলুৱা এঠা উলিয়াই জাল বয়। 


11. পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে মানুহে জীৱনৰ আগডোখৰত কি কৰিব লাগে? 

উত্তৰঃ- পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে মানুহে জীৱনৰ আগডোখৰত সাধনা কৰিব লাগিব। সেই সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। 


12. ৰামানুজে ক'ত কি কামত সোমাইছিল? 

উত্তৰঃ- ৰামানুজে কৰপোৰেচন অফিচত কেৰাণীৰ কামত সোমাইছিল। 


13. শোথ কি? ইয়াৰ ফলত কি হয়? 

উত্তৰঃ- শোথ হ'ল এবিধ বেমাৰ। এই বেমাৰ হোৱাৰ ফলত পৰিপাক শক্তিৰ তেজ কমি শৰীৰত পানী জন্মে আৰু শৰীৰ মোটা হয়। 


14. নৈতিক শোথ-ৰোগী বুলি কাক কোৱা হয়? 

উত্তৰঃ- যিবোৰ ডেকা-গাভৰুৱে নৈতিক বা সামাজিক জীৱনত আগৰ গতানুগতিক বচন কিছুমান গাই নিজক প্ৰভাৱশালী বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, সেইবোৰক নৈতিক শোথ-ৰোগী বুলিব পাৰি। 


15. বাণীকান্ত কাকতিদেৱৰ জন্ম ক'ত হৈছিল? 

উত্তৰঃ- বাণীকান্ত কাকতিদেৱৰ জন্ম বৰপেটাত হৈছিল। 


16. আধুনিক ভাৰতত প্ৰথম এফ্. আৰ্. এচ্. (FRS) কোন?

উত্তৰঃ- আধুনিক ভাৰতত প্ৰথম এফ্. আৰ্. এচ্. হ'ল ৰামানুজ। 


17. প্ৰকৃত স্বাস্থ্যৱান কোন?

উত্তৰঃ- তেজৰ বলত যিজন মানুহ শকত-আৱত হয়, তেঁৱেই প্ৰকৃত স্বাস্থ্যৱান। 


18. 'কার্ল মার্ক্স'ৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ- 'কার্ল মার্ক্স'ৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল- ডচ্‌ কেপিটেল। 


19. পৃথিৱীৰ দুগৰাকী নীৰৱ সাধকৰ নাম লিখা। 

উত্তৰঃ- পৃথিৱীৰ দুগৰাকী নীৰৱ সাধকৰ নাম হ'ল- (১) কার্লমার্ক্স আৰু (২) আব্ৰাহাম লিংকন। 


20. 'ডচ্‌ কেপিটেল' গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তেওঁ নিতৌ ক'ত কিতাপ পঢ়িছিল?

উত্তৰঃ- ডচ্‌ কেপিটেল গ্ৰন্থখন কাৰ্লমাৰ্ক্সে ৰচনা কৰিছিল। তেঁও নিতৌ লণ্ডনৰ বিট্ৰিছ মিউজিয়ামত কিতাপ গঢ়িছিল। 


21. নীৰৱ সাধকসকল কিয় মৌ-মাখিৰ নিচিনা হ'ব লাগে? 

উত্তৰঃ- মৌ-মাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌ-চাক তৈয়াৰ কৰে। নীৰৱ সাধকসকলে বুৰঞ্জীৰ নানা যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য-বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌ-চাক গঢ়ি তুলিব লাগিব। সেই মৌ-চাকৰ পৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব। সেয়েহে নীৰৱ সাধুকসকল মৌ-মাখিৰ নিচিনা হ'ব লাগে। 


22. কার্ল মার্ক্সৰ দৈনন্দিন জীৱন কেনেকুৱা আছি? তেখেত কিহৰ বাবে পৃথিৱী বিখ্যাত? 

উত্তৰঃ- কার্ল মার্ক্স লণ্ডনৰ বিট্ৰিছ মিউজিয়ামত নিতৌ কিতাপ পঢ়া অসংখ্য মানুহৰ ভিতৰত এজন আছিল। তেওঁ দিনৰ দিনটো নানা কিতাপৰ টোকা লয়। গধুলি ভাৰালৈ লোৱা হোটেলৰ কোঠালৈ আহি দেখে যে পত্নী আৰু সন্তানৰ সৈতে তেওঁলোকৰ খাবলৈ পইচা নাই। তেওঁ পত্নীৰ অলংকাৰ এপদ খহাই লৈ ওলাই যায়। বেপাৰীৰ ওচৰত বন্ধক ৰাখি বস্তু লৈ আহে। এয়াই আছিল তেওঁৰ দৈনন্দিন জীৱন।

তেখেত ডচ্‌ কেপিটেল গ্ৰন্থৰ বাবে পৃথিৱী বিখ্যাত।


23. ৰাইজৰ মঙ্গল সাধনক লেখকে ভীমৰ গদাৰ সৈতে তুলনা কৰাৰ কাৰণ কি?  

উত্তৰঃ- ভীমৰ গদা ঘূৰাবলৈ হ'লে যেনেদৰে ভীমৰ দৰে বল অর্জন কৰি ল'ব লাগে, তেনেদৰে ৰাইজৰ মংগল কৰিবলৈ হ'লেও ধৈৰ্য্য ধৰিব লাগে। ভীমৰ বল অর্জন কৰাটো যেনে কঠিন ধৈৰ্য্য ধৰাটোও কঠিন আৰু আজিকালি ডেকা গাভৰুসকলৰ মাজত কৃত্ৰিম অধৈৰ্য্যই দেখা দিছে। সেয়ে ৰাইজৰ মংগল সাধনক লেখকে ভীমৰ গদাৰ সৈতে তুলনা কৰিছে। 


24. তাৎপর্য ব্যাখ্যা কৰাঃ-  "বুৰঞ্জীত এনে নীৰৱ সাধনাৰ চিত্ৰ অসংখ্য পোৱা যায়।"

উত্তৰঃ- পৃথিৱীৰ বুৰঞ্জীত বা ভাৱমণ্ডলীত যিসকল পুৰুষে আটাইতকৈ বেছি খলখনি লগাই গৈছে, সেইবোৰ পুৰুষৰ আঁতি-গুৰি বিচাৰিলে দেখা যাব যে তেওঁলোক কাৰো চকুতেই পৰা বিধৰ লোক নাছিল। পাঁচ শ বছৰ পূৰ হোৱা নাই, চেক্সপীয়েৰক লৈ কাব্য-জগত তোলপাৰ। অথচ চেক্সপীয়েৰ কোন আছিল, কি কৰিছিল কোনোৱে গম পোৱা নাই। বহুতে তেনে মানুহ নাই বুলিও ক'ব খোজে। 


25. সিদ্ধিৰ পথত সাধনাৰ মাজেদি যাবই লাগিব।

উত্তৰঃ- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ "সাহিত্য সুবাস''ৰ ড° বাণীকান্ত কাকতিৰ ''নীৰৱ সাধনা''ৰ পৰা উদ্ধৃত।

কোনো বস্তু পাবলৈ সাধনা কৰিব লাগে। সাধনাৰ দ্বাৰা সিদ্ধি লাভ কৰিব পাৰি। সেই সাধনা হ'ব লাগিব অন্তৰৰ পৰা। আনে দেখাকৈ চকু দুটা মুজি থকাটোক সাধনা বুলি নকয়। মহাত্মা গান্ধীৰ আন্দোলন আছিল নীৰৱ সাধনাৰ ফল। একানপটীয়াকৈ কৰা চেষ্টা বা যত্নৰ ফলত সাধনা সিদ্ধ হয়।

যি কোনো কামত সিদ্ধি লাভৰ বাবে আৰাধনাৰ প্ৰয়োজন, সেয়া দহৰ উপকাৰৰ হওঁক বা নিজৰ ভোগৰ বাবে বা নিজৰ গৌৰৱ আহৰণৰ বাবেই হওঁক। অৱশ্যে বয়স আৰু অৱস্থা ভেদে এই সাধনাক্ষেত্ৰ বেলেগ হ'ব পাৰে। 


26. চমুটোকা লিখাঃ-

(ক) চেক্সপীয়েৰঃ- উইলিয়াম চেক্সপীয়েৰ ইংৰাজী সাহিত্যৰ এজন কালজয়ী নাট্যকাৰ, ৰঙ্গমঞ্চৰ মানুহ আৰু এগৰাকী কবি আছিল। তেখেতৰ জন্ম ১৫৬৪ চনত হয়। তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ'ল— ৰোমিঅ' জোলিয়েট, অ'থেলো, মার্চেণ্ট অৱ ভেনিচ, টুবেলভ নাইট, হেমলেট, দি টেমপেষ্ট, মেকবেথ, জুলিয়াছ।


26. (খ) আব্ৰাহাম লিঙ্কনঃ- ১৮০৯ চনৰ এটি স্মৰণীয় দিনত এইজনা ব্যক্তিৰ জন্ম হয়। এওঁৰ জন্মস্থান হ'ল আমেৰিকা। তেওঁ এজন সাধাৰণ খেতিয়কৰ ল'ৰা আছিল। দেউতাকৰ লগত পথাৰত হাল বাওতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পাছত তেওঁ বেৰিষ্টাৰ পাছ কৰে। ১৮৬১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদে অলংকৃত কৰে। তেওঁৰ সত্যনিষ্ঠা আৰু কর্তব্য পৰায়ণতা সর্বজন বিদিত আছিল। তেওঁৰ শাসন কালতেই আমেৰিকাত গৃহ যুদ্ধই দেখা দিছিল। ১৮৬৫ চনত এইজনা বিৰল গুণৰ অধিকাৰী লোকক আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। 


26. (গ) কালমার্ক্সঃ- কার্লমাৰ্ক্সৰ সম্পূর্ণ নাম কার্ল হেইনৰিচ্চ মার্ক্স। কার্লমার্ক্স একেধাৰে এজন জার্মান ফিল'ছ'ফাৰ, অর্থনীতিবিদ, সমাজ বিজ্ঞানী, বুৰঞ্জীবিদ, সাংবাদিক আৰু বিপ্ল'বী সমাজতন্দ্ৰী লোক। মার্ক্সৰ সমাজ, অর্থনীতি আৰু ৰাজনীতিৰ মতামতসমূহক মাক্সিজিম বা মার্ক্সীয় নীতি বা মার্ক্সবাদ হিচাপে জনা যায়। তেওঁৰ জীৱন কালত বহুতো কিতাপ লিখি গৈছে। তাৰ ভিতৰত 'দ্য কমিউনিষ্ট মেনিফেষ্ট' আৰু 'ডাচ্‌ কেপিটেল' উল্লেখযোগ্য। 


27. বাক্য ৰচনা কৰাঃ- 

আশাৰ থলঃ- বানপানীয়ে খেতিপথাৰ নষ্ট কৰাৰ পাছত গাওঁবাসীৰ আশাৰ থল নাইকীয়া হৈ পৰিল। 

আঁতি-গুৰিঃ- প্ৰকৃত ঘটনাটো আঁতি-গুৰি মাৰি কোৱাৰ পাছতহে সকলোৱে বুজি পালে। 

ইহলীলা সম্বৰণ কৰ্‌‌:- বেমাৰত পৰি কিতাপখন সম্পূর্ণ নকৰাকৈয়ে তেওঁ ইহলীলা সম্বৰণ কৰিলে। 

হৈ চৈ কৰ্‌‌:- সকলোৱে হৈ-চৈ কৰাত বাঘটো তাৰপৰা আঁতৰি গ'ল। 

আওকাণ কৰঃ- মাক-দেউতাকৰ কথা কেতিয়াও আওকাণ কৰিব নালাগে। 

খেলিমেলি লগাঃ- খৰধৰ কৰোতে সিহঁতৰ সকলোবোৰ কামত খেলি-মেলিহে লাগিল। 

আওমৰণে মৰ্‌‌:- একমাত্ৰ পুতেকজন আওমৰণে মৰাত বিমলহঁতৰ ঘৰখনত অশান্তিয়ে বিৰাজ কৰিছে। 

ভাগ্য-নির্মাতাঃ- আপদে-বিপদে সহায় কৰে বাবে কমলৰ ঘৰখনে ভকতজনক ভাগ্য-নির্মাতা বুলি ভাবে। 


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »