-->

Class 10 Assamese বৈচিত্র্যময় অসম দশম শ্ৰেণী 2

VII. মিচিংসকল । Mising

1. ভৃগুমনি কাগয়ুঙে ৰচনা কৰা দুখন কাব্য গ্রন্থৰ নাম লিখা। 

উত্তৰঃ- ভৃগুমনি কাগয়ুঙে ৰচনা কৰা দুখন কাব্য গ্রন্থৰ নাম হ'ল— (১) কবিতা কলি (২) অনাহুত। 


2. কোন চনত যাদৱ পায়েঙে পদ্মশ্রী উপাধি পায়।

উত্তৰঃ- ২০১৫ চনত যাদৱ পায়েঙে পদ্মশ্রী উপাধি পায়। 


3. মিচিং জনজাতিৰ বিষয়ে এটা চমু টোকা লিখা।

(নাইবা) 

মিচিংসকলৰ তিনিবিধ সাজপাৰৰ নাম লিখা।

উত্তৰঃ- মিচিংসকল বা মিৰিসকল হৈছে অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগোষ্ঠী। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাপে 'মিৰি' নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰি সমাজৰ এক শ্রেণীৰ মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে। তেওঁলোকে নিজকে 'তানি' বুলি পৰিচয় দিয়ে যাৰ অৰ্থ মানুহ বা মানৱ। অৰুণাচলৰ ''আবৰ পাহাৰৰপৰা সূচল জীৱিকাৰ সন্ধানত তেওঁলোকে অসমৰ সমতললৈ নামি আহিছিল। কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বলস্বৰূপ যদিও তাৰ উপৰিও মাহ, সৰিয়হ, বিবিধ আলু, আদা, কচু, জলকীয়া আদিৰ খেতিও তেওঁলোকে কৰে। গাঁওবোৰত শান্তি-সম্প্রীতি বজাই ৰাখিবৰ বাবে তেওঁলোকৰ এজন গাঁওবুঢ়া থাকে। কোনোৱে অপৰাধ কৰিলে কৗবাং বা মেল পাতি তেওঁ দোষীৰ বিচাৰ কৰে। পুৰুষসকলে পৰম্পৰাগত মিবু গালুগ, গনৰ উগন টঙালি দুমৌৰ আদি সাজপাৰ পৰিধান কৰে। মহিলাসকলে ৰিহা-মেখেলা, ৰিবি-গাচেং আদি সাজপাৰ পৰিধান কৰে। মিচিং তিৰোতাই তাঁতশালত সৰগ ৰচনা কৰিব পাৰে। তেওঁলোকৰ দঞি-পল হৈছে মূলধন। জন্মৰপৰা মৃত্যুলৈকে জীৱনটোক দঞি-পল বা সূর্য-চন্দ্ৰই পৰিচালনা কৰে বুলি তেওঁলোকে বিশ্বাস কৰে। কুকুৰাক বিপদৰ ৰক্ষা কবচ বুলি তেওঁলোকে বিশ্বাস কৰে। তেওঁলোকৰ জাতীয় উৎসৱ হ'ল ''আলি-আঃয়ে লিগাঙ'' তাৰ উপৰি তিনিটা বিহুও পালন কৰে। ভাষা সাহিত্যৰ বিকাশতো তেওঁলোক আগবঢ়া। 


4. আলি-আঃয়ে লিগাঙ কি?

উত্তৰঃ- আলি-আঃয়ে লিগাঙ হৈছে মিচিংসকলৰ এটা জাতীয় উৎসৱ। আলি মানে মাটিৰ তলত হোৱা বীজ, আঃয়ে হ'ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং মানে হ'ল ৰোপণ কার্যৰ শুভাৰম্ভ। অর্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্রথম বুধবাৰৰ দিনটোত এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। এই দিনটোৰ হিচাপ ৰাখিয়েই বীজ ৰোপণৰ শুভাৰম্ভ কৰে। পুৰাং আপিন বা টোপোলা ভাতৰ লগত দিনচান, ঙচান অর্থাৎ শুকান মাছ, মঙহ আৰু আপঙে ই মিচিংসকলৰ চিৰাচৰিত প্রধান খাদ্য। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় দ্রব্য। 


5. মিচিংসকলৰ ধৰ্ম পন্থাৰ বিষয়ে লিখা। 

উত্তৰঃ- মিচিংসকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম প্ৰন্থা অৱলম্বন কৰে যদিও স্বধর্ম হিচাপে ''দঞি-পল-ই'' মিচিংসকলৰ মূলধর্ম। লোকবিশ্বাসত বিশ্বাসী তেওঁলোকে কুকুৰাকে সততেই বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে মানে। ধর্মীয় উৎসৱ দবুৰ পূজা তাৎপর্যপূর্ণ। বিভিন্ন দেৱতাৰ সন্তুষ্টার্থে দবুৰত পূজা আগবঢ়োৱা হয়। দঞি-পল বা সূর্য চন্দ্রই জীৱনটোক পৰিচালনা কৰে বুলি মিচিংসকলে বিশ্বাস কৰে। 


6. যাদৱ পায়েঙে ৰোৱা কাঠনিখনৰ বিষয়ে লিখা।

উত্তৰঃ- পৰিৱেশবিদ যাদৱ পায়েঙে ৰোৱা কাঠনিখন মাজুলী জিলাৰ ঔনা বা অৰুণা চাপৰিৰ দাঁতিত অৱস্থিত। বর্তমান ১৩৬০ একৰ অর্থাৎ ৪০৫০ বিঘা মাটিত মোলাই কাঠনি বিয়পি আছে। ইয়াত মূল্যবান ৰঙা চন্দন, বগা চন্দন, হলখ, চিচু, গমাৰী, তিতাচ পা, পমা আদি মূল্যৱান গছ আছে। চাৰিটা টেঁকীয়াপতীয়া বাঘ মোলাই কাঠনিৰ প্রধান আকর্ষণ। তাৰোপৰি ইয়াত আছে জগোই আদি।


VIII. মণিপুৰীসকল । Manipuri

1. ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰীভাষা কিমান চনত অন্তর্ভুক্ত হয়?

উত্তৰঃ- ১৯৯২ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰীভাষা অন্তর্ভুক্ত হয়। 


2. নাওৰিয়া ফুলোৰ ৰচিত তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ- নাওৰিয়া ফুলোৰ ৰচিত তিনিখন গ্ৰন্থৰ নাম হ'ল- 

(১) গৌড় ধর্ম চঙকপা মতাং 

(২) মীতৈ য়েলহৌ ময়েক 

(৩) মীতৈ হৌভম 


3. ''পান মণিপুৰী লিটাৰেৰী ফ'ৰাম'' কেতিয়া আৰু কাৰ উদ্যোগত গঠন হয়?

উত্তৰঃ- ২০০৫ চনত সৰস্বতী সিংহৰ উদ্যোগত পান মণিপুৰী ফ'ৰাম গঠন হয়। 


4. কেতিয়াৰ পৰা মণিপুৰীসকলে অসমত স্থায়ীভাৱে বসবাস কৰি আহিছে?

উত্তৰঃ- মানৰ অসম আক্ৰমণৰ পিছৰপৰা মণিপুৰীসকলে অসমত স্থায়ীভাৱে বসবাস কৰি আহিছে। 


5. মণিপুৰী বা মীতৈ/মৈতৈসকলৰ সমাজত সাতটা য়েক ছালাইৰ (খেল ৰা ফৈদ) নাম কি কি?

উত্তৰঃ- মণিপুৰী বা মীতৈ/মৈতৈ সমাজ সাতটা য়েক ছালাইত বা খেল/ফৈদত বিভক্ত। (১) খুমন (২) লুৱাং (৩) মঙাং (৪) চেংলৈ (৫) আঙোম (৬) খাবা-ঙানবা (৭) মোইৰাং। 


6. মণিপুৰী/মৈতৈসকলৰ নিজা ঘৰত পূজা-অর্চনা কৰা দেৱ-দেৱীৰ নাম কি কি?

উত্তৰঃ- মণিপুৰীসকলৰ নিজা ঘৰত পূজা-অর্চনা কৰা দেৱ-দেৱীৰ নাম হ'ল—লাইনিংথৌ ছানামহী, ইমা লৈমৰেণ শিদবী। 


7. লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয়? এই উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম লিখ।

উত্তৰঃ- লাই হৰাওবা হৈছে এটা উৎসৱ। লাই হাৰাওবাৰ অর্থ। হৈছে- ''নেদেখাজনৰ সন্তোষ সাধন''।

লাই হৰাওবা উৎসৱ বহাগ মাহত পালন কৰা হয়। এই উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্রৰ নাম হ'ল—পেনা।


8. মণিপুৰী মীতৈ/মৈতৈ সকলৰ কিছুমান নাচৰ নাম লিখা। 

উত্তৰঃ- থাবল চোংবি, মাইবী জগোই আদি। 



IX. সোনোৱাল কছাৰীসকল । Sonowal Kachari 

1. সোনোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?

উত্তৰঃ- সোনোৱাল কছাৰীসকল পুৰাতন ধর্মৰ উপাসক আছিল।


2. ডিমাছা ভাষাত সোনোৱাল মানে কি? 

উত্তৰঃ- ডিমাছা ভাষাত সোনোৱাল মানে হ'ল— উজ্জ্বল আৰু ঐশ্বর্যশালী। 


3. সোনোৱাল কছাৰীসকলৰ সমাজ পদ্ধতি বর্ণনা কৰা। 

উত্তৰঃ- সোনোৱাল কছাৰীসকলৰ প্রথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰ কুচীয়া। বর্তমান সোনোৱালসকলৰ মাজত ১৩৫ টা সঁচ আছে। ইয়াৰে চাৰিটা বা ততোধিক সঁচ মিলি একোটা বংশ হয়। এওঁলোকৰ মাজত সৰ্বমুঠ ২৫ টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক নির্বাচন কৰি কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সোনোৱাল কছাৰীসকলৰ বিবাহৰ ক্ষেত্ৰত প্রথমে সঁচ আৰু বংশ বিচাৰ হয়। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ককাই ভাই হিচাপে গণ্য কৰা হয়। 


4. সোনোৱাল কছাৰীসকলৰ লোকসাহিত্য সমূহৰ বিষয়ে লিখা।

উত্তৰঃ- সোনোৱালসকলৰ লোক সাহিত্যসমুহে মুখ বাগৰি যুগ যুগ ধৰি কৃষ্টি, সংস্কৃতি ইতিহাস বহন কৰি আহিছে। জনসাধাৰণে ৰচনা কৰা সাহিত্যকে লোকসাহিত্য বোলে। ইয়াৰোপৰি মুখে মুখে ৰচনা কৰা, মুখ বাগৰি জীয়াই থকা পুৰণি নাম, মালিতা, পদ, ফকৰা যোজনা, সাধুকথা ইত্যাদি উল্লেখযোগ্য চহা সাহিত্য। বর্তমানলৈকে প্রাপ্ত লোকসাহিত্যসমূহৰ ভিতৰত হায়দাং গীত, হুঁচৰি গীত, আইনাম, ধাইনাম, গোঁসাইনাম আদিয়েই প্রধান। মুখ বাগৰি অহা এই সাহিত্যবোৰ বর্তমান লিখিত ৰূপত প্রকাশ পাবলৈ ধৰিছে। 


5. যোগেশ দাসৰ ৰচিত তিনিখন গল্পপুথিৰ নাম লিখা। 

উত্তৰঃ- যোগেশ দাসৰ ৰচিত তিনিখন গল্প পুথিৰ নাম হ'ল— (১) ডাৱৰৰ আঁৰে আঁৰে (২) মদাৰৰ বেদনা (৩) পপীয়া তৰা।


6. যোগেন্দ্র নাথ হাজৰিকা কোন আছিল? তেওঁৰ ৰচিত এখন অসমীয়া আৰু এখন ইংৰাজী গ্রন্থৰ নাম লিখা। 

উত্তৰঃ- যোগেন্দ্র নাথ হাজৰিকা অসমৰ প্রাক্তন মুখ্যমন্ত্রী আছিল। ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্রী হয়।

তেওঁৰ ৰচিত অসমীয়া গ্রন্থ হ'ল 'ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু গণ পৰিষদ। ইংৰাজী ভাষাত লিখা গ্রন্থখন হ'ল— Consideration on twenty five Million Soul of Trial India. 


7. সোনোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?

উত্তৰঃ- সোনোৱাল কছাৰীসকলৰ মাজত শাক্ত আৰু বৈষ্ণৱ এই দ্বৈতধর্ম বিৰাজমান। সোনোৱাল কছাৰীসকল ৮৩০ খ্রীঃৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল। ১৬৮১ চনত আহোম স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্ৰীশ্ৰী কেশৱদেৱ গোস্বামীদেৱে শদিয়াৰ সোনোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন কৰি থাকোতে কৌশলেৰে তেওঁলোকক শৰণ দি দ্বৈত ধৰ্মত বিভাজন কৰে। সত্রধিকাৰৰ ওচৰত শৰণ লোৱাসকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামকৰণ কৰিলে। সেই সময়ৰ পৰাই তেওঁলোকৰ মাজত ''গোঁসাই'' নাম অন্তর্ভুক্ত হয়। সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্রতি সোনোৱাল কছাৰীসকল দ্বৈত ধর্মী। শৰণ লোৱাৰ পাছৰপৰা সোনোৱালসকলৰ মাজত নামঘৰৰ প্ৰচলন হ'ল।



X. হাজংসকল । Hajong

1. হাজংসকল কোন জনগোষ্ঠীৰ লোক? 

উত্তৰঃ- নৃতাত্বিকসকলৰ মতে হাজংসকল ইণ্ডোমংগোলীয় জনগোষ্ঠীৰ লোক।  


2. বর্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বসবাস কৰি আছে?

উত্তৰঃ- হাজংসকল বর্তমান অসমৰ গোৱালপাৰা, ধুবুৰী, বাক্সা, কামৰূপ, চিৰাং, দৰং, ওদালগুৰি, ধেমাজী, নগাঁও, লখিমপুৰ আদি জিলাৰ অ'ত ত'ত তাকৰীয়া সংখ্যকভাৱে সিঁচৰিত হৈ বাস কৰি আছে।  


3. হাজংসকলক পার্বত্য স্বায়ত্তশাসিত জিলাবোৰত কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল?

উত্তৰঃ- ভাৰতৰ সংবিধানৰ ১৯৫০ চনৰ আইন অনুসৰি হাজংসকলক পার্বত্য স্বায়ত্তশাসিত জিলাবোৰত অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল। 


4. হাজংসকলৰ মূল জীৱিকা কি?

উত্তৰঃ- হাজংসকলৰ মূল জীৱিকা হৈছে– কৃষি। 


5. হাজং সমাজৰ কাছৰি ঘৰৰ তাৎপর্য কি?

উত্তৰঃ- হাজং সমাজৰ কাছৰি ঘৰক বাট চ'ৰা ঘৰ বুলি ক'ব পাৰি যদিও আচলতে ই ডেকাচাং আছিল। এসময়ত গাঁৱৰ মূৰব্বী বা প্ৰতিপত্তিশীল ব্যক্তিৰ ঘৰ হাউলিতহে কাছৰি ঘৰ আছিল। এই ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলে নিশা শুইছিল। গাঁৱলৈ পুৰুষ আলহী অতিথি আহিলেও এই কাছৰি ঘৰত ৰাতি থাকিবলৈ দিয়া হয়।  


6. ৰাঙা পাটিন কি?

উত্তৰঃ- হাজংসকলৰ মহিলাসকলে পিন্ধা ৰং বিৰঙৰ কাৰু-কার্য খচিত কাপোৰখিনিক ৰাঙা পাটিন বোলে।  


7. বানা কি? 

উত্তৰঃ- হাজংসকলে পৰম্পৰাগতভাৱে তৈয়াৰ কৰা বাঁহৰ তাঁত।  


8. বাস্তদেও পূজা কেতিয়া অনুষ্ঠিত কৰে?

উত্তৰঃ- বাস্তদেও হাজংসকলৰ মূল দেৱতা। তেওঁলোকে বাস্তদেও পূজা বহাগ মাহত অনুষ্ঠিত কৰে।



XII. নাথযোগীসকল । Nath-Yogi

1. অসমৰ নাথযোগীসকলৰ উৎপত্তি সম্পর্কে লিখা। 

উত্তৰঃ- নাথ বা যোগী সম্প্ৰদায়য়ো মূলতঃ শৈৱপন্থী। এখেতসকলে অতীতত পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্রাত্যধর্ম। শৈৱধৰ্মৰ মূল দর্শন যোগসাধন। যোগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। নাথ পৰম্পৰাৰ মতে আদিনাথ অর্থাৎ ভগৱান শিৱই হৈছে প্ৰথমগৰাকী নাথ। মহাযোগী মৎস্যেন্দ্রনাথ আৰু গুৰু গোৰাক্ষনাথ নাথসকলৰ প্ৰধান দুগৰাকী গুৰু। নাথ যোগী সম্প্ৰদায়টো গৰু শিষ্য পৰম্পৰাত বিশ্বাসী। নাথ যোগীসকলৰ দুটা ভাগ হ'ল গৃহস্থ যোগী আৰু সন্যাসী যোগী। সন্যাসী যোগীসকলে নাথ ধৰ্মৰ প্ৰচাৰ কৰে।

অসমতো নাথ যোগীসকলে  প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে। ঘাইকৈ গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, দৰং, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, কাছাৰ জিলাত লক্ষ্য লক্ষ্য নাথোগী মানহে বসবাস কৰি আছে। ইয়াৰ বাহিৰেও অসমৰ প্ৰত্যেকখন জিলাতে এই সম্প্ৰদায়টোৰ মানুহ বসবাস কৰি আহিছে। ইয়াৰ বাহিৰেও বৰ্তমানৰ হোজাই জিলাৰ যোগীজান, তেজপুৰৰ সমীপৰ সূর্যপাহাৰৰ শিৱ লিঙ্গ, গোৱালপাৰা যোগীঘোপাৰ পাহাৰৰ গুহাসমূহ অতীত কামৰূপ প্ৰদেশত নাথ সিদ্ধ পুৰুষসকলৰ যোগ সাধনাৰ স্থলী আছিল বুলি বিভিন্ন গ্রন্থত উল্লেখ আছে। বর্তমান অসমৰ এক বুজন সংখ্যক নাথ যোগীলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মত দীক্ষিত হৈ মহাপুৰুষীয়া ধর্ম-সংস্কৃতিক গ্ৰহণ কৰিছে। 

অতীত অসমৰ নাথ যোগীসকলৰ পুৰুষ মহিলা উভয়েই বোৱা কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল। সেয়েহে নাথ যোগীসকলৰ বহু লোকক কাটনী বুলিও কোৱা হয়। এই সম্প্ৰদায়টোৰ গুণী পুৰুষ পৰম ভক্ত বৈষ্ণৱ মথুৰানাথ বুঢ়া আতা মহাপুৰুষ শংকৰদেৱৰ এগৰাকী  প্ৰিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। গুৰুজনাৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰখনৰ মাত্ৰ কেইহাত মান বোৱাৰ পিছত বস্ত্রখনি তৈয়াৰ কৰাৰ দায়িত্ব মহাপুৰুষ জনাই মথুৰানাথ বুঢ়া আতাৰ ওপৰত ন্যস্ত কৰিছিল।  


2. নাথযোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা। 

উত্তৰঃ- নাথসকলৰ অতি  প্ৰাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ণ আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনা কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচার্য সকলে ৰচনা কৰা চর্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্ৰভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে।

নাথসকলৰ গুৰু গোক্ষনাথ হঠযোগ সাধন মার্গৰ আৱিস্কাৰক। গুৰ গোৰক্ষনাথে প্ৰৱৰ্তন কৰা যোগসাধন মার্গৰ ওপৰত ৰচিত স্বাম স্বত্মাৰাম যোগীৰ "হঠযোগ প্ৰদীপিকা" সমগ্র বিশ্বতে সমাদৃত। নাথসকলৰ আদি গুৰু মহাযোগী মৎস্যেন্দ্রনাথ কামৰূপৰ বাসিন্দা আছিল। তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন অছিল। অসমৰ নাথ যোগীসকল অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ অন্যতম কাৰক আৰু বাহক। দৰং জিলাৰ প্ৰসিদ্ধ -(সুকন্যক্তি) ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহ সম্প্ৰদায়টোৱে শ শ বছৰ ধৰি কঢ়িযাই ফুৰা অসমৰ এক চহকী সাংস্কৃতিক সম্পদ। সময়ৰ সোঁতত এই  প্ৰাচীন ঐতিহ্যময় জনগোষ্ঠীটোৱে নানানটা সামাজিক উত্থান পতনৰ মাজেদি নিজৰ আস্থা পৰিচয় ৰক্ষা কৰি আহিছে। এই সম্প্ৰদায়টোক শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ধর্মীয় সকলো দিশতে আগবঢ়াই নিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰা প্ৰমুখ্যে ভালেকেই গৰাকী দূৰদৰ্শী ব্যক্তি উদ্যোগত ১৯১৯ চনতেই গঠিত হয়। অসম প্ৰাদেশিক যোগী সম্মিলনী। এই সম্মিলনী অসমৰ অন্যতম পুৰণি জনগোষ্ঠীয় অনুষ্ঠান।



XII. আদিবাসীসকল । Adivasi

1. আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- অসমৰ প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁৱত বসবাস কৰা প্ৰায় ৫৬ লাখ আদিবাসী সকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। এওঁলোক অসমীয়া সংস্কৃতি আৰু অসমৰ আর্থ-সামাজিক বিকাশৰ অন্যতম উপাদান। চাহ বাগিচা তথা গাঁৱত বসবাস কৰা এই গোষ্ঠীসকলৰ পূর্ব-পুৰুষসকল আদিবাসী বুলি জনা যায়। অৱশ্যে কিছু সংখ্যক লোকে নিজকে আর্য বুলি দাবী কৰে। যিহেতু বুৰঞ্জীবিদসকলে এওঁলোকক আদিবাসী বুলি চিহ্নিত কৰিছে, গতিকে এওঁলোক আদিবাসী বুলিয়েই পৰিচিত।

আদিবাসী শব্দৰ অৰ্থ অনেদৰে দিব পাৰি- 'আদি' মানে  প্ৰথমে বাসী' মানে 'বাসিন্দা' অর্থাৎ দেশৰ প্ৰথম বাসিন্দাসকলক 'আদিবাসী' বুলি কোৱা হয়।

'আদিবাসী' বুলিলে কাঁৱাৰ, কল, ভূমিজ, চৱৰ, চুৰিয়া পাহাৰিয়া, চাঁউতাল, পাহাৰিয়া, ওৰাং, মুণ্ডা, মাল পাহাৰিয়া, মাহালি, লহৰা, কৰৱা, কৰা, কিচান, -(কজ), খেৰৱাৰ, (খাড়িয়া), কুডমালি, হ, গৰাই ড, গড়, চিক বাড়াইক, চেৰ, বিনজিয়া, বিৰজিয়, বিৰহড়, বদিয়া, (বাখুড়ি), বানজাৰা, বাইগা, লধা, দামদাৰি, আৰচুৰ, বন্দা, উড়িয়া, ভিল, নাগাচিয়া, পৰজা, ধানবাৰ, কয়া প্ৰধান ইত্যাদি লোকক বুজায়। অসমৰ গাঁও-বস্তি আৰু চাহ বাগিছাত থকা এটা জাতিৰ লোকে নিজেকে 'আদিবাসী' বুলি পৰিচয় দি গৌৰৱ কৰে। অৱশ্যে বহুতে ইহঁতক চাহ বনুৱা, কুলি, চাহ জনজাতি, সেউজ অসমীয়া আদি নানা নামেৰে নামাকৰণ কৰি আহিছে। এওঁলোকে উক্ত নামাকৰণবোৰক স্বীকাৰ কৰি লৈছে যদিও এওঁলোক প্ৰকৃততে আদিবাসী।

পূর্বতে আদিবাসীসকলে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ফলমূল খাই জীৱন ধাৰণ কৰিছিল বুলি জনা যায়। পিছলৈ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ সকলো কার্য, ৰীতি-নীতি কৃষিভিত্তিক হৈ পৰে।   


2. আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বনৰ বিষয়ে লিখা।

উত্তৰঃ- আদিবাসীসকলৰ ভাষা : আদিবাসীসকলৰ ভাষাসমূহ মূলতঃ দ্রাবিড়ী আৰু অষ্ট্রিক গোষ্ঠীয় ভাষা। উদাহৰণস্বৰূপে উৰাংসকলৰ কুডুষ ভাষাটি দ্রাবিড় গোষ্ঠীৰ সেইদৰে মুণ্ডা আৰু চাওঁতাল সকলৰ ভাষা অষ্ট্ৰীক গোষ্ঠীৰ, কোলাৰীয়ান ভাষা। এওঁলোকৰ ভাষা 'খাছি' সকলৰ ভাষা আৰু কিছুমান ৰীতি-নীতিৰ মিল আছে। তেওঁলোকে নিজৰ মাজত উমৈহতীয়া ভাষা আদিবাসীয়া (চাদৰ) কথা পাতে। আদিবাসীসকলৰ ভাষাসমূহৰ বিকাশৰ বাবে কুডুষ সাহিত্য সভা, চাওঁতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহাসভা, কডমালী সাহিত্য সভা ইত্যাদি গঢ়ি উঠিছে। 

কৰম উৎসৱঃ- ভাদ মাহৰ একাদশী দিনা এই উৎসৱ উদ্‌যাপন কৰা হয়। এই উৎসৱ প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ। কৰম (Nauclea Parvifola) এবিধ গছ। গাঁৱৰ মহিলাসকলে বিশেষকৈ যুৱতীসকলে জংঘলৰ পৰা কৰম ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। পিছত গাঁৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে। আদিবাসীসকলৰ পাহান (পুৰোহিতৰ পূজাৰ পাচত কৰম কাহিনী কয়, য'ত আদিবাসীসকলৰ পৰম্পৰাৰ নীতি-কথাৰ উল্লেখ থাকে। কম উৎসৱটি বন্ধুত্ব, সম্প্ৰীতি-একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ'বলৈ প্ৰস্তুত হোৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। ইয়াৰ বাহিৰেও ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰার্থনা কৰে। কৰম উৎসৱৰ বাদেও আদিবাসীসকলে বাহা পৰব (চাৰহুল), চহৰাই, টুচু, মাগে, ফাগুৱা ইত্যাদি উৎসৱ পাতে। ঝমুৰ, ডমকচ, কৰম, জাদুৰ, লাহচুৱা আদি নাচ -গানেৰে আদিবাসীসকলে উৎসৱসমূহ পালন কৰে।



 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »