-->

চৰকাৰৰ প্ৰকাৰ বা শ্রেণীবিভাগ । Types of Government

চৰকাৰৰ প্ৰকাৰ বা শ্রেণীবিভাগ
Classification of Government


1. চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন?
উত্তৰঃ- গ্রীক দার্শনিক প্লেটো।

2. বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ কোনবিধ?
উত্তৰঃ- গণতান্ত্রিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰ।

3. সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা।
উত্তৰঃ- ইংলেণ্ড।

4. সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্রপ্রধান কোন?
উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্রধান মন্ত্রী আৰু ৰাষ্ট্র প্রধানজন হ'ল ৰাষ্ট্রপতি।

5. ক্ষমতাৰ পথিকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে?
উত্তৰঃ- ৰাষ্ট্রপতীয় চৰকাৰৰ থাকে।

6. ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?
উত্তৰঃ- যুক্তৰাষ্ট্ৰীয় চৰকাৰ।

7. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰঃ- নাই।

8. সংসদীয় পদ্ধতিৰ চৰকাৰৰ আৰম্ভণী ক'ত হৈছিল?
উত্তৰঃ- ইংলেণ্ডত।

9. বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্রকাৰৰ চৰকাৰ কি কি?
উত্তৰঃ- যুক্তৰাষ্ট্ৰীয় চৰকাৰ, এককেন্দ্রীয় চৰকাৰ, সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ।

10. ৰাষ্ট্রপতীয় চৰকাৰ থকা এখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্র।

11. যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰচলন থকা চাৰিখন দেশৰ নাম লিখা।
উত্তৰঃ- (১) আমেৰিকা (২) ভাৰত
(৩) আফ্রিকা আৰু (৪) ছুইজাৰলেণ্ড।

12. এককেন্দ্রীয় চৰকাৰ থকা চাৰিখন ৰাষ্ট্র নাম লিখা।
উত্তৰঃ- (১) জাপান (২) ব্রিটেইন (৩) ফ্রান্স (৪) ইটালী।

13. লীককে আধুনিক যুগৰ চৰকাৰসমূহক কেইটা ভাগত ভাগ কৰিছে? ভাগকেইটা কি কি?
উত্তৰঃ- লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলত দুভাগত ভাগ কৰিছে। ভাগ দুটা হ'ল- (১) একনায়কতন্ত্র বা স্বৈৰতন্ত্র আৰু (২) গণতন্ত্র।

14. ভাৰতৰ প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰঃ- ভাৰতৰ প্ৰথমখন মৰ্চা চৰকাৰ মোৰাৰজী দেশাইৰ দিনত ১৯৭৭ চনত গঠন হৈছিল।

15. গণতন্ত্রত ক্ষমতাৰ উৎস কোন?
উত্তৰঃ- জনসাধাৰণ।

16. প্রত্যক্ষ গণতন্ত্র ক'ত প্ৰচলন আছিল?
উত্তৰঃ- এথেন্সত।

17. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?
উত্তৰঃ- ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ।

18. প্রত্যক্ষ গণতন্ত্র কাক বোলে?
উত্তৰঃ- যি গণতন্ত্রত জনসাধাৰণে প্রত্যক্ষভাৱে শাসনত অংশগ্রহণ কৰিব পাৰে তাকে প্রত্যক্ষ গণতন্ত্র বোলে।

19. বর্তমান পৃথিৱীত জনপ্রিয় হোৱা চাৰি প্ৰকাৰৰ চৰকাৰৰ নাম লিখা।
উত্তৰঃ- (১) এককেন্দ্রীয় চৰকাৰ
(২) যুক্তৰাষ্ট্ৰীয় চৰকাৰ
(৩) সংসদীয় চৰকাৰ আৰু
(৪) ৰাষ্ট্ৰপতীয় চৰকাৰ।

20. কোনখন দেশক যুক্তৰাষ্ট্রৰ গৃহভূমি বুলি কোৱা হয়?
উত্তৰঃ- আমেৰিকাক।

21. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।
উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হ'ল-
(১) সংসদীয় পদ্ধতিৰ চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পর্ক আৰু সহযোগিতা থাকে বিধানমণ্ড ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।
(২) এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।
    সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ'ল-
(১) সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা কাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়। মৰ্চা চৰকাৰ অস্থায়ী আৰু যিকোনো সময়তে ৰাজনৈতিক সংকটে দেখা দিব পাৰে।
(২) এই চৰকাৰত থকা মন্ত্রীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু ক্ষেত্ৰত আমোলাসকলৰ প্রভাৱ বেছি হয় আৰু চৰকাৰখন আমোলতান্ত্রিক হৈ পৰে।

22. ৰাষ্ট্রপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- ৰাষ্ট্রপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল-
(১) ৰাষ্টপ্রধান আৰু চৰকাৰ প্ৰধানৰ মাজত পার্থক্য নাইঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপ্রধান আৰু চৰকাৰ প্রধান বুলি দুজন ব্যক্তি নাথাকে। ইয়াত ৰাষ্ট্রপতিজন ৰাষ্ট্রপ্রধান লগতে চৰকাৰ প্রধানো।
(২) ক্ষমতাৰ পৃথকীকৰণ নীতিঃ- ৰাষ্ট্রপতীয় চৰকাৰত কার্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূর্ণ সুকীয়া। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে। ৰাষ্ট্রপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কার্যক্রমণিকাত অংশ ল'ব নোৱাৰে।

23. ক'ত প্রথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল?
(নাইবা)
আমেৰিকাক কিয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়?
উত্তৰঃ- প্ৰকৃততে আমেৰিকাতেই প্রথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল। সেইবাবে আমেৰিকাক 'যুক্তৰাষ্ট্রৰ গৃহভূমি' বুলি কোৱা হয়।

24. এককেন্দ্রীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উত্তৰঃ- এককেন্দ্রীয় চৰকাৰৰ দুটা গুণ হ'ল-
(১) এককেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্রশাসন ব্যৱস্থা প্রয়োগ আৰু কাৰ্যকৰী কৰিব পাৰে। ইয়াত জটিলতা নাথাকে।
(২) যিহেতু কেন্দ্রীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন চলায় সেইবাবে যিকোনো ভুলৰ বাবে কেন্দ্রীয় চৰকাৰ দায়ী হয়।
এককেন্দ্রীক চৰকাৰৰ দুটা দোষ হ'ল-
(১) এক বৃহৎ আকাৰৰ ৰাষ্ট্রৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।
(২) এককেন্দ্রীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কার্যত অংশ ল'ব নোৱাৰে। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্রিয়তা হ্রাস পায়।

25. ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা।
উত্তৰঃ- ৰাষ্ট্রপতীয় চৰকাৰৰ গুণসমূহ হ'ল-
(১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপতিজন এটা নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হোৱা বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নির্দিষ্ট কার্যকাল থাকে।
(২) ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখ্য যে এই চৰকাৰত 'অৱৰোধন আৰু সন্তুলন' নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাৰী হ'ব নোৱাৰে।
(৩) এই চৰকাৰৰ প্রকৃত ক্ষমতা ৰাষ্ট্রপতিজনৰ ওচৰত কেন্দ্রীভূত হৈ থাকে গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্রভাৱে এই চৰকাৰে ল'ব পাৰে।
(৪) কাৰ্যপালিকা অধিক শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা পৰে।
(৫) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত। ৰাষ্ট্রপতিজনে কার্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰি চলিব নালাগে।
ৰাষ্ট্রপতীয় চৰকাৰৰ দোষসমূহ হ'ল-
(১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপতিজন বিধানমণ্ডলৰ নিয়ন্ত্ৰণৰ বাহিৰত সেয়ে এই চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ অৱকাশ থাকে।
(২) ক্ষমতাৰ পৃথকীকৰণ নীতিয়ে ৰাষ্ট্রপতীয় চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নোহোৱা কৰে বাবে ই দেশৰ প্রশাসনত বিৰূপ প্ৰভাৱ পেলায়।
(৩) ৰাষ্ট্রপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ'লে পৰিৱর্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে।
(৪) ৰাষ্ট্রপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টি হ'ব পাৰে।
(৫) এই চৰকাৰত মন্ত্রীত্ব লাভৰ ক্ষেত্ৰত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে আৰু ই দেশৰ উন্নয়নত প্রতিবন্ধক হ'ব পাৰে।

26. সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল—
(১) এই চৰকাৰত দুজন মুব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা। প্রধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্রী পৰিষদখন হ'ল প্রকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্র প্রধানজন নামমাত্র কার্যপালিকাহে।
(২) এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।
(৩) সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কার্যপালিকাৰ সম্পর্ক নিবিড়।
(৪) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্রস্তাৱ গ্ৰহণ কৰিলে মন্ত্রীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।
(৫) এই চৰকাৰত মন্ত্রীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। মন্ত্রীপৰিষদৰ এজন সদস্যৰ ব্যর্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয়।

27. যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- (১) ক্ষমতাৰ বিকেন্দ্রীকৰণঃ- কেন্দ্রীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য।
(২) ক্ষমতাৰ পৃথকীকৰণঃ- যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ- কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কমক্ষেত্ৰত স্বাধীন। এটা আনটোৰ পৰিপূৰক নহয়।

28. যুক্তৰাষ্ট্রীয় পদ্ধতিৰ চৰকাৰ বর্তমান কিয় জনপ্রিয় হৈছে, উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ- যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যই এই চৰকাৰক জনপ্রিয় কৰিছে—
(১) কেন্দ্রীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য।
(২) যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ- কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কর্মক্ষেত্রত স্বাধীন। এটা আনটোৰ পৰিপূৰক নহয়।
(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন হ'ল লিখিত সংবিধান। এই সংবিধানখন অনমনীয় অথবা দৃঢ়। এই সংবিধানখন সংশোধন কৰা পদ্ধতিও অতি জটিল।
(৪) যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে। এবিধ কেন্দ্রীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ। দুয়োবিধ  চৰকাৰৰ নিজা নিজা সংবিধান থাকে।
(৫) যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত জনসাধাৰণে দুবিধ নাগৰিকত্ব উপভোগ কৰিব পাৰে। সমগ্ৰ ৰাষ্ট্ৰখনৰ  নাগৰিকহোৱাৰ লগতে ইয়াৰ নাগৰিসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মর্যাদা লাভ কৰে।
(৬) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যৱস্থা থাকে, যিয়ে সংবিধানৰ চৰম কার্যকর্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে।

29. এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ- এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ-
(১) এনে চৰকাৰত সংবিধানৰ সকলো ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত থাকে। ফলত ইয়াত কেন্দ্রীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।
(২) এককেন্দ্রীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে। উদাহৰণস্বৰূপে- ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।
(৩) একক নাগৰিকত্ব এককেন্দ্রীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য। ইয়াত যুক্তৰাষ্ট্ৰ থকাৰ দৰে দ্বি-নাগৰিকত্বৰ ব্যৱস্থা নাই।
(৪) এককেন্দ্রীয় চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয়। আইন সভাই প্রস্তুত কৰা সমগ্র দেশৰ বাবে প্রযোজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে। আইন সভাই প্রণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।

30. (i) এককেন্দ্রীক আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্রভেদ লিখা।
উত্তৰঃ- (ক) এককেন্দ্রীক চৰকাৰত প্রয়োজন অনুসৰি আঞ্চলিক চৰকাৰ গঠন আৰু ভংগ কৰিব পাৰে। আনহাতে যুক্তৰাষ্ট্ৰীয় চৰকাৰত কোনো ধৰণৰ আঞ্চলিক চৰকাৰ গঠন কৰিব নোৱাৰে।
(খ) এককেন্দ্রীক চৰকাৰত এক প্ৰকাৰ অর্থাৎ কেন্দ্রীয় চৰকাৰ থাকে। যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই প্রকাৰ অর্থাৎ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ থাকে।
(গ) এককেন্দ্রীক চৰকাৰত প্রশাসনৰ সকলো কাম-কাজ কেন্দ্রীয় চৰকাৰেই পৰিচালনা কৰে। যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্রশাসনৰ সকলো কাম-কাজ সংবিধানে প্রদান কৰা ক্ষমতা অনুসৰি দুয়োবিধ চৰকাৰেই চলায়।

(ii) সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰৰ প্রভেদ লিখা।
উত্তৰঃ- (১) সংসদীয় চৰকাৰত শাসক আৰু নিয়মতান্ত্রিক শাসকৰ মাজত পার্থক্য থাকে। আনহাতে ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপতিয়ে শাসনৰ মুৰবী।
(২) সংসদীয় চৰকাৰত সংসদ বা পালিয়ামেণ্টক শাসনৰ সার্বভৌম ক্ষমতাৰ অধিকাৰী বুলি স্বীকৃতি দিয়া হয়। ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্ৰ আৰু প্রশাসন উভয়ৰে মুৰব্বী হিচাপে ৰাষ্ট্রপতিক স্বীকৃতি দিয়া হয়।
(৩) সংসদীয় চৰকাৰত মন্ত্রীসভাই সংসদৰ অনুমোদন সাপেক্ষে কাম-কাজ চলায়।
(৩) ৰাষ্ট্রপতীয় চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতি মানি চলা হয় বাবে শাসন ব্যৱস্থাত প্রশাসন, আইন প্রণয়ন আৰু বিচাৰ বিভাগ সুকীয়া থাকে।

31. এককেন্দ্রীক চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে? সমালোচনা আগবঢ়োৱা।
উত্তৰঃ- গণতান্ত্রিক দেশসমূহ এককেন্দ্রীক অথবা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় যদিও এককেন্দ্রীয় চৰকাৰক প্ৰকৃতাৰ্থত গণতান্ত্রিক চৰকাৰ বুলিব নোৱাৰি। গণতন্ত্র হৈছে ৰাইজৰ শাসন। এখন ৰাষ্ট্রৰ ৰাষ্ট্র পৰিচালনাত নাগৰিক প্রত্যক্ষ বা পৰোক্ষভাৱে যিমান বেছি অংশীদাৰ হয় তাৰ ওপৰত গণতন্ত্ৰৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে। এককেন্দ্রীয় চৰকাৰ পৰিচালিত দেশত নমনীয় সংবিধান, ন্যায়পালিকাৰ দুর্বল ভূমিকাই এই চৰকাৰক প্ৰায়ে স্বেচ্ছাচাৰী কৰে ফলত জনসাধাৰণৰ মৌলিক অধিকাৰ পর্যন্ত খর্ব হয়। গণতন্ত্রৰ সফলতা নিৰ্ভৰ কৰে দেশ শাসনত জনসাধাৰণৰ অংশ গ্রহণ। এককেন্দ্রীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশ শাসনত অংশ গ্রহণৰ থল নাথাকে। এই চৰকাৰত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায় বাবে দেশত আঞ্চলিক স্বার্থত জনসাধাৰণৰ মাজত অসন্তুষ্টি বৃদ্ধি পায়। চমু অর্থত এককেন্দ্রীয় চৰকাৰ আমোলতান্ত্রিক চৰকাৰ। নির্বাচিত ব্যক্তিৰ পৰিৱর্তে আমোলাসকলেই প্রকৃত শাসন চলায়। জনসাধাৰণৰ ব্যক্তি স্বাধীনতা খর্ব কৰাৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ বাবেহে এই চৰকাৰ উপযোগী। সেয়েহে এককেন্দ্রীয় চৰকাৰক প্ৰকৃতাৰ্থত এখন গণতান্ত্রিক দেশৰ চৰকাৰ আখ্যা দিয়া নাযায়।

32. যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ চাৰিটা গুণ লিখা।
উত্তৰঃ- (১) ভিন্ন ধর্ম, জাতি আৰু ভাষিক গোষ্ঠীয়ে বসবাস কৰা এখন বিশাল ৰাষ্ট্রৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্রসু হয়।
(২) যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয়। ফলত আঞ্চলিক স্বায়ত্ব শাসন আৰু জাতীয় একতা দুয়োটাৰ সুবিধাসমূহ লাভ কৰা দেখা যায়।
(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিৰতণ তথা বিকেন্দ্রীকৰণে সকলোকে গণতন্ত্রত অংশলোৱাৰ সুবিধা প্রদান কৰে।
(৪) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্রীকৰণৰ ব্যৱস্থা থকাত অন্তবিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্রীয় চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ প্রৱণতা নাথাকে।

33. যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ চাৰিটা দোষ লিখা।
উত্তৰঃ- (১) এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয়।
(২) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন দৃঢ় তথা অনমনীয় হোৱাৰ বাবে সময় আৰু পৰিস্থিতি সাপেক্ষ সংবিধান সংশোধন কৰাত জটিলতা আহে। ফলত প্রগতিত বাধা আহে।
(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিৰোধ হোৱাৰ সম্ভাৱনা থাকে।
(৪) যুক্তৰাষ্ট্ৰীয় চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। আঞ্চলিকতাবাদে যুক্তৰাষ্ট্রক দুর্বল কৰে।

34. একদলীয় চৰকাৰত বিৰোধী দল থাকেনে? যদি নাথাকে কেনেকৈ চৰকাৰৰ কাম চলোৱা হয়?
উত্তৰঃ- এক দলীয় চৰকাৰত বিৰোধী দল নাথাকে।
    এনেকুৱা চৰকাৰত যিটো দলে শাসন কার্য চলায় সেই দলটোৰ স্বেচ্ছাচাৰী শাসন চলে বুলিহে ক'ব পাৰি। কিয়নো দলটোৱে শাসন কার্য চলাবলৈ নীতি নিৰ্দ্ধাৰণ কৰোতে ভাল বেয়া বা ভুলত্রুটি আঙুলিয়াই দিবলৈ কোনো বিৰোধী দল নাথাকে। শাসক দলৰ নীতি বা মতাদৰ্শ। ভুলেই হওঁক বা শুদ্ধই হওঁক চৰকাৰে প্রয়োগ কৰিবলৈ দ্বিধাবোধ নকৰে এনেদৰে একক চিন্তা ধাৰাৰে চৰকাৰৰ কাম-কাজ চলোৱা হয়।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »