-->

অর্থনীতিৰ মৌলিক বিষয়সমূহ । Fundamentals of Economics

 অর্থনীতিৰ মৌলিক বিষয়সমূহ 
Fundamental of Economics

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
1. "প্রিন্সিপ'ল অফ ইক'নমিস্ক" গ্রন্থৰ লেখক
(ক) আলফ্রেড মাছেল     (খ) লায়নেল ৰবিন্স
(গ) আডাম স্মিথ     (ঘ) অর্মত্য সেন।
উত্তৰঃ- (ক) আলফ্রেড মাছেল।

2. জোনবিল মেলা অনুষ্ঠিত হোৱা জিলাখন হ'ল—
(ক) মৰিগাঁও        খে) নগাঁও
(গ) যোৰহাট        (ঘ) গোলাঘাট
উত্তৰঃ- (ক) মৰিগাঁও।

3. অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উত্তৰঃ- অর্থনীতি শব্দটো গ্রীক ভাষাৰ পৰা অনা হৈছে।

4. গ্রীকশ Oikosৰ অর্থ কি? অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ- অর্থনীতি শব্দটো গ্রীক শব্দ 'Oikonomia'ৰ পৰা লোৱা হৈছে। ইয়াত 'Oikos' শব্দৰ অৰ্থ হ'ল পৰিয়াল আৰু Norms শব্দৰ অৰ্থ হৈছে নিয়ম।

5. অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰঃ- এডাম স্মিথক অর্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হৈছে।

6. অর্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ- অর্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল।

7. দুবিধ মুক্ত বস্তুৰ উদাহৰণ দিয়া
উত্তৰঃ- বতাহ, বৰষুণ।

8. অর্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ- অর্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো আলফ্রেড মাছেলে আগবঢ়াইছিল।

9. সকলো বস্তুৱেই কিয় সম্পদ নহয়?
উত্তৰঃ- সম্পদ হ'বলৈ বস্তুটোৰ উপযোগিতা, অপ্ৰচুৰতা বা দুর্লভতা, হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা এই চাৰিটা গুণ থাকিব লাগিব তেতিয়াহে সম্পদ হ'ব। সেয়েহে সকলো বস্তু সম্পদ নহয়।

10. অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ- অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো ৰবিন্সে আগবঢ়াইছিল।

11. এডাম স্মিথে কোনখন গ্ৰন্থত আৰ কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ- এডাম স্মিথে 1776 চনত প্রকাশিত গ্রন্থ An Enquiry into the Nature and Causes of the Wealth of Nations অত অর্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াছিল।

12. আলফ্রেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ- আলফ্রেড মাৰ্ছেলে 1890 চনত Principles of Economics গ্ৰন্থত অর্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।

13. লায়'নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ- অর্থনীতিত লায়'নেল ৰবিন্সে 1932 চনত তেখেতৰ “An Essay on the nature and significance of Economic science” গ্রন্থত তেখেতৰ অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।

14. এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কে কৈছিল?
উত্তৰঃ- সমাজ বিজ্ঞানী কার্লাইল আৰু ৰাস্কিনে এডাম স্মিথৰ সংজ্ঞা-ক যক্ষৰ বাণী বুলি কৈছিল।

15. দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে?
উত্তৰঃ- দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেল আৰু নৰ্দহাছে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।

16. কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উত্তৰঃ- কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপা-তা বুলি কোৱা হয়।

17. উৎপাদনৰ উত্‍‍পাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰঃ- মূলধন বুলি কোৱা হয়।

18. 'Micro' আৰু 'Macro' শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ- 'Micro' আৰু 'Macro' শব্দ দুটা গ্রীক শব্দ Mikros আৰু Makrosৰ পৰা লোৱা হৈছে।

19. এডাম স্মিথ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- অর্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথৰ সংজ্ঞা অনুসৰি অর্থবিজ্ঞান সম্পদৰ বিজ্ঞানৰ এই সংজ্ঞাটোক সম্পদভিত্তিক সংজ্ঞা বুলি কোৱা হয়।

20. মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- মাৰ্ছেল অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল- মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কার্যাৱলী অধ্যয়নেই হৈছে অর্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কার্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পার্থিব কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

21. ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- লায়'নেল ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল- যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।

22. ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- ছেমুৱেলছন আৰু নর্দহাছৰ অর্থবিজ্ঞানৰ সংজ্ঞাঃ- দুপ্রাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সর্বোত্তম দক্ষতাপূর্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অর্থনীতিৰ মূল বিষয়।

23. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা তিনিটা লিখা।
উত্তৰঃ- ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ তিনিটা মৌলিক ধাৰণা হৈছে-
(১) মানুহৰ অভাৱ অসীম
(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত
(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

24. ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বোলে? দুটা উদাহৰণ দিয়া।
উত্তৰঃ- অর্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্রতিষ্ঠানৰ অর্থনৈতিক আচৰণসমূহ গাইগোটীয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অর্থবিজ্ঞান বোলে। উদাহৰণ- (১) এজন ভোক্তা আৰু (২) এখন বজাৰ।

25. সমষ্টিবাদী অর্থবিজ্ঞান কাক বোলে?
উত্তৰঃ- অর্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনীতিৰ সামগ্রীক আচৰণ অর্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে সেই পদ্ধতিকে সমষ্টিবাদী অর্থবিজ্ঞান বোলে।

26. আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য লিখা।
উত্তৰঃ- (১) আর্থিক বস্তুৰ যোগান চাহিদাতকৈ সীমিত আনহাতে অনাআর্থিক বস্তু যোগান চাহিদাতকৈ বেছি।
(২) আর্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান নহয় আনহাতে অনাআর্থিক বস্তুবিলাক প্ৰকৃতিৰ মুক্তদান।
(৩) আর্থিক বস্তুৰ দৰ বা দাম থাকে কিন্তু অনাআর্থিক বস্তুৰ দৰ বা দাম নাথাকে।

27. পৰিবেশীয় অর্থনীতি বুলিলে কি বুজা?
উত্তৰঃ- সাধাৰণতে অর্থনৈতিক উন্নতি ক্ষীপ্র কৰাৰ বাবে ঔদোগিকৰণৰ ওপৰত অধিক গুৰুতাব দিয়া হয়। আনহাতে
পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজবিজ্ঞানী সকলক অধিক চিন্তাম্বিত কৰিছে। এনে ক্ষেত্ৰত
পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি। সেই বিষয়ে অধ্যয়ন কৰাই হৈছে পৰিবেশীয় অর্থনীতি।

28. ৰাষ্ট্ৰীয় আয় কাক বোলে? ইয়াক কেনেকৈ নির্ধাৰণ কৰা হয়?
উত্তৰঃ- এখন দেশৰ এটা নির্দিষ্ট বিত্তীয়বৰ্ষত যি প্রস্তুত দ্রব্য বা সেৱা সামগ্রী উৎপাদন কৰা হয় তাৰ মুদ্রা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।
    ৰাষ্ট্ৰীয় আয় নির্ধাৰণ কৰা হয় এখন দেশৰ মুঠ জনসাধাৰণৰ লগত জনমূৰি আয় পূৰণ কৰি।
ৰাষ্ট্ৰীয় আয় = জৰি আয় x দেশৰ মুঠ জনসংখ্যা

29. জনমূৰি আয়ৰ সুত্ৰটো লিখা।
উত্তৰঃ- এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়।

30. অর্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ- বহুকেইটা কাৰণত অর্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ'ল—
(১) বস্তু বা সামগ্রীঃ- সুস্থ গণতন্ত্রত নাগৰিকৰ সচেতনতা অপৰিহার্য। এগৰাকী কৰদাতাই নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্রহ কৰে আৰু কিদৰে ব্যয় কৰে। ব্যয় কৰোতে কি নীতি মানি চলা হয় সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি। এগৰাকী সংগঠকে গভীৰভাৱে দেশৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব। এই ক্ষেত্ৰত তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অর্থনৈতিক। সচেতন গ্রাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণবোৰ কি? বিশ্বায়ন বা গোলকীকৰণ কি? ইয়াৰ সুফল আৰু কুফলবোৰ কি কি? অর্থনৈতিক বিকাশ কি? পৰিৱেশীয় অর্থনীতি কি? এনেবোৰ বহুতো গুৰুত্বপূর্ণ বিষয় অর্থনীতিত অধ্যয়ন কৰা হয় বাবে অর্থ বিজ্ঞানৰ প্রয়োজনীয়তা বৃদ্ধি পাই আহিছে।
(২) উপযোগিতাঃ- উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। বস্তুৰ উপযোগিতা নির্ধাৰণত অর্থ বিজ্ঞানে সহায় কৰে।
(৩) সম্পদঃ- অর্থনীতিত কোনো বস্তু সম্পদ বুলি ধৰা হয় যেতিয়া সেই বস্তুৰ উপযোগিতা, অপ্ৰচুৰতা বা দুর্লভতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা- এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকে।
(৪) চাহিদাঃ- এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয়। এই ক্ষেত্ৰত উক্ত বস্তুটো ক্ৰয় কৰাৰ আর্থিক ক্ষমতা ভোক্তাজনৰ থাকিব লাগে। চাহিদা নির্ধাৰণ অর্থ বিজ্ঞানৰ অংগ।
(৫) বজাৰঃ- অর্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত এক নির্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্রাহক (ক্রেতা) আৰু বিক্রেতাৰ মাজত প্রত্যক্ষ বা পৰোক্ষভাৱে কিনা-বেচা হয়। যেনে— গুৱাহাটীৰ ফাচী বজাৰ, শ্বপিং মল, ষ্টক বজাৰ, অনলাইন বজাৰ আদি।
(৬) মূলধনঃ- উৎপাদনৰ উপায় বা আহিলাকে মূলধন বুলি কোৱা হয়। উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদন কামত ব্যৱহাৰ কৰিব পাৰি। যেনে- খাদ্যশস্য উৎপাদনৰ বাবে এডৰা মাটি মূলধন।
(৭) সঞ্চয়ঃ- আয়ৰ যি অংশ ভোগ কার্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সঞ্চয় হৈছে মূলধনৰ আহিলা।
(৮) বিনিয়োগঃ- কোনো মূলধন যেতিয়া উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে। মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ'ল এক প্রবাহ ধাৰণা।
    ওপৰৰ সকলোবোৰ বিষয় অর্থ বিজ্ঞানৰ অন্তৰ্গত।

31. অর্থবিজ্ঞানৰ পৰিসৰে সামৰা বিষয়বোৰ লিখা।
উত্তৰঃ- অর্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আর্থিক কার্যকলাপক সামৰি লয়। অর্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়বোৰ হ'ল- ভোগকার্য, উৎপাদন, বিতৰণ, বিনিময়, মুদ্রা, আয়, ৰাজহুৱা বিত্ত বিভাগ, কল্যাণকামী অর্থনীতি, পৰিবেশীয় অর্থনীতি আৰু দক্ষতা। তাৰে দুটা বিষয় হৈছে-
(১) ভোগকার্যঃ- আমাৰ অভাৱ দূৰ কৰাৰ কার্যকলাপেই হৈছে ভোগ। ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীতিৰ পৰিসৰৰ অন্তর্ভুক্ত।
(২) উৎপাদনঃ- উপযোগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান— ভূমি, শ্রম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আর্থিক ব্যৱস্থা ইত্যাদি সম্পর্কে অর্থবিজ্ঞানত আলোচনা কৰা হয়।

32. অর্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা।
উত্তৰঃ- অর্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্রহণযোগ্য সংজ্ঞাটো হ'ল লায়'নেল ৰবিন্সৰ সংজ্ঞা।
(১) মানুহৰ অভাৱ অসীম।
(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।
    এই তিনিটা মৌলিক ধাৰণাৰ পৰা অর্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সিয়ে অর্থনৈতিক সমস্যা বা পছন্দৰ সমস্যা সৃষ্টি কৰে। ৰবিন্সৰ সংজ্ঞাক নাটনি সংজ্ঞা বুলিও কোৱা হয়।
    ৰবিন্সৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধত নহয়। সমালোচকসকলৰ মতে পছন্দৰ সমস্যাতকৈ বর্তমান কালৰ
অর্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূর্ণ। ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞাই অধিক গ্রহণযোগ্য কিয়নো পছন্দৰ সমস্যাই বর্তমানেও অর্থনীতিত প্রধান গুৰুত্ব পাই আছে।

33. অর্থবিজ্ঞান বা অর্থনীতি কাক বোলে?
উত্তৰঃ- সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আর্থিক কার্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোকেই অর্থবিজ্ঞান বা অর্থনীতি বুলি কোৱা হয়।

34. তিনিজন অর্থনীতিবিদৰ নাম লিখা।
উত্তৰঃ- (১) এডাম স্মিথ (২) লায়'নেল ৰবিন্স আৰু (৩) আলফ্রেড মাৰ্ছেল।

35. উৎপাদনৰ উপাদান কেইটা আৰু কি কি?
উত্তৰঃ- উৎপাদনৰ উপাদান চাৰিটা-
(১) ভূমি (২) শ্রম (৩) 8) সংগঠন।

36. ভাৰতবৰ্ষত প্রত্যক্ষ বিনিময় প্রথা প্রচলন থকা একমাত্র মেলাখনৰ নাম লিখা।
উত্তৰঃ- অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা।

37. জোনবিল মেলা কিহৰ প্ৰতীক?
উত্তৰঃ- উত্তৰ-পূব ভাৰতৰ জাতি-জনজাতিৰ মাজত ভাতৃত্ব আৰু সমন্বয়ৰ প্রতীক।

38. ৰাজহুৱা বিত্তবিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ- চৰকাৰী আয়-ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান।

39. অমর্ত্য সেন কিহৰ বাবে বিখ্যাত?
উত্তৰঃ- ন'বেল পুৰস্কাৰপ্ৰাপ্ত ভাৰতীয় অর্থনীতি বিদ হিচাপে বিখ্যাত।

40. দুবিধ অভৌতিক বস্তুৰ উদাহৰণ দিয়া।
উত্তৰঃ- (১) শিক্ষক আৰু (২) চিকিৎসক।

41. এটা বস্তু সম্পদ হ'বলৈ হ'লে কি কি গুণ বা বৈশিষ্ট্য থাকিব লাগিব?
উত্তৰঃ- এটা বস্তু সম্পদ হ'বলৈ হ'লে চাৰিটা বৈশিষ্ট্য থাকিব লাগিব যেনে-
(১) উপযোগিতা (২) দুর্লভতা বা অপ্ৰচুৰতা (৩) হস্তান্তৰযোগ্যতা আৰু (৪) বাহ্যিকতা।

42. অর্থনীতিত সূৰ্যৰ পোহৰ বা শচীন তেণ্ডুলকাৰৰ ক্রীড়া প্রতিভাক সম্পদ হিচাপে গণ্য কৰা নহয়—কিয়?
উত্তৰঃ- সূৰ্যৰ পোহৰ বা শচীন তেণ্ডুলকাৰৰ ক্রীড়া প্রতিভাৰ হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা নাই বাবে সম্পদ নহয়।

43. চাহিদা কাক বোলে?
উত্তৰঃ- এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আর্থিক ক্ষমতা তোক্তাজনৰ থাকে।

44. যোগান কাক বোলে?
উত্তৰঃ- উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যোগান বুলি কোৱা হয়।

45. বজাৰ কাক বোলে?
উত্তৰঃ- অর্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত এক নির্দিষ্ট সময়ত এক নির্দিষ্ট দৰত কোনো এটা বস্তু গ্রাহক (ক্রেতা) আৰু বক্ৰেতাৰ মাজত প্রত্যক্ষ বা পৰোক্ষভাৱে কিনা-বেচা হয়। উদাহৰণস্বৰূপে গুৱাহাটীৰ ফাচী বজাৰ।

46. সঞ্চয় কাক বোলে?
উত্তৰঃ- আয়ৰ যি অংশ ভোগ কার্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সেয়েহে আয় = ভোগ ব্যয় + সঞ্চয় বুলি কোৱা হয়। সঞ্চয় হৈছে মূলধন সৃষ্টিৰ এটা ভাল উপায়।

47. কল্যাণ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- কল্যাণ দুই প্রকাৰৰ-
(১) অর্থনৈতিক কলাণ (২) অনা অর্থনৈতিক কলাণ।

48. দৰ কাক বোলে?
উত্তৰঃ- কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম। অর্থাৎ বস্তুৰ বিনিময় মূল্যই হৈছে দাম। যেনে- এটা কলমৰ দাম ১০ টকা।

Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »