-->

ভাৰতৰ ৰাজনৈতিক দল । Political Parties in India

ভাৰতৰ ৰাজনৈতিক দল । Political Parties in India


শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
1. ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দলৰ নাম--
(ক) জনতা দল     (খ) ভাৰতীয় জাতীয় কংগ্ৰেছ
(গ) অসম গণ পৰিষদ     (ঘ) ভাৰতৰ কমিউনিষ্ট দল
উত্তৰঃ- (খ) ভাৰতীয় জাতীয় কংগ্রেছ।

2. ভাৰতত কেন্দ্রীয় চৰকাৰ পৰ্যায়ত প্রথম মৰ্চা চৰকাৰ গঠন হৈছিল—
(ক) ১৯৪৭ চনত    (খ) ১৯৮৯ চনত
(গ) ১৯৬৭ চনত     (ঘ) ১৯৭৭ চনত।
উত্তৰঃ- (ঘ) ১৯৭৭ চনত।

3. ভাৰতত গঠন হোৱা প্ৰথমটো আঞ্চলিক দল—
(ক) ডি. এম. কে.     (খ) এ. আই. ডি. এম. কে.
(গ) শিৱসেনা     (ঘ) অগপ
উত্তৰঃ- (ক) ডি. এম. কে.

4. দ্বি-দলীয় ব্যৱস্থা থকা এখন দেশ-
(ক) আমেৰিকা যুক্তৰাষ্ট্র     (খ) ভাৰত
(গ) চীন         (ঘ) পাকিস্তান
উত্তৰঃ- (ক) আমেৰিকা যুক্তৰাষ্ট্র।

5. বহুদলীয় ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ- ভাৰত।

6. ৰাজনৈতিক দল কি?
উত্তৰঃ- ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র। ৰাজনৈতিক দলে সর্বসাধাৰণক প্রশাসনৰ ওচৰ চপাই নিয়ে। ৰাজনৈতিক দল একদলীয়, দ্বিদলীয় আৰু বহুদলীয় থাকে।

7. একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ- চীন।

8. আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উত্তৰঃ- দ্বি দলীয় শাসন ব্যৱস্থা।

9. ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল-
(ক) নীতি আদর্শ আৰু আঁচনি
(খ) সংগঠন।

10. ৰাজনৈতিক দলৰ দুটা প্রধান কার্য উল্লেখ কৰা।
উত্তৰঃ- (১) জনগণক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা।
(২) জনগণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

11. অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উত্তৰঃ- অসম গণ পৰিষদ (AGP)।

12. ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?
উত্তৰঃ- ঝাৰখণ্ড মুক্তি মৰ্চা।

13. ইউ পি এ (UPA) ৰ সম্পূর্ণ অর্থ লিখা
উত্তৰঃ- United Progressive Alliance.

14. কাৰ নেতৃত্বত 'দি ইণ্ডিয়ান এছচিয়েচন' গঠন হৈছিল?
উত্তৰঃ- সুৰেন্দ্রনাথ বেনাৰ্জীৰ নেতৃত্বত।

15. ভাৰতৰ জাতীয় কংগ্রেছৰ প্রথম সভাপতি কোন আছিল?
উত্তৰঃ- উমেশ চন্দ্র বেনার্জী।

16. ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্য কি?
উত্তৰঃ- ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থা বিশেষকৈ বহুদলীয় গণতান্ত্রিক ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। ইয়াত চৰকাৰ গঠনৰ বাবে নিৰ্বাচনত বহুতো ৰাজনৈতিক দলে অংশ গ্রহণ কৰে। শেষত এক বা একাধিক দলে গণতান্ত্রিক পদ্ধতিৰে চৰকাৰ গঠন কৰে।

17. গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী?
উত্তৰঃ- গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে দ্বি-দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। এই দ্বি-দলীয় ব্যৱস্থা থকা গণতান্ত্রিক দেশ এখনৰ চৰকাৰ সুস্থিৰ আৰু সৱল হয়। এই ব্যৱস্থা থকা গণতন্ত্রত সহজে ৰাজনৈতিক সংকটত পৰা পৰিলক্ষিত নহয়।  

18. ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।
উত্তৰঃ- (১) সংগঠন (২) নীতি-আদর্শ আৰু আঁচনি (৩) ক্ষমতা দখলৰ বাবে আকাংক্ষা (৪) জাতীয় স্বার্থৰ প্রতি সম্মান।

19. ভাৰতৰ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম। লিখা।
উত্তৰঃ- ভাৰতৰ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল-
(১) আকালি দল (পাঞ্জাৱ)     
(২) অসম গণ পৰিষদ (অসম) (৩) তেলেগু দেশম (অন্ধ্র প্রদেশ)
(৪) ডি. এম. কে (তামিলনাডু) আৰু
(৫) ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড)।

20. বিৰোধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ- (১) ইংলেণ্ড আৰু (২) আমেৰিকা।

21. মহাৰাষ্ট্রৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উত্তৰঃ- শিৱসেনা।

22. ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হয়?
উত্তৰঃ- ১৯৭৭ চনত মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতত প্রথমখন মৰ্চা চৰকাৰ গঠন হয়।

23. ভাৰতীয় জাতীয় কংগ্ৰেছ কাৰ নেতৃত্বত জন্ম হৈছিল?
উত্তৰঃ- এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল।

24. কোন চনত মুছলিম লীগৰ জন্ম হয়?
উত্তৰঃ- ১৯০৬ চনত।

25. ভাৰতবৰ্ষৰ প্ৰথমটো বাওপন্থী দলটোৰ নাম কি? এই দলটো কি আদর্শর্ত জন্ম হৈছিল?
উত্তৰঃ- ভাৰতীয় সাম্যবাদী দল।
    কার্ল মার্ক্স সাম্যবাদী আদর্শক কেন্দ্ৰ কৰি ১৯২৪ চনত এই দলটোৰ জন্ম হৈছিল।

26. ভাৰতবৰ্ষত কোন চনত প্রথম সাধাৰণ নির্বাচন হৈছিল?
উত্তৰঃ- ১৯৫২ চনত।

27. NDAৰ সম্পূর্ণ অর্থ লিখা।
উত্তৰঃ- National Democratic Alliance ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা।

28. মৰ্চা বা সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উত্তৰঃ- যেতিয়া কোনো এখন গণতান্ত্রিক দেশত কোনো এটা বিশেষ দলে ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনেধৰণৰ চৰকাৰক মৰ্চা চৰকাৰ বোলে। মৰ্চা চৰকাৰ গঠনকাৰী দলবিলাকৰ আদর্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বার্থ আৰু আদর্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোঁট বন্ধনত আৱদ্ধ হয় ইয়াৰ বাবে চৰকাৰ গঠন কৰা দলবোৰে এক উমৈহতীয়া কাৰ্যসূচী গ্রহণ কৰে।

25. আমাৰ দেশত মৰ্চা চৰকাৰ গঠন সম্পর্কে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ- মৰ্চা বা সংযুক্ত চৰকাৰৰ ধাৰণাটো আমাৰ দেশত বৰ বেছি পুৰণি নহয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা, ১৯৬৭ চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছে শাসন কৰিছিল। সেইখিনি সময়ত মৰ্চা চৰকাৰ গঠনৰ প্ৰসংগ অহা নাছিল। কিন্তু পিছলৈ 'এক দলৰ আধিপত্য'ৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চা চৰকাৰ গঠনৰ প্রক্রিয়া আৰম্ভ হল কেন্দ্ৰত ১৯৭৭ চনত মোৰাজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয়। কিয়নো সেইবাৰ জনতা দলে একক সংখ্যাগৰিষ্ঠতা পোৱা নাছিল। মাজতে দুটা নির্বাচনত কংগ্ৰেছে এককভাৱে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল যদিও ১৯৮৯ চনৰ পৰা বর্তমানলৈকে কেন্দ্ৰত মৰ্চা চৰকাৰ অব্যাহত আছে।

26. সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।
উত্তৰঃ- সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ তলত আলোচনা কৰা হ'ল-
সংযুক্ত চৰাৰৰ গুণ
(ক) জাতীয় ঐক্য সংহতি ৰক্ষাঃ- মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদর্শত কঠোৰভাৱে লাগি নাথাকি বুজা পৰাৰ মাজেৰে দেশৰ প্ৰগতিৰ হকে কাম কৰে। ফলত জাতীয় ঐক্য-সংহতি বৃদ্ধি হয়।
(খ) ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্রাসঃ- এটা নির্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নির্বাচনৰ সন্মুখীন হ'ব লগা হয়। এনে পৰিস্থিতিত দেশৰ বৃহৎ নির্বাচনী ব্যয় মৰ্চা চৰকাৰ গঠনে দেশক ৰক্ষা কৰে। এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্রক্রিয়াই ৰাজহুৱা ধনৰ অপব্যয় হ্রাস কৰে।
সংযুক্ত চৰকাৰৰ দোষ-
(ক) ক্ষণস্থায়ী অথবা অস্থিৰঃ- মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰতা। মৰ্চাত অংশ গ্রহণ কৰা দলসমূহ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমর্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কার্যকাল সম্পূর্ণ হোৱাৰ আগতে এনে চৰকাৰৰ পতন ঘটে আৰু দেশে বৃহৎ নির্বাচনী পুঁজি ব্যয় কব্বি লগা হয়।
(খ) দুর্বল চৰকাৰঃ- মৰ্চা চৰকাৰ সাধাৰণতে দুর্বল হয়। কিয়নো চৰকাৰে অংশ গ্রহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰে কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে।
27. গণতন্ত্রত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা
উত্তৰঃ- গণতন্ত্রত বিৰোধী দলৰ ভূমিকাঃ- গণতান্ত্রিক ৰাষ্ট্র এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূর্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্রিক ৰাষ্ট্ৰই প্রকৃত সফলতা লাভ কৰিব নোৱাৰে। ভাৰতবৰ্ষত চতুর্থ সাধাৰণ নির্বাচনৰ সময়লৈকে স্বীকৃত কোনো বিৰোধী দল নাছিল।
    পৃথিৱীৰ প্রত্যেকখন গণতান্ত্রিক ৰাষ্ট্ৰতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্রক জনপ্রিয় চৰকাৰ ৰূপে প্রতিষ্ঠা কৰাত সহায় কৰিছে। বিৰোধী দলৰ কিছুমান ভুমিকা তলত উল্লেখ কৰা হ'ল-
(১) জনসাধাৰণৰ অভাব-অভিযোগ, আশা-আকাংক্ষাক সংসদর মজিয়াত দাঙি ধৰা বিৰোধী দলৰ এটা প্রধান কাম।
(২) প্রয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে প্রস্তুত থকা।
(৩) জনমত গঠন কৰা।
(৪) জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা।
(৫) চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত বিৰোধী দলে চোকা দৃষ্টি ৰখা
(৬) প্রয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম-কাজক গতিশীলতা প্ৰদান কৰা। (৭) জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।
(৮) জনসাধাৰণৰ আৰু দেশৰ স্বার্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্ত্র প্রহৰীৰ দৰে কাম কৰা।
(৯) শাসনত থকা দলটোৱে যাতে জাতীয় স্বার্থৰ বিপৰীতে গৈ কোনো কার্য কৰিব নোৱাৰে তাৰ প্ৰতি বিৰোধী দলে দৃষ্টি ৰখা।

28. আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।
উত্তৰঃ- আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা ধৰণৰ-
(ক) দেশখনৰ বিভিন্ন ভাষিক আৰু ধর্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা।
(খ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্রীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ প্ৰতি থকা দুর্বলতা আদি।
(গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ।
(ঘ) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ।
(ঙ) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমুলক নীতি।
(চ) কেন্দ্রীয় চৰকাৰৰ অধিক কেন্দ্রীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কর্তৃত্ব লাভৰ প্রচেষ্টা।

29. গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা।
উত্তৰঃ- সুস্থ সবল গণতান্ত্রিক ৰাষ্ট্রৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ গুৰুত্বপূর্ণ ভূমিকা তলত আলোচনা কৰা হ'ল-
    প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্রিত ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে ৰাষ্ট্ৰ পৰিচালনাত সমগ্র বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হোৱাত তাৰ পৰিৱর্তে গণতন্ত্রৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্রৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্রকাশ কৰিলে আৰু ই গণতান্ত্রিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বর্তমান সময়ত গণতন্ত্র আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র। ই সর্বসাধাৰণক প্রশাসনৰ ওচৰ চপাই আনে। চমু অর্থত এখন গণতান্ত্রিক চৰকাৰৰ প্রধান আহিলাই হৈছে ৰাজনৈতিক দল।
    ৰাজনৈতিক দল অবিহনে বর্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক। গণতান্ত্রিক ৰাষ্ট্র এখনত এক বা একাধিক ৰাজনৈতিক দলেই চৰকাৰ পৰিচালনা কৰে। এই ৰাজনৈতিক দলৰ কার্যকলাপৰ ওপৰতেই দেশখনৰ আইন শৃংখলাৰ পৰা উন্নয়নৰ সকলো দিশ নির্ভৰ কৰে। গণতান্ত্রিক দেশ এখনত চৰকাৰ গঠন কৰা দল বা দলসমূহৰ দৰে বিৰোধী দলৰ ভূমিকাও উল্লেখনীয়।

30. সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।
উত্তৰঃ- সংযুক্ত চৰকাৰৰ ব্যৱস্থাটো বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা হ'ল-
(ক) একক ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস।
(খ) চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।
(গ) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱে মৰ্চা চৰকাৰ গঠনত গুৰুত্ব লাভ কৰে।
(ঘ) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি কৰা।
    মৰ্চা চৰকাৰৰ এই গুণসমূহেও এই চৰকাৰৰ ব্যৱস্থা প্রচলনত গুৰুত্বপূর্ণ ভূমিকা লয়-
(১) অস্বেচ্ছাচাৰী চৰকাৰঃ- একক সংখ্যাগৰিষ্ঠতা লাভ কৰি এক দলীয় চৰকাৰ গঠন হ'লে চৰকাৰখন স্বেচ্ছাচাৰী হোৱাৰ আশংকা বেছি। বহু ক্ষেত্ৰত এনে চৰকাৰে বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতাৰ সুবিধা লৈ জনস্বার্থবিৰোধী কাম কৰিবলৈয়ো আগ বাঢ়ে। কিন্তু মৰ্চা চৰকাৰত এনে শংকা কম। কিয়নো যিকোনো সিদ্ধান্তই মৰ্চাৰ অংশীদাৰ দলবিলাকৰ মাজত হোৱা যথোচিত আলোচনাৰ পিছতহে লোৱা হয়।
(২) আঞ্চলিক প্রতিনিধিত্বঃ- একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি-গোষ্ঠীয়ে প্রতিনিধিত্ব কৰাৰ অধিক সুযোগ থাকে। মৰ্চাত অংশগ্রহণকাৰী বিভিন্ন আঞ্চলিক পর্যায়ৰ দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ সুবিধা লাভ কৰে। ফলত দেশত আঞ্চলিক বৈষম্যতা হ্রাস পায়।
(৩) পৰিস্থিতি আৰু সময় সাপেক্ষেঃ- মৰ্চা চৰকাৰে গণতান্ত্রিক ৰাষ্ট এখনত পৰিস্থিতি আৰু সময় সাপেক্ষে সুস্থিৰতা বজাই ৰাখিব পাৰে।

31. মৰ্চা বা সংযুক্ত চৰকাৰে বৰ্তমান সময়ত গুৰুত্ব লাভ কৰাৰ কাৰণবোৰ লিখা।
উত্তৰঃ- মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণকেইটা হ'ল-
(১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি
(২) একক ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস
(৩) এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।
(৪) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মর্চা চৰকাৰ গঠনত গুৰুত্ব পায়।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »