-->

প্রশস্তি-ৰঘুনাথ চৌধাৰী Prashasti by Raghunath Choudhury

প্রশস্তি -ৰঘুনাথ চৌধাৰী
Prashasti by Raghunath Choudhury


1. মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে? HSLC-2020

উত্তৰঃ- মন্দিৰৰ উপেক্ষিত ৰবাব টেঙা ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে।


2. মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰঃ- কীচক বাঁহেৰে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।


3. ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? 

উত্তৰঃ- ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়। 


4. প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? 

উত্তৰঃ- কিশলয়দলে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে। 


5. জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলছে? 

উত্তৰঃ- জল, স্থল আৰু অন্তৰীক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কৈছে। 


6. ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।

উত্তৰঃ- ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ'ল— (১) সাদৰী আৰু (২) কেতেকী।


7. কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। 

উত্তৰঃ- কবিতাটোত কবিয়ে প্রকৃতিৰ বিভিন্ন বস্তুক বর্ণনাৰ আওতালৈ আনিছে। পুৱাৰ হেঙুলীয়া বেলি, হৃদয় উদ্বেলিত কৰা নানাৰঙী ফুল, ৰবাৰ টেঙাৰ ফুল, বিৰিখৰ ডালে-ডালে নাচি-বাগি সুমধুৰ সুৰেৰে গীত গোৱা বনৰীয়া পক্ষী, পানী, সহগৰা পৃথিৱী তথা বিশ্ব ব্রহ্মাণ্ড ইত্যাদি। 


8. কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে? 

উত্তৰঃ- প্রশক্তি নামৰ কবিতাটিত কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকর্তা ভগৱানৰ বন্দনা কৰিছে। কিয়নো ভগৱানৰ অপাৰ কৰুণাৰ বাবেহে আমি এনে এখন সুন্দৰ পৃথিৱীৰ বাসিন্দা হৈছে। এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ সোণালী কিৰণ, ভিন্নৰঙী, সুগন্ধি ফুলৰ সুষমা, গছে-বিৰিখে সুমধুৰ কাকলিৰে নাচি-বাগি জপিয়াই ফুৰা নানাৰঙী চৰাই-চিৰিকটি, নদী, নিজৰা, নিশাৰ আকাশত জিলমিলাই থকা তাৰকাৰাজি এই সকলোবোৰে পৃথিৱীখনক এক নান্দনিক সৌন্দর্য প্রদান কৰিছে। সেয়ে ভগৱানৰ গুণমুগ্ধক কবিয়ে পৰম আন্তৰিকতাৰে নেদেখাজনৰ প্রশস্তি কৰিছে।


8. কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে? 

উত্তৰঃ- কবিতাটিৰ মাজেদি "সুন্দৰৰ সাধনা জীৱনৰখেল" এই বাক্যশাৰী বৰ সুন্দৰ ৰূপত প্রতিভাত হৈছে। প্ৰকৃতিৰ অনবদ্য ৰূপ বর্ণনাত সিদ্ধহস্ত কবি চৌধাৰীদেৱে অতি সুন্দৰকৈ প্রকৃতিৰ বিনন্দীয়া-ৰূপ ফুটাই তুলিছে৷ পুৱাৰ হেঙুলীয়া সূৰুযৰ আভাৰে জকমকীয়া পৃথিৱী, নৱপল্লৱিত কুঁহিপাতে যেন প্রকৃতিদেৱীক বা দি আদৰণি জনাইছে। সুন্দৰৰ সন্ধান কৰোঁতাজনে প্ৰকৃতিৰ সাধাৰণ বস্তুৰ মাজতো অসাধাৰণ সৌন্দর্যৰ সন্ধান কৰে। বন-বিহগীৰ সুমধুৰ কলকলনিৰ মাজত কবিয়ে দেখা পাইছে অপার্থিৱ সৌন্দর্য। সমগ্র বিশ্বব্রহ্মাণ্ডৰ প্রতিটো অনু-পৰমাণুতেই কবিয়ে অনাবিল সৌন্দৰ্যৰ সন্ধান কৰিছে।   


9. সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে? 

উত্তৰঃ- প্রশস্তি কবিতাটিত কবি চৌধাৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপৰাশি বর্ণনা কৰাৰ সমান্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানেই এই পৃথিৱীখন সৃজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ-লতিকা, চৰাই-চিৰিকটি, নদী-নিজৰা, ফুল-তৰা-গানেৰে সমৃদ্ধ এই বিনন্দীয়া প্রকৃতিৰ সৌন্দর্য সুধাপান কৰাৰ সময়ত চিৰ সুন্দৰ ভগৱানৰ ধ্যান কৰিবলৈ ভক্তপ্রাণ কবিজনাই সকলোকে নতশিৰে আহ্বান জনাইছে, কিয়নো "সত্যম শিৱম সুন্দৰম্।" 


10. "উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

উঠা যত মুক্তি পথযাত্রী।"—কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। HSLC-2020

উত্তৰঃ- এই ধুনীয়া ধৰণীখন ভগৱানে অতি মোহনীয়াকৈ সৃষ্টি কৰিছে। জোন, বেলি, ফুল, তৰা, নদী-নিজৰা নীলিম আকাশ, সেউজীয়া অৰণ্য, নানাৰঙী পক্ষীৰ সু-মধুৰ কলকাকলিয়ে পৃথিৱীখন কৰি তুলিছে সুখ আৰু সৌন্দর্যৰ আলয়। পৃথিৱীৰ এই অনুপম সৌন্দর্য উপভোগ কৰাৰ সময়ত কবিয়ে ভগৱানৰ অস্তিত্বৰ কথাও বাৰে বাৰে সুঁৱৰিছে, কিয়নো এই সৌন্দর্য-সুষমাৰ মাজতেই নিহিত হৈ আছে ভগৱানৰ নিপুণ হাতৰ পৰশ। সেয়ে কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ বিনম্র আহ্বান জনাইছে। 


11. প্রশক্তি কবিতাটোৰ মূলভাৱ লিখা। HS-2020 

উত্তৰঃ- মুলভাৱঃ ৰঘুনাথ চৌধাৰীদেৱে প্ৰশক্তি নামৰ কবিতাটিৰ মাজেদি প্ৰকৃতিৰ অতুলনীয় সৌন্দর্যৰাশি বর্ণনা কৰিছে। ইয়াৰ লগতে কবিজনাই প্রকৃতিৰ এই অপূর্ব সৌন্দর্যৰ মাজত বাৰম্বাৰ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। ভক্তিমার্গত বিশ্বাসী কবিজনাই সেয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।

পুৱাৰ হেঙুলীয়া কিৰণে পৃথিৱী টৌৱাই যোৱাৰ লগে লগে কুমলীয়া কুঁহিপাতবিলাকে হালি-জালি প্রকৃতিদেৱীক যেন পুৱাৰ সম্ভাষণ জনায়। বতাহৰ বোকোচাত ভিন্নৰঙী ফুলৰ সুবাসে চৌদিশ আমোলমোলাই তোলে। সকলোৱে যেন পৰম-পুৰু ভগৱানৰ সন্ধান কৰে। সমগ্র বিশ্ব ব্রহ্মাণ্ডখন যেন ভগৱানৰ আশীষধন্য হৈ ৰঙত মতলীয়া হৈ পৰে। পুৱাৰ এনে শুভ লগনত কবিয়ে সকলোকে মুক্তিৰ বাট বিচাৰিবলৈ বিনম্র আহ্বান জনাইছে। বতাহৰ হোঁ-হোৱনিতো কবিয়ে যেন শুনিবলৈ পাইছে কৃষ্ণৰ মোহন বেণুৰ ধ্বনি। প্রকৃতিৰ লাৱণ্যময়ী ৰূপৰ মাজত কবিয়ে যি সৌন্দর্যৰ সন্ধান কৰিছে, সেয়া দৰাচলতে তেখেতৰ আধ্যাত্মিক চেতনাৰেই ফলশ্রুতি। কবিতাটেৰ মাজত অনুৰণিত হোৱা আধ্যাত্মিক চেতনাই কবিতাটিক এক বিশেষ মাত্রা প্রদান কৰিছে। 


12. ব্যাখ্যা কৰাঃ- 

(ক) মোহন কীচক বেণু অনাহত ছন্দে

গায় মহামহিমৰ গান,

মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ

সুন্দৰৰ কৰা ৰূপধ্যান। 

উত্তৰঃ- ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ "প্রশস্তি" নামৰ কবিতাটিৰ অন্তর্গত।

কবিতাফাকিৰ মাজেদি কবি ৰঘুনাথ চৌধাৰীদেৱে ভগৱানৰ সৃষ্টিৰ অপাৰ মহিমা বখানিছে।

সুন্দৰৰ আৰাধনাৰ লগে লগে পৰম পুৰুষ ভগৱানৰ আৰাধনা কৰিবলৈ বিনম্র আহ্বান জনাইছে।

ভগৱানে তেওঁৰ নিপুণ হাতেৰে বৰ নিখুঁতকৈ এই পৃথিৱীখন সৃষ্টি কৰিছে। পুৱাৰ সোণালী কিৰণ ঢালি পূবৰ আকাশত যেতিয়া বেলিটিয়ে ভুমুকি মাৰে, সেই দৃশ্য অতি মনোমুগ্ধকৰ হৈ পৰে। তাৰ সমান্তৰালভাৱে প্রভাতী পক্ষীৰ কুঞ্জনে ৰূপত ৰহন ঢালে। গছ-লতিকা আৰু বহুৰঙীফুলৰ সুৰভি বতাহৰ বোকোচাত উঠি চৌপাশ আমোলমোলাই তোলে। কবিৰ এনে অনুভৱ হৈছে ভুৱন মোহন কৃষৰ বেণু বাদন যেন বতাহৰ ছন্দেছন্দে অনুৰণিত হৈছে। আধ্যাত্মিক চেতনাৰে পুষ্ট কবিজনাই সকলোতে অনুভৱ কৰিছে ভগৱানৰ অস্তিত্ব। সেয়ে ভক্তপ্রাণ কবিয়ে টোপনিৰ মোহ এৰি পৰম সুন্দৰৰ অনুপম সৌন্দর্যসুধা পান কৰি তেখেতৰ প্রতি ভক্তিঅর্ঘ্য নিৱেদন কৰিবৰ বাবে আকুল আহ্বান জনাইছে।


12. ব্যাখ্যা কৰাঃ-

(খ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ

ছন্দভৰা সুমধুৰ তান, 

জলস্থল অন্তৰীক্ষ সকলোতে যেন

দেৱতাৰ মহা অভিযান। 

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱে ৰচনা কৰা "প্রশক্তি" নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। 

প্রকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত ভগৱানৰ অস্তিত্ব নিহিত হৈ থকাৰ প্রসংগ কবিতাফাকিত অনুৰণিত হৈছে। গছ-লতিকা, তৰু-তৃণ, চৰাই-চিৰিকটি, নদী-নিজৰা, ফল-ফুলেৰে ভৰা এই ধুনীয়া ধৰণীখন ভগৱানে স্ৰজন কৰিছে। উপজি পুৱাতে বিৰিখন ডালে ডালে জপিয়াই-লফিয়াই চৰাই চিৰিকটিৰবাৰে সুমধুৰ গীত জুৰে। বন-বিহগীৰ কল-- কলিয়ে সকলোৰে হৃদয়ত আনন্দৰ জোৱাৰ তোলে। এটা -দিনৰ নতুন আশাৰে মানুহে নিজৰ নিজৰ কৰ্মত লিপ্ত হয়। চৰাই-চিৰিকটি বিলাকেও যেন আনন্দত আত্মহাৰা হৈ ভগৱানক অঞ্জলি জনায়। গোটেই বিশ্বব্রহ্মাণ্ডখনেই যেন আনন্দত আত্মহাৰা হৈ ভগৱানৰ আৰতি কৰে। ভাৰতীয় আধ্যাত্মিক দর্শনত বিশ্বাসী কবিয়ে যেন ক'ব বিচাৰিছে "সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি সবাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি।”


12. ব্যাখ্যা কৰাঃ-

(গ) "কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ

শেষ হ'ল মহা কালৰাত্রি,

উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র

উঠা য'ত মুক্তি পথ যাত্রী।” 

ব্যাখেয় কবিতাৰ পংক্তিটো আমাৰ পাঠ্যপুথিৰ প্রশক্তি কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। 

কবি ৰঘুনাথ চৌধাৰীদেৱে কাল অমানিশাৰ অন্তত, পূৱাৰ পৱিত্ৰক্ষণত, জীৱনৰ সকলো দুখ-ক্লেশ পাহৰি প্ৰকৃতিৰ বিনন্দীয়াৰূপ দর্শন কৰিবলৈ সকলোকে আহ্বান জনাইছে।

এটি নতুন দিনৰ নতুন পুৱাই ধৰালৈ কঢ়িয়াই আনে --বিল আনন্দ। কর্ম-ব্যস্ত সকলো প্রাণীয়েই নিশা জিৰণি -। পুৱাৰ লগে লগে পুনৰ আৰম্ভ হয় সকলোৰে জীৱন । কিন্তু দিনটোৰ প্রভাতীক্ষণটো উপভোগ কৰিব -জানিলে বৰ আনন্দদায়ক। নেদেখাজনে তেওঁৰ অকৃপণ হাতেৰে পৃথিৱীখন কৰি তুলিছে সর্বাংগ সুন্দৰ। উপজি পুৱাতে পুৱাৰ হেঙুলীয়া বেলি, বনবিহগীৰ কল-কাকলিয়ে চৌপাশ মুখৰিত কৰি তোলে। এনে পৰিৱেশতে সোণত সুৱগা চৰায় ৰং-বিৰঙৰ ফুলবোৰে সুবাস বিলাই এটি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। সেয়ে ভক্তপ্রাণ কবিজনাই ভগৱানে দানকৰা এই অপূৰ্ব সৌন্দর্যৰাশি উপভোগ কৰাৰ লগতে তেখেতৰ প্রতি কৃতঞ্জতা তথা ভক্তিভাৱ প্ৰদৰ্শন কৰিবলৈয়ো আহ্বান জনাইছে।


13. সমার্থক শব্দ 

তৰু= গছ, বিটপ, বিৰিখ, বৃক্ষ, পাদক, 

মুক্তি= পৰিত্ৰাণ, নিষ্কৃতি, নিৰ্ব্বাণ 

সুমধুৰ= সুৱদী, সুৰীয়া, শ্রুতিমধুৰ, সুললিত

অভিযান= যাত্রা, গমন, ৰাওনা

ধ্যানী= তপস্বী, যোগী।


14. বাক্য ৰচনা কৰাঃ 

মোহঃ- মায়া-মোহৰ কৱলত পৰি মানুহে পৃথিৱীত নানা অপকর্ম কৰে। 

জৰাজীর্ণঃ- জৰাজীর্ণ সাজ পৰিধান কৰা গৰীৱলোকজনক উপেক্ষা নকৰিবা। 

উপেক্ষিতঃ- সন্তান-সন্ততিৰ দ্বাৰা উপেক্ষিতা মাতৃ-গৰাকীয়ে বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হৈছিল। 

অমৃতঃ- দেৱতা আৰু অসুৰ লগলাগি ক্ষীৰসাগৰত অমৃত মন্থন কৰিছিল। 

দশোদিশঃ- বহাগমহীয়া তগৰ ফুলৰ গোন্ধ দশোদিশে বিয়পি পৰিছে। 


15. ভাষা বিষয়ক অর্থ লিখাঃ- 

কিশলয= কুঁহিপাত, গজালি, কোঁহ। 

চিত্তহাৰী= অন্তৰ চুই যোৱা, মন হৰণ কৰা। 

অন্তৰীক্ষ= বিশ্বব্রহ্মাণ্ড। 

তন্দ্রালস= টোপনিৰভাৱ। 

ঋত্বিক= পুৰোহিত, যাজক। 


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »