-->

মই অসমীয়া-চৈয়দ আব্দুল মালিক । Moi Axomiya by Syed Abdul Malik

 মই অসমীয়া

-চৈয়দ আব্দুল মালিক 


1. অসমৰ হেংদাং ক'ত জিলিকিছিল? HSLC-2020 

উত্তৰঃ- ভৰদু পৰীয়া সূৰুযৰ ৰক্তিম আভাত অসমৰ হেংদাং জিলিকিছিল। 


2. চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা।

উত্তৰঃ- বেদুইন। 


3. মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? 

উত্তৰঃ- মোগলসকলে অসমৰ সেউজীয়া দুবৰিবনত ভৰি দিছিল। 


4. অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? 

উত্তৰঃ- অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। 


5. অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? 

উত্তৰঃ- "সাত ৰাজ মাৰি এক ৰাজ" কৰা, স্বনামধন্য আহোম স্বৰ্গদেউসকলে হাঁহকণী, বৰাচাউল, বৰালি মাছ, চূণ আদি সামগ্ৰীৰে আটকধুনীয়া দৌল-দেৱালয় নির্মাণ কৰিছিল। 


6. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। 

উত্তৰঃ- অসমৰ সাৰুৱা মাটিত ভৰি থৈ মোগলসকলে অসমৰ অপৰূপ সৌন্দর্য দেখি তবধ মানিছিল। ভাৰতৰ পূর্বদিশৰ সূৰ্য্য উঠা দেশ ৰূপহী অসম। প্রকৃতি ৰাণীয়ে অকৃপণ হাতেৰে সিমাহীন ৰূপলাৱণ্য ঢালি, অসমীৰ ৰূপত সোণত সুৱগা চৰাইছে। মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি, চৌদিশে ধূসৰ পাহাৰ, জাংফাইবুলীয়া বন-বননি, মীনাকৰা অৰণ্যানী, হাতীৰ দাঁতেৰে তৈয়াৰ কৰা খৰমৰ চুলা, প্রবালেৰে নির্মিত ভৰি ধোৱা দলং ইত্যাদিৰ বৰ্ণনাৰে শত্ৰুৰূপে অহা মোগলেও অসমৰ প্ৰাকৃতিক সৌন্দর্য বখানিবলৈ পাহৰা নাই।


7. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে লিখা। 

উত্তৰঃ- সুজলা-সুফলা-শস্য-শ্যামলা প্রকৃতিৰ ৰম্যভূমি অসম। অসমীয়া ভাষা সুৱদী সুৰীয়া। পৃথিৱীৰ ক'তো এনে মৌবৰযা ভাষা, বিচাৰি পাবলৈ নাই। অসমীয়া গীত-মাত, অসমীয়া-কৃষ্টি-সংস্কৃতি, মাতৃক মৰমতে মতা আই সম্বোধন এই সকলোবোৰ দেশপ্রেমিক কবিজনাৰ হৃদয়ৰ তলিত সঞ্চিত হৈ আছে। মৃত্যুৰ শেষ মুহূৰ্তলৈকে কবিয়ে মাতৃভূমিৰ ছবিখন মনৰ মাজত ধৰি ৰাখিছে। সেয়ে জন্মান্তৰবাদত বিশ্বাসী দেশপ্রেমিক কবিজনাই মৰাৰ পিছতো অসমী আইৰ বুকুতে পুনৰ জনম লোৱাৰ সপোন দেখিছে।


8. অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। 

উত্তৰঃ- বিদেশী মোগলে অসম জয়ৰ লক্ষ্যৰে অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিল। তেওঁলোকে অসমৰ অপৰূপ সৌন্দর্য দেখি মুগ্ধ হৈছিল। অতি পুৰণিকালৰে পৰা অসম আছিল ফলে-ফুলে জাতিষ্কাৰ আৰু শস্যে-মৎস্যে নদন-বদন। অসমৰ হাবি-বন মিনাকৰা। মোগলক প্ৰতিৰোধ কৰিবলৈ অসমৰ পুৰুষ-নাৰীয়ে। হাতে-হাতে হেংদাং আৰু ঢাল-তৰোৱাল লৈ ৰণাংগণলৈ ওলাই অহাৰ কথা বুৰঞ্জীৰ পাতত সোণোলী আখৰেৰে লিপিবদ্ধ হৈ আছে। অসমীয়া পুৰুষ-নাৰীৰ ৰণচণ্ডী মূর্তি দেখি বাহুৱলী মোগল সৈন্য হতভম্ব হোৱাৰ লগতে প্রশংসাত পঞ্চমুখ হৈ পৰিছিল। মোগলৰ সেনাপতি ৰামসিংহই অসমীয়া সৈন্যৰ ভূয়সী প্রশংসা কৰি গৈছে। 


9. 'অসমৰ হেংদাং জিলিকিল দুপৰৰ পূর্ণ আলোকত'— কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা। 

উত্তৰঃ- বিদেশী মোগলে বৃহৎ সৈন্যদল লৈ অসমৰ মাটিত ভৰি দিছিল। অভিপ্রায় আছিল আহোমৰাজ্য হস্তগত কৰি মোগলৰাজ স্থাপন কৰাৰ। ভাবিছিল অসমত মোগলে ৰাজদণ্ড হাতত ল'ব। শস্যে-মৎস্যে নদন-বদন অসমৰ সৰ্বাংগসুন্দৰ ৰূপ দেখি মোগলৰ চকু কপালত উঠিছিল। কিন্তু বীৰদৰ্পে অহা মোগলসেনানীয়ে অসমৰ পুৰুষ-নাৰীৰ বীৰত্ব দেখি তবধ মানিছিল। হাতে-হাতে হেংদাং, ঢাল-তৰোৱাল লৈ অসীম সাহসেৰে যুঁজা পুৰুষ-নাৰীৰ বিক্রম দেখি বিদেশী মোগলে ছত্রভঙ্গ দিছিল। দুপৰীয়াৰ সূৰুযৰ আভাত চিক্‌মিকাই উঠা হেংদাং দেখি তেওঁলোকে বুজিছিল আহোমসেনাক পৰাস্ত কৰাটো একেবাৰেই অসম্ভৱ। 


10. ''ক'ত অত বল পালে অসমৰ সেনানীয়ে।

শুকান সান্দহ আৰু পানী আঁজলিত।'' 

-কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।  HSLC-2020

উত্তৰঃ- অসমত মোগলৰাজ স্থাপনৰ আশা বুকুত বান্ধি অসমৰ মাটিত ভৰি দিয়া মোগলে সপোনতো ভবা নাছিল অসমীয়া নৰ-নাৰী যে ইমান প্রৱল-প্রতাপী হ'ব পাৰে। সবল-সুঠাম বাহুবলী অসমীয়া সৈন্যৰ সন্মুখত ঠাৱৰিব নোৱাৰি মোগলসৈন্য ফৰিংছিটিকা দিছিল। ৰাজপুতসকলৰ নিচিনা অসীম সাহসী বীৰসকলকো মোগলে পৰাস্ত কৰিছিল। অসমীয়া লোকে চাউলেৰে তৈয়াৰী সান্দহ নামৰ এবিধ জলপান খায়। নিশ্চয় মোগলসৈন্য এই বিষয়ে অৱগত হৈছিল। সেয়ে হয়তো তেওঁলোক আচৰিত হৈছিল। শুকান সান্দহ পানী দি খাই অসমীয়া সৈন্যই কেনেদৰে ইমান প্ৰৱল-পৰাক্ৰমী, হ'ব পাৰিলে। অসমীয়া সৈন্যৰ যাদুকৰী শক্তিৰ কথা উক্ত কবিতাফাকিৰ মাজত প্রতিফলিত হৈছে।


11. 'মই অসমীয়া' কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা। 

উত্তৰঃ- কবি আব্দুল মালিকদেৱে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক ভূয়সী প্রশংসা কৰিছে। কিয়নো কোনো এটা জাতি পৰাক্ৰমী আৰু বীৰ হ'লে, সি দেশখনৰ বাবে মংগলদায়ক। ভালগুণ সদায়ে প্রশংসাৰ যোগ্য। কোনো এখন দেশৰ লোক ভীৰু বা কাপুৰুষ হ'লে দেশখনৰ কোনো নিৰাপত্তা নাথাকে। তেনেদেশৰ লোকৰ বাবে বিদেশী শত্ৰুৰ হাতৰ পৰা দেশ ৰক্ষা কৰা কেতিয়াও সম্ভৱপৰ নহয়। বাহুবলী মোগলসকলক পৰাক্ৰমী বীৰ-বীৰাঙ্গনা অসমীয়া পুৰুষ-মহিলাই সহজে পৰাভূত কৰিবলৈ সক্ষম হৈছিল। 'জোৰ যাৰ মুলুক তাৰ' বোলা কথাষাৰি অসমীয়া সৈন্যই প্রমাণ কৰি দেখুৱাইছিল। সেয়ে মোগল সেনাপতি ৰামসিংহয়ো মুক্তকণ্ঠে অসমীয়া নৰ-নাৰীৰ প্রশংসা কৰিছিল। কবি মালিকদেৱে যুক্তিসন্মতভাৱেই অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্রশংসা কৰিছে।


12. 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা। 

উত্তৰঃ- 'মই অসমীয়া' নামৰ কবিতাটিত কবি চৈয়দ আব্দুল মালিকদেৱে প্ৰকৃতিৰ ৰম্যভূমি অসমৰ এখনি বর্ণময় ছবি দাঙি ধৰিছে।

অসমৰ সেউজীয়া দুবৰি বনত নিয়ৰে মুকুতা আঁৰে। অসমৰ বন-বননি মিনা-কৰা, অর্থাৎ সেউজীয়া পাথৰেৰে যেন সুশোভিত। গছ-লতিকা, ফলে-ফুলে-পল্লৱে চৌদিশে জাতিষ্কাৰ। চৌপাশ সেউজীয়া পাহাৰেৰে আবৃত অসমৰ আছে এক নান্দনিক সৌন্দর্য। কবিয়ে সেই সৌন্দর্যৰ এখনি বর্ণাঢ্য ছবি সফলতাৰে উপস্থাপন কৰিছে। "বনৰ পাত জাংফাই, মিনাকৰা, ৰূপ জাতিষ্কাৰ" আদি উপমাৰে কবিয়ে অসমৰ প্রাকৃতিক সৌন্দৰ্যৰ এক বৰ্ণিল ছবি অতি দক্ষতাৰে প্রতিফলিত কৰিছে। কবিৰ বৰ্ণনাত হাতীৰ সুন্দৰ দাঁত, বাঘৰ নখ, ম'হৰ শিঙৰ পেঁপা সোঁৱণশিৰী নদীৰ সোণৰ চেকুৰা, সেন্দুৰীয়া পুঠি, ৰঙীন ভেকুলী, সাগৰ সদৃশ পুখুৰীসমূহ, অসমত পোৱা মূল্যবান সোণ, হীৰা, মুকুতা, বিভিন্ন ৰঙীণ পাথৰ, হাঁহৰকণী, বৰা চাউল ইত্যাদি প্ৰকৃতিৰ প্রতিটো সমলকে অতি নিপুণতাৰে তুলি ধৰিছে।


13. কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ- চুটিগল্পৰ ৰজা, ভাষা সাহিত্যৰ কাণ্ডাৰী চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনত, গোলাঘাট জিলাৰ নাহৰণিত। তেখেতে অসমীয়া গল্পসাহিত্য আৰু উপন্যাস সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানেৰে অসমীয়া সাহিত্যৰ জগত সমৃদ্ধিশালী কৰি গৈছে। তেখেতৰ একমাত্র কবিতা পুথিখনৰ নাম 'বেদুইন'। এখন মাত্র কবিতা পুথিতেই তেখেতৰ অসাধাৰণ কবি প্রতিভা ফুটি ওলাইছে। সুষম আৰু অৰ্থৱহ শব্দৰ ব্যৱহাৰেৰে তেওঁৰ কবিতাসমূহ চমৎকাৰ। "ৰুপকোঁৱৰৰ" জীৱনৰ ওপৰত আধাৰিত ৰূপতীৰ্থৰ যাত্রী, ধন্য নৰতনু ভাল, 'সূৰুষমুখীৰ স্বপ্ন', 'ৰজনীগন্ধাৰ চকুলো', 'আধাৰশিলা' আদি অলেখ উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াই গৈছে। "অঘৰী আত্মাৰ কাহিনী" নামৰ উপন্যাসখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰে। "সূৰুষমুখীৰ স্বপ্ন" মালিকদেৱৰ এখন বিখ্যাত উপন্যাস। ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্যসভাৰ অধিবেশনত তেখেতে সভাপতি পদ অলংকৃত কৰিছিল। ২০০০ চনত এই জনা মহান সাহিত্যিকৰ দেহাৱসান ঘটে।


14. 'মই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। 

উত্তৰঃ- 'মই অসমীয়া' কবিতাটোত কবি আব্দুল মালিকদেৱে অতীত অসমৰ গৌৰৱময় দিনবোৰৰ কথা আনন্দেৰে সুৱৰিছে। পুৰণি কালৰে পৰা অসমদেশ অতি প্রাচুর্যশালী আছিল। কেৱল মহিলাই নহয়, পুৰুষসকলেও সোণ-ৰূপৰ অলংকাৰ পৰিধান কৰিছিল। বাঘৰ নখ, হাতীদাঁতৰ দৰে দুষ্প্রাপ্য সামগ্রীৰেও অলংকাৰ পৰিধান কৰাৰ দৃষ্টান্ত আছে। মানুহবোৰ আছিল অক্লান্ত পৰিশ্রমী। নদীৰ বালিতো সোণৰ চেকুৰা মিহলি হৈ আছিল। দৌল-দেৱালয়ৰ কলচী নিৰ্মাণৰ কামত সোণৰ দৰে মূল্যবান ধাতু ব্যৱহাৰ কৰিছিল। শিৱসাগৰৰ জয়দ'লৰ সোণৰ কলচীয়ে আজিও অতীত অসমৰ গৌৰৱৰ ধ্বজা বহন কৰি জিলিকি আছে। শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, চিৰিং পুখুৰী, শ-ধোৱা পুখুৰী, টেঙাপুখুৰী আদি সাগৰ সদৃশ পুখুৰীসমূহ আজিও অতীত অসমৰ গৌৰৱৰ সাক্ষী হৈ আছে। এই সমূহ পুখুৰীয়ে মানুহৰ পানীৰ চাহিদা পূৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। নিষ্কর্মা ধোদসমূহক কামত লগাই আহোম ৰজাই নিৰ্মাণ কৰা 'ধোদৰ আলি' আদি যাতায়তৰ প্রকৃষ্ট মাধ্যমৰূপে পৰিগণিত হৈছে। তেলাল বৰালিমাছ হাঁহ-কণী, পিঠা গুড়ি, চূণ গুড়ি আদিৰে নির্মাণ কৰা ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, আজিও সগৌৰৱে থিয় হৈ আছে। থিয় হৈ আছে। নানা পর্যটকে অতীত অসমৰ সেই গৌৱবময়। স্বাক্ষৰসমূহ পৰিদৰ্শন কৰিবলৈ আহে। কোনো লোকে প্রদর্শন কৰা সাফল্যৰ বাবে ৰজাই সোণ-ৰূপ চৰুৱে চৰুৱে পুৰষ্কাৰস্বৰূপে দিছিল। এনেদৰে কবিয়ে অসমৰ অতীত গৌৰৱৰ চানেকি কবিতাটিৰ মাজত দাঙি ধৰিছে।  


15. ''মই অসমীয়া'' কবিতাটোৰ সাৰাংশ লিখা। HS-2020 

উত্তৰঃ- ''মই অসমীয়া'' কবিতাটিত কবি চৈয়দ আব্দুল মালিকদেৱে মোগলৰ অসম আক্রমণ, অসমৰ অতীত গৌৰৱ, অনুপম প্রাকৃতিক সৌন্দর্য আৰু প্রাচুর্যৰ দিশটো অতি সাৱলীল ৰূপত তুলি ধৰিছে। ইয়াৰ লগতে অসমীয়া নৰ-নাৰীৰ অপৰিসীম দেশভক্তি আৰু প্ৰৱল পৰাক্ৰমৰ বিষয়েও বিস্তাৰিতভাৱে দাঙি ধৰিছে।

পৰাক্ৰমী মোগলে অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দর্য আৰু প্রাচুর্য দেখি তবধ মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মোগল সাম্রাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল অসমীয়া পুৰুষ-নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছিল। অসমীয়া পুৰুষ-তিৰোতাৰ হৃদয়ত কিমান স্বদেশপ্রেম নিহিত হৈ আছিল তাৰে উমান পোৱা নাছিল বিদেশী মোগলে। কিন্তু সেয়া গম পাবলৈ মোগলৰ বেছি সময় নালাগিল।

চৌদিশে ধূসৰ পাহাৰেৰে আবৃত প্ৰকৃতিৰ ৰম্যভূমি অসমদেশ। পুৱাৰ হেঙুলীয়া বেলিৰ আভা, গছে-পাতে জপিয়াই সুমধুৰ গীত জুৰা বনৰীয়া পক্ষীৰ কাকলি, ৰ'দৰ পোহৰত জক্‌মকই থকা মুকুতাৰ মালা পিন্ধা সেউজীয়া দূবৰি, জাংফাই বুলীয়া-বন-বননী, হাতীর্দাতেৰে নির্মিত খৰম, পোৱালেৰে নির্মিত দলং, সোণ-ৰূপ, হাতীদাঁতেৰে নির্মিত অলংকাৰ, ম'হৰ শিঙৰ সুৰীয়া পেঁপা, তেলাল বৰালিমাছ, হাঁহকণী, মাটিমাহ, বৰাচাউলৰ পিঠা গুড়ি, চূণগুড়ি আদিৰে নির্মিত ৰাজ কাৰেং আৰু দৌল-দেৱালয়, সাগৰসদৃশ পুখুৰী, মৌ বৰষা অসমীয়া মাত-কথা, সুৰীয়া গীত-মাত, পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা "আই" সম্বোধন এইবোৰ একো বাদ পৰা নাই কবিৰ বৰ্ণনাত আৰু এইবোৰৰে মোহত পৰিছিল বিদেশী মোগল। কিন্তু অসমীয়া সৈন্যবাহিনীৰ প্রচণ্ড শক্তিৰ ওচৰত মোগলে সেও মানিছিল। অসমীয়া ল'ৰা-তিৰোতাৰ স্বদেশপ্রেম আৰু বীৰত্বই মোগলৰ অন্তৰ চুই গৈছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি, অসমীয়া কৃষ্টি-সংস্কৃতি গ্রহণ কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। এনে এখন দেশত জন্ম গ্রহণ কৰি দেশপ্রেমিক কবিজনাই নিজকে ধন্য মানিছে। মৃত্যুৰ পিছতো এইখন অসমদেশতেই পুনৰ জন্ম লোৱাৰ মধুৰ পান কবিজনাই দেখিছে।


16. বাখ্যা কৰাঃ-

(ক) দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা

গছকত ভাগে মৰকত, 

হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,

ভৰি ধোৱে পোৱালৰ ভৰা দলঙত। 

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ "মই অসমীয়া'' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাফাকিৰ মাজেদি চৈয়দ আব্দুল মালিকদেৱে অসমৰ অপৰূপ সৌন্দর্য আৰু প্ৰাচুৰ্যৰ প্রতিফলন কৰিছে।

অতীত অসম যে কেৱল সৌন্দর্যশালী আছিল এনে নহয়। তাৰ সমান্তৰালভাৱে অসম আছিল অতিশয় প্রাচুর্যশালী। অসমৰ নদীৰ বালিতে বিচাৰিলে পোৱা গৈছিল সোণৰ চেকুৰা। দুবৰি বনত নিয়ৰৰ টোপালবোৰ মুকুতাৰ দৰে জিলিকি থাকে। এক মনোমুগ্ধকৰ দৃশ্য। অসমৰ ধূলিয়ে-বালিয়েও ধুনীয়া বাখৰৰ দৰে মূল্যবান বস্তু পৰি থাকে। অর্থাৎ কবিয়ে ব্যক্ত কৰিব বিচাৰিছে যে অসম বহুমূলীয়া সম্পদেৰে ভৰপূৰ৷ মানুহৰ ভৰিৰ গচকত যেন সেইবোৰ ভাঙি-চিঙি পৰে হাতীৰ দাঁতৰ দৰে মূল্য ৱান সামগ্রী ভৰিত পিন্ধা খৰমত ব্যৱহাৰ কৰে। ভৰি ধুবলৈয়ো ব্যৱহাৰ কৰে প্রবাল পাথৰেৰে নির্মিত দলং। বাস্তৱিকতে এয়া দেশপ্রেমিক কবিজনাৰ স্বদেশক প্রাণভৰি ভাল পোৱাৰ পূর্ণ প্রতিফলন।


16. বাখ্যা কৰাঃ-

(খ) জীৱনে মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহ-প্রাণ মন; 

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, 

মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। 

উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাফাঁকিৰ মাজেদি দেশপ্রেমিক কবি চৈয়দ আব্দুল মালিকদেৱে স্বদেশৰ প্ৰতি থকা তেখেতৰ অকপট ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিছে।

এইখন অসমদেশৰ বায়ু-পানী সেৱন কৰি কবি ডাঙৰ-দীঘল হ'ল। সুৰীয়া অসমীয়া ভাষাৰ গীত-মাত শুনি হৃদয় জুৰ পেলালে। এই খন দেশৰ লাহি-শালি চাউলৰ তেলেতীয়া ভাত মুঠি উদৰ পূৰাই খাই তৃপ্তি লভিলে। এয়া গছ-লতা, ফুলেভৰা, ধুনীয়া অসমদেশ। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে, পুৱাৰ ৰাঙলী বেলিয়ে কবিক জনালে প্রাতঃসম্ভাষণ। সূর্য উঠাদেশ বিনন্দীয়া অসমী আই। অসমীয়াৰ বাহিৰে কবিয়ে অন্য কথা ভাবিবই নোৱাৰে। সেয়েহে এনেহেন অসমদেশত কবিয়ে মৰাৰ পিছতো পুনৰ জন্ম ল'বলৈ হাবিয়াস কৰিছে। এয়া দেশপ্রেমিক কবিজনাৰ দেশৰ প্রতি থকা অফুৰন্ত ভাল পোৱাৰ চানেকি।


16. বাখ্যা কৰাঃ-

(গ) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়

দেশ-প্রাণ, মুক্তপ্রাণ, অসমৰ স্বদেশ ভকতি। 

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ চৈয়দ আব্দুল মালিকদেৱে ৰচনা কৰা ''মই অসমীয়া'' নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাফাকিৰ মাজেদি প্রতিফলিত হৈছে প্রবল পৰাক্ৰমী, স্বাধীনতাপ্রিয় অসমীয়া জাতিৰ শৌর্য-বীর্য্য।

অসমত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰাৰ আশা বুকুত বান্ধি অসমলৈ অহা মোগলক লাৱে লাৱে পানী খুৱাই অসমীয়া সৈন্যই পৰাভূত কৰিছিল। বাহুলী মোগলসকলে কল্পনাও কৰা নাছিল যে অসমীয়া সৈন্য ইমান শক্তিশালী। পুৰুষতো বাদেই অসমীয়া নাৰীয়েও ৰণাংগনত প্রচণ্ড-প্রতাপেৰে যুদ্ধ কৰিছিল। প্রতিজন অসমীয়াই আছিল দেশপ্রেমিক। স্বদেশক ভাল পোৱাৰ তাড়নাত ''তৰিলে দেশ মৰিলে স্বর্গ'' এই বাণীৰে উদ্বুদ্ধ হৈছিল প্রতিজন অসমীয়া। সেয়ে শত্ৰুৰূপে অহা মোগলসকলেও ভূয়সী অসমীয়া নৰ-নাৰীৰ প্রশংসা কৰিছিল। 


16. বাখ্যা কৰাঃ-

(ঘ) মোহ গ'ল দূৰণিৰ বিদেশী মোগল 

অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, 

অসমত বন্দী হ'ল, অসমৰ ৰূপ-মুগ্ধ

দুৰৰ মোগল আহি হ'ল অসমীয়া। 

উত্তৰঃ- ব্যাখেয় কবিতাৰ পংক্তিটো আমাৰ পাঠ্যপুথিৰ চৈয়দ আব্দুল মালিকদেৱে ৰচনা কৰা ''মই অসমীয়া'' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাফাকিৰ মাজেদি শত্ৰুৰূপে অহা একাংশ মোগল সৈন্যই কেনেদৰে বিনন্দীয়া অসমৰ মোহত পৰি অসমতে থাকি অসমৰ অসমীয়া হৈ পৰিল তাকেই ব্যক্ত কৰা হৈছে।

শত্ৰুৰূপে অসম দখল কৰিবলৈ অহা মোগল সৈন্যই অসমৰ স্বর্গীয় সৌন্দর্যত মোহাচ্ছন্ন হৈ পৰিছিল। পর্বত-পাহাৰ, গছ-লতিকা, সাগৰ সদৃশ পুখুৰী বাখৰ খটোৱা, জাংফাই বুলীয়া বন-বননি, সোণ-ৰূপ-হীৰাৰ চিক্‌মিকমি, ইত্যাদিবোৰ দেখি মোগল সৈন্যই অসমকে নিজৰ ঠাই বুলি গ্ৰহণ কৰিলে। অসমৰ ল'ৰা-তিৰোতাৰ মাজত দেখা পোৱা নিভাঁজ স্বদেশপ্রেমে বিদেশী মোগলৰ হৃদয় চুই গৈছিল। পৰাজিত মোগল সৈন্যৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। অসমীয়া কৃষ্টি-সংস্কৃতি আকোঁৱালি লৈ তেওঁলোকো হৈ পৰিল অসমৰ অসমীয়া।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »

1 Comments:

Click here for Comments
Manila
admin
June 23, 2022 at 12:55 PM ×

Thank you so much.

Congrats bro Manila you got PERTAMAX...! hehehehe...
Reply
avatar