-->

জিকিৰ-আজান ফকীৰ । Jikir by Azan Fakir

জিকিৰ

আজান ফকীৰ


1. জিকিৰ শব্দৰ অর্থ কি? 

উত্তৰঃ- স্মৰণ কৰা। 


2. 'জিকিৰ' শব্দটো কি শব্দৰ পৰা আহিছে?

উত্তৰঃ- জিকিৰ শব্দটো "জিক্‌ৰ" শব্দৰ পৰা আহিছে।


3. জিকিৰৰ ৰচক কোন? HSLC-2018

উত্তৰঃ- আজান ফকীৰ। 


4. 'মোমিন'ৰ অর্থ কি?  HS-2016

উত্তৰঃ- 'মোমিন'ৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান।


5. জিকিৰবোৰক কি গীত বুলিব পাৰি? HSLC-2019

উত্তৰঃ- জিকিৰবোৰক ভক্তিমূলক গীত বুলিব পাৰি। 


6. 'ৰছুল' শব্দৰ অর্থ কি? 

উত্তৰঃ- দুত বা পয়গম্বৰ। 


7. আজান ফকীৰৰ আচল নাম কি আছিল? HSLC-2020

উত্তৰঃ- হজৰত চাহ মিলান। 


8. জিকিৰত উল্লেখ থকা আদম কোন? 

উত্তৰঃ- জিকিৰত উল্লেখ থকা আদম হ'ল— আদি মানৱ অর্থাৎ আল্লা বা ভগৱানে সৃষ্টি কৰা এই পৃথিৱীৰ প্রথম মানুহজন। 


9. আজান ফকীৰে কোনটো মাৰ্গত অধিক গুৰুত্ব দিছিল? 

উত্তৰঃ- আজান ফকিৰে ভক্তি মাগত অধিক গুৰুত্ব দিছিল।


10. পাঠিটোত থকা আৰবী পার্চি মূলৰ শব্দবোৰ বাচি উলিয়াই তালিকা এখন প্রস্তুত কৰা। 

উত্তৰঃ- ৰছুল, খোদা, আদম, কুটুব, চাহাব, মোমিন, জিকিৰ, জাৰী, আচ্‌মান, ৰহম। 


11. তিৰবেণীৰ ঘাট মানে কি? 

উত্তৰঃ- তিৰবেণী বা ত্রিবেণী মানে হ'ল গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল তথা পৱিত্ৰ ঠাই। 


12. "ৰমৰ গিৰিহত" শব্দ দুটাই কি বুজাইছে? 

উত্তৰঃ- ৰহম মানে হ'ল দয়া, আৰু গিৰিহত মানে হ'ল গৰাকী বা মালিক। সেয়েহে ৰহমৰ গিৰিহত মানে হ'ল দয়াৰ গৰাকী আল্লা বা ভগৱান।  


13. আজান ফকীৰ ক'ৰ পৰা আৰু কাৰ লগত অসমলৈ আহিছিল? 

উত্তৰঃ- আজান ফকীৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ লগত অসমলৈ আহিছিল।


14. খোদা 'ৰছুল' লুকাই আছে 'মোমিনৰ' আঁৰত। এই ফাঁকি কথাৰ 'ৰছুল' আৰু 'মোমিন' শব্দ দুটাৰ অর্থ লিখা।

উত্তৰঃ- খোদা 'ৰছুল' লুকাই আছে, মোমিনৰ আঁৰত বাক্য ফাঁকিৰ 'ৰছুল' আৰু মোমিন শব্দ দুটাৰ তাৰ্থ হ’ল- ৰছুল মানে হৈছে দুত বা পয়গম্বৰ আনহাতে 'মোমিন' মানে হ'ল বিশ্বাসী মুছলমান।


15. তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে? 

উত্তৰঃ- তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়া-মোহে বাট ভেটা দিয়ে। মায়া-মোহত আচ্ছন্ন নোহোৱাকৈ থাকিব পৰা জনেহে 'তিৰবেণী'ৰ দৰে পৱিত্র ঘাটত উপবিষ্ট হ'ব পাৰে। 


16. মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে? 

উত্তৰঃ- মক্কাৰ দুৱাৰত 'তিৰবেণীৰ ঘাট'ৰ কথা কোৱা হৈছে। গংগা, যমুনা আৰু সৰস্বতী নৈৰ সংগমস্থলক ত্রিবেণীসংগম বা ত্রিবেণীৰ ঘাট বুলি কোৱা হয়। ইয়াক হিন্দুসকলে অতি পৱিত্ৰ বুলি গণ্য কৰে। সেইদৰে ইছলাম ধৰ্মৰ প্রৱর্তক হজৰত মহম্মদৰ জন্মস্থান মক্কাক অতি পৱিত্র স্থান বুলি গণ্য কৰা হয়।


17. সজাৰ মইনাটি অনেক যুগুতি।

দেও মাৰি পাৰ হ'লে এৰিলে পিৰীতি।। HSLC-2019

উত্তৰঃ- উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত "জিকিৰ" নামৰ পদ্যটিৰ পৰা তুলি অনা হৈছে। মানুহৰ আত্মাৰ প্ৰকৃতিৰ বিষয়ে ক'বলৈ গৈ আজাম ফকিৰে উক্ত জিকিফাঁকিৰ অৱতাৰণা কৰিছে।

মানুহৰ আত্মা সজাত আৱদ্ধ কৰি ৰখা এটি মইনা চৰাইৰ নিচিনা। মানুহৰ দেহৰূপী সজাত আত্মাৰৰূপী মইনা চৰাই বন্দী হৈ থাকে। মইনা চৰাইৰ স্বাভাৱিক বাসস্থান মুকলি আকাশ, তথা অৰণ্যহে সজা নহয়। সেইবাবে সুযোগ পালে সজাৰ পৰা ওলাই সি ওলাই গুচি যায়। পৰিত্যক্ত সজাটি লৈ তাৰ আৰু মনত নপৰে। ঠিক তেনেদৰে আমাৰ স্বাভাৱিক বাসস্থান পৰমাত্মা তথা আত্মাহে, দেহটো নহয়। সেই কাৰণে সময় আহিলে আত্মাই দেহটো পৰিত্যাগ কৰি পৰমাত্মাৰ ওচৰলৈ ঢাপলি মেলে। ইয়াৰ পিছত দেহটোৰ বিলাই-বিপত্তি নোহোৱা হয়। জীয়াই থাকোতে আত্মাই নানা বুদ্ধি-ভৰষা দি দেহটোক বিভিন্ন কামত লিপ্ত কৰায়। 


18. মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। 

যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি। 

-ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তনিৰ্হিত ভাৱটি বিশ্লেষণ কৰা। HSLC-2020

উত্তৰঃ- মক্কা মুছলমানসকলৰ পৱিত্র তীর্থস্থান। আল্লাক দর্শন কৰি পুণ্য সাধন কৰিবলৈ মুছলমানসকল মক্কা দর্শনলৈ যায়। তেওঁলোকে বিশ্বাস কৰে যে জীৱনকালত কৰা বিভিন্ন ভুল-ভ্রান্তিবোৰ মক্কা দর্শনলৈ গ'লে মোচন হয়। কিন্তু এয়া প্রকৃত সত্য নহয়। পুণ্য বা মোক্ষৰ লগত মানুহৰ সৎ কর্ম বা সৎ মানসিকতাৰহে সম্পর্ক আছে। পুণ্যৰ বাবে তেওঁলোক মক্কাৰ দুৱাৰলৈ গ'লেও প্রকৃততে পুণ্য সাধন নহয়। মানুহে ভগৱানক নিজৰ মনৰ মাজত উপলব্ধি কৰি আত্ম শুদ্ধিৰ জৰিয়তেহে পুণ্য লাভ কৰাটো সম্ভৱ। আল্লাক বিচাৰি দূৰ-দূৰণিলৈ যাত্ৰা কৰাটো শাল, শ'ল আৰু দৰিকা মাছৰ পিটিকাৰ দৰে বুলিহে বর্ণনা কৰিছে। যিদৰে, এনে পিটিকাই কেৱল মুখতহে সোৱাদ দিয়ে দেহৰ কোনো পুষ্টি সাধন নকৰে; ঠিক তেনেদৰে মক্কাৰ দুৱাৰত ভগৱানক বিচাৰি হাহাকাৰ কৰাটোও একে ধৰণৰ কথা।


19. “আচমানৰ কুটুব তৰা আদমৰ জাত।

সজাত মইনা আছে ঘনে লগাই মাত।"

— অন্তর্নিহিত অর্থটি বুজাই লিখা। 

উত্তৰঃ- মানৱ দেহধাৰী প্ৰতিজনৰে বাবে নিজৰ জীৱনটো প্রণৰো প্ৰাণৰ। কিন্তু অপ্রিয় হ'লেও এয়া সত্য যে মানৱ জীৱন ক্ষন্তেকীয়া। দেহ বা শৰীৰ অনিত্য, একমাত্র আত্মাহে অবিনেশ্বৰ। জীৱনটো মাথোঁ এক মূহুৰ্তৰ অভিযান। মানৱাত্মাটো দেহ নামৰ সঁজাটোৰ ভিতৰত আবদ্ধ হৈ মইনা চৰাইটিৰ লেখীয়া সঁজা ভেদি সিপাৰ হ'বলৈ আপ্রাণ চেষ্টা কৰে। সেয়ে ই লো ভেদি উৰা মাৰিব খোজে সুদূৰ দিগন্তলৈ।

মানুহৰ মানৱাত্মাটোও মইনা চৰাইটিৰেই নামান্তৰ। যিদৰে মইনা চৰাইটিয়ে এবাৰ দেওঁমাৰি উধাও হ'লে কোনোদিনেই উভতি নাহে, তেনেদৰে মানুহৰ অন্তৰাত্মাটোৱেও এবাৰ দেহৰূপী সঁজাৰ পৰা ওলাই গ'লে কাহানিও উভতি নাহে।

মানৱ জীৱন মায়া মোহেৰে মোহাছন্ন। কিন্তু যি মূহুর্ততে মানুহৰ প্ৰাণবায়ু উৰি যাব, তেতিয়াৰ পৰা তেওঁৰ বাবে আপোন-পৰ কোনো নাই, নাই কিম্বা ধন বিভৱ। থাকিব মাথো এক অসাৰ নশ্বৰ দেহ যাক শ্মশান বা কবৰস্থানত অস্তিত্বহীন কৰি পেলোৱা হ'ব। অৱশেষত মানুহজনৰ স্বঅস্তিস্ত লোপ পাব।

অর্থাৎ এই অসাৰ জীৱন বালিত যুগমীয়া খোজ পেলাবলৈ হ'লে মায়া-মোহ এৰি সৎ কর্মহে কৰা যুগুত, তেতিয়াহে আল্লাহ-তাল্লাহৰ ৰহমত আমাৰ আয়ুবেলি মাৰ গ'লেও অস্তিত্ব চিৰযুগমীয়া হৈ ৰ'ব।


20. ব্যাখ্যা কৰাঃ- 

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত

খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।। 

উত্তৰঃ- "পানী মৰে..............মোমিনৰ আঁৰত।"

উক্ত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত 'জিকিৰ'ৰ পৰা তুলি দিয়া হৈছে।

অন্তৰাত্মাত নিহিত হৈ থকা আল্লাক অনুভৱ কৰিব নোৱাৰি মানুহে কিদৰে আল্লাৰ অনুসন্ধান কৰে সেই প্রসংগত উক্ত স্তৱকটিৰ অৱতাৰণা কৰা হৈছে।

আল্লা হৈছে দয়াৰ সাগৰ। একমাত্র আল্লাইহে মানুহক সাগৰসদৃশ সংসাৰৰ পৰা পাৰ কৰিব পাৰে। আল্লাক উপাসনা কৰিবলৈ হ'লে মানুহে আল্লাৰ নামতে নিজক অর্পণ কৰিব লাগে আৰু গুৰুৰ চৰণ চিন্তি তেওঁক ভজিব লাগে। পানীয়ে নিজৰ মহিমা আৰু অগ্নিয়েও নিজৰ মহিমা নুবুজাৰ দৰে মানুহেও মানুহৰ মাজতেই নিহিত হৈ থকা আল্লাক উপলব্ধি কৰিব নোৱাৰি পৱিত্র স্থানত আল্লাক বিচাৰি ফুৰে। সাধাৰণ লোকসকলে মক্কাৰ দৰে পৱিত্ৰ তীৰ্থলৈ গৈয়ে আল্লাক লাভ কৰিব নোৱাৰে। কাৰণ তেওঁলোকক সংসাৰৰ মায়া মোহে সকলোফালৰ পৰা আৱৰি আছে। মানুহে অন্তৰত নিহিত হৈ থকা আল্লাক উপলব্ধি কৰিব পাৰিলে পবিত্র তীর্থলৈ যোৱাৰ কোনো প্রয়োজন নাই। একমাত্র একান্ত ভক্তিৰ দ্বাৰাহে আল্লাক উপলব্ধি কৰা সম্ভৱ।


20. ব্যাখ্যা কৰাঃ- 

(খ) "মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।" HSLC-2017

উত্তৰঃ- উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত আজান ফকীৰ বিৰচিত "জিকিৰ"ৰ পৰা উদ্ধৃত।

ষটৰিপুৰ ঠেক গণ্ডীৰ পৰা মুক্ত হৈ, যি জীৱনৰ আদ্যোপান্ত আল্লাৰ নামত সমর্পণ কৰে, তেওঁহে প্রকৃত মোমিন স্বৰূপে পবিত্র মক্কা দৰ্শনৰ সুযোগ পায় ।

কর্মৰ বন্ধনৰ বাবেই সংসাৰ। কৰ্মৰ বান্ধোনৰ পৰা মুক্ত হ'ব নোৱাৰা পর্যন্ত জীৱ জন্মান্তৰ হয়। কিন্তু সেকর্মলিপ্সাৰ ঠেক সজাৰ পৰা মুক্ত হৈ যি নিৰাশ্রয় পথিকস্বৰূপে আল্লাক সমর্পন কৰে, সিহে মক্কাৰ সঞ্চাৰ ভেদিব পাৰে। উক্ত জিকিৰফাঁকিত মক্কাক পৱিত্র ত্রিবেণী সংগম (গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলী) ৰ লগত তুলনা কৰা হৈছে। মানৱ জীৱনত মক্কা দৰ্শন কৰা অতিকৈ পুণ্যৰ কাম। কিন্তু মায়াশয্যাত জড়পদাৰ্থৰ দৰে ঘুমটি পৰা জীৱৰ পক্ষে মক্কা দৰ্শনৰ পথ ৰুদ্ধ। অর্থাৎ সেই লোকে ৰোজা অধিবাসৰ কুৰিটা নিয়ম তিলতিলকৈ মানি মক্কাত পুন্যার্থৰ বাবে যায় যদিও কেৱল মক্কাৰ দুৱাৰত টালি বা চাপৰি মাৰিবহে পাৰে। অর্থাৎ কায়, চিত্ত, ধ্যান, গম্য অবিহনে এজন মুছলমানে আন্তৰিকভাৱে আল্লাৰ সৈতে সংযোগস্থাপনত ব্যর্থ হয়। 


20. ব্যাখ্যা কৰাঃ-

(গ) ব্যাখ্যা কৰাঃ  

"দেওমাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।" 

-দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা। HSLC-2020

উত্তৰঃ- সজাত বন্দী, হৈ থকা মইনা চৰাই এটিয়ে মুকলি আকাশৰ তলত উৰিবলৈ অপ্রাণ চেষ্টা চলায়। ওলাই যাব পাৰিলেই সি মুক্তি পায় অর্থাৎ প্রকৃতি জগতলৈ উৰা মাৰিব পাৰে। মানুহৰ দেহাটোতো জীৱটো আৱদ্ধ হৈ থাকে। যেতিয়া জীৱটো ওলাই যায় তেতিয়াই সি মুক্তি পায়। জীৱ বা প্রাণটো থকালৈকে মানুহ সক্রিয় হৈ থাকে। কিন্তু প্রাণটো ওলাই যোৱাৰ পিছত দেহাটো অসাৰ হৈ পৰে। ভেলটো নি জুইত পুৰি পেলায় নাইবা কবৰ দিয়ে। ভেলটোৰ এনে কৰুণ সমাপ্তি জীৱটোৱে হেনো আঁতৰত ৰৈ চাই থাকে। ভেল বা দেহটোৰ পৰা জীৱ ওলাই গ'লে সাংসাৰিক বান্ধোনৰ পৰা জীৱই মুক্তি পায়।


21. চমুটোকা লিখাঃ- 

(ক) জিকিৰ HSLC-2018 

উত্তৰঃ- জিকিৰ শব্দৰ অর্থ হ'ল স্মৰণ কৰা। জিকিৰ শব্দটো "জিকৰ" শব্দৰ পৰা আহিছে। জিকিৰৰ ৰচক হ'ল আজান ফকিৰ। জিকিৰবোৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্রার্থনা ব স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। সেয়েহে জিকিৰক ইছলাম ধৰ্মৰ ভকতীয়া গীত বুলি ক'ব পাৰি। ইছলাম ধৰ্মৰ মুল তত্ববোৰ জিকিৰ মাজতে নিহিত হৈ আছে। এই জগতত আমি মানুহবোৰ আচলতে কোন, আমাৰ স্থিতি কি, আমি কি কৰা উচিত জিকিৰবোৰৰ দ্বাৰা প্ৰকাৰন্তৰে তাকে ক'বলৈ বিচৰা হয়। 


21. চমুটোকা লিখাঃ- 

(খ) আজান ফকীৰ HSLC-2016 

উত্তৰঃ- ইছলাম, ধর্ম প্রচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধর্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান ফকিৰ আৰৱ দেশৰ পৰা ভায়েক নবী পীৰৰ লগত অসমলৈ আহে। আজান ফকীৰ বুলি বিখ্যাত হজৰত "শাহ মিলান" এগৰাকী ইছলামধর্মী সাধু পুৰুষ আছিল। আজান ফকীৰে ভক্তি মাৰ্গত অধিক গুৰুত্ব দিছিল। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল বুলি কথিত আছে। সাহিত্য আৰু লোকগীতৰ প্রতিধ্বনিৰ লগত অনেক মিল থকা সৰহভাগ জিকিৰ আজান ফকিৰৰ দ্বাৰা ৰচিত। ইছলাম ধৰ্মৰ মূল তত্ববোৰ এই জিকিৰৰ মাজত নিহিত হৈ আছে। আহোম ৰজা গদাধৰ সিংহই ৰূপাই দা-ধৰাৰ কথা শুনি আজান চাহাবৰ চকু কঢ়ায়। পাছত তেখেতৰ ধৰ্মৰ মাহাত্ম্য বুজি শিৱসাগৰ জিলাৰ দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বৃত্তি দি থয়। তাতেই আজান চাহাবৰ মৃত্যু হয়। 


22. সমার্থক শব্দ এটাকৈ লিখা। 

উত্তৰঃ- পিৰীতি= মৰম, 

ঘাট= পাৰ, 

আচমান= আকাশ, 

চিন্তা= ভাববা, 

বাট= পথ, 

অগি= জুই, পানী= জল।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »