-->

বৰগীত: জয় জয় যাদৱ | Borgeet: Joy Joy Jadhav

বৰগীত: জয় জয় যাদৱ - শংকৰদেৱ

Borgeet: Joy Joy Jadhav - Shankardev


 1. বৰগীতবোৰ কি ভাষাত ৰচিত?

উত্তৰঃ-ব্ৰজাৱলী ভাষাত৷


2. শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?

উত্তৰঃ- ছয়খন৷


3. শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?

উত্তৰঃ- 'মন মেৰি ৰাম চৰণহি লাগু'৷


4. শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?

উত্তৰঃ-শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ মহিমা প্ৰকাশ৷


5. শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?

উত্তৰঃ- ভক্তি ৰত্নাকৰ৷ 


6. শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত কি কি?

উত্তৰঃ-শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত-বৰগীত, ভটিমা, টোটয়, চপয়৷


7. শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ কি কি?

উত্তৰঃ-শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ- ভাগৱত, উত্তৰাকাণ্ড ৰামায়ণ৷


8. শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি কি?

উত্তৰঃ-শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি 'কীৰ্তন ঘোষা'৷ 


9. শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?

উত্তৰঃ-শংকৰদেৱ ৰচিত ছয়খন নাট- পত্নীপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম-বিজয়৷

 

10. শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?

উত্তৰঃ-শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ৷


11. শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ-শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম- কীৰ্তন ঘোষা আৰু গুণমালা৷


12. বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা৷

উত্তৰঃ-বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম-কেশী আৰু মুৰ।


13. শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম লিখা৷

উত্তৰঃ-শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম- ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন৷


14. 'শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?

উত্তৰঃ-' শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা৷ ইয়াৰদ্বাৰা ভগৱানৰ কথা কোৱা হৈছে৷


15. শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?

উত্তৰঃ-শ্ৰীকৃষ্ণই মৎস্য অৱতাৰত প্লাৱনৰ পৰা সৃষ্টি হোৱা প্ৰলয়ংকৰী জলৰপৰা বেদসমূহ উদ্ধাৰ কৰিছিল৷


16. বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় 'মহদানন্দ কন্দ' বুলি কোৱা হৈছে?

উত্তৰঃ-বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক 'মহদানন্দ কন্দ' বুলি কোৱা হৈছে কাৰণ তেওঁ মহৎ বা পৰম আনন্দৰ মূল কাৰণ৷ 


17. বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?

উত্তৰঃ-বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পৰ্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম শ্ৰৱণ বা স্মৰণ কৰা মাত্ৰেই সকলোবোৰ দুখ-কষ্ট মোচন হয়৷ তেওঁৰ নাম উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূৰ্ণ কৰে৷


18. শংকৰদেৱৰ "জয় জয় যাদৱ জলনিধিজা" বৰগীতটিৰ মূলভাব লিখা৷

উত্তৰঃ-শংকৰদেৱৰ "জয় জয় যাদৱ জলনিধিজা" বৰগীতটি  ভগৱান শ্ৰীকৃষ্ণৰ জয় ধ্বনিৰে আৰম্ভ কৰা হৈছে৷ বৰগীতটিৰ মাধ্যমৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণৰ মহিমা প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰম কৰুণাময় ৰূপ অংকন কৰিছে৷ তেওঁৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰা মাত্ৰেই জগতৰ সকলোৰে মনোকামনা সিদ্ধি হয়৷ কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল৷ পীতবস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাই বুলি উল্লেখ কৰি ভগৱানৰ চৰণ কমলত সেৱা জনাইগুৰুজনাই নিজৰ নামেৰে ভণিতা পেলাই বৰগীতটি সামৰণি মাৰিছে৷


19. বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা৷

উত্তৰঃ-বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ প্ৰকাশিত হৈছে৷ বৰগীতটিত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণ 'শ্ৰুতমাত্ৰাখিলত্ৰাতা'৷ অৰ্থাৎ স্মৰণ আৰু শ্ৰৱণ কৰা মাত্ৰকে তেওঁ পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰে৷ প্ৰলয় জলৰপৰা মৎস্য অৱতাৰ ধাৰণ কৰি বেদসমূহক উদ্ধাৰ কৰিছিল৷ কেশী, মধু, মুৰ আদি অপৰাজেয় অসুৰে নানা অত্যাচাৰেৰে যেতিয়া জগতবাসীৰ শান্তি ভংগ কৰিছিল, তেতিয়াই তেনে অসুৰক বধ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল৷ শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্ৰীকৃষ্ণৰ চৰণত কবিয়ে প্ৰণিপাত জনাইছে৷


20. বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা৷

উত্তৰঃ-বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ অপৰূপ অৱয়বৰ বৰ্ণনা কৰা হৈছে৷শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যক শৰতৰ জোনৰ লগত তুলনা কৰিছে৷' শাৰদ ইন্দু নিন্দি’ বুলি উল্লেখ কৰি কবিয়ে কৈছে যে, পীতাম্বৰৰ সৌন্দৰ্য মাধুৰীৰ ওচৰত শৰতৰ জোনৰ সৌন্দৰ্যও ম্লান পৰি গৈছে৷ এনেদৰে কবিয়ে অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা কৃষ্ণৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ প্ৰশস্তি কৰিছে৷


21. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী৷

        মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী৷

উত্তৰঃ-কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত বৰগীত পাঠটোৰ পৰা তুলি দিয়া হৈছে৷ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে৷

    ভগৱান শ্ৰীকৃষ্ণ সমস্ত চৰাচৰৰ অধিপতি, জগতৰ সকলোৰে জীৱন স্বৰূপ৷ সেই ভগৱন্তই সকলোকে পালন কৰি থকাৰ উপৰিও পৃথিৱীৰ পৰা দুষ্কৃতিক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে৷ তেওঁৰ নাম স্মৰণে জগতৰ সকলো দুখ দূৰ কৰে৷নন্দৰ পুত্ৰৰূপে ধৰাত জন্ম গ্ৰহণ কৰা ভগৱন্ত জগতৰ পৰম আনন্দ স্বৰূপ৷ তেওঁৰ অপাৰ মহিমাই সকলো পাপ নাশ কৰে আৰু জগতত শান্তি প্ৰৱাহিত কৰে৷


22. বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা৷

উত্তৰঃ-সাধাৰণতে কবিতা এটাৰ ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয়৷ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ' জয় জয় যাদৱ জলনিধিজা' বৰগীতটি এটা বেদ-উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ ভক্তিমূলক গীত৷ গীতটো আশোৱাৰী ৰাগত বন্ধা৷ বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীৰ্য, ভক্তি ভাৱৰ প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠৱ দান কৰিছে৷ বৰগীতটিত ব্যৱহৃত ভাষা হৈছে ব্ৰজাৱলী৷ কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ দখলে বৰগীতটিৰ সৌন্দৰ্য দুগুণ চৰাইছে৷ অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ মাত্ৰ প্ৰদান কৰিছে৷ যেনে- 'জগত বন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মুৰনাশী'৷ তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে৷

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Previous
Next Post »