-->

প্রাচীন ভাৰতীয় শিক্ষা। Ancient Indian Education

প্রাচীন ভাৰতীয় শিক্ষা

1. উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে? 

উত্তৰঃ- উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত নষ্ট কৰিলে।


2. নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন? 

উত্তৰঃ- নালান্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্র যুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল। 

নিমন্ত্রণ কৰা ৰজাজন হৈছে ভাস্কৰ বৰ্মা। 


3. তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰঃ- তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম হ'ল- (১) চাণক্য (২) অত্রেয় (৩) পাণিনি আৰু (৪) জীৱক।


4. কোনখম বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?

উত্তৰঃ- উজ্জয়িনীত থকা বিশ্ববিদ্যালয়খন একালত অর্থাৎ বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এইখন বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্রখ্যাত আছিল। 


5. তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল? 

উত্তৰঃ- তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্র আহিছিল। ইয়াৰ বাহিৰেও বেকট্রিয়া আৰু মগধ দেশৰ পৰাও ছাত্র আহি পঢ়িছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয়ৰ ঠাইত বুদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্র শিক্ষা গ্রহণৰ বাবে আহিছিল।


6. প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ- প্রাচীন ভাৰতত ৬খন বিশ্ববিদ্যালয় আছিল— (১) তক্ষশীলা বিশ্ববিদ্যালয় (২) শ্রীধান্যকটক বিশ্ববিদ্যালয় (৩) নালন্দা বিশ্ববিদ্যালয় (৪) উদাস্তপুৰী বিশ্ববিদ্যালয় (৫) দেৱবিহাৰ বা বিক্রমশীলা বিশ্ববিদ্যালয় আৰু (৬) উজ্জয়িনী বিশ্ববিদ্যালয়। 


7. আর্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

উত্তৰঃ- আর্যশিক্ষাৰ কলাবিদ্যা ৬৪ টা কলাবিদ্যাৰ শিক্ষা। এই বিশ্ববিদ্যালয়সমূহত তলত দিয়া ১১টা বিভাগৰ দ্বাৰা দিয়া হৈছিল সেইবোৰ হৈছে– (১) সাহিত্য (২) গৃহপাল বিদ্যা (৩) ৰন্ধন বিদ্যা (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা (৫) হাতেৰে কাম কৰা বিদ্যা (৬) শিল্প বিদ্যা (৭) বিজ্ঞান (৮) সংগীত বিদ্যা (৯) নাট্য বিদ্যা (১০) শিষ্টাচাৰ বিদ্যা (১১) শাৰীৰিক ব্যায়াম বিদ্যা।


8. চমু টোকা লিখাঃ-

নালন্দা বিশ্ববিদ্যালয়ঃ- নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিত্‍সা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। শীলভদ্র নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। ইয়াত শিক্ষা গ্রহণ সম্পূর্ণ বিনামূলীয়া আছিল আৰু ইয়াত ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসাশাস্ত্র, দর্শনশাস্ত্র আৰু আধ্যাত্ম্যবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ পুথিভঁৰালটো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল। সেই পুথিভঁৰালটো ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নোদধি। শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্রেণী বহিব পাৰিছিল। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। সাতশ বছৰৰ ভিতৰত এই বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰো অশিষ্টাচাৰৰ কথা পোৱা নাযায়। দেশ-বিদেশৰ ছাত্ৰ আহি নালন্দা বিশ্ববিদ্যালয় ভৰি পৰিছিল, কিন্তু তাৰ শিক্ষাৰ আদর্শ ইমান উচ্চ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশ লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ত যেতিয়া চীনদেশৰ পৰিব্রাজক য়ুয়ানচ্যাঙে যোগশাস্ত্র পঢ়ে তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক অসমলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখিছিল। নালান্দাৰ বিহাৰৰ ঠাইখন এতিয়া আর্কিয়োলজিকেল ডিপার্টমেণ্টে খানি চোৱাত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যোৱা এটা পোৰা-মাটিৰ মোহৰ পোৱা গৈছে।


তক্ষশীলা বিশ্ববিদ্যালয়ঃ- এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়তে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক 'জীৱক' অত্রেয় মুনিৰ ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়তে জীৱকে সাত বছৰ পঢ়িছিল। পাণিনি আৰু চাণক্যয়ো এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।  


বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ঃ- এই বিশ্ববিদ্যালয়ৰ তলত ৬খন উচ্চ বিশ্ববিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। এই বিশ্ববিদ্যালয় স্থাপনৰ ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ থাকিবৰ নিমিত্তে বিশ্ববিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্রাবাস আছিল। এই সত্ৰবোৰত ছাত্ৰবিলাকে বিনা খবচে খাবলৈ আৰু থাকিবলৈ পাইছিল। 


উদান্তপুৰ বিশ্ববিদ্যালয়ঃ- উদান্তপুৰ বিশ্ববিদ্যালয় পাল ৰজাসকলৰ আগৰে পৰা আছিল, কিন্তু খ্রীষ্টীয় ৮ম শতাব্দীতহে এই বিশ্ববিদ্যালয়ে বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়খনৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত নষ্ট কৰিলে।


উজ্জয়িনী বিশ্ববিদ্যালয়ঃ- উজ্জয়িনীত যি বিশ্ববিদ্যালয় একালত ভাৰতবৰ্ষৰ সকলো পণ্ডিতলোকসকলৰ মিলনক্ষেত্র আছিল তাত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্রখ্যাত আছিল। 


শ্রীধান্যকটক বিশ্ববিদ্যালয়ঃ- এই বিশ্ববিদ্যালয় অস্ৰাৱতী নগৰৰ ওচৰত আছিল, ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। 



 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »