-->

দৃশ্যান্তৰ-হৰেকৃষ্ণ ডেকা । Drishyantyar by Harekrishna Deka

 দৃশ্যান্তৰ

হৰেকৃষ্ণ ডেকা

1. 'দৃশ্যান্তৰ'ৰ অর্থ কি? HS-2017

উত্তৰঃ- 'দৃশ্যান্তৰ' (দৃশ্য + অন্তৰ)ৰ অৰ্থ হৈছে দৃশ্যৰ অন্তৰ অর্থাৎ পাৰিপাৰ্শ্বিকতাৰ পৰিৱর্তন। 


2. হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্র উপন্যাসখনৰ নাম কি? HS-2018

উত্তৰঃ- আগন্তক।


3. 'মধুসূদন দলং' নামৰ গল্প-পুথিখনৰ ৰচক কোন? HS-2019

উত্তৰঃ- হৰেকৃষ্ণ ডেকা।


4. হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি? HS-2020

উত্তৰঃ- অসম উপত্যকা সাহিত্য বঁটা।


5. 'গল্প আৰু কল্প' নামৰ গল্প পুথিখনৰ ৰচক কোন?

উত্তৰঃ- ''হৰেকৃষ্ণ ডেকা''।


6. নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? 

উত্তৰঃ- নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰীকণা আছিল। HS-2017 


7. মানুহজনে নঙলামুখত কি বিচাৰি ফুৰিছিল?

উত্তৰঃ- মানুহজনে নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰি ফুৰিছিল। 


8. কুকুৰীকণা মানে কি?

উত্তৰঃ- কুকুৰীকণা মানে গধূলি বা ৰাতি নেদেখা মানুহ। 


9. মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল?

উত্তৰঃ- মানুহজনৰ নিজৰ নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰিছিল। 


10. মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল? 

উত্তৰঃ- মানুহজনে ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰ ভংগীত আছিল। 


11. এই কবিতাটোত কি প্রতিফলিত হৈছে? 

উত্তৰঃ- কবি হৰেকৃষ্ণ ডেকাৰ ''দৃশ্যান্তৰ'' কৰিতাটোত সামাজিক জীৱনৰ পৰিবৰ্তিত সত্য প্রতিফলিত হৈছে। 


12. মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? 

উত্তৰঃ- মানুহজন কুকুৰীকণা হোৱা হেতুকে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। 


13. হৰেকৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল?

উত্তৰঃ- হৰেকৃষ্ণ ডেকা 'The Sentinal' কাকত আৰু 'গৰিয়সী' আলোচনীৰ সম্পাদক আছিল। 


14. হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অ'কাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ- হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অ'কাডেমী বঁটা লাভ কৰিছিল। 


15. কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? 

উত্তৰঃ- কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 


16. আকাশত কি ধিয়াই আছিল?

উত্তৰঃ- আকাশত কেইজোপামান কাকিনী তামোল ধিয়াই আছিল। 


17. কবিয়ে বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেনে আছিল? 

উত্তৰঃ- কবিয়ে বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেঁচা আছিল।


18. দৃশ্যান্তৰ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল? HS-2016

উত্তৰঃ- 'দৃশ্যান্তৰ' কবিতাত কবিয়ে পঁশিচ বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল।


19. সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স'তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। HS-2016

উত্তৰঃ- পঁচিশ বছৰ আগতে কবিয়ে যেতিয়া এজন ব্যক্তিক কেঁচা-আলি কেঁকুৰিৰ কাষত লগ পাইছিল তেতিয়া কুকুৰীকণা হোৱা হেতুকে তেখেতে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল। কবিয়ে তেওঁক সহায়ৰ অৰ্থে ঘৰটোলৈ আগবঢ়াই দিওঁতে ব্যক্তিজনে খুব সন্তোষ প্রকাশ কৰিছিল। কিন্তু পঁচিশ বছৰ পাছত যেতিয়া দৃশ্যটো সলনি হ'ল তেতিয়া পুনৰবাৰ একে ঠাইতে ব্যক্তিজনক লগ পাওঁতে কবিক মানুহজনে চিনিব নোৱাৰি ভাড়াঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল। তেতিয়াই তেখেতে কংক্রীটৰ পৃথিৱীখনৰ বিষয়ে দুখ কৰি কৈছিল যে ইয়াত মানুহ মৰিলেও দাহ কৰিবলৈ কাৰো সময় নাই।


20. বৰ শান্তিত আছোঁ।

এই পঁজাটিত। 

—কোনে, কিয় এনেদৰে কৈছিল বুজাই লিখা। HS-2017

উত্তৰঃ- "বৰ শান্তিত আছোঁ

এই পঁজাটিত।"

(দৃশ্যান্তৰ, হৰেকৃষ্ণ ডেকা) 

পঁচিশ বছৰৰ আগৰ এচমকা দৃশ্যৰ পুনঃস্মৰণৰ আঁৰতেই উক্ত বাক্য ফাঁকিৰ মমার্থ সোমাই আছে।

সেয়া আছিল এটি গধূলিৰ সময়, এটি গাঁৱলীয়া পৰিৱেশ। কবিৰ মনত এতিয়াও সজীৱ সেই ঘোকোট গাওঁখনৰ কোনো এটি চুকত থকা আলিকেঁকুৰিৰ কেঁচা মাটিৰ গোন্ধটো। সেই -আলি কেঁকুৰিৰ দাঁতিতেই যেন এডাল নঙলা আৰু তাক অতিক্রমীয়েই খেৰ, বাঁহেৰে সজা এটি অকণমানি পঁজা। কবিৰ স্মৃতিয়ে যেন আজিও ধৰি ৰাখিছে আকাশ ভেদিবলৈ নিঃকিন প্রতিযোগিতা কৰা তামোল গছকেইজোপাক, সমুখতেই বিৰাজমান বাঁহগছকেইজোপাক সেই বিচিত্র আকৃতিক যিয়ে গধূলিৰ নিজম পৰতো নমিত নমস্কাৰ ভংগীৰে কবিক আদৰণি জনাইছিল।

হঠাতে যেন কবিয়ে মুখামুখি হ'ল এজন গঞালোকৰ। আপাতদৃষ্টিত কবিয়ে ধৰিব পাৰিলে মানুহজন কুকুৰীকণা, সেইবাবেইতো ফৰিংফুটা জোনাকৰ ফটফটীয়া পোহৰতো মানুহজনে নিজৰ ঘৰটোকে উলিয়াব পৰা নাছিল। মানৱদৰদী কবিয়ে স্বেচ্ছাই আগবঢ়াইছিল সহায়ৰ হাত, আৰু এনে এক অচিনাকি সহায় গ্রহণ কৰিবলৈ ব্যক্তিগৰাকীয়ে অলপো দ্বিধাবোধ কৰা নাছিল। কবিয়ে যেতিয়া হাতে হাত ধৰি মানুহজনক আগুৱাই লৈ গৈছিল, তেতিয়া কবিক এজন পৰম বিশ্বাসীৰ দৰে কৈ গৈছিল সেই শান্তিময় পৰিৱেশত তেওঁৰ সুখ-স্বাচ্ছন্দ্যৰ কথা। কবিৰ কাণত যেন আজিও ৰিণিকি-ৰিণিকি বাজে সেই মনপৰশা স্বীকাৰোক্তি- "বৰ শান্তিত আছে এই পঁজাটিত।"


21. দৃশ্যান্তৰ কবিতাটোৰ সাৰাংশ লিখা। HS-2017, 2018

উত্তৰঃ- অসমীয়া আধুনিক কবিতা জগতৰ বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ কবিতাটি এটি অনন্য মনোৰম কবিতা। এই কবিতাটিৰ যোগেদি কবিয়ে দখন পৰিৱৰ্তিত সমাজৰ প্রতিচ্ছবি চিত্রিত কৰিছে। দৃশ্য দুটাৰ স্থান একেই; কিন্তু পৰিৱৰ্তন হৈছে কেৱল যুগ। কবিয়ে বর্ণনা কৰা প্রথম দৃশ্যটিত ঠাইখনৰ আলি কেঁকুৰিটো কেঁচা, তাত আছিল এটা পঁজাঘৰ, কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত দোঁ খাই থকা আগলি বাঁহনি এডৰা, চৌদিশে উদ্ভাসিত হৈ আছিল পূর্ণ জোনৰ স্নিগ্ধ পোহৰ। লণ্ঠনৰ দৰে সেই পোহৰতো মনিব নোৱাৰা কুকুৰীকণা মানুহজনে নিজৰ নঙলামুখতে নিজৰ ঘৰৰ পদূলি বিচাৰি পোৱা নাছিল। তেওঁলৈ সহায়ৰ হাত আগবঢ়াবলৈ সেই সময়ত তেওঁৰ ওচৰত কোনো নাছিল। কবিয়ে কুকুৰীকণা মানুহজনৰ পুতৌ লগা অৱস্থা প্রত্যক্ষ কৰি তেওঁলৈ সহায়ৰ হাত আগবঢ়াইছিল। প্রাকৃতিক উপাদানেৰে সমৃদ্ধ সেই পঁজাতেই কুকুৰীকণা মানুহজনে অনাবিল শান্তি বিচাৰি পাইছিল।

কবিতাটিৰ দ্বিতীয় দৃশ্যপটত পঁশিচ বছৰৰ পাছত একে ঠাইতে কবিয়ে লগ পালে এজন ন্যুব্জ বৃদ্ধক। পঁশিচ বছৰৰ আগতে কবিয়ে লগ পোৱা কুকুৰীকণা মানুহজনেই বর্তমান চশমা পৰিহিত। এতিয়া আৰু তেওঁক পঁজা ঘৰটোলৈ আগুৱাই নিবলৈ সহায়ৰ প্রয়োজন নাই। কাৰণ, যুগৰ নতুন সৃষ্টি চশমাযোৰেই এতিয়া তেওঁৰ সাৰথি হৈছে। পূর্বে জনশূন্য ঠাইখন এতিয়া গগনচুম্বী অট্টালিকাৰে ভৰি পৰিছে। ঠাইখনত কোনে কিমান অত্যাধুনিক অট্টালিকা নির্মাণ কৰিব পাৰে তাৰ যেন অঘোষিত প্রতিযোগিতাহে চলিছে। পঁশিচ বছৰৰ পাছত কবিয়ে পূর্বৰ সেই শান্তিময় ঠাইখনত বসতি কৰিবলৈ ভাৰাঘৰ বিচাৰি আহিছিল। এই কথা কবিক লগ পোৱা বৃদ্ধই গম পাই তেওঁৰ ঠাইখনৰ আমূল পৰিৱর্তনৰ কথা ব্যক্ত কৰিছে। পূর্বৰ শান্তিময় ঠাইখন বর্তমান ধনতান্ত্রিক যখৰ সমাজত পৰিণত হৈছে। কংক্রীটৰ নগৰীখনত কাৰোবাৰ মৃত্যু হ'লেও দাহ কৰিবলৈ এজন মানুহ নোলায়। সকলোৰে অন্তৰবোৰ যেন হৈ পৰিছে কংক্রীটৰ দৰে কঠিন। ঠাইখনত মানৱতা, নৈতিকতা, আবেগ-অনুভূতি সকলোৰে যেন স্খলন ঘটিছে। আন্তৰিকতাশূন্য যান্ত্রিক সমাজখনৰ কথা কবিয়ে গম পাই মনত এক যন্ত্রণা অনুভৱ কৰি অশান্তিৰে ভাৰাক্ৰান্ত মন এটি লৈ তেওঁ উভতি আহিছে। 


22. হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

(নাইবা)

'এই কংক্রীটৰ হাবিখনত তেওঁক 

বিচাৰি নাপালোঁ আৰু।'

-ইয়াত কবিয়ে কাক বিচাৰি নোপোৱাৰ কৈছে, বুজাই লিখা। 

উত্তৰঃ- ইয়াত কবিয়ে বৃদ্ধ, ন্যুব্জ মানুহজনক বিচাৰি নোপোৱাৰ কথা কৈছে।

পঁচিশ বছৰ পিছত ঠিক একেখিনি ঠাইতে কবিয়ে এজন বৃদ্ধ, কুঁজা লোকক লগ পাইছিল। তেওঁৰ মুখত বয়সৰ চিন স্পষ্ট। বয়সৰ চিন নোহোৱাত হ'লে পঁচিশ বছৰ আগৰ মানুহজনৰ লগত সাই লাখ একে সাঁচ। তেওঁ সাতমহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ আছিল। ওচৰে-পাজৰে আছিল আন কেইবাটও অট্টালিকা। এটাতকৈ আনটোৰ ৰূপ চৰা আছিল। সন্ধ্যা ভগাৰ বহুত পাছতো সেই ঠাই জনপূৰ্ণ হৈ আছিল। চশমাৰ তলেৰে বৃদ্ধ লোকজনে কবিয়ে ভাড়াঘৰ বিচাৰি আহিছে নেকি বুলি প্রশ্ন কৰিছিল। তাৰ পিছত বৃদ্ধ লোকজনে নিজেই কৈছিল যে এই কুবেৰৰ মহলাত ভাড়াঘৰ নাপায় আৰু পালেও শান্তিৰে থাকিব নোৱাৰে। কিয়নো পূৰ্বৰ শান্তিপূর্ণ ঠাই খন এখন কংক্রীটৰ নগৰীত পৰিণত হৈছে আৰ হৈ পৰিছে এখন ধনতান্ত্রিক যখৰ সমাজ। ঠাই খনত মানৱতা, নৈতিকতা, আবেগ, অনুভূতি সকলোৰে স্খলন ঘটিছে| আন্তৰিকতাশূন্য যান্ত্রিক সমাজখনত কাৰোবাৰ মৃত্যু হ'লেও দাহ কৰিবলৈ মানুহ নোলায়। সকলোৰেৰ অন্তৰবোৰ যেন হৈ পৰিছে কংক্রীটৰ দৰে কঠিন। এইদৰে কৈ বৃদ্ধ লোকজন সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। কবিয়ে তেওঁক কংক্রীটৰ হাবিখনত বিচাৰি নাপায় অশান্তিৰে উভতি আহিল।


23. দৃশান্তৰ কবিতাটোৰ সাৰাংশ লিখা। HS-2019

উত্তৰঃ- প্রথিতযশা কবি সাহিত্যিক হৰেকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত 'দৃশান্তৰ' কবিতাটিৰ মাজেৰে কৰিয়ে মানৱ সমাজৰ পৰিৱৰ্তিত আৰু ক্রমান্বয়ে স্খলন হ'বলৈ ধৰা মানৱতাৰ দৃশ্য প্রতিফলিত কৰিবলৈ চেষ্টা কৰিছে। পঁচিশ বছৰৰ আগত আৰু পঁচিশ বছৰৰ পাছত দৃষ্টিগোচৰ হোৱা দুটা ভিন্ন দৃশ্য তেওঁ অৱতাৰণা কৰিছে। সময়ৰ সোঁতত সমাজলৈ কেনেধৰণৰ পৰিৱৰ্তন আহে সেই কথা তেওঁ দৃশ্য দুটাৰ জৰিয়তে ফুটাই তুলিছে।

সময়ৰ পৰিৱৰ্তিত সোঁতত সমান্তৰালভাৱে মানৱ সমাজৰ ধ্যান-ধাৰণা, দৃষ্টিভংগী, চিন্তা-চেতনা আদিও সলনি হয়। এদিন আমাৰ সমাজখন আছিল গাঁও প্রধান। ৰাস্তা-ঘাটবোৰ আছিল কেঁচা। মানুহে জুপুৰি ঘৰত বাস কৰিছিল। কিন্তু বাহ্যিক আড়ম্বৰ আৰু প্ৰগতি নাথাকিলেও

তেওঁলোকৰ জীৱনত শান্তিৰ অভাৱ হোৱা নাছিল। বিপদ-আপদত মানুহে মানুহক সহায় কৰিছিল। পঁচিশ বছৰৰ আগতে এটা কেঁচা আলি কেঁকুৰিত সন্ধিয়া কবিয়ে লগ পাইছিল এজন কুকুৰীকণা মানুহ। পূর্ণ জোনৰ পোহৰতো নিজৰ পদূলি খেপিয়াই ফুৰা মানুহজনক হাতত ধৰি আগবঢ়াই দিছিল। মানুহজনে তেতিয়া মত প্রকাশ কৰিছিল যে তেওঁ অতি শান্তিত জীয়াই আছে। 

সময়ৰ সোঁতত গাঁও ৰূপান্তৰিত হ'ল চহৰলৈ লগে লগে পৰিৱেশ, পৰিস্থিতি, মানুহৰ মনোভাব সলনি হ'ল। কাকিনী তামোল, বাঁহেৰে পৰিবেষ্টিত এটি সৰু পঁজাঘৰৰ ঠাইত ওখ ওখ অট্টালিকা নির্মিত হ'ল। সুদীর্ঘ পঁচিশ বছৰৰ মূৰত একে ঠাইতে কবিয়ে ব্যক্তিজনক লগ পাইছে। পঁজাঘৰৰ পৰিৱর্তে এটি সাতমহলীয়া অট্টালিকাৰ সন্মুখত তেওঁ থিয় হৈ আছিল। কংক্রীটৰ মহানগৰীত দুভাগ নিশাও মানুহ পিয়াপি দি ফুৰিছিল। অন্য মানুহৰ বাবে চিন্তা কৰিবলৈ বর্তমান মানুহৰ সময় নাইকীয়া হ'ল। ধনবলীয়া মানুহবোৰে নিজৰ বাহিৰে আন কাকো চিনি নোপোৱা হ'ল। মৰিলে দাহ কৰিবলৈ, বিপদে-আপদে এষাৰি মাত দিবলৈও সময়ৰ অভাৱ হ'ল। মানুহৰ সেউজ কোমল মনবোৰ লোহাৰ দৰে কঠিন হৈ পৰিল। মানুহজনে কবিক দেখি সন্দেহৰ চকুৰে চাই ভাড়াঘৰ বিচাৰি আহিছে নেকি বুলি প্রশ্ন কৰিছিল। লগতে তেওঁ জনালে যে তাত ঘৰ পোৱাটো প্ৰায় অসম্ভৱ আৰু পালেও তাত শান্তি নাই। সমাজৰ স্খলিত ৰূপ দেখি বৃদ্ধ ব্যক্তিজনে হতাশ হৈ বৰ্তমানৰ সমাজৰ লোকসকলক যশৰ সন্তান বুলি ক'বলৈয়ো সংকোচ কৰা নাই। নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি তেওঁ অট্টালিকাটোৰ ভিতৰলৈ সোমাই গ'ল। কৰিয়ে তেওঁক আৰু বিচাৰি নাপালে।


24. ব্যাখ্যা কৰা

(ক) ''সময়টো আছিল গধূলি।

তেও নঙলামুখত বিচাৰি ফুৰিছিল

নিজৰ ঘৰৰ পদূলি।'' HS-2019 

উত্তৰঃ- ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ''অসমীয়া সাহিত্য চয়নিকা''ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত 'দৃশ্যান্তৰ' নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে৷

ইয়াত কবিয়ে গধূলি সময়ত এজন মানুহে নিজৰ নঙলামুখত কিবা এটা বিচাৰি থকাৰ প্ৰসংগত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

গধূলি সময়ত এজন মানুহে নিজৰ ঘৰৰ পদূলি বিচাৰি ফুৰিছিল। সেই সময়ত ঠাইখনৰ ঘৰ-দুৱাৰ আছিল খেৰ, বাহ বেত আদিৰে সজা, আলিবাটবোৰ আছিল কেঁচা। মানুহবোৰ আছিল মমীয়াল, আনৰ দুখত দুখী হোৱা স্বভাৱৰ, তাৰ মানুহ বিলাকৰ মাজত হিংসা ভাৱ নাছিল। সকলোৰে ঘৰ তামোল, পাণ বাহ আদিৰে পৰিপূৰ্ণ আছিল। সেই ঠাইখনৰ সকলোবোৰ মানুহ ডাঙৰ-দীঘল হৈছিল প্রাকৃতিক পৰিৱেশৰ মাজত। পঁচিশ বছৰ পিছত কবিয়ে সেই একেখন ঠাই দেখি আঁচৰিত হৈছিল কাৰণ তেতিয়া সেই ঠাইখন সম্পূর্ণ পৰিৱৰ্ন হৈছিল। সেই জুপুৰি ঘৰৰ ঠাইত ডাঙৰ ডাঙৰ সাতমহলীয়া অট্টালিকা, কেঁচা ৰাস্তাৰ ঠাইত পকী ৰাস্তা আৰু মানুহবোৰৰ মনবোৰ আগৰদৰে নাই। সকলোৱে নিজক লৈয়ে ব্যস্ত আনৰ সুখ-দুখৰ সমভাগী হোৱাৰ সময় তেওঁলোকৰ এতিয়া নাই। তেওঁলোকৰ আছে কেৱল চহৰীয়া জীৱনৰ যান্ত্রিকতা।


24. ব্যাখ্যা কৰা

(খ) ''যখৰ পোৱালীহঁতে কাক কোনে চায়''।

''মৰিলেও দাহ কৰিবলৈও

এজন মানুহ নাই।'' 

উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ''অসমীয়া সাহিত্য চয়নিকা''ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত 'দৃশ্যান্তৰ' নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কবিতাংশত কবিয়ে মানৱৰ ধন-ঐশ্বর্য বৃদ্ধিৰ প্রতিযোগিতাত কিদৰে মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে তাৰেই অৱতাৰণা কৰিছে।

বর্তমান সমাজত মানুহৰ কথা-কথিত, শিক্ষা-দীক্ষাৰ উত্তৰণ ঘটিছে। সা-সম্পত্তিৰ অভিজ্ঞতাও বাঢ়িছে কিন্তু তাৰ বিপৰীতে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় হৈছে। গ্রাম্য জীৱনৰ সফলতা আৰু আন্তৰিকতাক ক্রমান্বয়ে আধুনিক জীৱন শৈলীয়ে গ্রাস কৰি পেলাইছে। ফোপোলা আভিজাত্যই মানুহক প্রকৃত বিকাশৰ পথলৈ উত্তৰণ ঘটাব পৰা নাই। যাৰ ফলত মানুহৰ মৰম স্নেহ, ভাতৃত্ববোধ একতা আদি নিঃচিহ্নি হৈ পৰিছে। সেয়ে আজি সমাজত বিপদ-আপদৰ সময়তো মানুহৰ এষাৰি মাত শুনিবলৈ পোৱা নাযায়, আনকি মানুহ মৰিলেও শ দাহ কৰিবলৈয়ো আজি ওচৰ-চুবুৰীয়াই সহায় কৰিবলৈ নাহে। বর্তমান সমাজৰ এখন জীয়া ছবি কবিতাংশৰ জৰিয়তে কবিয়ে ফুটাই তুলিছে।

সেয়েহে তেনে মানুহবোৰক যখৰ পোৱালী নামেৰে অভিহিত কৰিছে। কাৰণ যখবোৰে নিজৰ বাহিৰে আনক চিনি নাপায় আৰু তেওঁলোক অতিশয় কৃপণ। তেওঁলোকে ভাৱে নিজৰ সুখেই সুখ।  


25. অর্থ লিখাঃ-

দৃশ্যান্তৰ= ভিন্ন বা অন্য দৃশ্য HS-2017

দাহ= পোৰণি/পোৱা কার্য, দহন/শোক, সন্তাপ 

ন্যুব্জ= কুঁজা

কাকিনী তামোল= বৰ ওখ তামোল

কুবেৰ= যক্ষৰ অধিপতি বা ধনৰ অধিপতি দেৱতা

যখ= পুতি থোৱা ধন-সোণ ৰখি থাকে বুলি আপদেৱতা 

পিয়াপি দি= এটা এটা হৈ চাৰিওফালে।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »