-->

কিতাপৰ কথা । Kitapor kotha

 কিতাপৰ কথা 

Kitapor kotha

১। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?

উত্তৰঃ- বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে৷


২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?

উত্তৰঃ- গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে৷


৩। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?

উত্তৰঃ- ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ৷


৪। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?

উত্তৰঃ- ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে," কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷ "


৫। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?

উত্তৰঃ- হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল৷


৬। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে?

উত্তৰঃ- কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে  চীনদেশত  প্ৰচলিত যোজনা -

কিতাপ মেলা মানেই লাভ৷

বিদ্বান লোকে চোৰাং কাম নকৰে৷

আলবানিয়াত প্ৰচলিত যোজনা- 

যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা৷


৭. দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা৷

উত্তৰঃ- গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ৷ একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে৷ সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে৷ভীৰুতা আৰু কু-সংস্কাৰ আঁতৰ কৰে৷ এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে৷


৮. আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা৷

উত্তৰঃ- আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক মন্তব্য কৰিছিল, হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়৷ সভ্য আৰু সুখী হ’ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে৷অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈও চেষ্টা নকৰা৷বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল৷


৯. "অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়৷" পাঠটিৰ সহায়ত আলোচনা কৰা৷

উত্তৰঃ- সাধাৰণতে চহা লোকসকলৰ বুজ-বিবেচনা অলপ কম৷ কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্ৰহী৷ তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰপৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্ৰয়োগ কৰে৷ জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন, সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে; তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে৷ সেয়েহে অনাখৰী চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায়৷


১০. সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা৷

উত্তৰঃ- হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল৷


১১. “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা৷

উত্তৰঃ- আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে৷ বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায়৷ পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায়৷সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাচে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে৷ ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়,পঢ়িবৰ দৰকাৰো নহয়৷ এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে এইদৰে দিহা  দিছিল, “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷”


১২. ".....কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে৷" - কথাষাৰ ব্যাখ্যা কৰা৷

উত্তৰঃ- একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই৷সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, "কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে৷"


১৩. "হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই;" - কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা৷

উত্তৰঃ- পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল৷ সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল৷ বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল৷ দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল - "হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা৷ তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা৷


১৪. "কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়৷" পাঠটোৰ সহায়ত বুজাই লিখা৷

উত্তৰঃ- যিমানেই বিদ্যাৰ অনুশীলন হয়,সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে৷ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে৷ স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে; ইউৰোপত ৰুছো৷মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে৷ একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে৷সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয়৷


১৫। "আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে৷ এতিয়া কিতাপেই গুৰু৷" কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা৷

উত্তৰঃ- আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল৷ সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ বৰ্তমান জগত ছপাখানা, কিতাপ-আলোচনীৰ জগত৷কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ৷ কিতাপ লাজে জ্ঞানৰ কাৰণে৷ জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিৱদ্ধ কৰি থৈ গৈছে৷ কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি৷ যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে৷ ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে৷ বৰ্তমান সময়ত কিতাপেই গুৰু৷ সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে৷


১৬। ''... কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে । ''- কথাষাৰ ব্যাখ্যা কৰা । 

উত্তৰঃ- একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই৷সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, "কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে৷"

Previous
Next Post »