-->

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা | Everest xapon aru bibhishika

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা 

Everest xapon aru bibhishika

 অতি চমু প্ৰশ্ন

১. প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?

উত্তৰঃ- প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন আছিল তৰুণ শইকীয়া আৰু মনিষ ডেকা৷


২. 'KHUMBO ICE FALL' বুলিলে কি বুজা?

উত্তৰঃ- 'KHUMBO ICE FALL' বুলিলে বৰফৰ নদী ভাঙি খণ্ড-বিখণ্ড হৈ স্তূপীকৃত বৰফৰ প্ৰাচীৰ সৃষ্টি কৰাকে বুজায়৷


২. পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?

উত্তৰঃ- পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা ১৮০০০ ফুট উচ্চতাত অৱস্থিত ৷


৩. নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?

উত্তৰঃ- নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি পু’মৰি শিখৰক জনা যায়৷


৪. অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?

উত্তৰঃ- অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম খুম্বু আইচ ফল আছিল৷


৫. প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমুটোকা যুগুত কৰা৷

উত্তৰঃ- নেছিম আখতাৰে লেখকৰ মনত এভাৰেষ্ট জয় কৰাৰ সপোন জগাই তুলিছিল৷লগ পালেই তেওঁ লেখকক কৈছিল, দেশৰ অন্য প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে অসমৰ পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় হ’ব নোৱাৰিব কিয়।


৬. এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?

উত্তৰঃ- এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্ৰাওজাৰ পৰিধান কৰিছিল৷


৭. দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল?

উত্তৰঃ- দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকীৰ এগৰাকী আছিল চীনা মহিলা আৰু আনগৰাকী  আমেৰিকান ব্যক্তি৷


৮. কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্ৰেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?

উত্তৰঃ- প্ৰয়াত পৰ্বতাৰোহী নেছিম বাইটীৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু  অঞ্চললৈ ট্ৰেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল৷


৯. হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি 'অসম এভাৰেষ্ট অভিযান'ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?

উত্তৰঃ- হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি 'অসম এভাৰেষ্ট অভিযান'ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ জমাৰিং,টিপ ট’ ক্লাইম্বিং আদি কৌশল অনুশীলন কৰিছিল৷ পৰ্বতাৰোহণৰ বেছিক আৰু এডভান্স মাউণ্টেইনীয়াৰিঙৰ কৰ্ছত এইবোৰ কৌশল তেওঁলোকে শিকিছিল৷সেইসময়ত তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰি ভাঁজ কৰি লৈ অলপ চাপৰি এভালেন্স পজিশ্যন লৈছিল৷


১০. লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?

উত্তৰঃ- লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে এক বিশালাকাৰ আয়তন ধাৰণ কৰি প্ৰলৰ ৰূপ ল’লে৷ তেওঁলোকৰ কেম্পত থকা টেণ্টসমূহ উৰুৱাই নি বহুত দূৰত পেলালে৷ মৃত্যুৰ আগজাননী পাই তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰি ভাজ কৰি লৈ অলপ চাপৰি হিমস্খলনৰ সাৱধানতা লৈছিল যাতে বৰফৰ সেই দৈত্যই তেওঁলোকক গ্ৰাস কৰিব নোৱাৰে৷ হিমানী সম্প্ৰপাত যেতিয়া তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁলোকক বৰফৰ মাজত পুতি পেলাইছিল৷ অভিযানকাৰীসকলৰ উশাহ-নিশাহ বন্ধ হৈ পৰিছিল৷


১২. হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?

উত্তৰঃ- হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ দেখিলে যে টেণ্টবোৰ উৰুৱাই লৈ গৈছে বৰফৰ দৈত্যই আৰু বহুকেইজন পৰ্বতাৰোহীৰ সৈতে শ্বেৰ্পাৰ মৃত্যু হৈছে৷দুটা ভিন্ন অভিযানৰ দুগৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে৷এগৰাকী আছিল চীনা মহিলা চিকিৎসক৷তেওঁ স্ন’ফলৰ বাবে টেণ্টৰ ভিতৰত শ্লিপিং বেগৰ উমৰ মাজত সোমাই কিতাপ পঢ়াত ব্যস্ত থাকোঁতেই হিমানীয়ে মহিলাগৰাকীক থেকেচি থৈ যায়৷আনগৰাকী  আছিল আমেৰিকান ব্যক্তি৷ ১৯ গৰাকী পৰ্বতাৰোহীৰ ঘটনাস্থলীতত মৃত্যু হয় আৰু এজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয়৷৫০ ৰো অধিক পৰ্বতাৰোহী আঘাতপ্ৰাপ্ত হয়৷


১৩. লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত 'অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?

উত্তৰঃ- লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই মানস বৰুৱাৰ নেতৃত্বত ২০১৫ চনত 'অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়৷


১৪. 'অসম এভাৰেষ্ট অভিযান' দলটিৰ ওভতনি যাত্ৰা কেনেকুৱা আছিল ব্যাখ্যা কৰা৷

উত্তৰঃ- ২০১৫ চনত  মানস বৰুৱাৰ নেতৃত্বত 'অসম এভাৰেষ্ট অভিযান' নাম দি লেখকে এভাৰেষ্ট অভিযান চলাইছিল৷ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আয়োজিত এই অভিযানত এক্সপ্ল’ৰাৰ্ছ,শিখৰ,কাৰ্বি আংলং পৰ্বতাৰোহণ সন্থা আদি সংগঠনে সহযোগ কৰিছিল৷দলটোৰ আন সদস্য সকল আছিল- উপেন চক্ৰৱৰ্তী,ডা: জগদীশ বসুমতাৰী, হেনৰী ডেভিড টেৰণ, বিপ্লৱ চহৰীয়া, নন্দ দুলাল দাস, খৰছিং ইংতি আৰু পৰাগ দাস৷দলটোৰ বেছ কেম্প মেনেজাৰৰ দায়িত্ব বহন কৰিছিল অমৰ ডেকা আৰু শৈলেন দাসে৷লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে এক বিশালাকাৰ আয়তন ধাৰণ কৰি প্ৰলৰ ৰূপ ল’লে৷তেওঁলোকৰ কেম্পত থকা টেণ্টসমূহ উৰুৱাই নি বহুত দূৰত পেলালে৷হিমানী সম্প্ৰপাত যেতিয়া তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁলোকক বৰফৰ মাজত পুতি পেলাইছিল৷অভিযানকাৰীসকলৰ উশাহ-নিশাহ বন্ধ হৈ পৰিছিল৷

হিমানী সম্প্ৰপাতে তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টটো ঢাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলায়৷সেই বৰফৰ দৈত্যই খাদ্য-সামগ্ৰীসমূহ অনিষ্ট কৰে৷প্ৰকৃতিৰ বিভীষিকাৰ বাবে এভাৰেষ্ট জয় কৰাৰ সপোন আধাতে সামৰি অভিযানকাৰী দলটিয়ে ওভতনি যাত্ৰা আৰম্ভ কৰে।


১৫. এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?

উত্তৰঃ- ৩ এপ্ৰিলত যেতিয়া লেখকে এভাৰেষ্ট অভিযানৰ বাবে ঘৰ এৰিছিল জিভাই মাছৰ সোৱাদ পোৱা নাছিল৷সেয়ে দুদিনমানৰ প্ৰস্তুতিৰে বেছ কেম্প মেনেজাৰ অমৰ ডেকাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে অভিযানকাৰী দলটোৰ বাবে মাছ অনাৰ ব্যৱস্থা কৰিছিল৷অমৰে থেকেৰাৰে মাছৰ টেঙা ৰান্ধিবৰ বাবে দলটোৰ লগত থকা ৰান্ধনিৰ জৰিয়তে বিশেষ ব্যৱস্থা কৰিছিল৷জলপান খাই বৰ আশাৰে তেওঁলোক ওলাই গৈছিল, দুপৰীয়া মাছৰ টেঙাৰে ভালকৈ ভাত এসাঁজ খাব পাব বুলি৷কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী পৰিল৷ হিমানী সম্প্ৰপাতে তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টটো ঢাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলায়৷সেই বৰফৰ দৈত্যই অন্য খাদ্য-সামগ্ৰীসমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাও গ্ৰাস কৰিলে৷সেই ঘটনাই লেখকৰ মনত হাঁহিৰ খোৰাক যোগায়৷

Previous
Next Post »