-->

গৌৰৱ । Gourav- কালিৰাম মেধি

 গৌৰৱ 

কালিৰাম মেধি


১। কালিৰাম মেধি কিমান চনত জন্ম হয়?

উত্তৰঃ- কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয়৷


২। 'মহাপুৰুষ শংকৰদেৱৰ বাণী' কাৰ ৰচনা?

উত্তৰঃ-'মহাপুৰুষ শংকৰদেৱৰ বাণী' কালিৰাম মেধিৰ ৰচনা৷


৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ-কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল৷


৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ-কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম- 'অংকাৱলী’, 'প্ৰহ্লাদ চৰিত’, 'মহাপুৰুষ শংকৰদেৱৰ বাণী’৷


৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল?

উত্তৰঃ-কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ হৈছিল৷


৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা৷

উত্তৰঃ-হোমাৰৰ মহাকাব্য দুখনৰ নাম- 'ইলিয়াড' আৰু 'ওডিছি'।


৭। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা৷

উত্তৰঃ-কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব'


৮। 'ডিভাইন কমেডি’ কাৰ ৰচনা?

উত্তৰঃ-'ডিভাইন কমেডি’ ডাণ্টেৰ ৰচনা৷


৯। নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল?

উত্তৰঃ-নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ বীৰ আছিল৷


১০। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ 'টনাটনি’ কৰে?

উত্তৰঃ-মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ 'টনাটনি’ কৰে৷


১১। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?

উত্তৰঃ-জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে৷


১২। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে?

উত্তৰঃ-সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷


১৩। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে? বুজাই লিখা৷

উত্তৰঃ-ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী নহয়৷কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে৷


১৪। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?

উত্তৰঃ-বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে৷


১৫। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?

উত্তৰঃ-শুদ্ধোধন বুদ্ধৰ বাপেক হোৱা বাবে মানুহে জানে৷

১৬। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?

উত্তৰঃ-দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে৷


১৭। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা৷

উত্তৰঃ-জন্ম, ধন আৰু মান সৌভাগ্যৰপৰা আহে৷ জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়৷ ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে তেন্তে সেই ধন কি কামৰ? টকা থাকে মানে বাহিৰৰ পৰা মান-সভ্ৰম নিজেই আহি লগ ধৰে৷ সংসাৰত আহি যদি সৎ কৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয় এই কু-সংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে৷


১৮. 'গৌৰৱ' প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে? 

উত্তৰঃ-প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়৷ এই গুণবিলাকে মানুহক অমৰ কৰে৷ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয়৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী৷


১৯. "ধনেই ধৰ্মৰ মূল, মন নহ’লে যায় জাতি কুল" -কথাষাৰ বুজাই লিখা৷

উত্তৰঃ-ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত৷ধন থাকিলে বন্ধু লগত থাকে, সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে৷ সেয়েহে কোৱা হৈছে,"ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল"৷


২০. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- "বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷

উত্তৰঃ-উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে৷

বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে৷উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে৷

বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ৷বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে৷বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়,ভক্তি আকৰ্ষণ কৰিব পাৰে৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয়৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয়৷আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল৷ নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই৷আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল কিন্তু  গৌতম বুদ্ধৰ হোৱা নাই৷ সেয়েহে কোৱা হৈছে, "বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷


২১. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা "ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷" 

উত্তৰঃ- উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰ পৰা তুলি দিয়া হৈছে৷

ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে৷

শৰীৰৰ এটা প্ৰধান অংশ হ’ল ৰূপ৷ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল৷ ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ডাণ্টেৰ 'ডিভাইন কমেডি' ৰূপৰ পৰাই ওলাইছে৷হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়,মানুহো তেনেকৈ ৰূপত মুগ্ধ হয়৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায়৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে৷


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »