-->

কানাইৰ চাতুৰী-শ্ৰীধৰ কন্দলি । Kanair Chaturi by Sridhar Kandali

 খ-অংশ (পদ্যাংশঃ) 

কানাইৰ চাতুৰী

শ্ৰীধৰ কন্দলি। 


1. 'তাসম্বাক' শব্দৰ আধুনিক ৰূপ লিখা। HS-2014, 2019, 2020

উত্তৰঃ- 'তাসম্বাক' শব্দৰ আধুনিক ৰূপ হ'ল— তেওঁলোকক।


2. কপিল মুনিৰ মাতৃৰ নাম কি? HS-2013, 2016, 2018 

উত্তৰঃ- কপিল মুনিৰ মাতৃৰ নাম আছিল দেৱহুতি।


3. কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল? HS-2013, 2017 

উত্তৰঃ- মোহিনী ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল।


4. কপিল মুনি কোন? 

উত্তৰঃ- কপিল মুনি কদম মুনিৰ পত্নী আৰু স্বায়ম্ভুব মুনিৰ কন্যা দেৱহুতিৰ পুত্র।


5. কৃষ্ণই ক'লৈ গুচি যাব বুলি মাক যশোদাক কৈছে? HS-2012

উত্তৰঃ- কৃষ্ণই দৈৱকীৰ ঘৰলৈ গুচি যাব বুলি মাক যশোদাক কৈছে।


6. কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? 

উত্তৰঃ- কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপশিশুসকলে যশোদাক কৈছিল।


7. 'ঘুনুচা কীর্তন' আৰু 'কাণখোৱা' পুথিখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ- 'ঘুনুচা কীর্তন' আৰু 'কাণখোৱা' পুথিখন শ্রীধৰ কন্দলীয়ে ৰচনা কৰিছিল। 


8. কৃষ্ণই কিমানদিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উত্তৰঃ- কৃষ্ণই চাৰি-পাঁচদিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোবাকৈ থাকিব বুলি মাকক জনাইছিল। 


9. ''দুৰ্যশ কলংক দুখ সুমৰন্তে,

-'সমৰন্তে' শব্দৰ অৰ্থ লিখা। HS-2014

উত্তৰঃ- 'সুমন্তে' শব্দৰ অৰ্থ হ'ল- সুঁৱৰি।


10. ছয়ৰতি সোনাৰ বংশী গড়ায় ননদ

ৰাজ পটেশ্বৰী হুই। 

-ইয়াত ৰাজপটেশ্বৰী বুলি কাক কৈছে? HS-2020

উত্তৰঃ- ইয়াত ৰাজপুটেশ্বৰী বুলি যশোদাক কৈছে। 


11. ''কাঠ-বাঁজী বুলি জগতে হাসয় 

দেখিলে সুমৰে হৰি'' 

-কাঠ-বাঁজী কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? HS-2013, 2015

উত্তৰঃ- কাঠ-বাঁজী বুলি যশোদাক কোৱা হৈছে। ইয়াৰ অর্থ হৈছে সন্তান জন্ম দিব পৰা ক্ষমতা নোহোৱা তিৰোতা।

এই অপবাদৰ পৰা যশোদাক শ্রী কৃষ্ণই ৰক্ষা কৰিছিল।


12. শ্রীধৰ কন্দলিৰ চমু পৰিচয় দিয়া।

উত্তৰঃ- শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ অলপ পাছৰ সময়ৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে 'কাণখোৱা' আৰু ঘুনুচা কীৰ্ত্তন নামৰ দুখনকাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলাৰ মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল-ভাষাত বৰ্ণনা কৰিছে। আকৌ ইন্দ্রদ্যুম্নৰ জীয়েক ঘুনুচাৰ ঘৰলৈ কৃষ্ণই যাত্রা কৰা আৰু ইয়াৰ বাবে ৰুক্মিণীৰ ঈর্ষা তথা কৃষ্ণৰ ওপৰত প্ৰচণ্ড খং আৰু অভিমান এই কথাৰে ভৰি আছে 'ঘুনুচা কীর্তন'। শ্রীধৰ কন্দলীয়ে জগন্নাথৰ ৰথযাত্রা উৎসৱৰ ভিত্তিত 'স্কন্দপুৰাণ'ৰ উৎকল খণ্ডৰ কাহিনীৰ আলমত এই গ্রন্থ ৰচনা কৰিছে।


13. মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। HS-2016, 2019, 2020 

উত্তৰঃ- শ্রীধৰ কন্দলীৰ দ্বাৰা ৰচিত ''কানাইৰ চাতুৰী''ত শিশু কৃষ্ণই মাক যশোদাৰ ওপৰত কৰা মান-অভিমানৰ প্ৰাঞ্জল চিত্র ফুটি উঠিছে। ৰাতিপুৱা শ্ৰীকৃষ্ণক শোৱাপাটীৰ পৰা জগাবলৈ যাওঁতে শ্রীকৃষ্ণই যশোদাক নানা অভিযোগ দিছে। শিশু কৃষ্ণই গৰু চাৰিবলৈ যাওঁতে যশোদাই যি পৰিমাণৰ আহাৰ দিয়ে তাৰে তেওঁৰ পেট নভৰে। গৰু চৰাওঁতে কণ্টক বনে বিন্ধি তেওঁৰ সুকোমল পদযুগল থকা সৰকা কৰিছে। দিনৰ চাৰি প্ৰহৰ তেওঁ অতি সাধাৰণ পোচাক পিন্ধি থাকিবলগীয়া হয়। বাঁহৰ বংশী বজাওঁতে বজাওঁতে তেওঁৰ ওঁঠ ফাটি গৈছে, তথাপি ৰাজ পটেশ্বৰী যশোদাই ছয়ৰতি সোণাৰে শ্ৰীকৃষ্ণক বংশী গঢ়াই দিয়া নাই। গৰু চৰাওতে ধূলি পৰি কৃষ্ণৰ চুলি কুটকুৰা হৈ পৰিছে আৰু জঁটা বান্ধিছে। তথাপি যশোদাই কৃষ্ণৰ চুলিত তেল সানি দিয়া নাই।

যশোদাৰ এনেবোৰ গুণৰ কথা ক'বলৈ লাজ লাগে বুলি কৈছিল।


14. তথাপি তোহাক দেখন্তে ডৰত

উৰি যায় মোৰ জীউ। 

—এই কথাষাৰ কাৰ উক্তি। কাক দেখি তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। 

(নাইবা)

তথাপি তোহাক দেখন্তে ডৰত।

উৰি যায় মোৰ জীউ 

কোনে কাক এনেদৰে কৈছিল, বুজাই লিখা। HS-2011, 2014

উত্তৰঃ- এই কথাষাৰ মানৱৰূপী শিশু কৃষৰ উক্তি।

শিশুকৃষ্ণৰ চল-চাতুৰী আৰু দুষ্টামীৰ কাৰণে মাতৃ যশোদাই তেওঁক কঠোৰভাবে শাসন কৰিছিল। গোপিনীসকলৰ মুখৰ পৰা পুত্ৰৰ দুষ্টামীৰ কথা শুনি সেইবোৰ সহ্য কৰিব নোৱাৰি যশোদাই হাতত এচাৰিলৈ মাৰিবলৈ শিশু কৃষ্ণক খেদি ফুৰিছিল। তাৰোপৰি এদিন গোটেই দিনটো অর্জন গছৰ তলত উৰালৰ সৈতে বান্ধি থৈছিল। গৰু চাৰিবলৈও পঠাইছিল। আহাৰো আধাপেটিহে খাবলৈ দিছিল। এনেবোৰ কাৰণতে শিশু কৃষ্ণই মাকক দেখিলেই ভয় খাইছিল আৰু তেওঁৰ ভয়তে জীউ উৰি যোৱা যেন পাইছিল।


15. কি ৰূপ ধাৰণ কৰি কৃষই বলিক ছলনা কৰিছিল? HS-2016, 2017

উত্তৰঃ- দৈত্যৰ ৰজা বলি অতি শক্তিশালী আছিল। তেওঁ সকলোকে যি বিচাৰে তাকে দান কৰিছিল। এবাৰ তেওঁ যজ্ঞৰ আয়োজন কৰি ঘোষণা কৰিছিল যে যিয়ে যি বস্তু তেওঁৰ পৰা বিচাৰে সেই বস্তুবোৰ তেওঁ দান কৰিব। কৃষ্ণ বামন অর্থাৎ বাওনা মানুহৰ ৰূপ লৈ যজ্ঞত উপস্থিত হৈছিল। বলিয়ে তেওঁক সাধাৰণ মানুহ বুলি ভাবি কি লাগে সোধাত তেওঁ তিনিপদ ভূমি লাগে বুলি কৈছিল। বলিয়ে বামনক নিজ ইচ্ছামতে ল'বলৈ কোৱাত বামনে প্রথম ভৰিখন পৃথিৱীত আৰু দ্বিতীয়খন স্বৰ্গত থ'লে। তৃতীয়খন ভৰি ক'ত থব বুলি ৰজাক সুধিলে। বলিয়ে বামনৰ এই ৰূপ দর্শন কৰি স্বয়ং বিষ্ণু বুলি বুজি উঠিল আৰু তৃতীয় পদ তেওঁৰ মুৰৰ ওপৰতে থ'বলৈ ক'লে। বামনে বলিৰ মূৰৰ ওপৰত ভৰি থোৱাত সেই ভৰ সহিব নোৱাৰি বলি গৈ পাতাল পালেগৈ। এনেদৰে কৃষ্ণই বামন ৰূপ লৈ দান কৰাৰ বাবে বলিৰ যি অহংকাৰ হৈছিল সেই অহংকাৰ চূর্ণ কৰিছিল। এনেদৰে কৃষ্ণই বামন ৰূপ লৈ বলিক ছলনা কৰিছিল।


16. কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ৰূপ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল, পাঠৰ সহায়ত বুজাই লিখা। HS-2014, 2018

উত্তৰঃ- অনন্ত ব্রহ্মাণ্ডৰ স্ৰজন আৰু প্ৰতিপালন কৰোঁতা কৃষ্ণই যুগে যুগে দুষ্টক দমন কৰি সন্তক পালন কৰিছে। জগতত অধমৰ ক'লা ছাঁই যেতিয়া গ্রাস কৰিবলৈ প্রয়াস কৰে তেতিয়াই নানাৰূপে অৱতাৰ লৈ জগতক উদ্ধাৰ কৰিছিল। তেৱেঁই বিষ্ণুৰূপে ব্রহ্মাণ্ড স্ৰজি সকলোতে আত্মাৰূপে বিৰাজ কৰিছে। নাৰায়ণৰূপে জলত অনন্ত শয্যাত শয়ন কৰি নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি বেদৰ তত্ত্ব জ্ঞান দিছিল। যি বেদৰ জ্ঞানে জগতৰ অজ্ঞানতা দূৰ কৰিছিল। দেৱগণক অসুৰৰ সন্ত্রাসৰ পৰা উদ্ধাৰ কৰিবলৈ চতুর্ভুজ ৰূপ ধাৰণ কৰি ত্ৰিজগতত চমক লগাইছিল। মোহিনীৰূপে অসুৰক ছলনা কৰি দেৱতাক অমৃত পান কৰাইছিল। কপিলৰূপে কদম মুনিৰ ঘৰত দেৱহুতিৰ গৰ্ভত জন্ম লৈ মাকক তত্ত্বৰ জ্ঞান দিছিল। মহাদানী বুলি অহংকাৰ কৰা দৈত্যৰাজ বলিৰ বামন ৰূপে ছলনা কৰি তিনিপদ ভূমি বিচৰাৰ চলেৰে পাতাললৈ পঠিয়াই অহংকাৰ চূর্ণ কৰিছিল। চৰণৰ নখেৰে আকাশ ফুটাই গঙ্গাক নমাই আনিছিল। সেই জলেই শিৱই শিৰত ধাৰণ কৰিছিল।

ইয়াত কবিয়ে ভগবানৰ অপাৰ মহিমাৰ কথা প্রকাশ কৰিছে লগতে ভক্তৰ মনোবাঞ্ছা পূৰণৰ হেতুকে কৃষ্ণৰ দেৱত্ব বা মহিমা ঢাকি মানৱীয় ৰূপটোও প্রকাশ কৰিছে।


17. ''মোহিনী স্বৰূপে অমৃত পিয়ালো।

সাধিলো দেৱৰ কাম।''

- কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল-খৰচি মাৰি লিখা। HS-2015

উত্তৰঃ- ''মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম।'' 

  প্রশ্নোদ্ধৃত কবিতাফাঁকিত শ্রীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰাৰ কথা কোৱা হৈছে।

তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱ কার্য সাধন কৰিছিল।

এবাৰ দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থন কৰোতে তাৰ পৰা অমৃত ওলাইছিল। সেই অমৃত পাণ কৰিবলৈ দেৱতা আৰু অসুৰৰ মাজত টনা-আজোৰা লাগিল। দেৱতাসকলে বৰ ভয় খালে। কিয়নো, অসুৰে অমৰত্ব লাভ কৰিলে সিহঁত বেছি অত্যাচাৰী হৈ উঠিব।

পৰম সংকটৰ পৰা ৰক্ষা কৰিবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতি কৰিলে। দেৱতাসকলক সহায়ৰ উদ্দেশ্যে কৃষ্ণই মোহিনীৰূপ ধাৰণ কৰি অসুৰবিলাকৰ মনোযোগ আকর্ষণ কৰিলে আৰু সেই ছেগতে দেৱতাসকলে অমৃত পাণ কৰি অমৰত্ব লভিলে। এনেদৰেই কৃষ্ণই দেৱকার্য সাধন কৰিছিল।


18. তাৎপর্য ব্যাখ্যা কৰাঃ- 

(ক) মই নাৰায়ণ জগত কাৰণ

তুমি গোৱালৰ জীউ 

তথাপি তোহাক দেখন্তে ডৰত

উৰি যায় মোৰ জীউ। 

উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ''কানাইৰ চাতুৰী'' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাফাঁকিৰ মাজেদি কবি শ্রীধৰ কন্দলীদেৱে বালক কৃষ্ণই কেনেকৈ ঠেহ পাতি পুৱা বিচনাৰ পৰা উঠিব নুখুজি, মাকক কথা শুনাইছে সেই কথাকে ব্যক্ত কৰিব বিচাৰিছে।

কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰেই এটি অৱতাৰী ৰূপ| ভক্তবৎসল ভগৱানে যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিবৰ বাবেই তেওঁৰ পুত্ৰৰূপে জন্ম লৈছিল। বালক সুলভ দুষ্টালি, খং, অভিমান, বাকচাতুৰ্য্যৰে যশোদাৰ হৃদয় জুৰাইছিল। কৃষ্ণৰ অতপালিত অতিষ্ঠ হৈ যশোদাই আন সাধাৰণ মাতৃৰ দৰে কৃষ্ণক শাস্তি দিছিল। সেয়ে কৃষ্ণইয়ো সাধাৰণ মানৱ শিশুৰ দৰে মাকৰ ভয়ত এস্তমান হৈছিল। যশোদা যিহেতু গোপালক নন্দ ৰাজৰ ৰাণী। গকুলৰ বাসিন্দাসকল গো-পালক জাতিৰ। সেয়েহে কৃষ্ণই মিছা অভিমান কৰি মাকে তেওঁক অৱহেলা কৰাৰ অভিযোগ তুলি গোৱালৰ জীউ বুলি হাঁহিছে আৰু নিজক জগতৰ কাৰণ নাৰায়ণ কৈছে। কৃষ্ণই কবিতাটিৰ মাজে মাজে নিজৰ ঈশ্বৰত্বও ঘোষণা কৰিছে। ইয়াৰ অন্তনিহিত অর্থ হ'ল যশোদাই ভগৱানক যিহেতু নিজৰ সন্তানৰূপে পাবলৈ বাঞ্ছা কৰিছিল। ভক্তৰ অধীন ভগৱান। সেয়ে কৃষ্ণই যশোদাৰ সন্তানৰূপে সাধাৰণ শিশুৰ দৰে আচৰণ কৰি যশোদাৰ মনোকামনা পূৰণ কৰিছিল।


19. কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা। 

উত্তৰঃ- পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰভাৱ বেছি হয়, তেতিয়াই দুষ্টক দমন আৰু শান্তক পালন কৰি ধৰ্ম সংস্থাপনৰ বাবে ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে।

কবিতাটিত কৃষ্ণৰ কেইবাটাও অৱতাৰৰ কথা উল্লেখ আছে। পোনতে উল্লেখ হৈছে- 

(১) নাৰায়ণ অৱতাৰৰ কথা। নাৰায়ণে অনন্ত শয্যাত শুই থাকোতে তেওঁৰ নাভি পদ্মৰ পৰা ব্ৰহ্মাৰ জন্ম হৈছিল। আৰু ব্ৰহ্মাই জগত সৃষ্টি কৰিছে। 

(২) চতুর্ভুজৰূপে কৃষ্ণই ত্রিজগতক চমকিত কৰিছে আৰু লগতে দেৱতাসকলৰ অসুৰৰ প্ৰতি থকা ভয় নাশ কৰিছে। 

(৩) সাগৰ মন্থনৰ সময়ত মোহিনীৰূপে অৱতাৰ গ্ৰহণ কৰি অসুৰক চলনা কৰি দেৱতাসকলক অমৃত পান। কৰোৱাইছে। 

(৪) কপিলৰূপে অৱতাৰ গ্ৰহণ কৰি সাংখ্য দৰ্শনৰ প্ৰৱৰ্তন কৰিছে। 

(৫) বামণৰূপে অৱতাৰ গ্ৰহণ কৰি তিনিপদ ভূমি খুজি স্বর্ণ-মত্য অধিকাৰ কৰি তৃতীয়পদ থবলৈ ঠাই বিচৰাত বলিয়ে নিজৰ মূৰ পাতি দিছিল। এনেদৰে বলিৰ দর্পচূর্ণ কৰি অসুৰৰ কবলৰ পৰা স্বৰ্গৰাজ্য মুক্ত কৰিছিল। 

পাঠত কৰে এইকেইটা অৱতাৰৰ কথাই উল্লেখ আছে।


20. অর্থ লিখাঃ-

হাৰলি= অতি মৰমৰ HS-2019

বিগুটিয়া= ঠাট্টা কৰা HS-2014, 2016, 2018

সেৱালি= প্রণাম, খেড়ি HS-2014

আসি= আহি, 

পুহাইল= পুৱাল, 

শুতিয়া= শুই 

চৌপৰ= চাৰি প্রহৰ HS-2015

বাপি= বোপাই 

সেৱালি= প্রণাম 

টনা= দুই মূৰ মোনাৰ দৰে সীয়া এৰীয়া গামোচা, 

গড়ায়= গঢ়াই, 

পাশ= কাষ।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »