-->

অৰণ্যযাত্রা । Aranyajatra

অৰণ্যযাত্রা 

1. লর্ড কার্জন কোন আছিল?

উত্তৰঃ- লর্ড কার্জন এজন ব্রিটিছ ভাইচৰয় আছিল। 


2. পল আৰু পাহি কোন শ্ৰেণীত পড়ে? 

উত্তৰঃ- পল নবম শ্রেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।


3. বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাথীসকলক কোনখন অৰুণ্যলৈ নিয়াৰ সিদ্ধান্ত হৈছিল?

উত্তৰঃ- বিদালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাথীসকলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত হৈছিল।


4. পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰঃ- খোৱা কাঁহী-বাটি ধোৱা, ঘৰৰ আচবাবৰ ধুলি মচা-সৰা আদি কামবোৰ ছোৱালীৰ বুলি পলে পাহিক কৈছিল।


5. নিগনী চিকাৰীৰ প্রকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? 

উত্তৰঃ- নিগনী চিকাৰীৰ প্রকৃত নাম হৈছে বাপীৰাম হাজৰিকা। তেওঁ প্রথমে লেডী কার্জনক কাজিৰঙাৰ গড় দেখুৱাইছিল।


6. অৰণ্যযাত্রালৈ বুলি পাহিয়ে বেগত কি কি বস্তু নিছিল?

উত্তৰঃ- অৰণ্যযাত্রালৈ বুলি পাহিয়ে বেগত নিয়া বস্তুবোৰ আছিল—এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপোৰৰ জোতা, টুপী, পাতলী গামোচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপোৰ, কলম আদি। 


7. কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

উত্তৰঃ- কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে পাহি আৰু পলক তেওঁলোকৰ লগত যোৱা শিক্ষকৰ লগত থাকি তেওঁলোকৰ নির্দেশ পালন কৰিবলৈ পৰামৰ্শ দিছিল। দেউতাকে সিহঁতৰ খবৰ লৈ থাকিব বুলিও কৈছিল। সেই সময়তে মাকে অৰণ্যৰ পৰা শিকিবলগীয়া খিনি ভালকৈ শিকিবলৈ আৰু নিজৰ বয়-বস্তুবোৰ ভালদৰে চম্ভালি ৰাখিবলৈ সিহঁত দুটাক পৰামৰ্শ দিছিল।


8. মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰঃ- মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম অসমীয়া তথা ভাৰতীয় বন বিষয়া আছিল।

তেখেতৰ প্ৰচেষ্টাত কাজিৰঙাৰ পৰা গড় প্রথমে আমেৰিকাৰ চিৰিয়াখানা গৈ পাইছিল। আমেৰিকাৰ চিৰিয়াখানাত অসমৰ কাজিৰঙাৰ গড়ে স্থান পোৱাত গড়ৰ বাসস্থান যে অসম এই কথা বিশ্ববাসীয়ে জানিব পাৰিছিল আৰু বিশ্ব মানচিত্রত কাজিৰঙাই স্থান লাভ কৰিছিল সক্ষম হয়। মুঠৰ ওপৰত বিশ্বৰ মানচিত্রত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিজনেই হৈছে বন বিষয়া মহীচন্দ্ৰ মিৰি।


9. প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? 

উত্তৰঃ- পাহিৰ ঘৰ চইলত গতিকে তাত বেছি গছ-গছনি নাই। তথাপি পাহিৰ কল্পনাত ভাহি উঠিছিল এখন সেউজ অৰণ্য। এই অৰণ্যত তেওঁ দেখিছিল প্রতিজোপা গছৰ ভিন্ন ৰং, ৰূপ আৰ তিন পাতৰ আকাৰ। তামোল গছৰ কাষত থকা আমজোপাৰ চেহেৰাৰ মিল নাই তথাপি ভিন্নতা থকা গছবোৰে ওচৰ ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। কল গছৰ কাষত থকা নেমুজোপাৰ কাঁইটে কলজোপাক কেতিয়াও নিবন্ধে। সহঅৱস্থান কৰা প্ৰকৃতিৰ নিয়ামক গছবোৰে সুন্দৰভাৱে মানি চলে। প্ৰকৃতিৰ এইবোৰ নিয়মে পাহিক বাৰকয়ে আকৃষ্ট কৰে। 


10. ল'ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক কি কৈছিল?

উত্তৰঃ- ককায়েক পলে বাচন-বৰ্তন আদি ধোৱা দূৰৰ কথা নিজৰ কাপোৰ জপা বিচৰা পৰিপাটিকৈ ৰখা কামবোৰো নকৰা পাহিয়ে দেখি আহিছে। সেইবোৰ কাম কৰিবলৈ ক'লে সি উত্তৰত কয় যে ল'ৰাৰ সেইবোৰ কাম নহয় ছোৱালীৰহে কাচা। ককায়েকৰ এনে উত্তৰ শুনি ল'ৰা আৰু ছোৱালীৰ কামৰ পার্থক্য কোনে কৰিলে বুলি পাহিয়ে মাকক সুধিছিল।

পাহিৰ এই প্ৰশ্নৰ উত্তৰত মাকে কৈছিল যে বয়স অনুযায়ী কাম কৰিবলৈ তেওঁ ল'ৰা ছোৱালী দুটাক সমানে শিকাই আহিছে। নিজৰ কাম নিজে কৰিলে ভৱিষ্যতে পৰনিৰ্ভৰশীল হ'ব লাগিব। তেতিয়া সময় আৰু মানুহৰ পৰা তেওঁলোকে ঠগ খাব লাগিব। 


11. কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? HS-2020

উত্তৰঃ- শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰা অনুসৰি কাজিৰঙা যাত্রাৰ পৰা ছাত্র-ছাত্রীসকলে লোৱা বিশেষ শিক্ষাসমূহ হৈছে— 

(১) সকলোৱে নিজে কৰিব পৰা কাম নিজে কৰিব লাগে আনলৈ বাট চাব নালাগে। 

(২) গছ আৰু বনৰীয়া জীৱ-জন্তু মানুহৰ বন্ধু। গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। গছে এৰি দিয়া অম্লজান মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ অতি আৱশ্যকীয়। 

(৩) দলীয়ভাৱে ক'ৰবালৈ গ'লে দলীয় অনুশাসন শৃংখলা মানি চলা প্রয়োজন। 

(৪) ল'ৰা আৰু ছোৱালী সকলো সমান। কোনো কাম ল'ৰাৰ বা ছোৱালীৰ বুলি নির্দিষ্ট কৰি দিয়া নাথাকে। ছোৱালী কেইজনমানে নবছোৱা হ'লে পল, আফতাৰ আৰু সৌৰভে দুর্ঘটনাত পতিত হ'লহেঁতেন। 

(৫) আত্মৰক্ষা কৰিব নাজানিলে কোনো কামত মৰসাহ দেখুওৱা উচিত নহয়। 


12. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?

উত্তৰঃ- কাজিৰঙাত থকা সময়ত এদিন দুপৰীয়া ভাত-পানী খাই ছাত্ৰ-ছাত্ৰীসকল শুই পৰিল। পল, আফতাব আৰু সৌৰভে শোৱাৰ পৰিবৰ্তে মনে মনে বাহিৰলৈ গৈ কাজিৰঙাৰ নতুন জীৱ-জন্তু চোৱাৰ হেঁপাহত পিছফালৰ বাৰান্দাৰে নামি বন্ধ থকা লোহাৰ জপনা পাৰহৈ গোপনে বননিৰফালে ওলাই গ'ল। এইদৰে ভ্ৰমণৰ নিয়ম ভংগ কৰি কোনেও নজনাকৈ হাবিলৈ গৈ তেওঁলোকে পুখুৰী সদৃশ মেটেকাৰে ভৰা এখন বিল পালে। বিলখনৰ কাষত এখন নাও পালে। নাওখনৰ নাওৰীয়া নোহোৱাৰ সুবিধা লৈ নাওচলোৱা পূর্ব কোনো অভিজ্ঞতা নথকা স্বত্ত্বেও তেওঁলোক নাওত উঠিল আৰু বঠা মাৰি আগলৈ নি নাওখন মেটেকাত আবদ্ধ কৰিলে। নাওখন যে ফুটা আছিল তেওঁলোকৰ কোনো খবৰেই নাছিল। ইতিমধ্যে বিলৰ মাজত নাওখনত পানী সোমাবলৈ ধৰিলে। তেওঁলোক তিনিওজনৰ এজনেও সাঁতুৰিব নাজানিছিল। তেওঁলোকৰ মৃত্যু অনিবার্য বুলি ভয়তে তেওঁলোকক বচাবৰ বাবে চিঞৰিছিল। নির্জন অৰণ্যত তেওঁলোকৰ মাত কোনেও শুনা নাছিল। ভাগ্যক্রমে কেইজনীমান মাছমৰীয়া ছোৱালীক দেখাপাই তেওঁলোকে পুনৰ বচাবৰ বাবে চিঞৰিবলৈ ধৰিলে। শেষত সেই ছোৱালীকেইজনীয়ে অশেষ কষ্ট কৰি আসন্ন বিপদৰ পৰা সিহঁত তিনিটাক উদ্ধাৰ কৰে।


13. ''কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগকৰি দিছো তেনেকৈ কৰা'' – এই কথাষাৰৰ বক্তা কোন? HS-2020 তেওঁ কিয় এইদৰে কৈছিল লিখা।

উত্তৰঃ- উক্ত কথাষাৰৰ বক্তা হৈছে পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। অৰণ্যযাত্ৰাৰ সময়ত বাছত গৈ থাকোতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰাই নেতা-নেত্ৰী পাতি দিছিল। দেউতাকে সিহঁতৰ খবৰ লৈ থাকিব বুলিও কৈছিল। বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰা তেওঁলোকৰ অসুবিধাসমূহলৈ মন দিয়াৰ দায়িত্ব দিছিল পাহি আৰু বিদিশাক। খাদ।বস্তু আৰু পানীৰ বটল সমবিতৰণৰ দায়িত্ব দিছিল নবম শ্রেণীৰ ছাত্র ক্ৰমে সৌৰভ আৰু আফতাবক। এই কর্মবিভাজন সৌনভে ভাল পোৱা নাছিল। তেওঁৰ মতে পাহি আৰু বিদিশাক দিয়া কামটো তেওঁলোকক দিব লাগিছিল। কিয়নো ল'ৰা হিচাপে তেওঁলোকে ল'ৰা-ছোৱালীৰ অসুবিধাসমূহ তেওঁলোক দুটাই বেছি ভালকৈ কৰিব পাৰিব আৰু প্রয়োজন হ'লে কোনোবা ছাত্রই উৎপাত কৰিলে তেওঁলোকক শাসন কৰিবলৈয়ো সক্ষম হ'ব। সেয়েহে সৌৰভে তেওঁলোকক দিয়া কামটো কৰাত আপত্তি কৰিছিল আৰু আফতাবেও তাৰ কথাত হয়ভৰ দিছিল। তেওঁলোকৰ কথাত কামত ল'ৰা-ছোৱালীৰ ভাগ ভাগ কৰা মানসিকতা প্রকাশ হোৱাত অংক শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিছিল সেয়েহে তেওঁ যাক যেনেকৈ কাম কৰাৰ দায়িত্ব দিয়া হৈছে সেই মতে পালন কৰিবলৈ পুনৰ নির্দেশ দিয়াৰ প্ৰসংগত উক্ত কথাষাৰ কৈছিল। 


14. শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দর্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল লিখা।

উত্তৰঃ- অৰণ্যযাত্ৰাত বান্ধিদিয়া নিয়ম অৱমাননা কৰি পল' আফতাব আৰু সৌৰভে ভ্রমণ কালত এদিন দুপৰীয়া মনে মনে অৰণ্যৰ ভিতৰলৈ গৈ ফুটা নাওত উঠি পানীত ডুবিবলগা হৈছিল। কেইজনীমান মাছমৰীয়া ছোৱালীয়ে উদ্ধাৰ নকৰা হ'লে তেওঁলোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। ছাত্র-ছাত্রীসকলৰ মাজৰ তিনিজন উশৃংখল ছাত্রই নিজৰ জীৱনক বিপদত পেলোৱাৰ লগতে সকলোলৈকে বিপদ মতাৰ লগতে বিদ্যালয়ৰ সুনামত আঘাত কৰা সম্ভাৱনা অধিক। ছাত্র-ছাত্রীক অৰণ্য দর্শন কৰাই শিক্ষকসকলৰ দায়িত্ব নহয় তেওঁলোকক সুস্থ শৰীৰে ওভতাই নিয়াৰ কৰ্তব্য তেওঁলোকৰেই। উশৃংখল অবাধ্য ছাত্রই সকলোকে বিপদত পেলোৱাৰ শংকা আছে। গতিকে শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দর্শনৰ কাৰ্যসূচী সিমানতে বাতিল কৰিব খুজিছিল।

অৰণ্য দর্শন কার্যসূচী বাতিল কৰা ঘোষণা শুনাৰ পাছত দলটোত যোৱা ছাত্র-ছাত্রী মাত হৰিল। কেইজনমান ছাত্ৰৰ গর্হিত কামে সকলোৰে আশাত চেঁচাপানী ঢালিলে। এনেতে পাহিয়ে এনে গর্হিত কামৰ বাবে সমুহ ছাত্র-ছাত্রীৰ হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক ক্ষমা বিচাৰিলে। তেওঁ দুই এজনৰ দোষৰ বাবে কার্যসূচী বাতিল কৰি সকলো ছাত্র-ছাত্রীক শাস্তি নিদিবলৈ শিক্ষকসকলক বিনম্ৰ অনুৰোধ জনালে। প্রয়োজনবোধে দোষী ছাত্র তিনিজনক আৰু অৰণ্যদর্শনৰ সুবিধা নিদি বাকীসকলক দর্শন কৰাবলৈ পাহিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্রতি আবেদন জনায়। পাহিৰ আহ্বানৰ প্রতি সকলো ছাত্র-ছাত্রীৰ লগতে পলেও সন্মতি জ্ঞাপন কৰে। তেওঁলোকে তেওঁলোকৰ দোষৰ বাবে শাস্তি হিচাপে তেওঁলোক তিনিটাক এৰি যাত্রা সফল কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক অনুৰোধ জনায়। শেষত সকলো ছাত্ৰ-ছাত্ৰীয়ে অৰণ্যযাত্ৰা প্রসংগত একো একোখন ৰচনা প্রত্যেকে লিখিবলৈ শিক্ষকসকলে নির্দেশ দিয়ে। আনহাতে, পল, আফতাব আৰু সৌৰভে এই অৰণ্যদৰ্শনৰ সময়ত কৰা গর্হিত কর্ম খুলাখুলিকৈ ৰচনাত উল্লেখ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ বাকী কাৰ্যসূচী বাহাল ৰখাৰ সিদ্ধান্ত লয়। এই কার্যসূচীত পলহঁতকো অন্তর্ভুক্ত কৰে।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »