-->

ধৰ ঝাডু ধৰ ভাই । Dhar Jhadu dhar bhai by Ambikagiri Raychoudhury

 ধৰ ঝাডু ধৰ ভাই

-অম্বিকাগিৰী ৰায় চৌধুৰী


1. 'বেদনাৰ উল্কা' কাৰ ৰচনা? 

উত্তৰঃ- 'বেদনাৰ উল্কা' অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনা।


2. অম্বিকাগিৰী ৰায় চৌধুৰীক কি আখ্যা দিয়া হৈছিল? 

উত্তৰঃ- অসম কেশৰী।


3. জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে? 

উত্তৰঃ- জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাডু ধৰিবলৈ কৈছে।


4. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন পথিৰ নাম লিখা।

উত্তৰঃ- (ক) তুমি আৰু (খ) বীণা।


5. কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?  

উত্তৰঃ- কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে অর্থাৎ কলংক, পৰাধীনতা, কালিমা আদিৰে ভৰি পৰিল বুলিছে।


6. সাতামপুৰুষীয়া 'সোণৰ চোতাল-ঘৰ' কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰঃ- কবিয়ে কৈছে যে আমাৰ সোণৰ চোতাল-ঘৰ বহুদিন পৰি গোট খাই থকা জাবৰ-জোঁথৰ আৰু মলিৰে পোত খাই আছে। ইয়াৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কালিমাৰ কথা বুজাইছে।


7. 'নহ'লে যে বিশ্ব সভাত

নহ'ব তোৰ বহাৰ ঠাই।' 

–বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে?

উত্তৰঃ- বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে ঝাডুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ সমাজত থকা মলিবোৰ নাইকিয়া কৰিবলৈ নির্দেশ দিছে। কবিতাটিত মলিবোৰ বুলি কবিয়ে দেশবাসীৰ মাজত চলি থকা পৰম্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট হৈ দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে। লগতে কবিয়ে দেশৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনি নিজৰ দেশখনক বিশ্বৰ দৰবাৰত উচ্চ স্থান অধিকাৰ কৰিবলৈ আহ্বান জনাইছে। 


8. 'হ'ল এৱে তোৰ সময় হ'বৰ

জাতিৰ ঝাডুদাৰ যে ভাই।' 

-ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাডুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে? 

উত্তৰঃ- কবিয়ে কবিতা ৰচনা কৰা কালছোৱাত আমাৰ দেশ ইংৰাজ শাসনৰ অধীনত আছিল। সেয়েহে কবিতাটিত কবিয়ে পৰাধীনতাৰ শিকলি ছিঙি দেশৰ হেৰুওৱা স্বাধীনতা ঘূৰাই অনাৰ বাবে ঝাডুৰে সাৰি-পছি মলিবোৰ চাফ-চিকুণ কৰিবলৈ সকীয়াই দিছে। ইয়াত কবিয়ে মলিবোৰ বলি সমাজত প্ৰচলিত হৈ থকা পৰম্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা ইত্যাদিবোৰৰ কথা কৈছে। সেই মলিবোৰ নাইকিয়া কৰি নিজৰ দেশখনক বিশ্বৰ দৰবাৰত এখন উচ্চ স্থানৰ অধিকাৰী হ'বলৈ কবিয়ে আহ্বান জনাইছে।


9. ব্যাখ্যা কৰাঃ- 

(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ, 

ঘৃণা-ঘৃণি স্বার্থ ভেমৰ 

ক'ত যে কি মলি-মামৰ

ভৰি জাতিৰ জীৱন যায়। 

উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত অম্বিকাগিৰী ৰায়চৌধুৰীদৱে লিখা ''ধৰ ঝাডু ধৰ ভাই'' নামৰ কবিতাটোৰ পৰা অনা হৈছে।

উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে আমাৰ দেশত বাস কৰা মানুহৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা-স্বার্থ আদিৰ কথা উল্লেখ কৰিছে।

কবিৰ মতে মানুহৰ মাজত থকা পৰম্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ আদি বহুদিন নসৰাকৈ থকা ঘৰ-চোতাল, আদিত তৰপে তৰপে গোট খোৱা মলিৰদৰে। যিদৰে মলিৰ কাৰণে ঘৰ-দুৱাৰ কুৎসিত দেখি, ঠিক তেনেদৰে মানুহৰ মাজত থকা এই ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদিৰ বাবেও এটা জাতিৰ উন্নতিত বাধাৰ সৃষ্টি হয়।


10. 'ধৰ ঝাডু ধৰ ভাই' -কবিতাটিৰ মূলভাৱ লিখা। 

উত্তৰঃ- ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ মূল বিষয়বস্তু হৈছে স্বদেশপ্রেম। পৰাধীন ভাৰতবৰ্ষৰ সকলো দেশবাসীকে একগোট হৈ পৰাধীনতাৰ শিকলি ছিঙি হেৰুওৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত দেশখনক উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কবিতাটি কবিয়ে দেশ পৰাধীন হৈ থকা সময়ত সশ্রম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা কালছোৱাত ৰচনা কৰিছিল। ঝাডুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰদৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট কৰি দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কবিৰ সংশয় হৈছে সময়মতে এনে কাম নকৰিলে বিশ্বৰ অন্যান্য ৰাষ্ট্রৰ লগত আমাৰ দেশে সমানে খোজ মিলাবলৈ সক্ষম নহ'ব। কবিয়ে এটা কথা স্পষ্ট কৰি কৰি দিছে যে নিজৰ মাজত খোৱা-কামোৰা কৰি থাকিলে দেশ, জাতি, ঐতিহ্য এটাও ৰক্ষা নপৰিব। তেতিয়াহে দেশৰ স্বাধীনতা ঘূৰাই অনাত সম্ভৱ হ'ব। কবিতাটিত জাতীয়তাবাদ আৰু স্বদেশপ্রেমৰ বীজ অংকুৰিত হোৱা দেখিবলৈ পোৱা যায়।


11. অর্থ লিখাঃ- 

হিংসা-দ্বেষ= পৰস্পৰৰ প্রতি হিংসাভাব, খিয়লা-খিয়লি। 

সাতাম পুৰুষীয়া= সুপ্রাচীন, বহু পুৰুষৰ পৰা চলি অহা। 

কাজল-ছাই= কলংক, পৰাধীনতা, কালিমা। 

সোণৰ চোতাল= সোণ অতি মূল্যবান বস্তু। 

সোণৰ দৰেই মূল্যৱান চোতাল এখন= যি ঐতিহ্যৰে ভৰপূৰ, 

চোকে-কোণে= সকলো ঠাইতে।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »