-->

বৰগীত-শ্রীশ্রী মাধৱদেৱ । Borgeet by Shri Shri Madhavdev

 ('ক' বিভাগ) (পদ্যাংশ) 

বৰগীত (ৰাগ বসন্ত)

শ্রীশ্রী মাধৱদেৱ


1. বৰগীতটি কোনে ৰচনা কৰিছে? 

উত্তৰঃ- বৰগীতটি শ্রীশ্রী মাধৱদেৱে ৰচনা কৰিছে।


2. বৰগীতটি কি ৰাগত বন্ধ আছে? HS-2017

উত্তৰঃ- বৰগীতটি 'বসন্ত' ৰাগত বন্ধা আছে। 


3. মাধৱদেৱৰ আখ্যানমূলক ৰচনা কি কি? 

উত্তৰঃ- মাধৱদেৱৰ আখ্যানমূলক ৰচনা ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। 


4. 'মোহ-পাশ' মানে কি? 

উত্তৰঃ- 'মোহ-পাশ' মানে মায়াৰ পাশ বা মায়াৰ বন্ধন। 


5. কবি কিহত আতৃৰ হোৱা বুলি কৈছে? 

উত্তৰঃ- কবি সংসাৰৰ দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।


6. কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা। HS-2020

উত্তৰঃ- কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক আখ্যানমূলক ৰচনা তত্বমূলক ৰচনা, ঝুমুৰা, নাট আদি ভাগত ভাগ কৰিব পাৰি। 


7. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি? HSLC-2018

উত্তৰঃ- নামঘোষা।


8. শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল বর্তমান কিমানটা পোৱা গৈছে? 

উত্তৰঃ- শংকৰদেৱে 'বাৰকুৰি গীত' ৰচনা কৰিছিল যদিও বর্তমান 'একুৰি চৈধ্যটা' পোৱা গৈছে। 


9. শ্রীকৃষ্ণৰ চৰণ দুখনক কবিয়ে কি বুলি অভিহিত কৰিছে? 

উত্তৰঃ- শ্রীকৃষ্ণৰ চৰণ দুখনক কবিয়ে মহাধন বুলি অভিহিত কৰিছে।


10. তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে। HSLC-2016, 2019

উত্তৰঃ- আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি শ্রীকৃষক সম্বোধন কৰিছে।


11. তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? HSLC-2019

উত্তৰঃ- আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি হৰি অর্থাৎ ভগৱান শ্রীকৃষ্ণক সম্বোধন কৰিছে। 


12. বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা। HSLC-2016, 2018 

উত্তৰঃ- বৰগীতৰ তিনিটা লক্ষণ তলত উল্লেখ কৰা ধৰণৰ 

(i) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত। 

(ii) বৰগীতৰ ভাষা ব্ৰজাৱলী। 

(ii) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম প্রকাশক।


13. “......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে”

-কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? HSLC-2017

উত্তৰঃ- ভকত আৰু ভগৱন্তৰ মাজৰ সম্বন্ধ দুগ্ধৰ ধৱল আৰু মধুৰত্বৰ দৰে। ভগৱন্তই হ'ল ভকতৰ জীৱনৰ সাৰসর্বস্ব।উক্ত বৰগীতাফাঁকিত কবি (শ্রীশ্রী মাধৱদেৱে) য়ে জীৱনে-মৰণে নেৰিবৰ বাবে পৰমেশ্বৰ ভগৱান শ্রীহৰিক অনুৰোধ কৰিছে। হৰিৰ শ্ৰৱণ, কীর্তন, শয়ন, পদসেৱন, দাস্য আৰু আত্ম নিবেদনেই তেৰাৰ জীৱনসাধনা।


14. ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা। HSLC-2017

উত্তৰঃ- ব্ৰজাৱলী ভাষা একপ্রকাৰৰ কৃত্রিম সাহিতিক ভাষা (ইয়াক মহাপুৰুষীয়া ভাষাও বোলে) শংকৰদেৱৰ সময়ত এই উপভাষাৰ মাধ্যমেদিয়েই অসম, বংগ আৰু উৰিষ্যাত ভগৱান শ্ৰীকৃষ্ণৰ লীলাবিষয়ক গীত-পদৰ সৃষ্টি হৈছিল।এই ভাষাক ঠাইবিশেষে ব্রজবুলি, ব্রজবোল আৰু অসমীয়াত ব্ৰজাৱলী বোলে। এই ভাষাৰ মূল ভেঁটি হৈছে মৈথেলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু দাঁতি-কাষৰীয়া আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই অনুযায়ী একোটা স্বতন্ত্রৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু আনহাতে প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগৰ বাবে শ্রুতিমধুৰ। 


15. বৰগীত কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ- মূলভাৱঃ- শ্রীশ্রী মাধৱদের বিৰচিত 'ৰাগ-বসন্ত'ত বন্ধ বৰগীতটি এটি উৎকৃষ্ট ভক্তি ৰসাত্মক কবিতা। এই বৰগীতটিৰ জৰিয়তে কবি মাধৱদেৱে পৰমার্থক বিষয়ক ভাব ব্যক্ত কৰিছে।

কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্রীকৃষক ই বিশ্বব্রহ্মাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি তেওঁৰ শ্ৰীচৰণত শৰণ লৈছে। তেওঁ মানৱৰূপী ভগৱান শ্রীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে যাতে কৃষ্ণই তেওঁক জীৱনে মৰণে কেতিয়াও নেৰে কবিৰমতে এই সংসাৰখন মায়াময় এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওঁক স্মৰণ নকৰে। নীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা মানুহে নুবুজে। কিন্তু কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত হাতযোৰ কৰি প্রার্থনা কৰিছে যে-হে প্রভু, দয়া কৰি আমাক এই মায়া-মোহৰ পৰা পৰিত্ৰাণ কৰা। আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া । তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিক মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হৈছে তেওঁলোকৰ জীৱন। ভক্তিত ভগৱন্ত লৰে। ভক্তসকলে অজানিতে নানা ভুল-ভ্রান্তি কৰে। কিন্তু ভগৱানে এই সকলোবোৰ ভুলভ্রান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণত ঠাই দিয়ে। কবিৰ মতে কৃপাৰ সাগৰ স্বৰূপ শ্রীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই। 


16. সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।

-অন্তর্নিহিত অর্থটি বুজাই লিখা। 

উত্তৰঃ- উক্ত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রীশ্রী মাধৱদেৱ বিৰচিত 'বৰগীত'টিৰ পৰা তুলি অনা হৈছে।

প্রশ্নোক্ত স্তৱকটিৰ জৰিয়তে কবিয়ে ঈশ্বৰৰ মহিমাৰ কথাকে ক'বলৈ বিচাৰিছে।

ভগবান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকর্তা। তেওঁৰ দ্বাৰাই সমগ্র জগত প্রতিপালিত হৈ আছে। সেইবাবে আমি তেওঁক সহস্র প্রণাম জাঁচিছো। ভগবানৰ মহিমা অপাৰ। সনক সনন্দ যোগী সকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। সমস্ত নিগম শাস্ত্রইও যাৰ ৰহস্য বিচাৰি নাপায়, সহস্র জনেও যাৰ অস্তিত্বৰ কথা জানিব পৰা নাই, পৰমপুৰুষ সর্বনিয়ন্ত্ৰা সেইজনা হৰিৰ মহিমাৰ ৰথা নিঃকিন, অল্পজ্ঞানী মানুহেনো কেনেকৈ জানিব। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্র উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা।কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। শ্রীহৰি হ'ল ভকতৰ জীৱনস্বৰূপ। সেয়েহে মুক্তিৰ বাবে শ্রীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰমপুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে, তুষ্য ভাৱে ঈশ্বৰৰ চৰণত সমর্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে।


17. 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নাপায়।'' 

সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? HSLC-2020

(নাইবা)

—ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?

উত্তৰঃ- প্রশ্নোক্ত ''বৰগীত'' ফাঁকিৰ জৰিয়তে মহাপুৰুষ শ্ৰীশ্রী মাধৱদেৱে পাৰাপাৰহীন মহিমাৰ গৰাকী নেদেখাজনৰ গুণানুকীর্তনত ব্যস্ত হৈ পৰিছে।

কবিয়ে বৈকুণ্ঠস্বামী শ্রীহৰিৰ বিষয়ে কৈছে।

হৰি আৰু তেৰাৰ, ভকতবৃন্দৰ মাজৰ সম্পর্ক দুগ্ধৰ ধৱলত্ব আৰু মধুৰত্বৰ লেখীয়া প্রগাঢ়। একান্ত হৰি ভকতৰ বাবে হৰিয়েই হ'ল তেৰাৰ জীৱনৰ সাৰ সর্বস্ব। শাস্ত্ৰৰ বাণী য'ত শেষ হয়, হৰিৰ মহিমা তাত আৰম্ভ হয়। সনক আৰু সনন্দ হৈছে ব্ৰহ্মাৰ মানসপুত্র তথা পৰম যোগী। তথাপি, এই যোগীদ্বয়েও তেৰাৰ নামত ধ্যান কৰি জীৱনৰ আদ্যোপান্ত অর্পণ কৰা স্বত্ত্বেও তেৰাৰ সান্নিধ্য পোৱা নাই। শাস্ত্ৰবোৰৰ ক্ষেত্ৰতো তদ্রুপ। হিন্দুসকলৰ সৰ্বকালৰ সর্বশ্রেষ্ঠ শাস্ত্র, নিগম শাস্ত্ৰৰ পৰিধিও হৰিৰ মহিমাৰ আগত অতিশয় তুচ্ছ।

গতিকে আমি সংসাৰ ভোগধাৰী মানুহে মায়া মোহ, কামনা-বাসনা, কাম-ক্রোধ আদি যড়ৰিপুৰ নাগপাশত পৰি শৰবিদ্ধ ভীষ্মৰ লেখীয়া যন্ত্রণা লভাৰ কোনো আৱশ্যকতা নাই। গুৰুজনাৰ মতে, হৰিৰ শ্ৰৱণ-কীর্তন, শয়ন, দাসত্ব, পদসেৱণু তথা আত্মনিবেদনহে প্রতিজন ব্যক্তিৰ মূলমন্ত্র হোৱা যুগুত তেতিয়াহে নেদেখাজনৰ আশীর্বাদত জীৱনান্তত আমাৰ পৰমধামলৈ যোৱাৰ পথ প্রশস্ত হ'ব। সেয়েহে গুৰুজনাৰ এই নিস্পৃহ তথা অচলা হৰিভক্তিকে সুমৰণ কৰি আজিও অসমৰ ঘৰে ঘৰে সগৌৰৱে উদ্ভাসিত হয় খোল-তাল, মৃদংগৰ সুৰত উদাৰ হৰিভক্তিৰ সুমধুৰ বাণী।


18. ব্যাখ্যা কৰাঃ- 

(ক) "আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।" 

উত্তৰঃ- উদ্ধৃত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত শ্রীশ্রী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা অনা হৈছে।

উক্ত পদাফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয়-বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে।

কবিৰমতে এই সংসাৰখন মায়াজালেৰে ভৰা। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওক স্মৰণ নকৰে। শ্রীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথাৰ পৰা সম্পূর্ণ অজ্ঞাত। কিন্তু কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত হাতবোৰ কৰি প্রার্থনা কৰিছে যে-হে প্রভু, দয়া কৰি আমাক এই মায়া-মোহৰ পৰা প্ৰৰিত্ৰাণ দিয়া। আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া।


18. ব্যাখ্যা কৰাঃ- 

(খ) "তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।" HS-2020

উত্তৰঃ- উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত শ্রীশ্রী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত পদফাঁকিৰ জৰিয়তে কবিয়ে ভকতসকলৰ জীৱন স্বৰূপ যে ভগৱান শ্রীকৃষও সেই প্রসংগত উক্ত বৰগীত ফাঁকিৰ অৱতাৰণা কৰা হৈছে।

কবিৰমতে এই সংসাৰখন এখন মায়াজাল। মানুহে জন্ম হোৱাৰ পৰা এই সংসাৰৰ মায়ামোহত এনেদৰে আৱদ্ধ হৈ পৰে যে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ সময় নাপায়। কেৱল বিপদতহে তেওঁক বিচাৰে। কিন্তু কবিয়ে শ্ৰীকৃষ্ণৰ মহিমা বুজিব পাৰি নিজকে তেওঁৰ শ্ৰীচৰণত অর্পণ কৰিব বিচাৰিছে। শ্রীকৃষ্ণ দয়াৰ সাগৰ। তেওঁ নিজৰ ভক্তসকলক নিশ্চয় ৰক্ষা কৰিব। এই মায়ামোহ'ৰ পৰা পৰিত্ৰাণ দিব। কবিৰ মতে ভগৱান শ্ৰীকৃষৰ চৰণ যুগল হ'ল পৰম মহাধন ভকতসকলৰ বাবে শ্রীকৃষই হ'ল তেওঁলোকৰ জীৱন। গতিকে শ্রীকৃষ্ণই ভকতসকলৰ জীৱন উদ্ধাৰ কৰিবই। কাৰণ ভক্তিত ভগৱন্ত লৰে। 


19. অর্থ লিখাঃ- 

ছোড়= ছিঙি দিয়া

যাহাকু= যিজনক বিষয়

বিকলে= সাংসাৰিক দুখ, 

বিষয়= বাসনাত কাতৰ, 

নিগম= নিগম শাস্ত্ৰ 

ধিয়ায়= ধ্যান কৰে।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »