-->

ইণ্টাৰনেটৰ তিতা-মিঠা । Internetor Tita Mitha

ইণ্টাৰনেটৰ তিতা-মিঠা 

ড. প্রণয়ী দত্ত


1. কুঁৱলীৰ অন্তৰংগ বান্ধৱীজনীৰ নাম কি? 

উত্তৰঃ- কুঁৱলীৰ অন্তৰংগ বান্ধৱীজনীৰ নাম হ'ল- শ্বেৰণ।


2. কুৱলীৰ ভায়েকৰ নাম কি? 

উত্তৰঃ- কুঁৱলীৰ ভায়েকৰ নাম নিয়ৰ। 


3. কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল? 

উত্তৰঃ- মস্কোত থকা কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ তাই প্রথম ই-মেইলটো কৰিছিল।


4. পূজাৰ বন্ধত কুঁৱলীতে ক লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? 

উত্তৰঃ- পূজাৰ বন্ধত কুঁৱলীৰ মাক-দেউতাকে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাবলৈ সিদ্ধান্ত লৈছিল। 


5. ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হোৱা কেইটামান শব্দ উল্লেখ কৰা। 

উত্তৰঃ- ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হোৱা কেইটামান শব্দ হৈছে—ৱেবপেজ, ৱেবচাইট, হ'মপেজ, ব্রাউজাৰ আদি।


6. ইণ্টাৰনেটত সঘনাই ব্যবহৃত হৈ থকা WWW নো কি জানিবলৈ কুঁবলীয়ে ক'ত সন্ধান কৰিলে? HS-2020 

উত্তৰঃ- 'ইটাৰনেটত সঘনাই ব্যবহৃত হে থাকা WWW নো কি জানিবলে কৱলয়ে গুঞ্জলত সন্ধান কৰিছিল। 


7. দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছি? 

উত্তৰঃ- কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেই আশালৈ দেউতাকে তাইক ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ উপহাৰ দিছিল।


8. ইণ্টাৰনেট কি? 

উত্তৰঃ- ইণ্টাৰনেট বা নেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰনেটৰ সুবিধা পর্যাপ্ত হ'লে যোগাযোগৰ আহিলা নিজৰ কম্পিউটাৰত সংযোগ কৰা আৱশ্যক।


9. ইণ্টাৰনেট বুলিলে কি বুজা? চমুকৈ লিখা। 

উত্তৰঃ- 'Inter-collection of Networks' ৰ পৰাই Internet শব্দৰ সৃষ্টি হৈছে। ই কম্পিউটাৰ নেটৱৰ্কৰে এটা নেটৱৰ্ক। এখন নেট ব'ৰ্ডত যদিহে হাজাৰ হাজাৰ কম্পিউটাৰ থাকে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট। 


10. 'ইণ্টাৰনেটৰ তিতা-মিঠা' নামৰ গল্পটিৰ লিখিকা গৰাকীৰ নাম কি? 

উত্তৰঃ- ইটাৰনেটৰ তিতা মিঠা নামৰ গল্পটিৰ লিখিকা গৰাকীৰ নাম হৈছে প্রণয়ী দত্ত। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেকট্র'নিক এণ্ড কম্পিনিকেশন টেকনলজী বিভাগৰ মুৰব্বী আধ্যাপিকা।


11. Virus ৰ সম্পূর্ণ ৰূপ কি?

উত্তৰঃ- Vital Information Resources Under Seize.


12. ভাইৰাছ কি?

উত্তৰঃ- কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰ বিকল কৰা প্ৰগ্ৰেমটোৱেই হৈছে ভাইৰাছ। কেতিয়াবা বিভন্ন ঠাইৰ পৰা বার্তা নজনাকৈ নিজৰ কম্পিউটাৰত চাওঁতে বা বিভিন্ন আহিলা যেনে চি ডি, পেনড্রাইভ আদিৰ দ্বাৰা কম্পিউটাৰত ভাইৰাছ প্রৱেশ কৰে। এই ভাইৰাছে কেতিয়াবা কম্পিউটাৰ বিকল কৰি দিয়ে।


13. WWW বা বেৱ কি?

উত্তৰঃ- পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্য পাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব। WWW পূর্ণৰূপ হ'ল World Wide Web ই বিশ্বব্যাপি থকা বিভিন্ন তথ্যৰ ভঁৰাল হিচাপে চিহ্নিত। জেনেভাত অৱস্থিত পৃথিৱীবিখ্যাত গৱেষণা প্রতিষ্ঠান European Organisation of Nuclear Research নামৰ প্রতিষ্ঠানটোৱে WWWৰ ধাৰণা বিস্তাৰ কৰে।


14. ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?     HS-2020

উত্তৰঃ- ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্রগ্রেম। এই প্রগ্রেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্রগ্রেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সোমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূর্ণকে নষ্ট কৰি পেলায় ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পৰে।


15. কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধবীসকলৰ পৰা কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? 

উত্তৰঃ- ই-মেইলৰ জৰিয়তে কুঁৱলীয়ে বিদেশত থকা বন্ধবৰ্গৰ পৰা ঘৰতে বহি তেওঁলোকৰ দেশৰ বিভিন্ন দৃশ্য উপভোগ কৰিলে। ই-মেইলে কুঁৱলীক ভিডিঅ' কলিং উপভোগ কৰাত অনুপ্ৰেৰণা যোগালে। ইয়াৰ বাহিৰেও তাই ইণ্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ দ্বাৰা বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে জ্ঞান লোৱাৰ কৌশল আহৰণ কৰিলে। কুঁৱলীয়ে প্রথম ই-মেইল পঠাইছিল মস্কোত থকা বান্ধৱী শ্বেৰণলৈ। শ্বেৰণৰ সহায়ত ডাৰবানত থকা তাইৰ বান্ধৱী দুবৰিৰ সৈতেও কুঁৱলীৰ ই-মেইল বান্ধৱী হ'ল। দুবৰিৰ যোগেদিয়েই ভাৰতীয় মূলৰ শান্তা আনন্দৰ সৈতেও ই-মেইলত যোগাযোগ কৰিলে। কুঁৱলীৰ অন্য অভিজ্ঞতা হ'ল, ইংৰাজী ভাষা লিখনি। এতিয়া তাই সহজে ইংৰাজী লিখি যাব পৰা হ'ল। তাই মাতৃ ভাষা অসমীয়াত শিক্ষা গ্ৰহণ কৰি ই-মেইল ব্যবহাৰে তাইক ভালকৈ ইংৰাজী শিকাত সহায় কৰিলে। 


16. ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰঃ- ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ব্রাউজাৰ ঘূৰাই ৱেব পেজ বিচাৰিব পৰা হ'ল। ইয়াৰ ফলত বিজ্ঞান, কলা বা যিকোনো বিষয়ৰ বাৰে জানিবলগীয়া কথাখিনি ৱেব পেজৰ নির্দিষ্ট ঠাইত টাইপ কৰি সেইবোৰ তথ্যৰ বিৱৰণ কুঁৱলীয়ে লাভ কৰিলে। ইণ্টাৰনেট যে সমগ্র বিশ্বৰ পুঞ্জীভূত ভঁৰাল তাকো তাই জানিব পাৰিলে। ইণ্টানেটৰ সহায়ত বিভিন্নজনলৈ পত্ৰ প্ৰেৰণ কৰিব পাৰি, উত্তৰ পঠাব পাৰি, চিঠি বা টেলিগ্রামতকৈ দ্রুতগতিৰে যোগাযোগ কৰিব পাৰি বুলি তাই জানিব পাৰিলে। মেইল যোগে যিবিলাক উত্তৰ আহে সেইবোৰত বিভিন্ন অভিজ্ঞতা, ফটো তথ্য সন্নিবিষ্ট কৰা যায়।

ইণ্টাৰনেটৰ সহায়ত ভিডিঅ'কলিং ব্যৱহাৰ কৰি তাই শিহৰিত হ'ল| তাইৰ এনে লাগিল যেন সমুখা-সমুখিকৈ বহিহে কথা পাতিছে। এইবাৰ বিজ্ঞানৰ কেতবোৰ জানিবলগীয়া পৰীক্ষা-নিৰীক্ষাও শিকি ল'লে। কুঁৱলীয়ে আনকি যাত্ৰাৰ বাবে প্রয়োজনীয় সামগ্রীবোৰো ই-কমাৰ্চৰ সহায়ত ক্ৰম কৰিব পৰা হ'ল। অন্যান্য সুবিধাবোৰৰ ভিতৰত ই বেংকিংৰ সহায়ত দিবলগীয়া টিকটৰ বা কোঠালিৰ ভাৰাও ঘৰতে বহি দিবপৰা হ'ল। এইদৰে কুঁৱলীয়ে ইণ্টানেটৰ দ্বাৰা নতুন নতুন অভিজ্ঞতা সহজে আহৰণ কৰিলে। 


17. 'ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে'—কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত লিখা। HS-2020

উত্তৰঃ- ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে বুলি কোৱা কথাষাৰৰ বক্তা হৈছে কুঁৱলীৰ শ্বাবানা নামৰ এগৰাকী বাইদেউ। প্রত্যেক বস্তুৰ ভাল আৰু বেয়া এই দুয়োটা দিশ থকাৰ দৰে ইণ্টাৰনেট ব্যৱহাৰৰো সুবিধা আৰু অসুবিধা দুটা দিশ আছে। তলত সেইবোৰ পাঠৰ আলমত চমুকৈ উল্লেখ কৰা হ'ল।

সুবিধাঃ ইণ্টাৰনেট পৃথিৱীৰ মানৱ সভ্যতাৰ দ্রুত উন্নতিৰ এক উল্লেখযোগ্য মাধ্যম। ইণ্টাৰনেটৰ যোগেদি এজনে ঘৰতে বহি দেশ-বিদেশত থকা বন্ধু-বান্ধবৰ লগত ভাৱৰ বিনিময় কৰাৰ সমানে দৃশ্যও উপভোগ কৰিব পাৰে। গীত-মাত, সাহিত্য, বিজ্ঞান, ন-পুৰণি সকলোবোৰ তথ্য নিমিষতে ইণ্টানেটৰ বিভিন্ন ৱেবচাইট সমূহৰ জৰিয়তে পাব পাৰি। ইয়াৰ যোগেদি বিশ্বব্রহ্মাণ্ডৰ পুঞ্জীভূত হৈ থকা সকলো তথ্য আৰু খবৰ সহজে পাব পাৰি। আধুনিক বিশ্বত ইণ্টাৰনেটে বস্তুৰ ক্রয়-বিক্রয় মাধ্যম ৰূপেও কাম কৰে। ইণ্টাৰনেটে সুগম কৰা নানা ছ'চিয়েল মিডিয়া উদাহৰণস্বৰূপে ফেচবুক, ৱাটছএপ, ইনষ্টাগ্রাম আদিৰ দ্বাৰা মানুহৰ বন্ধু-বান্ধৱৰ সংখ্যাও দ্রুত গতিত বৃদ্ধি পাইছে। পৃথিৱীৰ কোনো ঠাইত ঘটা কোনো এটা ঘটনা বা তাৰ প্রতিক্রিয়া নিমিষতে বন্ধু-বান্ধৱৰ পৰা পাব পাৰি। সেইদৰে নিজৰ বন্ধু-বান্ধবলৈ খবৰ-বাতৰি পঠিয়াব পাৰি। বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰৰ সবিশেষ তথ্য ক্ষন্তেকৰ ভিতৰতে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে সহজে গ্রহণ কৰি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে। 

অসুবিধাঃ- ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে মানুহৰ মন-মগজুৰ ওপৰত প্ৰভাৱ পেলাই মানুহক অকামিলা কৰি তোলে। বিশেষকৈ ছাত্র-ছাত্ৰীয়ে ইণ্টাৰনেট তথা ছ'চিয়েল মিডিয়াৰ ৰঙীন জগতত নিজকে এনেদৰে ব্যক্ত কৰি পেলাই যে তেওঁলোকে নিজৰ কৰ্তব্যকেই পাহৰি যায়। পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কমি যায় আৰু ডাঙৰৰ উপদেশকো আওকান কৰিবলৈ লয়। চৌপাশৰ পৰিৱেশলৈ তেওঁলোকে কোনো ভ্ৰূক্ষেপ নকৰা হয়। তেওঁলোকৰ বাহিৰা কিতাপ, আলোচনী, বাতৰি কাকতৰ লগতো সম্বন্ধ নোহোৱা হয়। সামাজিক অনুষ্ঠান, উত্‍সৱ, বিয়া আদি অনুষ্ঠানবোৰেও তেওঁলোকক আমনিহে কৰে। ছ'চিয়েল মিডিয়াত প্রচাৰিত কিমান উৰা বাতৰি। সমাজত ক্ষতিৰ কাৰণ হয়। অনিজাতে এনেবোৰ খবৰৰ প্ৰচাৰৰ ভূমিকা লৈ কেতিয়াবা কেতিয়াবা নিজকে আৰু বন্ধু বান্ধবকো বিপদত পেলায়। 


18. ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোৰ নামাকৰণৰ সার্থকতা বিচাৰ কৰা।

উত্তৰঃ- ড. প্রণয়ী দত্তৰ দ্বাৰা ৰচিত ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটোৰ নামাকৰণ সঠিকভাৱেই হৈছে বুলি ক'ব পাৰি। গল্পকাৰে গল্পটিত এগৰাকী স্কুলীয়া ছাত্রী কুঁৱলীৰ চৰিত্ৰটিৰ মাজেদি প্রথমে ইণ্টাৰনেটৰ সংজ্ঞাসহ ইয়াৰ লগত জড়িত বিষয়সমূহ অতি সহজে বুজাবলৈ যত্ন কৰিছে। পৃথিৱীৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰৰূপে আধুনিক জগতত পৰিচিত ইণ্টাৰনেটৰ প্রয়োজনীয়তা মানৱ সভ্যতাৰ উন্নয়নৰ এক উল্লেখযোগ্য মাধ্যম| বর্তমান পৃথিৱীত মানৱ জীৱনৰ অবিছেদ্য অংগহৈ পৰা ইণ্টাৰনেটৰ কেৱল ভাল দিশসমূহ মানুহক দেখুওৱাতে আবদ্ধ নাৰাখি গল্পকাৰে ইয়াৰ বেয়া দিশবোৰে সুন্দৰকৈ উপস্থাপন কৰিছে। কুঁৱলীক সুদূৰ মস্কোত থকা তাইৰ বান্ধবী শ্বেৰণ আৰু শ্বেৰণৰ বন্ধু-বান্ধবীৰ লগত চিনাকি হৈ ভাৱৰ আদান প্রদান সুযোগ দিয়ে ইণ্টাৰনেটো। এই ইণ্টাৰনেটেই কুঁৱলীক ভিডিঅ'কলিংৰ সোৱাদ দিয়ে। ঘৰতে বহি, কুঁৱলীয়ে দেশ-বিদেশৰ বিভিন্ন দৃশ্য উপভোগ কৰে। মুঠৰ ওপৰত জ্ঞান-বিজ্ঞান, গীত-মাত, ন-পুৰণি বোলছবি, খেলা-ধূলা আদিৰ উৰ্বৰ ভূমিত কুঁৱলীয়ে ঘৰতে বহি ঘূৰিবলৈ সক্ষম হয়। কুঁৱলীয়ে দেউতাকৰ বাবে দক্ষিণ ভাৰতৰফালে ফুৰিবলৈ যোৱাৰ টিকেট আদি সংগ্ৰহৰ অসুবিধাসমূহ তাই ঘৰতে বহি ই-মেইলৰ জৰিয়তে সহজেই কৰি পেলাইছিল। ইমানবোৰ ইতিবাচক দিশ থকা ইণ্টাৰনেটৰ নেতিবাচক দিশসমূহক সুন্দৰভাৱে উপস্থাপন কৰি মানৱ সমাজৰ বিশৃংখলতাৰ কাৰক হিচাপে গল্পকাৰে ইণ্টাৰনেটক চিহ্নিত কৰিছে। প্রত্যেক বস্তুৰ ভাল আৰু বেয়া দিশ থকাৰ দৰে ইণ্টাৰনেটো এই দোষৰ পৰা মুক্ত নহয় বুলি লিখকে অকপটে স্বীকাৰ কৰিছে। অৱশ্যে সকলো নির্ভৰ কৰে ব্যৱহাৰকাৰীৰ ওপৰত। গল্পকাৰৰ মতে ইণ্টাৰনেটৰ অনিয়ন্ত্রিত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ মন মগজুৰ ওপৰত প্ৰভাৱ পেলায়। কেনেকৈ কুঁৱলীৰ এগৰাকী বান্ধবীৰ ভায়েক এজন মেধাবী ছাত্র পলে ইণ্টাৰনেটৰ গেম খেলি ছমহীয়া পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিলে তাক দেখুৱাই ইণ্টাৰনেটক ছাত্র-ছাত্রীৰ শৈক্ষিক জীৱনৰ অগ্ৰগতিত বাধা বুলিও গল্পকাৰে সুন্দৰভাৱে প্ৰকাশ কৰিছে। ইয়াৰ বাহিৰেও ইণ্টাৰনেট তথা ছ'চিয়েল মিডিয়াই ছাত্ৰ-ছাত্ৰীক আপোনজনৰ পৰা আঁতৰাই অকলশৰীয়া জীৱনৰ প্রতি আকৃষ্ট কৰে। বয়োজ্যেষ্ঠজনৰ প্রতি সামান্য সৌজন্যবোধ দেখুৱাবলৈ অনিহা, ৰাস্তাই-ঘাটে অন্য মনস্ক হোৱা আদি সুস্থ সামাজিক পৰম্পৰা ভংগত ইণ্টাৰনেটৰ ভূমিকাক গল্পকাৰে দোষাৰোপ নকৰাকৈ থকা নাই। ছ'চিয়েল মিডিয়াত প্রচাৰিত উৰা বাতৰিয়ে কেতিয়াবা কেতিয়াবা সমাজৰ বিশেষ ক্ষতি কৰাৰ কথাও গল্পটিত উল্লেখ কৰিছে। 

মুঠৰ ওপৰত লিখিকাই ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটিত ইণ্টাৰনেটৰ ব্যৱহাৰৰ ভাল-বেয়া, সুবিধা-অসুবিধা, ইতিবাচক-নেতিবাচক আদি সকলোবোৰ দিশ সমানে চিত্রিত কৰিছে। এই সকলোবোৰ দিশ চালি-জাৰি চালে গল্পটিৰ নামাকৰণত কোনো আসোঁৱাহ দেখা নাযায়। 


19. অর্থ লিখাঃ- 

অনাবিল= নির্মল, 

আভা= পোহৰ, 

উৰা বাতৰি= গুজব,

কদাচি= কেতিয়াবা, 

তড়িৎ= বিজলী, 

প্রসস্ত= উপযুক্ত 

ক্ষতি= নষ্ট 

পুঞ্জীভূত= গোটখাই থকা।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »