-->

অৰুণিমা সিন্‌হা । Arunima Sinha

অৰুণিমা সিন্‌হা । Arunima Sinha

1. অৰুণিমা সিন্‌হাৰ ঘৰ ক'ত?

উত্তৰঃ- অৰুণিমা সিন্‌হাৰ ঘৰ উত্তৰ প্ৰদেশত।


2. কিমান চনত অৰুণিমা সিন্‌হাই পদ্মশ্ৰী বঁটা লাভ কৰে?

উত্তৰঃ- ২০১৫ চনত অৰুণিমা সিন্‌হাক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।


3. অৰুণিমা সিন্‌হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? HS-2020

উত্তৰঃ- অৰুণিমা সিন্‌হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পর্যায়ৰ ভলীবল খেলুৱৈ আছিল।


4. ২০১৪ চনত অৰুণিমা সিন্‌হাই লাভ কৰা বঁটাটোৰ নাম কি?

উত্তৰঃ- এমেজিং ইণ্ডিয়ান এৱার্ড।


5. মাউণ্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তাত তেওঁ কিমান সময় ধৰি আছিল?

উত্তৰঃ- ২০১৩ চনৰ ২১ মে তাৰিখে অৰুণিমাই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। মাউণ্ট এভাৰেষ্টত তেওঁ প্ৰায় ডেৰ ঘণ্টা সময় আছিল। 


6. হস্পিতালত থাকোঁতে অৰুণিমাৰ কি সপোনে তীব্ৰৰূপ লৈছিল?

উত্তৰঃ- হস্পিতালত থাকোঁতে অৰুণিমাৰ হিমালয় শৃংগলৈ উঠাৰ সপোন তীব্ৰতৰ হৈছিল। তেওঁ নিজৰ বিকলাঙ্গ ভৰিৰ কথা পাহৰি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। 


7. হস্পিতালৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

উত্তৰঃ- বিকলাঙ্গ হৈয়ো এভাৰেষ্ট বিজয়ৰ সপোন দেখা অৰুণিমাই হস্পিতালৰ পৰা ওলাই গৈ বাচেন্দ্ৰি পালক লগ ধৰিছিল। তেওঁ বাচেন্দ্ৰি পালক লগ কৰাৰ কাৰণ আছিল যে তেওঁক পালে এভাৰেষ্ট বিজয় কিদৰে কৰিব তাৰ সঠিক পৰামর্শ দিব বুলি বিশ্বাসী আছিল।


8. অৰুণিমা সিন্‌হাই ৰেলযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হৈছিল। এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?

উত্তৰঃ- অত্যন্ত সাহসী অৰুণিমা সিন্‌হাই ৰেলগাড়ীৰে লক্ষ্ণৌৰ পৰা দিল্লীলৈ যাত্ৰা কৰোঁতে এদল ডকাইতৰ মুখামুখি হৈছিল। লক্ষ্ণৌত ২৬ বছৰীয়া ভলীবল খেলুৱৈ অৰুণিমাৰ ডকাইতৰ দলটোৰ লগত তর্কাতর্কি হৈছিল। অৰুণিমাই, হাতৰ আৰু কাণৰ মুল্যবান সম্পদবোৰ দিবলৈ মান্তি হৈছিল যদিও ডিঙিত পিন্ধা চেইনডাল ডকাইতক দিবলৈ কোনো পধ্যেই মাস্তি হোৱা নাছিল। শেষত এজন উকাইতে তেওঁক ৰেলগাড়ীৰ পৰা বাহিৰৰ এন্ধাৰলৈ দলিয়াই দিছিল। এই দুৰ্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় আৰু আনখনৰ ভৰি গুৰুত্বৰভাৱে আহত হয়। 


9. অৰুণিমাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নোৱাৰিলে। 

উত্তৰঃ- লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতা ২১,৭৯৮ ফুট। এই অভিযান প্ৰায় সমাপ্তিৰ আগতেই অৰুণিমাই অভিযান সামৰিব লগা হয়। অৰুণিমাই এই অভিযান কৰাৰ সময়ত বতৰ অত্যন্ত প্ৰতিকূল হৈ পৰিছিল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হোৱাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট বাকী থকা অৱস্থাতে অৰুণিমাই অভিযান সামৰিব লগা হয়। সেয়েহে তেওঁ মাউণ্ট চামছেৰ কাংৰিৰ বিজয় অসম্পূর্ণ হৈ ৰয়। উল্লেখযোগ্য যে পাহাৰ বগাবলৈ প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াবলৈ শ্বেৰপাৰ এটা দ ল থাকে। এওঁলোক পাহাৰীয়া বতৰত সিদ্ধহস্ত। তেওঁলোকৰ পৰামৰ্শ পাহাৰ বগোৱা দলটোৰ অন্যান্য সদস্য বা দলপতিজনে বহু সময়ত মানিবলৈ বাধ্য হয়। বতৰ প্ৰতিকূল হোৱাত শ্বেৰপা দলৰ পৰামৰ্শ মানি অৰুণিমাই লাডাখত থকা চামছেৰ কাংৰি অভিযান সম্পূর্ণ কৰিব নোৱাৰিলে। 


10. অৰণিমা সিন্‌হাৰ এভাবেষ্ট অভিযানৰ বর্ণনা দিয়া।

উত্তৰঃ- পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট বিজয় অৰুণিমা সিন্‌হাৰ এক সপোন আছিল। শাৰীৰিকভাৱে অক্ষম হৈয়ো অৰুণিমাই অতি কষ্টৰে নিজৰ সাহস আৰু অধ্যৱসায়ৰ গুণত প্ৰায় এবছৰ কাল পর্বতাৰোহণৰ প্ৰশিক্ষণ লৈছিল। লাডাখত থকা মাউণ্ট কাংৰিৰ অভিযানৰ বিফলতাই তেওঁক অধিক আত্মবিশ্বাসী কৰি তোলে আৰু মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ সংকল্প ল'বলৈ অনুপ্ৰাণিত কৰে। প্ৰথম অভিযানত ২১,১০৮ ফুট উচ্চতালৈ যাব পৰাটোৱেই তেওঁক মাউণ্ট এভাৰেষ্ট বিজয় সহজ কৰি তোলে। মাউণ্ট এভাৰেষ্টৰ শংগত উঠি ফ'টো ভিডিঅ' কৰি বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ বাবে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল। অভিযানত দৰকাৰ হোৱা পানী আৰু অক্সিজেনো তেওঁ লগত নিছিল। কাঠমাণ্ডৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত চাৰি নং কেম্প পাওঁতে তেওঁৰ ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। তেওঁৰ লগত যোৱা শ্বেৰপাজনে বাৰে বাৰে অক্সিজেন শেষ হ'ব বুলি সতর্ক কৰি আছিল আৰু অক্সিজেন শেষ হ'লে মৃত্যু যে অনিবার্য সেই কথা অৰুণিমাই জানিছিল যদিও তেওঁ বিজয় সম্পূর্ণ নকৰাকৈ উভতি যোৱাৰ কথা ভাবিব পৰা নাছিল। অদম্য সাহস আৰু উৎসাহেৰে নিজৰ ভৰিৰ আঠুৰ পৰা ওলাই থকা তেজ মছি মছি অৰুণিমা গৈছিল। এইদৰে আগুৱাই যাওঁতে এভাৰেষ্ট অভিযানলৈ পূর্বতে অহা বহুতো অভিযাত্ৰীৰ মৃত দেহ তেওঁ দেখা পাইছিল। প্ৰচণ্ড পৰিশ্ৰম, আদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ গুণত শেষত তেওঁ ২১ মে ২০১৩ চনত নিশা ৮ বজাত এভাৰেষ্ট বিজয়ৰ ইতিহাস ৰচিবলৈ সক্ষম হয়। 


11. অৰুণিমাৰ সপোন পূৰণ কৰাৰ বাবে বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল লিখা।

উত্তৰঃ- দুৰ্ঘটনাত এখন ভৰি চিৰদিনৰ বাবে হেৰুৱা অৰুণিমাই হস্পিতালত থাকোতেই এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি তেওঁ এভাৰেষ্ট আৰোহণ কিদৰে কৰে তাৰ উপযুক্ত পৰামৰ্শ ল'বলৈ বাচেন্দ্ৰি পালক সাক্ষাৎ কৰিছিল। বাচেন্দ্ৰি পাল এগৰাকী এভাৰেষ্ট বিজয়িনী আছিল। তেও টাটা ষ্টীল এডভেন্সাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পৰ প্ৰধান প্ৰশিক্ষক আছিল। শাৰীৰিক, মানসিক আৰু অধ্যৱসায়ক মূলধন কৰি এভাৰেষ্ট বিজয়ৰ সপোন ৰচা অৰুণিমাই যে সঠিক প্ৰশিক্ষণ পালে তেওঁৰ সপোন বাস্তবায়িত কৰিব পাৰিব বুলি বাচেন্দ্ৰি পাল পতিয়ন গৈছিল। এখন কৃত্ৰিম ভৰি আৰু আনখন ভৰিত লোৰ ৰ'ডৰ সহায়ত চলাফিৰা কৰা অৰুণিমাই বাচেন্দ্ৰি পালৰ তত্বাৱধানত চলা পর্বতাৰোহণ অনুশীলন কেম্পত যোগ দিবলৈ সক্ষম হয়। প্ৰায় এবছৰীয়া প্ৰশিক্ষণ কালত তেওঁ নানা ঘাট প্ৰতিঘাতৰ মাজেদি অতিক্ৰম কৰিব লগা হয়। শাৰীৰিক প্ৰতিবন্ধকতাই বাৰে বাৰে বিপদত পেলোৱা অৰুণিমাই মনৰ বল আৰু প্ৰৱল আত্মবিশ্বাসেৰে সকলোবোৰ বাধা অতিক্ৰম কৰি গৈছিল। শেষত ২০১৩ চনৰ ২১ মে'ত মাউণ্ট এভাৰেষ্টত ভাৰতীয় জাতীয় পতাকা উৰাই তেওঁ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিছিল। 


12. ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?

উত্তৰঃ- যুৱৰাজ সিঙৰ দৰে অৰুণিমাও এগৰাকী খেলুৱৈ আছিল। এটা দুৰ্ঘটনাত অৰুণিমাই নিজৰ এখন ভৰি হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিও গুৰুতৰভাৱে আহত হয়। এখন কৃত্ৰিম আৰু আনখন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত ভৰিলৈ তেওঁ এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। অৰুণিমাই শাৰীৰিক অক্ষমতাক নেওচি লাডাখৰ মাউণ্ট চামছেৰ কাংৰিৰ শেষ স্থান পোৱাৰ সামান্য আগতে প্ৰতিকুল বতৰৰ বাবে অভিযান সামৰিব লগা হয়। তেওঁ সেই অভিযানত সফল নহ'ল তথাপি তেওঁৰ মনৰ দৃঢ়তা বৃদ্ধিহে হয় আৰ এভাৰেষ্ট অভিযান কৰাৰ লক্ষ্য বান্ধি লয়। অৰুণিমাই শাৰীৰিক বাধাগ্ৰতাক তেওঁৰ লক্ষ্য স্থানত উপনীত হোৱাত বাধা বুলি গণ্য কৰা নাছিল। দৃঢ় মন আৰ আত্মবিশ্বাস থাকিল শাৰীৰিক বাধাই, কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে বুলি তেওঁ প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙৰ জীৱন অধ্যয়নে অনুপ্ৰাণিত কৰিছিল। অৰুণিমাৰ দৰে যুৱৰাজ সিঙো সম্পূর্ণ সুস্থ দেহৰ নাছিল। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত আছিল। নিজৰ অদম্য মানসিক শক্তিৰে তেওঁ সেই বেমাৰৰ পৰা মুক্ত হৈছিল আৰু নিজৰ লক্ষ্য পূৰণত সফল হৈছিল। যুৱৰাজৰ এই সাফল্য অৰুণিমাই অনুধাৱন কৰিছিল। অৱশেষত যুৱৰাজৰ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ অৰুণিমাই নিজৰ বাধাগ্ৰস্থ দেহলৈ এভাৰেষ্ট বিজয় কৰি অসাধ্যক সাধ্য কৰি দেখুৱালে আৰু দেশ বিদেশত নিজৰ নাম জিলিকাবলৈ সক্ষম হ'ল।


13. এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?

উত্তৰঃ- ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিন্‌হাই দুৰ্ভাগ্যবসতঃ এখন ভৰি হেৰুৱাবলগীয়া হয়। শাৰীৰিক বাধাক নেওচি তেওঁ এভাৰেষ্ট বিজয়ৰ সপোন ৰচিছিল। এই সপোন দিঠকত পৰিণত কৰাৰ অৰ্থে তেওঁ এখন কৃত্ৰিম আৰু আনখন লোৰ ৰড লগোৱা ভৰিৰে কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত (পর্বতাৰোণৰ প্ৰশিক্ষণ লাৱা গ্ৰুপত) যোগদান কৰে। এই অনুশীলন এভাৰেষ্ট বিজয়ী বাচিন্দ্ৰি পালৰ তত্বাৱধানত চলিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰ কৰাত তেওঁ কোনো ত্ৰুটি কৰা নাছিল। প্ৰায় এবছৰকাল অৰুণিমাই একে লেথাৰিয়ে উৎসাহ-উদ্যমেৰে অনুশীলন নিজক ব্যস্ত ৰাখিছিল। অনশীলনৰ সময়ত দেখা গৈছিল যে স্বাভাৱিকভাৱে মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে তেওঁৰ শৰীৰিক বাধা গ্ৰস্ততাৰ বাবে সেয়া শিকোতে তিনিঘণ্টা সময়ে লাগিছিল। কেতিয়াবা কেতিয়াবা তেওঁৰ ভৰি তেজেৰে তুমৰলি হৈছিল। তেওঁৰ পৰ্বতাৰোহণ অভিযানত সহায় কৰা শ্বৰপাজনেও তেওঁ ভৰিৰ অৱস্থা দেখি পর্বতাৰোহণ বাদ দিবলৈকে পৰামর্শ দিছিল। কিন্তু অৰুণিমাই কোনো বাধা বিপত্তিৰ ওচৰত সেও মনা নাছিল। অৱশেষত তেওঁ মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰি প্ৰতিকূল বতৰৰ বাবে অভিযান সামৰিব লগা হয়। ইয়াৰ পিছতো অৰুণিমাই হাৰ মনা নাছিল। শেষত ২০১৩ চনৰ ২১ মে তাৰিখে মাউণ্ট এভাৰেষ্টৰ শিখৰত পদাপর্ণ কৰি তেওঁ এভাৰেষ্ট বিজয়ৰ সামৰণি পেলায়। 

  

14. 'একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীবনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে' - কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্‌হাৰ জীৱনৰ আধাৰত বুজাই লিখ। HS-2020

উত্তৰঃ- উদ্ধত কথাফাঁকিৰ যুক্তিযুক্ততা যদি আমি অৰুণিমা সিন্‌হাৰ জীৱনৰ আধাৰত বিচাৰি চাওঁ তেন্তে বাক্যশাৰীৰ শুদ্ধতাই প্ৰতিপন্ন হয়। এগৰাকী ৰাষ্ট্ৰীয়পর্যায়ৰ ভলীবল খেলুৱৈ হৈয়ো অৰুণিমাই দুৰ্ভাগ্যৱসতঃ ৰেলগাড়ীত ভ্ৰমণ কৰোতে ডকাইতৰ লগত হোৱা সংঘর্ষত নিজৰ এখন ভৰি সম্পূৰ্ণকৈ হেৰৱাবলীয়া হয় আনখন ভৰিও গুৰুতৰভাৱে আহত হয়। সেইখন ভৰিত লোৰ ৰ'ড সোমোৱাই লৈহে চলাফিৰা তেওঁ কৰিব লগা হৈছিল। মুঠৰ ওপৰত তেওঁৰ দুয়োখন। ভৰিয়ে অকামিলা বুলিব পাৰি! নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ কথা জানিও তেওঁ এভাৰেষ্ট জয় কৰাৰ সপোন দেখিছিল আৰু সেই সপোন দিঠকত পিৰণত কৰাৰ বাবে প্ৰয়োজনীয় সকলো চেষ্টা কৰিছিল। সম্পূৰ্ণৰূপে হেৰুৱা ভৰিখনৰ ঠাইত তেওঁ এখন কৃত্ৰিম ভৰি লগাই লৈছিল। এনেধৰণৰ ভৰিৰে সাধাৰণতে মানুহে অলপ উচ্চতাৰ ঠাইলৈ উঠিবলৈ ভয় কৰে তাতে পর্বতাৰোহণ, সকলো মানহৰ বাবে কল্পনাৰো অতীত। অৰুণিমাৰ সুদৃঢ় মনে তেওঁৰ শাৰীৰিক আৰু মানসিক দৃঢ়তা বৃদ্ধি কৰাই নহয় তেওঁৰ লক্ষ্য স্থানত উপনীত হোৱাৰ বাবে নেৰানেপেৰা চেষ্টাৰো অভাৱ ঘটা নাছিল। দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন, অন্তৰৰ প্ৰচণ্ড সাহস আৰু প্ৰৱল আত্মবিশ্বাসে তেওঁক এভাৰেষ্টৰ উচ্চ শিখৰত উপনীত কৰাইছিল। এই বিৰল প্ৰতিভাই তেওঁৰ নাম দেশ আৰু বিদেশতো জিলিকাইছিল। ২০১৫ চনত তেওঁক 'টেনজিং নর্গে' আৰু পদ্মশ্ৰী সম্মানেৰে বিভূষিত কৰা হয়। এটা অসম্পূর্ণ দেহাৰে অসাধ্যকো সাধ্য কৰি দেখুৱা তেওঁৰ এই কৰ্মৰাজি সকলোৰে বাবে অনুপ্ৰেৰণাৰ বিষয়। যিসকলৰ প্ৰতিভা বিকশিত কোনো বিষয় হেঙাৰৰূপে আহে সেইসকলে সেইবোৰ বাধা অতিক্ৰম কৰিবলৈ অৰুণিমা সিন্‌হাৰ এভাবেষ্ট অভিযানৰ পৰা অনুপ্ৰেৰণা পায়। প্ৰৱল আত্মবিশ্বাস, একাগ্ৰতা, মানসিক দৃঢ়তাই নিজৰ লক্ষ্য পূৰণত পৃথিৱীৰ কোনো বাধাই আঁতৰাই ৰাখিব নোৱাৰে- এই বার্তা অৰুণিমাই দিছে। দুখন ভৰি অকামিলা হোৱা স্বত্বেও পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক কার্যত শিৰনত নকৰি নিজৰ অধ্যৱসায়ৰ গুণত এভাৰেষ্ট জয় কৰি অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে অৰুণিমাই। তেওঁৰ এই কল্পনাতীত সাফল্যই হাজাৰ জনক নিজৰ লক্ষ্যপথত আগুৱাবলৈ অধিক প্ৰেৰণা যোগায়। 


15. চমুটোকা লিখাঃ- 

(ক) টেনজিং নৰগেঃ- পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট আৰোহণ কৰা টেনজিং নৰগে প্ৰথম পর্বতাৰোহকাৰী। ২৯ মে ১৯৫৩ চনত এডমাণ্ড হিলাৰীৰ লগত যুটীয়াভাৱে টেনজিং নৰগে এভাৰেষ্ট জয় কৰে। টেনজিং নৰগেৰ জন্ম নেপালৰ খুম্বু নামৰ ঠাইত ২৯ মে ১৯১৪ চনত। পৃথিবীৰ ১০০ গৰাকী বিখ্যাত মানুহৰ তালিকাত এভাৰেষ্ট বিজয় কৰি এই গৰাকী নেপালী মূলৰ ভাৰতীয়ই নিজৰ নাম লিখাবলৈ সক্ষম হয়। ৯ মে ১৯৮৬ চনত ৭১ বছৰ বয়সত এই গৰাকী পৃথিৱী বিখ্যাত পূর্বতাৰোহণকাৰীয়ে ইহলীলা সন্ত্ৰৰণ কৰে।  

15. চমুটোকা লিখাঃ-

(খ) ষ্টিফেন হকিং- ১৯৪২ চনৰ ৮ জানুৱাৰিত ইংলেণ্ডৰ অক্সফর্ড নামে ঠাইত পৃথিৱী বিখ্যাত পদার্থ বিজ্ঞানী ষ্টিফেন হকিঙৰ জন্ম হয়। তেখেতে চেণ্ট এলৱানছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰি অক্সফার্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰ, বিক বেং ব্লেক হ'লৰ পৰা ষ্টিংগ সূত্ৰ আগবঢ়োৱা ষ্টিফেন হকিং এটা দূৰাৰোগ্য ৰোগত ১৯৬৪ চনত আক্ৰান্ত হৈছিল। তেতিয়াৰ পৰা মৃত্যু পর্যন্ত এই পৃথিৱী বিখ্যাত বিজ্ঞানীজনে চকা লগা চকীত বহিযেই জীবন অতিবাহিত কৰিছিল। শাৰীৰিক প্ৰবিন্ধকতা নেওচি ১৯৮৮ চনত তেখেতৰ অমৰ সৃষ্টি 'A' brief History of Time' নামৰ কিতাপখন প্ৰকাশ পায়। এই কিতাপখন পৃথিৱীৰ সবাতোকৈ বিক্ৰিয়োৱা কিতাপৰ মাজত এখন। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক গণি৩ আৰু পদার্থ বিজ্ঞান বিভাগৰ গৱেষণাৰ সঞ্চালকৰ পদ অলংকৃত কৰা হকিঙচক ২০১৭ চনত লওনৰ ইম্পেৰিয়েল কলেজে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। পৃথিৱীৰ একাধিক বিশ্ববিদ্যালয়ে সম্মানীয় ডক্টৰেট ডিগ্ৰী উপহাৰ দিয়া এইগৰাকী মহান বিজ্ঞানী আৰু একাধিক বিশ্ববিখ্যাত কিতাপৰ লেখক ষ্টিফেল হকিংৰ ২০১৮ চনৰ মার্চ মাইৰ ১৪ তাৰিখে মৃত্যু হয়। 


15. চমুটোকা লিখাঃ-

(গ) বাচেন্দ্ৰি পালঃ- বাচেন্দ্ৰি পাল এগৰাকী ভাৰতীয় মহিলা পৰ্বতাৰোহণকাৰী। ২৪ মে ১৯৫৪ চনত উত্তৰাঞ্চলৰ বাম্পা নামৰ ঠাইত তেখেতৰ জন্ম হয়। ১৯৮৪ চনত বাচেন্দ্ৰি পালে এভাৰেষ্ট বিজয় কৰি পৃথিৱী বিখ্যাত হৈ পৰে। ১৯৮৪ চনৰ পৰা টাটা ষ্টিল ফাউণ্ডেচনৰ পর্বতাৰোহণৰ প্ৰধান প্ৰশিক্ষক হিচাপে যোগদান কৰে। তেখেতৰ তত্বৱধানতে শৰীৰিকভাৱে বাধাগ্ৰত আৰুণিমা সিন্‌হাই পৰ্বত আৰোহণৰ প্ৰশিক্ষণ লৈছিল। 'মাই জাৰ্নি টু টপ' নামৰ বাচেন্দ্ৰি পালৰ আত্মজীৱনীখন নেচেনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰি উলিয়াই। বাচেন্দ্ৰি পালে ১৯৮৪ চনত সর্বশ্ৰেষ্ট পৰ্বতাৰোহণকাৰীৰ বঁটা লাভ কৰাৰ লগতে সেই একে চনতে পদ্মশ্ৰী বঁটা লাভ কৰে। ১৯৮৬ চনত ভাৰত চৰকাৰৰ পৰা অর্জন বঁটা লাভ কৰা বাচেন্দ্ৰি পালে ১১১০ চনত গ্ৰীনিজ বুক অৱ ৰেকৰ্ডত নিজৰ নাম লিখাবলৈ সক্ষম হয়।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »