-->

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি । Axomor janagostir gathoni aru sanskrit

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
-আব্দুছ ছাত্তাৰ


1. কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল? HS-2015

উত্তৰঃ- বৃটিছৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল।


2. এয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? HS-2014

উত্তৰঃ- এয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল- মংগোলীয়। 


3. প্রাচীন কালৰে পৰা অসমদেশ কিহৰ বাবে প্রসিদ্ধ আছিল? HS-2017

উত্তৰঃ- প্রাচীন কালৰে পৰা অসমদেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। 


4. জনজাতীয় গোষ্ঠীটো অন্য কি নামেৰে জনা যায়? HS-2019

উত্তৰঃ- জনজাতীয় গোষ্ঠীটোক অনার্য জাতি নামেৰে জনা যায়।


5. লোকগীত কাক বোলে? 

উত্তৰঃ- অনাদি কালৰেপৰা মানুহৰ মুখে মুখে চলি অহা মৌখিক গীতবোৰকে লোকগীত বোলে। যেনে- নিচুকনি গীত।


6. কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰঃ- ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয় বঙালী ভাষা চলিছিল।


7. কিহে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে?

উত্তৰঃ- ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কট্‌কটীয়া কৰিলে।


8. য়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ- ১৮২৬ চনত মান ৰজা আৰু ব্রিটিছৰ মাজত য়াণ্ডাবু সন্ধি হৈছিল। 


9. সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল- অসমীয়া ভাষা। 


10. বৌদ্ধ ধর্মৰ মূলমন্ত্র কি? HS-2016 

উত্তৰঃ- বৌদ্ধ ধর্মৰ মূলমন্ত্র হ'ল- অহিংসাই পৰম ধর্ম। 


11. আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? HS-2020

উত্তৰঃ- আব্দৰ ছাত্তাৰ অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদত অধিষ্ঠিত আছিল।


12. প্রাচীন কালৰ পুৰা কোন দুটা ধর্ম অসমত প্রচলিত আছিল?

উত্তৰঃ- প্রাচীন কালৰ পৰা হিন্দুৰ তান্ত্রিক ধর্ম আৰু বৌদ্ধ ধর্ম অসমত প্ৰচলিত আছিল। 


13. আব্দুছ ছাত্তাৰৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ- আব্দুছ ছাত্তাৰৰ ৰচিত দুখন গ্রন্থ হ'ল- (১) কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী (২) সংমিশ্ৰণত অসমীয়া সংস্কৃতি। 


14. অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰঃ- ত্রয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা যি বহিৰাগত গোষ্ঠীয়ে অসমত স্থিতি লৈছিল তেওঁলোকেই মংগোলীয় গোষ্ঠীৰ লোক।


15. ব্রিটিছ অহাৰ লগে লগে অসমলৈ কি কি আহিল?

উত্তৰঃ- ব্রিটিছ অহাৰ লগে লগে অসমলৈ ৰেলগাড়ী, চাহ-উদ্যোগ, কেক্‌-বিস্কুট, কোর্মা-কোপ্তা, ৰসগোল্লা, চিঙ্গৰা, বিমান, মটৰ পৰিবহণ আৰু খাদ্য পৰিৱেশনৰ বাবে হোটেল আদি আহিল। 


16. পাঠটিত থকা খাদ্য বস্তুৰ এখন তালিকা প্রস্তুত কৰা। 

উত্তৰঃ- পাঠটিত থকা খাদ্য বস্তুৰ তালিকাখন এনেধৰণৰ- ৰুটি, পাৰাথা, পোলাও, কোর্মা-কোপ্তা, কেক্‌-বিস্কুট, লালমোহন, ৰসগোল্লা, চিঙ্গাৰা, লুচি-পুৰী, মাদ্রাজী ড'চা চাম্বাৰ আৰু ইড্‌লি আদি। 


17. এৰা-ধৰাৰ ব্যৱস্থা মানে কি?

উত্তৰঃ- কোনো এটা সম্প্রদায়ৰ কিছুমান ভাললগা ৰীতি-নীতি আচাৰ-ব্যৱহাৰ, খোৱা-বস্তু, পোছাক-পৰিচ্ছদ আদি অন্য এটা সম্প্ৰদায়ে নিজৰ ইচ্ছাত গ্ৰহণ কৰাকে এৰা-ধৰা ব্যৱস্থা বোলা হয়।


18. "গতিকে মূলতে অসমীয়া জন-সংস্কৃতিৰ ধাৰক

এইবোৰ জাতি-গোষ্ঠীয়েই আছিল।" 

- ইয়াত কোনবোৰ জাতি-গোষ্ঠীৰ কথা কোৱা হৈছে? HS-2012, 2019

(নাইবা) 

অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? 

উত্তৰঃ- অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কোচ, মেচ, ডিমাচা, দেউৰী, কছাৰী, বড়ো, চুটিয়া, তিৱা, কাৰ্বি আদি সকলক বুজায়।


19. অসমৰ পুৰণি সাহিত্যৰ সমলৰোৰ কি কি উল্লেখ কৰা। HS-2013, 2014, 2016

উত্তৰঃ- অসমৰ পুৰণি সাহিত্যৰ সমলৰবাৰ হ'ল- অলিখিত -ৰিখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, -ৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, -দহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।


20. অসমৰ চাহ-বনৱাসকল ভাৰতবৰ্ষৰ কোন কোন প্রদেশৰ পৰা অহা বুলি 'অসমৰ জনগোষ্ঠীৰ গাঁথনি সংস্কৃতি' নামৰ পাঠটিত উল্লেখ কৰা হৈছে?

(নাইবা) 

চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ- চাহ-উদ্যোগৰ কৰ্মীসকল হ'ল- চাওঁতাল, কুৰ্মি, মোছহৰ, মণ্ডা, তেলেঙা, ভূমিজ, হো, তাঁতী, ওৰা, সোহাৰ আদি।

তেওঁলোক ভাৰতৰ বিভিন্ন অঞ্চলৰ যেনে- বিহাৰ, উৰিষ্যা, মধ্য প্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। 


21. ডাকৰ বিষয়ে এটি টোকা লিখা। HS-2017

উত্তৰঃ- ডাক হ'ল এজন কিংবদন্তীৰ পুৰুষ। তেওঁৰ জন্মস্থান বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁৱত। তেওঁৰ পিতৃ বৰাহমিহিৰ ব্ৰাহ্মণ আৰু মাতৃ কুমাৰ কুলৰ নাৰী। অসমৰ সামাজিক জীৱনত 'ডাকৰ বচন বেদৰ বাণী সদৃশ' বুলি কোৱা হয়। কৃষি প্রধান দেশৰ মানুহে যুগ-যুগ ধৰি লাভ কৰা অভিজ্ঞতাৰ ই স্বাক্ষৰ। 

তেনে এটি ডাকৰ বচন-

''আঠে তিতা দাঁতে লোণ

পেটে ভৰে তিনি কোণ। 

ইবেলা সিবেলা শৌচত যায়।

তাৰ ধন কি বেজে পায় ?''


22. "এটা সংমিশ্রিত–সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তর্কৰ অৱকাশ নাই।" 

-ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। "নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই।" বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা। HS-2020 

উত্তৰঃ- ইয়াত লেখকে বৃহৎ অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। 

অসমীয়া জাতীয় সংস্কৃতি প্রকৃততে বাৰে বৰণীয়া সাংস্কৃতিক উপাদানেৰে গঢ়ি উঠিছে। অসমলৈ বহিৰাগত হৈ অহা আহোম, মোগল, ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকসকল একত্ৰিত হৈ পৰিল। তেওঁলোকে নিজৰ ধার্মিক আচৰণৰ বাহিৰে সকলোতে অসমীয়া বুলি ভাবিবলৈ লৈ অসমীয়া সংস্কৃতি গ্রহণ কৰিলে। একে ভৌগোলিক পৰিৱেষ্টনীত থাকি এটা সম্প্রদায়ে আনটো সম্প্রদায়ৰ দ্বাৰা প্রভাৱান্বিত হ'বলৈ ধৰিলে। বহিৰাগত হিচাপে মানুহবোৰে নিজ ঠাইৰ লগত সম্পর্ক ছেদ কৰি অসমৰ ভাষা-সংস্কৃতিত ক্রমান্বয়ে বিলীন হৈ পৰিল। এনেদৰে অসমীয়া জাতিটোৱে এটা সংস্কৃতিসম্পন্ন জাতিৰূপে পৰিচয় পালে। ভাষাৰ ক্ষেত্ৰতো নানা ভাষাৰ শব্দমালাই থলুৱা অসমীয়া ভাষাত সোমাই পৰিল। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়াকৈ বান্ধি পেলালে। সেয়েহে অসমীয়া জাতিটোয়ে এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই।


23. 'বৃটিছ আহিল- চাহ উদ্যোগ প্রতিষ্ঠা হ'ল'– লিখকে চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিৱর্তন লক্ষ্য কৰিছে বুজাই লিখা। HS-2016

উত্তৰঃ- অসমত চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ পাছত অসমত কিছু পৰিৱৰ্তন পৰিলক্ষিত হৈছিল। চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগে লগে এদল নতুন বৃত্তিয়াল আহি অসমত বসবাস কৰিবলৈ ল'লে। তেওঁলোক হ'ল বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অহা চাহ বনুৱাসকল। চাওঁতাল, কুর্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ও, তাঁতী, লোহাৰ আদি অসমৰ চাহ উদ্যোগৰ অপৰিহার্য কর্মীৰূপে অসমত বৰ্তি থাকিল। কালক্ৰমত এই সকলে নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত কথা গ্রহণ কৰি আৰু থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আর্থিক জীৱনত অৰিহণা যোগালে। কিন্তু তেওঁলোকক শিক্ষা প্রদানৰ কোনো ব্যৱস্থা নোলোৱাৰ বাবে তেওঁলোক অনগ্রসৰ হৈ ৰ'ল আৰু অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত পলম হ'ল। তদুপৰি বিশেষ এটা ঔদ্যোগিক আবেষ্টনীত বসবাস কৰাৰ বাবে থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।


24. 'অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।'

—কথাষাৰৰ তাৎপর্য মুকলিকৈ বুজাই লিখা। HS-2017

উত্তৰঃ- 'অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।' অসমদেশ হ'ল বিভিন্ন জাতি-উপজাতি, ভাষা-ফাষীলোকৰ সমন্বয়স্থলী। আর্য-অনার্য আটায়ে নিজৰ বিভিন্নতা পাহৰি সমন্বয়ৰ ডোলেৰে এনে ভাৱে বান্ধ খাই পৰিল যে অসম ভূমি হৈ পৰিল একতা আৰু সাম্যভাৱৰ ৰম্যভূমি।

ত্ৰয়োদশ শতিকাৰ পৰাই অসম আছিল বিভিন্ন জাতি-গোষ্ঠীৰ লোকৰ প্ৰব্ৰজনৰ মূল ঠাই। সেইকালতেই সাত-সাদৰ তেৰ-নদী পাৰ হৈ, হুকং উত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ, পশ্চিম অংশৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীয়েই তাৰ সাক্ষ্যবহন কৰে। আদিতে ইয়াত বসবাস কৰা কছাৰী, চুটীয়া, কোচ-মেচ, ডিমাচা, বড়ো, কাৰ্বি আদিৰ সভ্যতাৰ সংযোজন বা সম্প্রসাৰণ ঘটিল ।

ইয়াৰ পাছৰে পৰা নানাটি দিশৰ পৰা অহা নানাটি প্ৰব্ৰজনে অসম বুৰাই পেলালে। কোনোবাই দেশজয় কৰিবলৈ আহিল, কোনোবা যুদ্ধবন্দীস্বৰূপে ৰ'ল, কোনোবা বেপাব-বাণিজ্য সূত্রে বহি ল'লে। আন কোনোবা আকৌ পূজা-পার্বন তথা তীর্থ সংক্ৰান্তত আহিল। একে ভৌগোলিক পৰিবেষ্টনীৰ ভিতৰত থাকি এটা সংস্কৃতি আন এটাৰ দ্বাৰা প্রভাৱান্বিত হ'ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্রহণ কৰিবলৈ ধৰিলে। এয়া আছিল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। এটা সম্প্রদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটিয়ে গ্রহণ কৰিলে পোচাক-পৰিচ্ছদ, ৰন্ধন-প্রকৰণৰো সাল-সলনি হ'ল। ইয়াৰোপৰি আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্রাহ্মণ ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত অৱদানো প্রনিধানযোগ্য।

সদৌ শেষত লেখক আব্দুছ ছাত্তাৰদেৱে অসমীয়া জাতিৰ বৃহত্তৰ স্বৰূপটো ব্যাখ্যা কৰি, এই জনগোষ্ঠীৰ হাততেই যে অসমৰ বৈচিত্র্যপূৰ্ণ সংস্কৃতি ৰক্ষা পৰিছে তাক উল্লেখ কৰিছে।


25. 'সংস্কৃতিৰ ৰূপান্তৰ ঘটা' কথাষাৰৰ দ্বাৰা লেখকে কি বুজাব বিচাৰিছে? HS-2015

(নাইবা)

''লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল''- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিলা? এই ৰূপান্তৰ কিদৰে ঘটিছিল অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠৰ আধাৰত চমুকৈ লিখা। HS-2018

উত্তৰঃ- ''লগে লগে, সংস্কৃতিৰ ৰূপান্তৰ ঘটিল''।

অতিজৰে পৰাই অসমলৈ বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰ প্ৰৱজন হৈ অহা দেখা যায়। ইয়াৰো বহুতো কাৰণ আছিল- যেনে পূজা-- বিন, বেপাৰ বাণিজ্য ইত্যাদি তেওঁলোক নিগাজিকৈ আহি ইয়াতে থিতাপি লৈছিল। ইয়াৰোপৰি তাৰ পূৰ্বৰে পৰা অসমত বাস কৰি থকা সহজ-সৰল কছাৰী, চুতীয়া, কোচ, -মচ আদিয়েও তেওঁলোকক নির্বিবাদে আদৰি ল'লে। -কলো জনজাতি নিজ নিজ ধর্ম-সংস্কৃতি ৰক্ষা কৰি আছিল যদিও ওচৰা-ওচৰিকৈ থকা হেতুকে এটা সম্প্রদায় -আনটো সম্প্রদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'বলৈ ধৰিলে। তেওঁলোক যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ -গত সম্বন্ধ ছেদ কৰি অসম দেশখনক নিজৰ বাসভূমি আৰু অসমীয়া ভাষাক নিজৰ ভাষা বুলি গণ্য কৰা দেখা গ'ল এনেদৰেই এটা বৃহত্তৰ অসমীয়া জাতি গঢ়ি উঠিছিল আৰু ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

সকলো সম্প্রদায় এটা আনটোৰ প্ৰতি আকর্ষিত হোৱাত এটা সম্প্রদায়ৰ ভাল লগা ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আনটো সম্প্রদায়ে গ্রহণ কৰিলে। ৰন্ধন প্রণালীৰ পৰাই আদি কৰি পোছাক-পৰিচ্ছদৰৰ পৰিৱর্তনে দেখা দিলে। নতুন নতুন আ-অলংকাৰ, সাজ-সজ্জাক সকলোৱে আদৰি ল'বলৈ ধৰিলে। এনেদৰেই সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।


26. "লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল"? এই ৰূপান্তৰ কিদৰে ঘটিছিল, বুজাই লিখা। HS-2017

উত্তৰঃ- "লগে লগে ................ ঘটিছিল"।

সংমিশ্রিত সংস্কৃতি সম্পন্ন জাতি বাবে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

ত্রয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি লোৱা স্থান। এই সকল অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠীৰ অথাৎ অনার্য জাতিৰ বসতি স্থান। ঘাইকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। এই থলুৱা লোকসকলে বাহিৰৰ পৰা অহা লোকসকলক গ্ৰহণ কৰি ল'লে। বাহিৰৰ পৰা লোকসকলে বিভিন্ন কাৰণত অসমলৈ আহিছিল। কোনোবা আহিছিল দেশ জয় কৰিবলৈ, কোনোবা বেপাব বাণিজ্য সূত্রে, কোনোবা আকৌ পূজা-পার্বণ আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিছিল। সকলোৱে নিজ নিজ ধর্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে। একে ভৌগোলিক পৰিবেষ্টনিত থাকি ওচৰা-উচৰিকৈ এটা সম্প্রদায় আন এটা সম্প্রদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰপৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি ক্রমান্বয়ে গ্রহণ কৰিবলৈ ধৰিলে। এইয়া হ'ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ আৰু ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগালাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্রদায়ৰ ভাল লাগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্ৰহন কৰিলে। খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সল-সলনি হ'ল। পোছাক-পৰিচ্ছদতো পৰিৱর্তনে দেখা দিল। দৈনন্দিন ব্যৱহাৰৰ আচবাব পাত্ৰতো পৰিৱৰ্তন সূচালে নতুন সাজ সজ্জা, অলংকাৰ আহিল। এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা যিটো কোনোৱে কাকে জাপি দিয়া নাছিল।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »