ভাৰতীয় সংস্কৃতি
হেম বৰুৱা
1. ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্রপতি কোন? HS-2019
উত্তৰঃ- সর্বপল্লী ৰাধাকৃষ্ণণ।
2. 'ফ্রম ভল্গা টু গংগা' কাৰ ৰচনা? HS-2016, 2018
উত্তৰঃ- পণ্ডিত ৰাহুল সংস্কৃতায়নৰ।
3. 'মধ্য এচিয়াকা ইতিহাস' কোনে লিখিছিল? HS-2017
উত্তৰঃ- 'মধ্য এচিয়াকা ইতিহাস' পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।
4. পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমিৰ বঁটা লাভ কৰিছিল?
উত্তৰঃ- পণ্ডিত ৰাহুল সংস্কৃতায়নে 'মধ্য এচিয়াকা ইতিহাস' নামৰ গ্রন্থখনৰ বাবে সাহিত্য একাডেমিৰ বঁটা লাভ কৰিছিল।
5. সর্বপল্লী ৰাধাকৃষ্ণণে 'কালিয়দমন'ৰ কি আখ্যা দিছে?
উত্তৰঃ- সর্বপল্লী ৰাধাকৃষণে কালিয়দমনক দিয়া আখ্যাটো হৈছে, ই আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।
6. ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰঃ- গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কর্যৰ মূল সম্পদ।
7. ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উত্তৰঃ- ক্রমবর্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্রাণ।
8. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? HS-2020
উত্তৰঃ- বৌদ্ধ ধমৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
9. গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কাৰ কেনেকুৱা হ'ব লাগে বুলি মত প্রকাশ কৰিছে?
উত্তৰঃ- গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্রকাশ কৰিছে।
10. ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উত্তৰঃ- সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
11. শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল?
উত্তৰঃ- শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল।
12. কাঞ্জিভৰামৰ মন্দিৰটোত কেইটা স্তম্ভ আছে?
উত্তৰঃ- কাঞ্জিভৰামৰ মন্দিৰটোত এহেজাৰটা স্তম্ভ আছে।
13. সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰঃ- সুকুমাৰ কলাৰ ভিতৰত সম্ভৱতঃ চিত্র শিল্পকেই বেছি স্থায়ী বোলা হৈছে।
14. উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰঃ- উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব পাৰি।
15. 'সাধাৰণতে সকলো আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়'-ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। HS-2006, 2018
উত্তৰঃ- সকলো আর্টৰ মূলতেই দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টি মুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে। আনটোৱে আমাক অন্তৰআত্মা স্পর্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে দ্বিতীয়টোৰ নাই।
16. লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে? HS-2016
উত্তৰঃ- ভাৰতভূমি হৈছে বিভিন্ন জাতি-উপজাতিৰ সমন্বয়ৰ স্থল। সময়ে সময়ে এই ভূমিলৈ বিভিন্ন জাতি-জনজাতিৰ লোক আহিছে। কোনোবা আহিছে যুঁজ-বাগৰৰ অর্থে, কোনো আহিছে বেপাৰ-বাণিজ্যৰ বাবে। এটা সময়ত তেওঁলোক এই ভূমিৰে স্থায়ী বাসিন্দা হৈ পৰিছিল। সকলোৱে লগত লৈ আনিছে নিজা নিজা সংস্কৃতি। এইবোৰৰ পৰাই গঠিত হৈছে বিশাল ভাৰতীয় সংস্কৃতি। ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্রমণ, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ আদি ঘটনাৰে ভাৰত-বুৰঞ্জী ভাৰাক্রান্ত।
সেয়েহে লিখকে ভাৰত বুৰঞ্জীক ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে।
17. দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বিষয়ে লিখা? HS-2006
উত্তৰঃ- ভাৰতীয় সংস্কৃতিত দাক্ষিণাত্যৰ ভাস্কর্য বৈচিত্রপূর্ণ। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পোনপতীয়াকৈ পৰা নাছিল। গতিকে ইয়াৰ নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্রকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কর্যত কোণ আৰু সৰলৰেখাৰ প্রার্দুভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট। প্রত্যেকটো ভঙ্গীমাই সুকীয়া। ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰৰ নির্দশন দাঙি ধৰিব পাৰি। এই মন্দিৰত থকা এহেজাৰটা স্তম্ভৰ প্ৰতিটোৰে আৰ্হি বেলেগ বেলেগ। গতিকে ক'ব পাৰি দাক্ষিণাত্যৰ ভাস্কর্য স্বকীয় ভাস্কর্য।
18. 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু' --- কথাষাৰৰ তাৎপর্য বুজাই লিখা।
উত্তৰঃ- ''ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।'' আর্য, অনার্য মগোলীয় দ্রাবিড়ী এনে তৰহৰ বিভিন্ন সোঁত, উপসোঁত লগলাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। ইয়াৰ উপৰিও অতীজতে গ্রীক, শক, হুন আদি নানা মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকে বাসভূমি বাছি লৈছিল।
ক্রমবর্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্রাণ। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল, সম্পদ। ভাৰতৰ ভৌগোলিক জীৱন বিচিত্রময়। ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী। সংস্কৃতি হৈছে এখন সমাজৰ বা এটা জাতিৰ জীৱন প্রতিভা। সংস্কৃতিৰ এই অবিচ্ছিন্ন ধাৰাটোৱে আচলতে অতীতৰ পৰা ভাৰতভূমিত বৰ্তি থকা নৃত্য-গীত, কলা, চিত্রশিল্প আদিক নির্দেশ কৰিছে। ভাৰতীয় সংস্কৃতিৰ পৰিসৰ বৃদ্ধি কৰাত এইবোৰৰ অৱদান অপাৰ।
19. 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা। HS-2018
উত্তৰঃ- 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজত পার্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতি জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য অর্থাৎ সু-শৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা দর্শন ইত্যাদি ক্ষেত্ৰত প্রকাশ পোৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে।
20. ব্যাখ্যা কৰাঃ-
ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
উত্তৰঃ- উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰুৱাৰ ৰচিত "ভাৰতীয় সংস্কৃতি" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত বাক্যশাৰীৰ জৰিয়তে লেখকে ভাৰতীয় বুৰঞ্জীৰ বিষয়ে এটি ধাৰণা ব্যক্ত কৰিব খুজিছে।
অতীতৰ বিষয়ে আমি জ্ঞান অর্জন নকৰিলেও বর্তমানক শ্রদ্ধা তথা গুৰুত্ব দিবলৈ আমি অপাৰগ হম। সেয়ে আমাৰ সকলোৰে আমাৰ দেশখনৰ অতীত সম্পর্কে জ্ঞান থকা প্রয়োজন। ভাৰতৰ বুৰঞ্জী ভঙা গঢ়াৰ বুৰঞ্জ। ইটোৰ পিছত সিটো মানৱগোষ্ঠীৰ আক্রমণ বা অভিযান ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সূঁতি ক্রমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতভূমিত ৰাজপুত, মোগল আদি জাতি এনে এক প্রক্রিয়াৰে ভাৰতৰ বাসিন্দা হৈছিল। তেওঁলোকে সময়ৰ গতিত নিজৰ সকলোখিনি ত্যাগ কৰি ভাৰতৰ সংস্কৃতিক চহকী কৰিছিল। এনেবোৰ বিষয়ৰ বর্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে।
গতিকে সম্যক দৃষ্টিৰে চালে দেখা যায় যে ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
21. সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। HS-2018
উত্তৰঃ- উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰুৱাৰ ৰচিত ''ভাৰতীয় সংস্কৃতি'' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
কথাফাঁকিৰ জৰিয়তে লেখকে ভাৰতীয় সংস্কৃতি যে স্থিৰ নহয় অর্থাৎ পৰিৱৰ্তনমুখী তাকে ক'ব বিচাৰিছে।
ভাৰতীয় সংস্কৃতি বৈচিত্র্যময়। বিভিন্ন জাতি, জনজাতিৰ ভাষা, সাহিত্য, সুকুমাৰকলা, স্থাপত্য, ভাস্কর্য আদি উপাদানেই হৈছে ভাৰতীয় সংস্কৃতিৰ মাপকাঠী। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা নিৰবিচ্ছিন্নভাৱে বোঁৱতি নদীৰ দৰে বৈ আছে। অতীতৰপৰা গ্ৰীক, শক, হুন, আদি বিভিন্ন মানৱগোষ্ঠী ভাৰতলৈ আহি বসবাস কৰিবলৈ লৈ বিৰাট সংস্কৃতি গঢ়িলে। আজিও ই মূল চালিকা শক্তিৰূপে প্রবাহিত হৈ আছে। কালক্রমত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, নিজ ভাষা, সংস্কৃতি আদি ত্যাগ কৰি ভাৰতীয় সংস্কৃতিকে আপোন কৰি ল'লে। তেওঁলোকৰ নৃত্য, কলা, চিত্র আদি এই অবিচ্ছিন্ন ধাৰাই ভাৰতীয় সংস্কৃতিক সুসংগঠিত আৰু টনকিয়াল কৰিছে। সংস্কৃতিৰ প্ৰভাৱেও ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে।
22. অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? HS-2017
(নাইবা)
অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। HS-2020
উত্তৰঃ- অজন্তা গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি-প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ একেলগে অংকিত হৈছে। দ্বিতীয় পর্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্র। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন। প্রাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও এই ছবিবোৰত অংকন কৰা আছে। প্রথম শাৰীত আছে দয়া-ধ্যান আৰু মৌনতা। দুয়োবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে। তথাপি পৃথক যদিও এই দুখন পথকভাৱে অংকিত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়েই অজন্তাৰ চিত্রশিল্পৰ গৌৰৱ।
23. ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষযে এটি চমুটোকা যুগুত কৰা।
উত্তৰঃ- ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি, ধর্ম, সম্প্রদায়ৰ দৰে ইছলামৰ অৰিহণাও অতি মন কৰিবলগীয়া। বিশেষকৈ ইছলামৰ ছুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূর্ব মিল দেখা যায়। আনহাতে ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক নতুন কাৰুকার্য প্রদান কৰিছে। তাজমহল ইয়াৰ উৎকৃষ্ট নিদর্শন। ভাৰতৰ প্রচলিত চিত্র শিল্পৰ লগত ইছলামীয় চিত্র শিল্পৰ মিলন ঘটি ভাৰতীয় চিত্রশিল্পক এক বৈচিত্র প্রদান কৰিছে। ৰাজপুত আৰু মোগলসকলৰ আৰ্টত এই বৈচিত্র দেখা যায়। ইছলামীয় সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হ'ল। এইদৰেই ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে।
24. সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। HS-2014
উত্তৰঃ- উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথিৰ আন্তর্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত 'ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।
ভাৰতীয় সংস্কৃতিৰ মূল পুঁতি কিদৰে ক্রমবৰ্দ্ধমান সোঁতেৰে বৈ আছে তাকে ক'বলৈ লেখকে এই কথাফাঁকিৰ অৱতাৰণা কৰিছে।
ভাৰতীয় সংস্কৃতি বৈচিত্র্যময়। বিভিন্ন জাতি, জনজাতিৰ ভাষা, সাহিত্য, সুকুমাৰকলা, স্থাপত্য, ভাস্কর্য আদি উপাদানেহ হৈছে ভাৰতীয় সংস্কৃতিৰ মাপকাঠী। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা নিৰবিচ্ছিন্নভাৱে বোঁৱতি নদীৰ দৰে বৈ আছে। অতীতৰপৰা গ্রীক, শক, হুন, আদি বিভিন্ন মানৱগোষ্ঠী ভাৰতলৈ আহি বসবাস কৰিবলৈ লৈ বিৰাট সংস্কৃতি গঢ়িলে। আজিও ই মূল চালিকা শক্তিৰূপে প্রবাহিত হৈ আছে। কালক্ৰমত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, নিজা ভাষা, সংস্কৃতি আদি ত্যাগ কৰি ভাৰতীয় সংস্কৃতিবোৰ আপোন কৰি ল'লে। তেওঁলোকৰ নৃত্য, কলা, চিত্র আদি এই অবিচ্ছিন্ন ধাৰাই ভাৰতীয় সংস্কৃতিক সুসংগঠিত আৰু টনকিয়াল কৰিছে। সংস্কৃতিৰ প্ৰভাৱেও ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে।
25. মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। HS-2020
উত্তৰঃ- মোগল সম্রাট বাবৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্র-শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আর্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ। ইয়াৰ জন্ম হৈছিল টাইমুৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত, গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আর্ট ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতা নাই, আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে আমি উর্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ। বিদ্যাপতিৰ ''লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰাখুন''- ইত্যাদিৰ তুলনাত এনে কার্য সাহিত্যত ভাৱ-প্ৰৱণতাৰ পৰিমাণ তাকৰ।
ব্যক্তিবাদে-সাময়িকভাৱে হ'লেও চিত্র-শিল্পত ইংগিত বা সংকেতৰ স্থান প্রায় নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্রকলাৰ লগত প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।
26. 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু'।
-পাঠৰ আধাৰত কথাষাৰ বুজাই লিখা।
উত্তৰঃ- বিভিন্ন জাতি উপজাতি, গোষ্ঠী, জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা ভাৰতীয় সংস্কৃতিৰ বসতি হৈছে ভাৰতভূমি। ভাৰতীয় সংস্কৃতি ভাৰতৰ অকল থলুৱা জাতি উপজাতিৰ সংস্কৃতিৰে গঠিত নহয়। এই সংস্কৃতিৰ গঠনত আন বহুতো জাতি উপজাতিৰ সমানে অৰিহণা আছে। আদিম কালৰেপৰা বিভিন্ন তৰহৰ মানৱগোষ্ঠীৰ অভিযান, ৰাজ্যজয়, বেপাৰ-বাণিজ্য, ধর্ম প্রচাৰ আদিৰ সূত্ৰে ভাৰতত প্ৰৱেশ কৰিছিল। কালৰ পৰিক্ৰমাত এইসকল লোক ভাৰতৰ স্থানীয় মানৱগোষ্ঠীৰ লগত জাহ গৈ ভাৰতত এক ভাৰতীয় হিচাপে থাকিবলৈ লয়। এই লোকসকলৰ নিজা নিজা ভাষা, সংস্কৃতি আছিল যদিও তেওঁলোকে ভাৰতীয় সংস্কৃতিকে নিজৰ আপোন বুলি ভাৱি লয় আৰু তাকে গ্রহণ কৰে। আর্য, অনার্য, দ্রাবিড়ী, মংগোলীয় আদি এনে তৰহৰ মানৱগোষ্ঠীৰ উপৰিও অতীজতে গ্রীক, শক, হুন আদি নামেৰে পৰিচিত নানা মানৱপুঞ্জ ভাৰতলৈ আহিছিল আৰু ভাৰতভূমিত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল। কালৰ সোঁতত এওঁলোকো ভাৰতীয় সংস্কৃতিত জাহ যায়। বর্তমান ভাৰতবৰ্ষত নানা ধর্মালম্বী লোক বাস কৰে। এই সকলো সম্প্রদায়ৰে নিজা নিজা সংস্কৃতি থাকিলেও নিজা সংস্কৃতি ধৰি নাৰাখি সময়ৰ আহ্বানত এক বৃহৎ ভাৰতীয় সংস্কৃতিৰ প্রবাহত লীন গৈছে।
ভাৰতীয় স্থানীয় সংস্কৃতিৰ মর্মস্থলী অতি সু সংগঠিত আৰু টনকিয়াল বিধৰ বাবে কোনো বহিৰাগত সংস্কৃতিয়ে ইযাৰ গ্ৰাসৰ পৰা হাত সাৰি যাব পৰা নাছিল। উদাহৰণস্বৰূপে ৰাজ পুতসকল ভাৰতৰ বৰ পুৰণি অধিবাসী নহয়, অথচ এই ৰাজপুত সকলৰে ভাৰতীয় সংস্কৃতিলৈ অতি উল্লেখযোগ্য অৱদান আছে। ৰাজপুত চিত্রশিল্পই ইয়াৰ জ্বলন্ত উদাহৰণ। তেনেদৰে, দ্রাবিড় আৰ আৰ্য সংস্কৃতিৰ মিলনো থলুৱা আৰ বহিৰাগতৰ মিলন সূচাইছে।
যিদৰে স্থানীয় লোকৰ লগত বহিৰাগতৰ মিলন ঘটি এক বৃহৎ ভাৰতীয় জাতিৰ সৃষ্টি হৈছিল, ঠিক সেইদৰে স্থানীয় লোকসংস্কৃতিৰ লগত বহিৰাগত মানৱগগাষ্ঠীৰ সংস্কৃতিৰ যুগে যুগে মিলন ঘটি ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান ৰূপ লৈছে। ভাৰতীয় সংস্কৃতি এই সমন্বয় আদর্শতে জীয়াই আছে। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো টান হৈ পৰে। এই সমন্বয়ৰ মূলতে আছে ভাৰতীয় মানুহৰ এৰাধৰা মনোভাৱৰ এক উদাৰ মানৱীয় দৃষ্টি।
27. ''ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।'' কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত বুজাই লিখা। HS-2019
উত্তৰঃ- ''ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।''— উক্ত কথাষাৰ যথেষ্ট যুক্তিপূর্ণ কিয়নো আর্য, অনার্য, মংগোলীয়, দ্রাবিড় আদি বিভিন্ন জাতি-উপজাতিৰ সংস্কৃতিৰ সমন্বয় ঘটি। ভাৰতীয় সংস্কৃতিয়ে গঢ় লৈ উঠিছে।
ভাৰতীয় সংস্কৃতি হ'ল ক্রমবর্ধমান জীৱন্ত শক্তি। বুৰঞ্জীৰ বেলেগ বেলেগ স্তৰে এই সংস্কৃতিৰ ওপৰত আচোঁৰ পেলাই গৈছে। যুগে যুগে ভাৰতলৈ আগমন ঘটা বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত অহা সংস্কৃতিৰ মিলন ঘটি বাৰেবৰণীয়া ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছিল। এই মিলন ভাৰতলৈ অহা সকলো জাতি-উপজাতিৰ উদাৰ মনোভাৱৰ বাবে ঘটিছে। তাৰ ফলত ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক আদর্শ, সাহিত্য, দর্শন, শিল্পকলা ইত্যাদি ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে।
ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্র্যময়। এফালে যদি শুকান মৰুভূমি, তেনেহ'লে আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে যদি পর্বতমালাৰ উচচ শিখৰ আছে, আনফালে যোজন ব্যাপ্ত সমতল ভূমি আছে। এই বিচিত্ৰতাৰ জীৱনৰ গতিধাৰাৰ বৈচিত্র্যৰ সৃষ্টি কৰে। কিন্তু ভাৰতীয় মনে এই সকলো পার্থক্য নেওচি সকলোকে উদামনে স্বীকাৰ কৰি প্ৰীতিৰে বাস কৰিবলৈ লয়। ইয়াতেই দেখিবলৈ পোৱা যায় সামাজিক সমন্বয়।
আদিম কালৰে পৰা বিভিন্ন মানৱগোষ্ঠীৰ অভিযান, ৰাজ্যজয়, ধর্ম-প্রচাৰ, বেপাৰ-বাণিজ্য আদিৰ সূত্ৰে ভাৰতত প্ৰৱেশ ঘটিছিল। কালৰ সোঁতত বৈ গৈ এইসকল লোক ভাৰতত, স্থানীয় মানৱগোষ্ঠীৰ লগত জাহ গৈ ভাৰতত নিগাজিকৈ থাকিবলৈ লয়। এওঁলোকে নিজ নিজ ভাষা, সংস্কৃতিক ধৰি ৰখাৰ লগতে ভাৰতীয় সংস্কৃতিকো আকোৱালি লয়। এই সময়তে এওঁলোকে নিজৰ ধৰ্ম পদ্ধতিৰ লগতে অন্য ধর্মাবলম্বী গোষ্ঠীৰ কিছুমান ভাল লগা নিয়মবোৰ গ্ৰহণ কৰে। এই সকলো সম্প্রদায়ৰে নিজা নিজা সংস্কৃতি থকা সত্ত্বেও নিজা সংস্কৃতি ধৰি নাৰাখি সময়ৰ আহ্বানত এক বৃহৎ ভাৰতীয় সংস্কৃতিৰ প্রৱাহত লীন গৈছে। ইয়াতেই ভাষাতত্ত্ব, ৰাজনৈতিক আদর্শ, সামাজিক আৰু ধর্মীয় দিশৰ সমন্বয় দেখিবলৈ পোৱা যায়।
আনহাতে, দেশ জয়ৰ বাবে অহা ইছলামসকলৰ ভাস্কর্যৰ লগত প্রচলিত ভাৰতীয় ভাস্কর্যৰ মিলন ঘটি সৃষ্টি হ'ল সংহতিৰ ভাস্কর্য। চিত্রশিল্পৰ ক্ষেত্ৰতো এই ধাৰা বিৰাজমান। মোগল সম্রাট বাবৰৰ আমোলত চিত্র-শিল্পৰ প্রচৰ ব্যক্তিবোধৰ ধাৰা পোন প্ৰথমতে ভাৰতত প্ৰৱেশ কৰি প্রচলিত চিত্ৰকলাৰ মিলন ঘটিছিল। অজন্তাৰ সফলতাৰ লগত এক নতুন ভাৰসাম্যতাৰ সংযোগ ঘটিছিল।
এতেকে, ইয়াৰ দ্বাৰা বুজা যায় যে ভাৰতীয় সংস্কৃতি একক নহয়, ই এক বিৰাট সমন্বয়ৰ সংস্কৃতি।
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
ConversionConversion EmoticonEmoticon