-->

ছাত্র জীৱন আৰু সমাজ সেৱা । Chhatra Jivan aru xamaj xeva

 ছাত্র জীৱন আৰু সমাজ সেৱা
ডিম্বেশ্বৰ নেওগ


1. ডেম-ডেউকা কি?  HS-2017

উত্তৰঃ- ডেমডেউকা হ'ল জেকা ঠাইত হোৱা এবিধ ৰসাল বিজলুৱা ক্ষুদ্র গছ।


2. 'অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভূমুকি' গ্রন্থৰ ৰচক কোন?  HS-2018

উত্তৰঃ- ডিম্বেশ্বৰ নেওগ। 


3. 'Growth of the Asamiya Language ৰচক কোন?  HS-2016

উত্তৰঃ- ডিম্বেশ্বৰ নেওগ।


4. ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বোলে?  HS-2019

উত্তৰঃ- ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক চেঁচুক বোলে। 


5. অসমীয়া সাহিত্যৰ বুৰঞ্জী প্রণেতা হিচাপে পৰিচিত সাহিত্যিক গৰাকীৰ নাম লিখা। HS-2020 

উত্তৰঃ- ডিম্বেশ্বৰ নেওগ।


6. ছাত্ৰসকলৰ উন্নতিৰ ঘাই মন্ত্র কি?

উত্তৰঃ- ছাত্ৰসকৰ উন্নতিৰ ঘাই মন্ত্র হৈছে একাগ্রতা। 


7. শিক্ষার্থীৰ এটা প্রয়োজনীয় গুণ কি?

উত্তৰঃ- শিক্ষা লাভৰ সময়ছোৱাত একাগ্র হোৱাটোই হৈছে শিক্ষার্থীৰ অতিকৈ প্রয়োজনীয় গুণ।


8. ছাত্ৰসকলে ক'ৰপৰা কাৰ্যকৰী শিক্ষা লাভ কৰে? 

উত্তৰঃ- ছাত্ৰসকলে গাঁৱৰ পৰা কার্যকলী শিক্ষা লাভ কৰে। 


9. কেনে ছাত্রই জীৱনত উন্নতি কৰিব নোৱাৰে? 

উত্তৰঃ- ছাত্ৰ হৈ ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল'লে নাইবা বাহিৰত হৈ-চৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্রই জীৱনত উন্নতি কৰিব নোৱাৰে।


10. ছাত্ৰসকলক ছাত্ৰ অৱস্থাতে কি কি জ্ঞান লাভ কৰিবলৈ দিব লাগে? 

উত্তৰঃ- ছাত্ৰসকলক ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা যায় জ্ঞানকাৰী অৰ্থকাৰী আৰু কার্যকাৰী জ্ঞান লাভ কৰিবলৈ দিব লাগে।


11. শিক্ষা শব্দটোৱে কি বুজায়? 

উত্তৰঃ- শিক্ষা শব্দটোৰ ব্যাপক অর্থ আছে। শিক্ষা শব্দটোৱে কেৱল লিখা-পঢ়া কৰাকে নুবুজায়। মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, জীৱনত কৃতকার্যতা লাভ কৰাৰ উপায় আদি অনেক বিষয়ৰ জ্ঞানক শিক্ষাৰ পৰিসৰে সামৰি লয়।


12. শিক্ষার্থীসকলে জীৱনত আগুৱাই যাবলৈ কেনেদৰে প্রয়াস কৰিব লাগে? 

উত্তৰঃ- শিক্ষার্থীসকলে শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো দিশৰে অনুশীলন কৰি জীৱনত আগুৱাই যাবলৈ প্ৰয়াস কৰিব লাগে। 


13. ডিম্বেশ্বৰ নেওগৰ চাৰিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ- ডিম্বেশ্বৰ নেওগৰ চাৰিখন কবিতা পুথিৰ নাম হ'ল- (১) মালতী (2) মুকুতা (৩) শহীদ কাৰবালা আৰু (৪) থাপনা।


14. শিক্ষাৰ অনুশীলনৰ ভাগ চাৰিটা লিখা। 

উত্তৰঃ- শিক্ষাৰ অনুশীলনৰ ভাগ চাৰিটা হৈছে— (১) শাৰীৰিক (২) মানসিক (৩) নৈতিক আৰু (৪) আধ্যাত্মিক।


15. লিখকৰ মতে ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য কি কি? HS-2020

উত্তৰঃ- নিজৰ লগতে আনৰ উন্নতি সাধন কৰাই ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য। লিখকৰ মতে ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্যসমূহ হ'ল- অবনুৱাক বনুৱা কৰা। ছাত্রই শিক্ষা আহৰণ কৰাৰ উপৰিও জ্ঞান অর্জন কৰিব লাগে তেতিয়াহে ছাত্রই উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে। শিক্ষাৰ শাৰীৰিক, নৈতিক, মানসিক আৰু আধ্যাত্মিক ভাগবোৰ অনুশীলন কৰাই ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য। 


16. ছাত্ৰসকলে কার্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? HS-2016

উত্তৰঃ- ছাত্ৰসকলে কার্যকৰী শিক্ষা গাঁৱৰ পৰা লাভ কৰিব পাৰে।

বর্তমান সময়তো গাঁৱৰ অঞ্চলসমূহত অন্ধবিশ্বাস, কু-সংস্কাৰ আদিয়ে নির্বিবাদে ৰাজত্ব কৰি আছে। আমি গাঁৱত থকা লোকসকলক শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। যাৰফলত এনে অঞ্চলসমূহৰ পৰা আমি অন্ধবিশ্বাস, কু-সংস্কৰ আদি আঁতৰাব পাৰিম। এনেদৰে আমি কার্যকাৰী শিক্ষা লাভ কৰিব পাৰিম।


17. ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্রতী হ'ব লাগে? 

উত্তৰঃ- ছাত্রসকল হৈছে এখন দেশৰ ভৱিষ্যত। বর্তমান আমাৰ দেশৰ ছাত্ৰসকলে উন্নত দেশৰ ছাত্ৰসকলৰ দৰে শিক্ষিত, বুদ্ধিজীৱী জ্ঞানী আৰু কর্ম ক্ষেত্ৰত আগবঢ়া হ'ব লাগিব। ছাত্রসকল আমাৰ দেশৰ ভৱিষ্যতৰ আশা-ভৰষাৰ থল। ছাত্ৰসকলক যিমান দুৰ পৰা যায় জ্ঞানকৰী, কর্মকৰী আৰু অর্থকৰী শিক্ষা দিব লাগে; কিয়নো ছাত্ৰসকল পৰিপুষ্ঠ হ'লেহে দেশসেৱাৰ বাবে ব্রতী হ'ব পাৰে। 


18. ''এই খিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।'' HS-2018

—কোনখিনি কাম তেওঁলোকৰ (ছাত্র-ছাত্রীসকলৰ) কার্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা। 

উত্তৰঃ- ''এইখিনি কাম .............. পাঠ মাথোন।''

ছাত্র জীৱনৰ সময়খিনি বৰ অমূল্য সময়। এই সময়খিনিত অকল পুথিগত শিক্ষা আহৰণ কৰিলেই জীৱন সুখকৰ হোৱা বুলি ক'ব নোৱাৰি। ইয়াৰ লগতে কার্যকৰী শিক্ষা গ্রহণ কৰাটোও বাঞ্ছনীয়। কাৰণ বর্তমান এই সময়তো আমাৰ সমাজত অজ্ঞানতাই নির্বিবাদে ৰাজত্ব কৰি আছে। উন্নত দেশবোৰ তিনিশ-চাৰিশ বছৰ আগেয়ে, যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লোক আজিও তেনে অৱস্থাতে আছে। গাঁওবোৰত পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাত অলপ অৱশেষ দেখিবলৈ পোৱা যায়, কিন্তু বহু বছৰৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সাধনাক কপটতাত পৰিণত কৰিছে। আমি জানো যে গাঁও সৃষ্টি কৰিছে একমাত্র ঈশ্বৰে আৰু নগৰৰ সৃষ্টিকর্তা হ'ল মানুহ। ঋষি মুনিসকলৰ পূজনীয় গাঁৱত আমি নীচ স্বার্থপৰতা, কপটতাৰ বাহিৰে অইন একে দেখিবলৈ নাপাওঁ। মানুহৰ হৃদয়ত মৰম নাই আছে হিংসা কাজিয়া ইত্যাদি। ৰাগিয়াল বস্তু সেৱন কৰি সেই ৰাগিতে মচগুল হৈ থাকে। ঈর্ষা, কুৰ্চুটে আমাৰ গাঁওবোৰ খুলি খুলি খাইছে। এজনৰ উন্নতি দেখিলে আনজনে কেনেকৈ সেইজনক অৱনমিত কৰিব পাৰে তাৰে চিন্তাত ৰাতি টোপনি খতি কৰে।

ছাত্র-ছাত্রীসকলে গাঁৱত সোমাই নিজৰ ঘৰত বা গাঁৱত আন আন মানুহৰ গাঁৱত সোমাই সেই ঠাইৰ অশিক্ষিত লোকসকলৰ মাজত শিক্ষা বিস্তাৰ কৰি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিব লাগিব, গাঁৱৰ মানুহৰ মাজত থকা নানা সমস্যা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।


19. লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা। 

উত্তৰঃ- 'ছাত্র জীৱন আৰু সমাজ সেৱা' প্রবন্ধটিত লেখক ডিম্বেশ্বৰ নেওগদেৱে বর্তমান প্রচলিত শিক্ষা ব্যৱস্থার্টোৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি কেইটামান আজিৰ লেখত ল'বলগীয়া দোষ আঙুলিয়াইছে। লেখকৰ ভাষাত- 

'আজিৰ শিক্ষা কামৰ শিক্ষা নহয়।' 

(১) পোনতেই নেওগদেৱে আজিৰ শিক্ষা, শিক্ষক আৰু শিক্ষার্থীৰ এটা পুতৌলগা পৰ্য্যায় অৱতাৰণা কৰিছে। আজিৰ শিক্ষাৰ উদ্দেশ্য যেন কেৱল শ্ৰেণীৰ দেওনা পাৰ কৰাতেই সীমাবদ্ধ হৈ পৰিছে। নীতিবচনৰ মর্মার্থও যেন কেৱল আকাৰ-ইকাৰৰ বানান শুধৰনিতেই অৱৰুদ্ধ। 'দেহা থাকিলেহে বেহা' এই মূলমন্ত্রকেই সাৰোগত কৰি দেশী কচৰতৰ শিক্ষা পাঠ্যক্ৰমৰ বাধ্যতামূলক কৰা হৈছে। কিন্তু ইয়াৰ পৰিণতিও লেখকে ব্যংগাত্মক ভাষাৰেই উপস্থাপন কৰি কৈছে যে একোটা পেন্দুকণা ল'ৰাই পুৱাই পুৱাই কৰ্কৰাই-পইতাই এমুঠি গিলি পাঁচ ছয়মাইল পর্যন্ত বাট খোজকাঢ়ি আহি দিনৰ দিনটো এটা ঠেক ঘৰত সোমাই থাকি লিখা-পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কলমলাবলৈ ধৰে তেতিয়াহে তেওঁলোকৰ পৰিল ব্যায়াম চর্চাৰ পাল। তাতোকৈও চকু কপালত তোলা কথা এয়ে যে এটা ল'ৰাই ব্যায়ামৰ নামত হাত-ভৰি ভাঙি ফুটবল ক্রিকেট খেলিব নাইবা দহমাইল বাট খোজকাঢ়িব; কিন্তু নিজৰ বাৰীত কোৰ এচাব মাৰিবলৈ খৰি এডাল বুটলি আনিবলৈ টান পায়। 

(২) তদুপৰি আজি শিক্ষার্থীৰ মানসিকতায়ো আমাৰ শিক্ষা ব্যৱস্থাক ক্রমশঃ নিম্নতৰ স্তৰলৈ অৱনমিত কৰাইছে। বর্তমান সময়ত ছাত্ৰসকলৰ লক্ষ্য কেৱল চিকিৎসক অভিযন্তা আদিৰ দৰে উচচাভিলাষী বৃত্তিৰ সৈতে ঐকান্তিক হৈ পৰাৰ পৰিপ্ৰেক্ষিতত নিবনুৱা সমস্যা বাঢ়িছে। আমাৰ অর্থব্যৱস্থাৰ কামিহাড়স্বৰূপ কৃষকসকলৰ প্ৰতি থকা আমাৰ হেয়জ্ঞানে একালৰ বাহুত বল থকা, হাতত নাঙল, কঁকালত টঙালি বন্ধা আদৰণীয় খেতিয়কসমাজক সকলোৱে পুতৌৰ পাত্র কৰি তুলিছে।

সদৌশেষত লেখকে আজিৰ শিক্ষাৰ বহুমুখীকৰণেৰে শিক্ষা ব্যৱস্থাৰ কুৰ্চূট-কপট মলি পখালি আঁতৰাবলৈ আহ্বান কৰিছে।


20. ''পঢ়াই, পঢ়ে ৰোৱে পাণ।

এই তিনিয়ে নিচিন্তে আন।''

—তাৎপর্য বিচাৰ কৰা। HS-2019

উত্তৰঃ- উক্ত প্রবাদফাকি আমাৰ অসমীয়া লোক সমাজত প্রচলিত এক অতি জনপ্রিয় প্রবাদ। ইয়াৰ দ্বাৰা ইয়াৰে বুজাবলৈ চেষ্টা কৰা হৈছে যে নিষ্ঠা আৰু একাগ্রতাৰে নিজৰ কর্ম কৰিলে তাৰ সুফল নিশ্চিতভাৱে লাভ কৰিব পাৰি।

ছাত্ৰ এজনৰ প্ৰধান কাম হ'ল অধ্যয়ন ছাত্ৰাৱস্থাত ছাত্ৰসকলে অধ্যয়নৰ উপৰি অন্য কামত লিপ্ত হোৱাটো অনুচিত। যিসকল ছাত্রই জীৱনৰ উন্নতিৰ পথত আগুৱাই যাবলৈ বিচাৰে, তেওঁলোকে কেতিয়াও বাহিৰা হৈ চৈ কোলাহলত ভাগ নলয়। তেওঁলোকে ঐকান্তিকভাৱে অধ্যয়ন কৰাৰ লগতে মনত সদায় ভাল কথা, চিন্তা আ- ৰাখি নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ নেৰানেপেৰা চেষ্টা কৰি যায়। ভাল ছাত্রই নিজকে অধ্যয়নত ব্যস্ত ৰা- আৰু বাহিৰা কথাত কেতিয়াও কাণ নিদিয়ে। ঠিক তেনেদৰে শিক্ষকৰ প্ৰধান কাম হৈছে পঢ়ুওৱা। একোজন শিক্ষক, চিন্তাৰ কেন্দ্রবিন্দু হ'ব লাগে কেনেকৈ তেওঁ ছাত্রৰ সুশিক্ষাৰে শিক্ষিত কৰি উপযুক্ত মানৱ সম্পদক গঢ় দিব পাৰে। একে কথা পাণ ৰোপণৰ ক্ষেত্ৰতো প্রযোজ্য। পাণ খেতি কৰা ব্যক্তিয়ে যদি পাণ গছডাল কেনেকৈ লহপহকৈ বাঢ়িব পাৰে, সেই কথা কিন্তা নকৰি অন্যমনস্ক হয়, তেতিয়া পাণগছ ঠন ধৰি নুঠে, মৰহি যায়। অর্থাৎ পঢ়াৰ সময়ত যেনেদৰে অন্য চিন্তা নিজৰ মগজুত আনিব নেলাগে, ঠিক তেনেদৰে খেতি-বাতি কৰাৰ সময়ত বেলেগ চিন্তা মনলৈ আনিব নেলাগে। তেতিয়াহে ইপ্সিত ফল পোৱা যায়। ইয়াৰ অর্থ এয়াই হ'ল যে একাগ্রতা বা নিষ্ঠা অবিহনে পঢ়া, পটুওৱা বা অন্য কোনো কর্ম ক্ষেত্রতে সফলতা লাভ কৰিব পৰা নাযায়। একমুখী হৈ নিজৰ কৰ্তব্য কৰি গ'লে জীৱনৰ যিকোনো স্তৰত বা যিকোনো ক্ষেত্ৰতে আকাংক্ষিত ফল লাভ কৰিব পাৰি।


21. 'নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।' 

উত্তৰঃ- উদ্ধৃত গদ্যাংশ আমাৰ পাঠ্যপুথি ''সাহিত্য সুবাসৰ'' অন্তর্গত ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ ''ছাত্রজীৱন আৰু মানৱ সেৱা'' নামৰ পাঠটিৰ পৰা অনা হৈছে।

মানুহক সেৱা শুশ্রুষা কৰিলেই যে ভগৱানক পাব পাৰি এই প্ৰসংগতে উক্ত গদ্যাংশৰ লিখকে অৱতাৰণা কৰিছে।

উক্ত বাক্যশাৰীৰ জৰিয়তে লেখকৰ উদাৰ মানৱতাবাদ প্রকাশ পাইছে। নৰ সেৱা শব্দটোৰ জৰিয়তে মানৱ সেৱা অর্থাৎ মানুহৰ সেৱা কৰা অৰ্থক বুজাইছে। মানুহৰ সেৱাই আচল অর্থত নৰনাৰায়ণ সেৱা। মানুহক সেৱা কৰাৰ জৰিয়তে আমি প্রকৃত ধর্ম পালন কৰিব পাৰো। পৃথিৱীৰ সকলো জীৱৰ মাজত ভগৱানৰ একো একোটা অংশ নিহিত হৈ আছে। অর্থাৎ নৰ বা মানুহ হ'ল ভগৱানৰ এটা অংশ। সেয়ে শুদ্ধ তত্ত্ব তথা মুকলি মনেৰে মানুহৰ সেৱা কৰিলে ভগৱানৰ সেৱা কৰা হয়। ভগৱানক বিচাৰি মন্দিৰ, মছজিদলৈ নগৈ মানুহৰ সেৱা কৰিলেই ভগৱানক বিচাৰি পোৱা যায় অর্থাৎ নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা। 

 

22. ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্র জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। 

উত্তৰঃ- ছাত্র জীৱন শিক্ষাৰ সময়। জ্ঞান আহৰণেই ছাত্র জীৱনৰ মূল উদ্দেশ্য। নির্দিষ্ট পাঠ্যক্ৰমৰ ভিতৰতে আৱদ্ধ নাথাকি ছাত্র-ছাত্রীসকলে আন আনুসাংগিক কিছুমান বিষয়ৰ শিক্ষা গ্রহণ কৰা উচিত। ছাত্র জীৱনৰ মূল উদ্দেশ্যক সফল কৰিবলৈ হ'লে ছাত্র-ছাত্রীসকলে একাগ্ৰতাৰে শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত। মনোযোগ আৰু একাগ্রতাৰ অভাৱ হ'লে ছাত্র ছাত্রত্ব শক্তি লোপ পাব পাৰে। সেয়েহে জ্ঞান আহৰণৰ কালত কেৱল। জ্ঞান আহৰণতেই গুৰুত্ব দিয়া উচিত। এইখিনি সময়তে আন, আহৰণৰ পৰা মন আঁতৰাই আনিলে ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে। সাঁতুৰ শিকিবলৈ যেনেকৈ পানীত ননমাকৈ নহয়, তেনেকৈ ছাত্র জীৱনৰ শিক্ষাও কাপ-কাকতৰ দুৰৰ পৰা বহি ৰং চোৱা শিক্ষা নহয়। নির্দিষ্ট পাঠ্যক্ৰমৰ লগতে শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে সেই সকলোবোৰৰ অনুশীলন কৰিলেহে ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল হ'ব বুলি ক'ব পাৰি।

দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্র জীৱনত বহুমূখী শিক্ষাৰ প্ৰয়োজনীয়তা আছে। পাঠ্যপুথিৰ বিদ্যা আহৰণৰ সমান্তৰালভাৱে সেই বিদ্যা কেনেদৰে কাৰ্যকৰী ৰূপত প্রয়োগ কৰিব এই বিষয়েও ছাত্র-ছাত্রীসকলক জ্ঞান দিয়া উচিত। আমি সকলো সমাজৰ অংশ। সমাজ আৰু দেশক বাদ দি আমাৰ অস্তিত্বৰ কথা আমি ভাবিব নোৱাৰো। সেয়েহে ছাত্র-ছাত্রীসকলক বৃত্তিমুখী শিক্ষাৰ উপৰিও সমাজ আৰু দেশহিতৈষিতাৰ শিক্ষা দানৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা-ভৰষাৰ কলি। এওঁলোকেই ভৱিষ্যতে দেশৰ দায়িত্বভাৰ ল'ব লাগিব। ছাত্ৰসকলক মুকলি মনেৰে শিক্ষা গ্রহণৰ সুবিধা প্রদান কৰি যিমানদূৰ সম্ভৱ জ্ঞানকৰী, অর্থকৰী আৰু কাৰ্যকৰী শিক্ষা লাভৰ সুযোগ দিয়া উচিত, যাতে তেওঁলোক পৰিপুষ্ট হৈ দেশ সেৱাৰ উপযুক্ত হ'ব পাৰে। 


23. 'এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্রহণ নকৰে।' 

উত্তৰঃ- উদ্ধৃত গদ্যাংশ আমাৰ পাঠ্যপুথি ''সাহিত্য চয়নিকাৰ'' অন্তর্গত ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ ''ছাত্রজীৱন আৰু মানৱ সেৱা'' নামৰ পাঠটিৰ পৰা দাঙি ধৰা হৈছে।

ইয়াত লিখকে ছাত্ৰ অৱস্থাৰ কাল আৰু ছাত্ৰসকল দেশ সেৱা বা সমাজ সেৱাত যেতিয়া উপযুক্ত হয় সেই সময়ৰ লগত থকা সম্পর্কৰ প্ৰসংগত উদ্ধৃত গদ্যাংশৰ অৱতাৰণা কৰিছে।

ছাত্ৰসকলে শৈশৱকালৰ পৰা কেবল শিক্ষা-দীক্ষাৰ লগত ব্যস্ত নাথাকি আধ্যাত্মিক দিশ সমূহৰো অনুশীলন কৰিব লাগে। ছাত্ৰসকল সমাজৰ ভৱিষ্যত। আজিৰ ছাত্র কালি লৈ দেশৰ নেতা। আজি তেওঁ আদেশ পালন কৰিব কালিলৈ আদেশ দিব। ছাত্ৰসকলেই দেশৰ আশা-ভৰষাৰ থল সেয়েহে তেওঁলোকে দেশৰ কল্যাণৰ হকে চিন্তা কৰি সমাজখনৰ ভাল-বেয়া সকলোখিনিৰ প্রতি লক্ষ্য ৰাখিব লাগে। ছাত্ৰসকলে শিক্ষাৰ উপৰিও সমাজৰ হকে, দেশৰ হকে কাম কৰিবলৈ অনুপ্রাণিত হ'লেহে এখন সমাজ বা দেশৰ উন্নতি হ'ব। ছাত্ৰসকল দেশৰ ভৱিষ্যতৰ আশা-ভৰষাৰ কলিস্বৰূপ। এই কলি বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ দেশ মাতৃৰ পূজাত লাগে। কাঁইট, কলি পূজাৰ উপচাৰস্বৰূপে মাতৃয়ে গ্রহণ নকৰে যদিও সেই কলিৰ পৰা হোৱা ফুল আৰু ফলেই পূজাৰ আৱশ্যকীয় অংগ হৈ পৰে। সেয়েহে ছাত্ৰ অৱস্থাতে যিমান দূৰ পৰা যায় জ্ঞানকী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিব লাগে যাতে ভৱিষ্যতে তেওঁলোক কলিৰ পৰা সমাজৰ ফল-ফুলৰূপে পৰিগণিত হ'ব পাৰে। তেতিয়াহে ছাত্রসকল সময়ত উপযুক্ত দেশ, সেৱক হ'ব অর্থাৎ তেওঁলোক দেশ পূজাৰ প্রধান উপাচাৰ ৰূপে বিবেচিত হ'ব। 


24. ব্যাখ্যা কৰাঃ-

'কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়।' 

উত্তৰঃ- উদ্ধৃত গদ্যাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ''ছাত্রজীৱন আৰু মানৱ সেৱা'' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত বাক্যশাৰীৰ জৰিয়তে লেখকে কোনো এটা কামেই যে অভ্যাসৰ অবিহনে সম্ভৱ নহয় এই প্ৰসংগতে লিখকে উদ্ধৃত গদাংশৰ অৱতাৰণা কৰিছে।

জীৱনত কোনো এটা কাম সুন্দৰকৈ তথা সুচাৰুৰূপে পালন কৰিবলৈ যথেষ্ট কষ্টৰ প্রয়োজন। আমি ব্যৱহাৰ কৰা সকলো লো-সামগ্রী কমাৰ শালত গঢ়িহে তৈয়াৰ কৰা হয়। কমাৰশাল এটা উদ্যোগ আৰু জুইশাল সকলোৰে ঘৰত থকা বস্তু। সাধাৰণ জুইশালত কিন্তু কোনো লো বস্তু বা অস্ত্র তৈয়াৰ কৰিব পৰা নাযায়। কমাৰশালত লো জুইত প্রথমে পুৰি লৈ তাক কোবাই ভাজ দি অস্ত্র তৈয়াৰ কৰা হয়। ঠিক সেইদৰে কোনো লোকে যদি সাতোঁৰবিদ হ'বলৈ খোজে তেন্তে তেওঁ পানীত নামি সাতোঁৰৰ অভ্যাস কৰিলেহে পাৰিব আৰু তেতিয়াহে সাতোঁৰত সু-ফল লাভ কৰিব পাৰিব। সেইদৰে এজন ছাত্ৰয়ো প্রথম অৱস্থাৰ পৰাই ভালদৰে পঢ়ি নিজকে প্রতিষ্ঠা কৰিব পাৰে। যদি প্রথমৰ পৰাই অধ্যয়নৰ অভ্যাস নকৰি মাজভাগৰ পৰা কৰে তেনেহ'লে ছাত্ৰজনে উন্নতিৰ পথত আগবঢ়া সহজ নহ'ব। ছাত্ৰই সু-শিক্ষাৰে শিক্ষিত হ'বলৈ হ'লে শিক্ষাৰ শাৰীৰিক, নৈতিক, মানসিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে, সেই সকলো বিধৰে অনুশীলন ভালদৰে কৰিব লাগিব। তেতিয়াহে ছাত্ৰসকল একো একোজন দেশৰ উপযুক্ত নাগৰিক হৈ দেশসেৱা কৰাৰ ক্ষমতা আর্জিব পাৰিব।


25. অর্থ লিখাঃ- 

পেন্দুকণা= নিচেই সৰু 

সহপাঠী= একেলগে পঢ়োতা 

দুর্দিন= বেয়া বা দুখৰ দিন।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Previous
Next Post »

1 Comments:

Click here for Comments
Parbat ali
admin
May 26, 2023 at 10:53 AM ×

Good sir
Amalokk sohay korar babe
Thanks

Congrats bro Parbat ali you got PERTAMAX...! hehehehe...
Reply
avatar