-->

ধনৰ ব্যৱহাৰ । Dhonor byavohar by Satyanath Bora

 ১) সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ সত্যনাথ বৰাৰ জন্ম ১৯৬০ চনত হৈছিল৷


২) সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম 'গীতাৱলী' আৰু এইখন ১৮৮৮ চনত প্ৰকাশ পাইছিল৷


৩) 'বহল ব্যাকৰণ' কাৰ ৰচনা?

উত্তৰঃ 'বহল ব্যাকৰণ' সত্যনাথ বৰাৰ ৰচনা৷


৪) অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম 'আকাশ ৰহস্য'৷


৫) সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম লিখা৷

উত্তৰঃ সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম - 'কেন্দ্ৰসভা', 'সাহিত্য বিচাৰ',  'সাৰথি', 'চিন্তাকলি'৷


৬) সত্যনাথ বৰা 'জোনাকী' আলোচনীৰ কিমান চনৰ সম্পাদক আছিল?

উত্তৰঃ সত্যনাথ বৰা 'জোনাকী' আলোচনীৰ ১৯০১ চনৰ সম্পাদক আছিল৷


৭) কিমান চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে?

উত্তৰঃ ১৯২৫ চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে৷


৮) কৃপণলোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ- লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কৃপণলোকৰ দুই ধৰ্ম৷


৯) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?

উত্তৰঃ- অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ হৈছে -আয় অনুসৰি খৰচ কৰা৷


১০) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উত্তৰঃ- অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন৷


১১) মানুহৰ ঋণ কেতিয়া হয়?

উত্তৰঃ- মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল’ব লগা হয়৷


১২) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা?

উত্তৰঃ- খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা৷


চমু প্ৰশ্ন (মূল্যাংক -২/৩) 

১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?

উত্তৰঃ- ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল -

ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷

খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি


২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?

উত্তৰঃ- আন মানুহে ধন খৰচ কৰিলে কৃপণলোকে অত্যাচাৰ কৰা যেন বোধ কৰে৷তেওঁলোকৰ মতে উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ,আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোঁন৷


৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?

উত্তৰঃ- লেখকৰ মতে সজ-অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে৷অৰ্থাৎ, দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়৷


৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে?

উত্তৰঃ- কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান-সন্ততিলৈ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ বাবেও কৃপণালি কৰে৷


৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা৷

উত্তৰঃ- কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ’ল-

ক) কৃপণৰ হাত টান,খৰছ কৰিবলৈ নিবিচাৰে৷আনহাতে, ধোঁৱাখুলীয়াই ওচ-মোচ নিবিচাৰি সৰহকৈ খৰচ কৰে৷

খ) কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল৷


দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা৷

উত্তৰঃ- অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কাম৷সিহঁতে ধনীক ঈশ্বৰ যেন দেখে৷ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে,কু-কৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে৷সিহঁতৰভাল-বেয়া বোধ নাই,মান-অপমানৰ জ্ঞান নাই৷এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে৷এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল৷


২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা৷

উত্তৰঃ- অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়৷নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে৷ নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে৷নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলৰে৷মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলেমোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা৷ সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়৷


৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা৷

উত্তৰঃ- আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়৷ঋণক মানুহে পাপৰ লগত ৰিজায় কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে৷ঋণী মানুহে সমাজত গৰিহণা খায়, মান-মৰ্যাদা হেৰুৱায়, মনৰ সুখ-শান্তি নাইকিয়া হয়৷ঋণক ব্যাধিৰ লগত তুলনা কৰে কিয়নো ব্যাধিয়ে যেনেকৈ তেজ-মাংস ক্ষয় কৰে,ঋণে অৱস্থাহীন কৰি নিয়ে৷ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায়৷সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই ল’ব নালাগে।


8) লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা৷

উত্তৰঃ-  লেখকৰ দৃষ্টিত কৃপণ দুই প্ৰকাৰৰ৷প্ৰথমতে, কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি৷ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷ভোজনৰ ভাল বস্তু,পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী,বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি৷কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে৷ দ্বিতীয়তে,অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়৷নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে৷নিজৰ ঘৰত এখন আঞ্জা, আনৰ ঘৰত পাঁচখন বিচাৰে৷নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়,লোকৰ কামত বাহন নহ’লে এখোজো নলৰে৷মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়,ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা৷ সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে,কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়৷


৫)"ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ" । - ব্যাখ্যা কৰা 

উত্তৰঃ- পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে৷এইবিলাক মানুহক সাধাৰণতে কৰাইচ,কটকিনা বা কৃপণ বোলে৷আচলতে কৃপণৰ ধন, ধন নহয়,ল’ৰাই ওমলা খোলাকটি৷ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷ভোজনৰ ভাল বস্তু,পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ,হাতী-ঘোঁৰা,গাড়ী,বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি৷কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ৷ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে৷


৬) ব্যাখ্যা কৰা - "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"

উত্তৰঃ- পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে৷এইবিলাক মানুহক সাধাৰণতে কৰাইচ,কটকিনা বা কৃপণ বোলে৷আচলতে কৃপণৰ ধন, ধন নহয়,ল’ৰাই ওমলা খোলাকটি৷ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ,হাতী-ঘোঁৰা,গাড়ী,বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি৷কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ৷ ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে৷


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »