-->

মূল অর্থনৈতিক সমস্যাসমূহ । Fundamentals of economics

মূল অর্থনৈতিক সমস্যাসমূহ 
Fundamentals of Economics


1. অসমৰ জনসংখ্যা ঘনতব কিমান? 

উত্তৰঃ- ৩৯৭ জন। 


2. ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান ?

উত্তৰঃ- ৩ কোটি ১২ লাখ। 


3. ভাৰতৰ সর্বাধিক লিংগ অনুপাত থকা ৰাজ্যখনৰ নাম কি আৰু কিমান?

উত্তৰঃ- কেৰালা। প্রতি হাজাৰত ১০৮৪। 


4. কোন পৰিকল্পনাত দৰিদ্রতা নিমূলকৰণ পৰিকল্পনাৰ এক মূল লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছিল? 

উত্তৰঃ- পঞ্চম পঞ্চবার্ষিক পৰিকল্পনাত। 


5. ছদ্মবেশী নিবনুৱা কাক কয়? 

উত্তৰঃ- ছদ্মবেশী নিবনুৱাসকল বনুৱা হয় যদিও উৎপাদন কার্যত মুঠ উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা নাথাকে। এনেধৰণৰ নিবনুৱাক, ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়। প্রয়োজনতকৈ অধিক থকা বনুৱাক এইবিধ নিবনুৱাত ধৰা হয়।


6. মুদ্ৰাস্ফীতি কি? 

উত্তৰঃ- কোনো এখন দেশৰ অৰ্থনীতিত যেতিয়া বস্তুৰ মূল্য বৃদ্ধি পায় আৰু মুদ্ৰাৰ মূল্য হ্রাস পায়, তেতিয়া মুদ্রাস্ফীতি হোৱা বুলি ধৰা হয়।


7. বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে আগবঢ়াইছিল? 

উত্তৰঃ- ব্রোটলেণ্ড বা পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগে। 


8. দৰিদ্ৰতাৰ কাৰণসমূহক কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি? 

উত্তৰঃ- দৰিদ্ৰতাৰ কাৰণসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে- (১) ঐতিহাসিক (২) অর্থনৈতিক আৰু (৩) সামাজিক।


9. চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ মূল কাৰণবোৰ কি কি?

উত্তৰঃ- চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ মূল কাৰণবোৰ হ'ল- গাঁও অঞ্চলৰ দৰিদ্ৰতাৰ বাবে চহৰ অঞ্চললৈ সৃষ্টি হোৱা অবিৰাম প্ৰব্ৰজন, আৱাসগৃহৰ অভাৱ, খোৱাপানীৰ অভাৱ, দূষিত পৰিৱেশ, বস্তি অঞ্চলৰ সৃষ্টি ইত্যাদি। 


10. Poverty and Unbritish Rule in India গ্ৰন্থখনৰ লিখক কোন? 

উত্তৰঃ- দাদাভাই নৌৰজী।


11. সংজ্ঞা লিখা 

(i) দৰিদ্ৰতাঃ- দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায়। য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়োজনসমূহ যেনে বাসস্থান, খাদ্য, বস্ত্র, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যর্থ হয়। দৰিদ্ৰতা আপেক্ষিক আৰু চৰম দুই প্ৰকাৰৰ হ'ব পাৰে।

(ii) নিবনুৱাঃ- কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা থকাৰ পাছতো যদি কোনো উপযুক্ত সংস্থাপন নাপায় তেনে ব্যক্তিক নিবনুৱা কোৱা হয়। নিবনুৱা সাধাৰণতে দুই প্রকাৰৰ- (১) গ্রাম্য নিবনুৱা আৰু (২) চহৰীয়া নিবনুৱা। 

(iii) চৰম দৰিদ্রতাঃ- সম্পদ আৰু আয়ৰ অত্যাধিক অসম বিতৰণত দৰিদ্ৰ লোকসকল দৰিদ্ৰতাৰ পাকচক্ৰত পৰি অধিক দৰিদ্ৰতাত পৰে। এই দৰে মানুহ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থাকি যেতিয়া অধিক দৰিদ্ৰ হয়, সেই অৱস্থাকে চৰম দৰিদ্ৰতা বোলা হয়। 

(iii) আপেক্ষিক দৰিদ্ৰতাঃ- সম্পদ আৰু আয়ৰ অসম বিতৰণে এখন দেশৰ অৰ্থনীতিত অর্থনৈতিক অসমতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত সৃষ্টি হোৱা দৰিদ্ৰ অৱস্থাক আপেক্ষিক দৰিদ্রতা বোলা হয়। 


12. দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?

উত্তৰঃ- যি ৰেখাই মানুহক দুখীয়া আৰু অদুখীয়া হিচাপে ভাগ কৰে সেয়াই দৰিদ্ৰতাৰ সীমা ৰেখা। গাঁও অঞ্চলত দৰিদ্র আৰু অদৰিদ্র নির্ণয় কৰা বিতৰণ ৰেখাই হৈছে গাঁও অঞ্চলৰ দৰিদ্র সীমাৰেখা। আমাৰ দেশত গাঁও অঞ্চলত যিজন লোকে খাদ্যৰ যোগেদি দৈনিক নিম্নতম ২৪০০ কেলৰি লাভ কৰিব নোৱাৰে তেওঁক দুখীয়া বুলি ধৰা হয়। একেদৰে যিজন ব্যক্তিয়ে চহৰ অঞ্চলত ২১০০ কেলৰি দৈনিক আহৰণ কৰিবলৈ সক্ষম নহয় তেওঁক চহৰ অঞ্চলত দুখীয়া বুলি গণ্য কৰা হয়। অর্থাৎ গাঁও অঞ্চলত দৈনিক নিম্নতম কেলৰিৰ মান প্রতি ব্যক্তিৰ হিচাপত ২৪০০ আৰু চহৰ অঞ্চলত ২১০০ কেলৰিৰ মান ক্রমে গাঁও আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা নিৰূপণ কৰে।


13. ভাৰতৰ বর্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? 

উত্তৰঃ- ২০১১ চনৰ লোপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা হৈছে ১,২১,০১,৯৩,৪২২ জন। ২০১১ চনৰ লোকপিয়ল মতে প্রতি বর্গকিলোমিটাৰ ভাৰতৰ জনসংখ্যা ঘনত্ব ৩৮২ জন।


14. দৰিদ্ৰতাৰ কাৰণসমূহক কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি? 

উত্তৰঃ- দৰিদ্ৰতাৰ কাৰণসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে- (১) ঐতিহাসিক (২) অর্থনৈতিক আৰু

(৩) সামাজিক।


15. ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সমস্যাৰ মূলকাৰণবোৰ কি কি? এই কাৰণসমূহৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ- ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ হ'ল- উচ্চ জন্ম হাৰ, নিৰক্ষৰতা, দৰিদ্ৰতা, সামাজিক অজ্ঞতা, জনসংখ্যাত শিক্ষাৰ অভাৱ।

(১) উচচ জন্মহাৰঃ- কোনো এখন দেশৰ জন্মৰ হাৰ যদি মৃত্যুৰ হাৰতকৈ বেছি হয়, তেতিয়া সেই দেশৰ জনসংখ্যা স্বাভাৱিকতে বৃদ্ধি হয়। আকৌ চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহৰ গড় আয়ুস তুলনামূলকভাৱে বৃদ্ধি পোৱাৰ বাবে জনসংখ্যা বৃদ্ধি হৈছে। 

(২) নিৰক্ষৰতাঃ- ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বহুতো লোকে এতিয়াও শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। এনে লোক অদূৰদৰ্শী আৰু অন্ধবিশ্বাসৰ বলি হয়। জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাৰাজিৰ বিষয়ে এওঁলোক একেবাৰেই অজ্ঞ। ফলত কোনো পৰিকল্পনা নকৰাকৈ এনে লোকে যধে মধে সন্তান জন্ম দিয়াৰ ফলত জনবিস্ফোৰণ ঘটে। 


16. দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিরূপণ কৰে।

উত্তৰঃ- দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়োজনসমূহ যেনে- বাসস্থান, খাদ্য, বস্ত্র, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণৰ পৰা বঞ্চিত হয়।

দৰিদ্ৰতাৰ সীমাৰেখাই এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্র আৰু অদৰিদ্র এই দুটা ভাগত ভাগ কৰে। ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্র বুলি ধৰা হয়। 


17. মুদ্রাস্ফীতি কাক বোলে? মুদ্রাস্ফীতিৰ প্ৰধান কাৰণ দুটা কি? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ কি? 

উত্তৰঃ- মুদ্রাস্ফীতি মানে ক্রমাগতভাৱে দ্রব্যৰ মূল্য বা দৰ বাঢ়ি যোৱা আৰু মুদ্ৰাৰ মূল্য হ্রাস হোৱাকে বুজায়।

অর্থনীতিত মুদ্রাস্ফীতি দুটা প্রধান কাৰণত হয়। এই কাৰণ দুটা হ'ল- (১) চাহিদাজনিত কাৰণ আৰু (২) ব্যয়জনিত কাৰণ। মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমুহ হ'ল-

(১) ৰাজকোষীয় নীতিঃ- এই নীতিক 'আয় আৰু ব্যয়' নীতি বুলিও কোৱা হয়। চৰকাৰী ব্যয় কর্তন কৰি দেশত সামগ্রিক চাহিদা হ্রাস কৰিব পাৰি আৰু মুদ্রাস্ফীতিক নিয়ন্ত্রিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্রা চৰকাৰৰ হাতলৈ আনিব পাৰি। 

(২) মৌদ্রিক নীতিঃ- মুদ্রাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে সূতৰ হাৰ বুদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্রহণকাৰীয়ে ঋণ ল'বলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্রাস হৈ মুদ্রাস্ফীতি নিয়ন্ত্রিত হয়। 

(৩) উৎপাদন বৃদ্ধি নীতিঃ- দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্রক্রিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ'ব আৰু সামগ্ৰীৰ বদ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্রিত হ'ব। 


18. চমুটোকা লিখাঃ- 

(ক) মুক্ত আৰু দমিত মুদ্রাস্ফীতিঃ- যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়। অন্যহাতেদি চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্রণ কৰে। এনে নিয়ন্ত্রণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্রাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস পায়। এনে মুদ্রাস্ফীতিক দমিত মুদ্রাস্ফীতি বুলি কোৱা হয়। 


(খ) কর্মী জনসংখ্যা অনুপাতঃ- মুঠ কর্মী-সংখ্যাক জনসংখ্যাৰে ভাগ কৰি ১০০ ৰে পূৰণ কৰিলে কর্মী। জনসংখ্যা অনুপাত পোৱা যায়। যিমানে এই অনুপাত বেছি হয় সিমানেই নিবনুৱাৰ সংখ্যা হ্রাস পায়। 

তালিকাঃ 

ভাৰতবৰ্ষত কর্মী-জনসংখ্যা অনুপাত (১৯৯৯-২০০০)

                        গাওঁ অঞ্চল চহৰ অঞ্চল মুঠ 

        পুৰুষ         ৫৩.১         ৫১.৮     ৫২.৭ 

        মহিলা         ২৯.৯         ১৩.৯ ৩৯.৫ 

        মুঠ                 ৪১.৭         ৩৩.৭ ২৫.৪ 


19. নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণসমূহৰ দুটা কাৰণ উল্লেখ কৰা।  

উত্তৰঃ- দেশৰ প্রচলিত মজুৰিত উপযুক্ত আৰু কর্মক্ষম লোক কাম কৰিবলৈ, ইচ্ছুক হৈয়ো যদি কর্ম সংস্থাপন নাপায় তেতিয়া তেওঁলোকক নিবনুৱা বোলে৷

নিবনুৱাৰ প্ৰকাৰঃ সাধাৰণতে দুই প্রকাৰৰ গ্ৰাম্য আৰু চহৰীয়া নিবনুৱা।

গ্রাম্য নিবনুৱা দুই প্রকাৰৰ- (১) ঋতুজ নিবনুৱা আৰু (২) ছদ্মবেশী নিবনুৱা।

ঋতুজ নিবনুৱাসকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা বাকী সময়ত তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে কৃষিকার্যত জড়িত লোকসকল ঋতুজ নিবনুৱা।

ছদ্মবেশী প্রছন্ন নিবনুৱা সকল দেখাত বনুৱা হয় কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে। চহৰীয়া নিবনুৱাও দুই প্রকাৰৰঃ ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা। চহৰৰ ঔদ্যোগিক খণ্ডত যিসকল লোকে কর্মসংস্থানৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বুলি কোৱা হয়। আনহাতে উপযুক্ত শিক্ষাগত অৰ্হতা থকা সত্বেও যেতিয়া কোনো লোকে কর্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক শিক্ষিত নিবনুৱা বুলি কোৱা হয়| 

নিবনুৱা সমস্যাৰ দুটা কাৰণ তলত উল্লেখ কৰা হ'ল- 

দ্রুত জনসংখ্যা বৃদ্ধিঃ- দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিৰ উল্লেখনীয় কাৰণ। বৰ্দ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পর্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে। 

নিয়োগ বিহীন উন্নয়নঃ- যেতিয়া দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পায় তেতিয়া এনে অৱস্থাক নিয়োগহীন উন্নয়ন বুলি কোৱা হয়। যাৰ ফলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰে। 


20. চমুটোকা লিখা ---

(ক) ঋতুজ নিবনুৱাঃ- এইবিধ নিবনুৱা বিশেষকৈ গাঁৱলীয়া অঞ্চলৰ কৃষি ক্ষেত্ৰত দেখা যায়। ভাৰতৰ নিচিনা অনুন্নত অর্থনীতিৰ দেশবোৰত গাঁৱৰ মানুহবিলাক বিশেষকৈ বেছিভাগেই কৃষিকৰ্মত জড়িত হৈ থাকে। তেওঁলোক যদিও কৃষিজীৱী তথাপিও তেওঁলোকে বছৰৰ সকলো সময়তে কৃষি কার্যত জড়িত হৈ নাথাকে আৰু বেছিভাগ সময়েই এনেয়ে কাম বন নোহোৱাকৈ অনাই বনাই থাকিবলগীয়া হয়। ইয়াৰ কাৰণ কৃষি কার্যত বিজ্ঞানসন্মত পদ্ধতিসমূহৰ একেবাৰে কম প্রয়োগ, জীৱন নির্বাহৰ কোনো উচ্চকাংক্ষা নথকা, অতিৰিক্ত সময়খিনি নিজকে নিয়োজিত কৰিব পৰাকৈ কোনো ধৰণৰ সুব্যৱস্থা নথকা বাবেই এওঁলোক বছৰৰ অধিক সময় নিবনুৱা। যিহেতু এই শ্রেণীৰ লোকসকল ঋতুগতভাৱে নিবনুৱা গতিকে এওঁলোকক ঋতুজ নিবনুৱা বুলি কোৱা হয় চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতিঃ মুদ্রাস্ফীতিৰমূল কাৰণ দুটা। এটা হ'ল চাহিদাজনিত আৰু আনটো হ'ল ব্যয়জনিত।

চাহিদাজনিত মুদ্রাস্ফীতি হ'ল জনসাধাৰণৰ যেতিয়া দ্রব্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নহয়। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে, আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ অতি চাহিদা বাঢে। ফলস্বৰূপে দ্ৰব্য আৰু সেৱাবিলাকৰ মূল্য বৃদ্ধি পায় আৰু মুদ্রাস্ফীতিৰ সৃষ্টি হয়।

মুদ্রাস্ফীতিৰ আন এটা কাৰণ হ'ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াক ব্যয়জনিত মুদ্রাস্ফীতি বুলি কোৱা হয়। ব্যয়জনিত মুদ্রাস্ফীতি প্রধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয়— (ক) মজুৰি বৃদ্ধি (খ) লাভৰ পৰিমাণ বৃদ্ধি আৰু (গ) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা। 

বহনক্ষম উন্নয়নঃ বর্তমান পৃথিৱীৰ দেশসমূহৰ মাজত অর্থনৈতিক প্রগতি লাভৰ যি প্রতিযোগিতাৰ আৰম্ভ হৈছে সিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে। পৰিৱেশৰ ধ্বংসই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ প্রতি ভাবুকি মাতি আনিছে। পৃথিৱীৰ উষ্ণতা প্রতি, শতিকাতেই বৃদ্ধি হ'বলৈ ধৰিছে। তাৰ ফলত গোলকীয় উষ্ণতা সমস্যাৰ উদ্ভৱ হৈছে। জৈৱ-বৈচিত্র্য হ্রাস, জলবায়ু পৰিৱৰ্তন আদি অলেখ সমস্যাই পৰিৱেশ বিনষ্ট কৰিছে।

অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত (Brundtland) আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন (Sustainable Development) ৰ ধাৰণাটো দাঙি ধৰিছিল। এই আয়োগক পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত। এই আয়োগৰ মতে যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বর্তমান প্রজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্রজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অর্থনৈতিক উন্নয়নেই হ'ল অবিৰত বা বহনক্ষম অর্থনৈতিক উন্নয়ন। 

সেউজ অর্থনীতিঃ যি অর্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্রৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অর্থনীতিক সেউজ অর্থনীতি বোলা হয়।

পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া মূলমন্ত্র হৈছে- চিন্তা বিশ্বব্যাপী হওঁক, কার্যপন্থা স্থানীয় হওঁক।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »