-->

অসমৰ পুৰণি খেল-ধেমালি । Axomor Puroni khel-dhemali

অসমৰ পুৰণি খেল-ধেমালি । Axomor Puroni khel-dhemali


১। ক্ৰীড়া কি?

উত্তৰঃ- ক্ৰীড়া হ’ল- এক আনন্দ,শাৰীৰিক আৰু মানসিক ক্ষমতাৰ চূড়ান্ত প্ৰকাশ৷


২। প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ- প্ৰথম আহোম ৰজাজনৰ নাম চুকাফা আছিল৷


৩. 'বিহু' আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ- 'বিহু' আকৌ আহিল গ্ৰন্থখন হেম বৰগোহাঞিয়ে ৰচনা কৰিছিল৷


৪। চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?

উত্তৰঃ- চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ,কড়ি খেলৰ প্ৰচলন আছিল৷


৫। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?

উত্তৰঃ- বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি ছু-চু আখ্যা দিছিল৷



চমু প্ৰশ্ন (মূল্যাংক-২/৩) 

১। বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ কি কি?

উত্তৰঃ- বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ- হাউ খেল,টাংগুটি,ঘিলা খেলা,লুকা-ভাকু,কড়ি খেল,লালী,হাফলা,ৰছী টনা,কুকুৰা যুঁজ,টেকেলি ভঙা,হাতবল৷


২। ঢোপ খেলৰ প্ৰচলন ক’ত,কেনেকৈ হৈছিল বৰ্ণনা কৰা৷

উত্তৰঃ- ঢোপ খেলৰ জন্ম ক’ত সেয়া কোনেও ক’ব নোৱাৰে৷আহোম যুগতো ইয়াৰ জনপ্ৰিয়তা আছিল৷ব্ৰিটিছ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল৷


৩। ইণ্ডিজেনাছ গেমছ কোনে, ক’ত,কেতিয়া অনুষ্ঠিত কৰিছিল?

উত্তৰঃ- ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহ আয়োজন কৰিছিল৷


৪. ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা৷

উত্তৰঃ- ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম- ম’হ যুঁজ,বাঘ-ভালুকৰ যুঁজ,হাতী যুঁজ৷


দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১. পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰঃ- পুৰণি অসমত বিহুৰ সময়ত নৈ,পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল৷পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল৷ইয়াৰ উপৰিও মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনসাধাৰণৰ মাজত প্ৰচলিত খেল সমূহ হ’ল- হাউ খেল,ঢোপ খেল,টাংগুটি,ঘিলা খেল,লুকা-ভাকু,কড়ি খেল ইত্যাদি৷


২. 'ফুলতী-মালতী’ খেল কিদৰে খেলা হয়,পাঠৰ আধাৰত লিখা৷

উত্তৰঃ- 'ফুলতী-মালতী’ খেল ছোৱালীৰ মাজতহে আৱদ্ধ৷এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়৷প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে৷ইয়াৰ পিছত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব৷এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ বুলি ধৰা হয়৷


৩. আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল?তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল,তাৰ এটি চমু বৰ্ণনা দিয়া৷

উত্তৰঃ- আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল৷আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি সাঁতোৰৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল৷অৱশ্যে তেওঁ পেভিলিয়নসদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা মোহ প্ৰকাশ কৰিছিল৷তেওঁ ১৫/১৬ হাতৰ শালকাঠৰ খুঁটাৰে নিৰ্মাণ কৰিছিল এই মঞ্চ৷


৪. অসমৰ কড়ি খেলৰ বিষয়ে এটি প্ৰবাদ আছে৷তাৰ এটি চমু বিৱৰণ দিয়া৷

উত্তৰঃ- 'কড়িৰ ঢালতে কড়ি নুফুটিলে কপালত দি যাওঁ দুখ৷’ - কড়ি ফুটিলে ভাল, নুফুটিলে কাল৷বছৰৰ আৰম্ভণিতে খেলা কড়ি ফুটা মানে ধৰণী সোণালী শইচৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি,অতিবৃষ্টি,বন্যা আদিয়ে আগুৰি ধৰা৷ কড়ি প্ৰজননৰ প্ৰতীক৷ইয়াৰ সহায়ত গুটি গজোৱা আৰু পকোৱা হয়৷আদিম সমাজৰ যৌন বিশ্বাসৰ লগতে শস্য সম্পদ বৃদ্ধিৰ ধ্যান-ধাৰণাও কড়ি খেলৰ মাজেদি প্ৰকাশ পায়৷কড়িৰ ঢালখন আই বসুমতীৰ আৰু খেলখন হ’ল কৃষি জীৱনৰ প্ৰতীক৷আহোম যুগত অসমত এই খেলৰ জনপ্ৰিয়তা অধিক আছিল৷


৫. ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত?খেলবিধ সম্পৰ্কে চমুকৈ লিখা৷

উত্তৰঃ- ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্ৰচলিত৷সাধাৰণতে শীতকালত অনুষ্ঠিত হয়৷এন খেলৰ অৰ্থ হ’ল-কোনো বিপত্নীকে কোনো বাৰী তিৰোতাক পত্নীৰূপে অনা৷ দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত চাৰিজনৰ পৰা দহজন বা তাতোধিক খেলুৱৈ থাকে৷বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয়৷ খেলৰ সজুঁলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়৷আহল-বহল মুকলি ঠাইত এইবিধ খেল খেলা হৈছিল৷ এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢমনা আনিব,সেইটো দলেই বিজয়ী হ’ব৷ অৰ্থাৎ এটা মূৰৰ পৰা এটা দলে খুব জোৰেৰে ওপৰলৈ দলিয়ালে আনটো দলে ওপৰতে ধৰিব লাগিব৷ইয়াৰ পিছত যিটো দলে প্ৰথমে বলটো ধৰে তেওঁ মধ্যবৃত্ত এটাত থিয় হৈ থাকি৷ আনহাতে,অন্য দলৰ বল শূন্যত ধৰা খেলুৱৈজনে বলটো মধ্যবৃত্তত থকা খেলুৱৈজনলৈ দলিয়ায়৷ এই বলটো যদি মধ্যবৃত্তত ৰৈ থকা খেলুৱৈজনৰ গাত লাগে তেন্তে তেওঁক ঢেমনা আখ্যা দি প্ৰতিপক্ষৰ দললৈ অনা হয়৷


৬. আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি?এই খেল সম্পৰ্কে চমুকৈ লিখা৷

উত্তৰঃ- আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ  হ’ল- ম’হ যুঁজ৷এই ম’হ যুঁজত কোনো নিৰ্দিষ্ট নীতি-নিয়ম দেখা পোৱা নাযায় যদিও প্ৰতিযোগীতাত বিজয়ী হোৱা ম’হৰ গৰাকীৰ বাবে এই কৃতিত্ব গৌৰৱ আৰু আত্মসন্মানৰ কথা৷এই যুঁজৰ ভালেমান দিন আগৰেপৰা যুঁজাৰু ম’হক কামৰ বোজা কমাই ভালকৈ তত্ত্বাৱধান লোৱা হয়৷খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয়৷ম’হ প্ৰতিপালন কৰা ঠাই টুকুৰাত আন মানুহ যোৱাতো বন্ধ কৰি দিয়া হয়৷শেষ নিশা ম’হক চৰাবলৈ নিয়া হয় যাতে ম’হে পেট পূৰাই খাব পাৰে৷যুঁজৰ দিনা যেতিয়া ম’হ দুটাক যুঁজিব দিয়া হয়৷শিঙে শিঙে কৰা যুদ্ধত কোনোবা এটা ম’হ তৰা-নৰা ছিঙি প্ৰাণ ৰক্ষাৰ বাবে পলায়৷বাকীথকা ম’হটো জয়ী হয়৷

Previous
Next Post »