-->

বিষাদ যোগ-শ্ৰীভট্টদেৱ | Bishad Yog by Shri Bhattadev

 (গদ্যাংশ)

বিষাদ যোগ

—শ্ৰীভট্টদেৱ 


1. ভট্টদেৱৰ গুৰু কোন? HS-2019

উত্তৰঃ- দামোদৰদেৱ। 


2. অজুনৰ ধনুখনৰ নাম কি?     HS-2018

উত্তৰঃ- গাণ্ডীৱ ধনু। 


3. ভট্টদেৱৰ সম্পূর্ণ নামটো কি?     HS-2016, 2020

উত্তৰঃ- বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য। 


4. ধর্মভূমি বুলি কোন ঠাইৰ কথা কৈছে?

উত্তৰঃ- ধর্মভূমি বুলি কুৰুক্ষেত্ৰৰ কথা কৈছে।


5. ধৃতৰাষ্ট্ৰই কাক প্ৰশ্নবোৰ কৰিছিল?

উত্তৰঃ- ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্নবোৰ কৰিছিল। 


6. কিহত উঠি শ্ৰীকৃষ্ণই দিব্য শঙ্খ বজাইছিল?

উত্তৰঃ- মহাৰথত উঠি শ্ৰীকৃষ্ণই দিব্য শঙ্খ বজাইছিল।


7. 'বিষাদ যোগ' পাঠটি ক'ৰপৰা অনা হৈছে?

উত্তৰঃ- 'বিষাদ যোগ' পাঠটি ''কথাগীতা''ৰ পৰা তুলি অনা হৈছে।


8. জনার্দন কোন?

উত্তৰঃ- জনার্দন হৈছে কৃষ্ণ বা বিষ্ণু। দুষ্টজনক অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণক জনার্দন বোলে। 


9. ভট্টদেৱে পণ্ডিত সমাজৰ পৰা কি উপাধি লাভ কৰিছিল?

উত্তৰঃ- ভট্টদেৱে পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য উপাধি লাভ কৰিছিল।


10. সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উত্তৰঃ- সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী আনক আৰু গোমুখ আদি ৰণবাদ্যৰ মহাশব্দ হৈছিল। 


11. মহাৰথী কাক বোলে?

উত্তৰঃ- যিজনে অকলে দহ হাজাৰ ধৰ্নুধাৰীৰ সতে যুঁজ কৰে তেওঁকে মহাৰথী বোলে। অর্থাৎ পৰাক্ৰমী যুঁজাৰুজনেই হ'ল মহাৰথী। 


12. কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম কি? 

উত্তৰঃ- কৌৰৱৰ বিশিষ্ট্য সেনাপতিসকলৰ নাম হ'ল- গুৰু দ্ৰোণাচার্য, পিতামহ ভীষ্ম, কৃপ, কর্ণ, অশ্বত্থামা, বিকর্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা আদি।


13. ভট্টদেৱে কবিৰত্ব আৰু ভাগৱত ভট্টাচার্য উপাধি কিয় লাভ কৰে? HS-2018

উত্তৰঃ- ভাগৱতত বিশেষ ব্যুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য উপাধি লাভ কৰে।


14. অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? 

উত্তৰঃ- অর্জুনে দুয়োপক্ষৰ সেনানীক চাবলৈ শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল। অর্জুনে অন্তিমবাৰৰ বাবে তেওঁৰ পক্ষ লৈ কোন কোন মহাৰথী আহিছে আৰু দুর্মতি দুর্যোধনৰ পক্ষত কোন কোন আহিছে তাক চাব বিচাৰিছিল। 


15. ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। HS-2017

উত্তৰঃ- ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য হ'ল— 

(১) ভট্টদেৱৰ গদ্যত তত্বগধুৰ কথা ৰচনাৰ আৰ্হি দেখিবলৈ পোৱা যায়। 

(২) ছন্দৰীতিৰ কিছু লক্ষণ বিদ্যমান।


16. আততায়ী কাক বোলে? HS-2019

উত্তৰঃ- যিজনে বিয় দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সর্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভার্যাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুদ্ধ দিয়ে- এই ছয় দোষৰ দোষীকে আততায়ী বোলা হয়।


17. কুলক্ষয় দোষ কি? HS-2017 

উত্তৰঃ- কুলমানে হৈছে বংশ বা জাতি। যি দোষত কুলধর্ম নষ্ট হয়, সেয়াই কুলক্ষয় দোষ। অর্থাৎ যেতিয়া নিজৰ সুখৰ বাবে নিজ বংশৰ মানুহক হত্যা বা বধ কৰা যায় তেনে দোষকেই কুলক্ষয় দোষ বুলি কোৱা হয়।


18. '-এই ছয় দোষত আততায়ী'- কৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল?

উত্তৰঃ- যিজনে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভার্যাক তাপকাৰ কৰে, অস্ত্ৰ লৈ যুঁজ দিয়ে, এই ছয় দোষৰ দোষীকে আততায়ী বোলো। 

এই ছয় দোষতে কৌৰৱসকল আততায়ী হৈছিল।


19. অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? HS-2018

উত্তৰঃ- কৌৰৱ আৰু পাণ্ডৱ সকলে ধর্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ কৰাৰ মানসেৰে উপস্থিত হয়। দুয়োপক্ষৰ সুনিপুণ যোদ্ধা, বিশাল সেনাবাহিনী আৰু ৰথী-মহাৰথীয়ে একত্ৰিত হয়। অৰ্জুন কৌৰৱ সেনানী দেখি তেওঁৰ ৰথৰ সাৰথি কৃষ্ণক ৰথখন দুয়োপক্ষৰ মাজত ৰখাবলৈ নির্দেশ দিছিল। কিয়নো অৰ্জুন কাৰ লগত যুদ্ধ কৰিব লাগিব জানিব বিচাৰিছিল। দুবুদ্ধিত দুর্যোধনক ভাল লগাবলৈ যিসকল সেনানী যুদ্ধ কৰিবলৈ আহিছে তেওঁলোকক এবাৰ ভালকৈ চাই ল'বৰ বাবে উভয় সেনাৰ মাজত বৃথা ৰাখিবলৈ কৈছিল।


20. কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম, যুধিষ্ঠিৰ, নকুল আৰু সহদেৱে বজোৱা শংখকেইটাৰ নাম লিখা। HS-2017, 2020 

উত্তৰঃ- শ্ৰীকৃষ্ণই বজোৱা শঙ্খটোৰ নাম হ'ল- পাঞ্চজন্য। 

অৰ্জুনে বজোৱা শঙ্খটোৰ নাম হ'ল- দেৱদত্ত। 

ভীমে বজোৱা শঙ্খটোৰ নাম হ'ল-পৌণ্ড্ৰক। 

যুধিষ্ঠিৰে বজোৱা শঙ্খটোৰ নাম হ'ল-অনন্ত। 

নকুলে বজোৱা শঙ্খটোৰ নাম হ'ল-সুঘোষ। 

সহদেৱে বজোৱা শঙ্খটোৰ নাম হ'ল-মণিপুষ্পক। 


21. "জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা.........।"

এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। 

উত্তৰঃ- "জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা........।" এইদৰে সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগত কৈছিল।

অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ সকলো আত্মীয় স্বজনক দেখি হতাশাত ভাঙি পৰিছিল। সেয়েহে অর্জুনে কৃষ্ণৰ আগত ব্যক্ত কৰিলে যে আত্মীয় স্বজনক বধ কৰি তেওঁক ৰাজ্য নালাগে। অর্জনে এই কথাষাৰ কৈ ৰথৰ ওপৰতে বহি পৰিল।


22. অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি কৈছিল তোমাৰ নিজৰ কথাৰে লিখা। 

উত্তৰঃ- অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ আত্মীয়ক দেখা পালে যুদ্ধ ক্ষেত্ৰত অর্জুনে আত্মীয় স্বজনক দেখি হতাশ হৈ পৰিছিল। অর্জুনে ভাবিলে আত্মীয় স্বজনক হত্যা কৰি ৰাজ্য লাভ কৰাৰ ইচ্ছা তেওঁৰ নাই। অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ যুদ্ধত অৱশ হৈ পৰিছিল আৰু অৰ্জুনৰ গাৰ নোম শিঁয়ৰি উঠিছিল আৰু হাতভৰি থৰ থৰকৈ কঁপি উঠিছিল। অৰ্জুন ৰথৰ ওপৰত থিয় হৈ থাকিব নোৱাৰিছিল।

অৰ্জুন শ্ৰীকৃষ্ণক অনুৰোধ কৰি কৈছে যে তেওঁ এই যুদ্ধত বিজয় হোৱাটো নিবিচাৰে। ৰাজ্য লাভ কৰাৰ ইচ্ছাও নাই। যিসকলৰ পৰা ৰাজ্য বা সুখ ভোগ কামনা কৰিছে সেই সকল অৰ্জুনৰ শ্ৰদ্ধাৰ আচার্য, পিতামহ, পিতৃব্য আৰু মোমায়েক, শহুৰ-নাতিয়েক, সকলো আত্মীয়। তেওঁক যদি ত্ৰৈলোক্য ৰাজ্যৰ অধিপতি হ'বলৈ দিয়া হয় তথাপিও তেওঁ সেই সুখ নিবিচাৰে। প্ৰয়োজন হ'লে কৌৰৱৰ পক্ষীয় সেনাই তেওঁক মাৰি পেলাওক তথাপি অৰ্জুনে নিজৰ আত্মীয় স্বজন তথা দ্ৰৌণাচার্যৰ দৰে গুৰু আৰু ভীষ্মৰ দৰে পিতামহক বধ কৰি ৰাজ্য দখল কৰিবলৈ তেওঁৰ মনে কেতিয়াও নিবিচাৰে বুলি শ্ৰীকৃষ্ণক কৈছিল।


23. কুলক্ষয় দোয়ক কিয় মহাপাপ বোলা হৈছে?

উত্তৰঃ- কুলক্ষয় দোষক মহাপাপ বোলাৰ কাৰণ হৈছে- কুলক্ষয় হ'লে কুলধর্ম নষ্ট হয়। ধর্ম নষ্ট হ'লে অধর্মই বিয়পি পৰে, আৰু অধৰ্মৰ প্ৰাদূৰর্ভাৱ হ'লে কুলৰ বংশধৰ সকল দুষ্ট চৰিত্ৰৰ হয়। সেই বংশৰ বংশধৰ সকল নৰকলৈ যায়। সেয়ে কুলক্ষয় দোষক মহাপাপ বোলা হয়।

কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ কুৰুক্ষেত্ৰত হৈছিল। আত্মীয় স্বজন সকলোবোৰক অৰ্জুন সেই যুদ্ধত দেখা পালে। সেয়েহে শ্ৰীকৃষ্ণক ৰথখন দুয়োপক্ষৰ মাজত ৰাখিবলৈ ক'লে। অর্জুনে শ্ৰীকৃষ্ণক কৈছিল যে আত্মীয় স্বজনক বধ কৰি যুদ্ধত জয়ী হৈ ৰাজ্য লাভ কৰিবলৈ তেওঁ নিবিচাৰে। ইয়াৰ বিনিময়ত যদি অর্জুনক ত্ৰৈলোক্য ৰাজ্যৰ অধিপতি কৰিব বিচাৰে তেতিয়াও তেওঁ আত্মীয়সকলক বধ কৰিব নোৱাৰে। অৰ্জুনে যদি এনে দুষ্কার্য কৰে তেন্তে তেওঁ কুলক্ষয় পাপত ভূগিব লাগিব। যিসকলৰ কুলধর্ম বিনষ্ট হয়, তেওঁলোক চিৰকাল নৰকত বাস কৰে। সেই কাৰণে কুলক্ষয় দোষ মহাপাপ।


24. অর্থ লিখাঃ-

অগ্ৰগনী= মুখ্য, প্ৰধান

অক্ষৌহিনী= এক অক্ষৌহিনীত ২১,৮৭০ ৰথ আৰু হাতী, ৬৫,৬১০ ঘোঁৰা আৰু ১,০৯,৩৫০ পদাতিক বীৰ থাকে

জলাঞ্জলিহীন= যাৰ উদ্দেশ্য তৰ্পণ কৰা নহয়

পিতৃব্য= পিতৃৰ ভাই, খুড়া, সম্পর্কীয় বয়সীয়া পুৰুষ 

বৰ্ণসঙ্কৰ= ভিন ভিন জাতিৰ স্ত্ৰীপুৰুষৰ মিলনত জন্মা সন্তান

হয়= ঘোঁৰা, 

পূৰি= পূৰ্ণ কৰি 

নিবৃত্তি= বিৰতি 

ধানুকী= ধনুৰ্দ্ধৰ বীৰ 

নয়= নহয়

হৃষীকেশ= ইন্দ্ৰিয়ৰ গৰাকী।


 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »