-->

বিয়াৰ প্ৰেজেণ্ট | Biyar Present

বিয়াৰ প্ৰেজেণ্ট | Biyar Present  

চৈয়দ আব্দুল মালিক


1. কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ-'অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল৷


2. চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা৷

উত্তৰঃ-চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী -'মাজত মাথোঁ হিমালয়’৷


3. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?

উত্তৰঃ-জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম-'ৰূপতীৰ্থৰ যাত্ৰী'৷


4. 'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?

উত্তৰঃ-'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম বিনীতা৷


5. চৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত?

উত্তৰঃ-চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনত৷


6. চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?

উত্তৰঃ-চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম-'পৰশমণি’৷


7. চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম লিখা৷

উত্তৰঃ-চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম- ৰথৰ চকৰি ঘূৰে, সূৰুযমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰ তনু ভাল, অঘৰী আত্মাৰ কাহিনী আদি৷


8. চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলনৰ নাম লিখা৷

উত্তৰঃ-চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলন- এজনী নতুন ছোৱালী, ৰঙাগড়া, প্ৰাণাধিকা, মৰম মৰম লাগে আদি৷


9. চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ-চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম- অসমীয়া জিকিৰ আৰু জাৰি, আজান ফকীৰ আৰু সুৰীয়া জিকিৰ, চুফী আৰু চুফীবাদ আদি৷


10. চৈয়দ আব্দুল মালিকে কিমান চনত "চোভিয়েট দেশ নেহৰু বঁটা" লাভ কৰিছিল?

উত্তৰঃ-চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত "চোভিয়েট দেশ নেহৰু বঁটা" লাভ কৰিছিল৷


11. চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ-চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল৷


12. চৈয়দ আব্দুল মালিকৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ-চৈয়দ আব্দুল মালিকৰ মৃত্যু 2000  চনত হৈছিল৷


13. "তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-'আমাৰ তাৰে নোহোৱানে’?" -কোনে কাক কথাষাৰ সুধিছিল?

উত্তৰঃ-"তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-'আমাৰ তাৰে নোহোৱানে’?" -এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল৷


14. নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?

উত্তৰঃ-নাজিয়াই সম্পৰ্কীয় মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটায়াৰ্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল৷


15. নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?

উত্তৰঃ-কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক হস্পিতালত আছিল৷ চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিতালত ৰখিবলৈ নাজিয়া হস্পিতালত যাব লগা হৈছিল৷


16. কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰপৰা পইচা পালে?

উত্তৰঃ-কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ নাজিয়াৰপৰা পইচা পালে৷


17. "আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব" -'আমাৰ দুজন' বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?

উত্তৰঃ-"আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব" -'আমাৰ দুজন' বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে৷


18. কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?

উত্তৰঃ-নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে৷


19. নাছিয়াই বিয়ালৈ কিয় অকলে গৈছিল?

উত্তৰঃ-নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল৷ কিন্তু আৰ্থিক অনাটনৰ বাবে অকল নাজিয়াই হে যাব পাৰিলে৷কিয়নো- ৰিক্সা ভাড়া,বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত থকা দুশ টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহয়৷


20. কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?

উত্তৰঃ-নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে৷তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল৷


21. বিনীতাৰ অপাৰেচন কেনেকৈ ততাতৈয়াকৈ হৈ গ’ল বৰ্ণনা কৰা?

উত্তৰঃ-নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল৷টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে৷যথাসময়ত বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল৷


22. 'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা৷

উত্তৰঃ-আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়োৱাটোৱে হ’ল প্ৰকৃত মানৱতাবোধ৷ 'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত এই মানৱতাবোধ সুন্দৰভাৱে প্ৰকাশ পাইছে৷ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল৷টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে৷ যথাসময়ত বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল৷


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »