-->

ধনবৰ আৰু ৰতনী | Dhanbar aru Ratani

 ধনবৰ আৰু ৰতনী 

Dhanbar aru Ratani


1. লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ-মোৰ জীৱন সোঁৱৰণ৷


2. লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা৷

উত্তৰঃ-কদমকলি৷


3. 'বাঁহী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱা৷


4. অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ-অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়৷


5. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা৷

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম- সুৰভি৷


6. লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা৷

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি৷


7. লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা৷

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি, কেহোঁকলি৷


8. লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা৷

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম- বুঢ়ী আইৰ সাধু,জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা৷


9. লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা৷

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত  জীৱন চৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ৷


10. লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা৷

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্ৰীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা৷


11. লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিৱেশন ক’ত হৈছিল?

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল৷


12. মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

উত্তৰঃ-মালিতা হৈছে আখ্যানমূলক গীত৷ ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয়৷


13. ধনবৰ আৰু ৰতনী কোন?

উত্তৰঃ-ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত৷


14. " বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক" - বুলি কোনে কিয় কৈছে?

উত্তৰঃ-উক্ত কথাষাৰৰ বক্ত্বা ধনবৰ৷ তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি জীয়াই থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত বিলাপ কৰিছে৷


15. " ৰতনীক তুলিলে মাকে বাপেকে

  ধনাইৰ কাল শতৰু কৰি"

- ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?

উত্তৰঃ-ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ  মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল৷ সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে দান দিছিল৷ সেই বাবেই ৰতনীক ধনবৰৰ কাল শতৰু বুলি কোৱা হৈছে৷


16. "পাৰতে কান্দিছে ধনবৰ দুখীয়া" - ধনবৰে কিয় কান্দিছে?

উত্তৰঃ-এবাৰ মাক বাপেকৰ সৈতে ধনশিৰিমুখৰ ৰতনী কিছুদিন ধনবৰ হঁতৰ ঘৰত আছিলগৈ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷তেওঁলোকৰ প্ৰেমৰ কথা গম পাই ৰতনীক মাক-বাপেকে লৈ গ’ল৷ ইফালে ৰতনীৰ বিৰহত ধনবৰ ভাগি পৰিল৷ ব্যৰ্থ প্ৰেমৰ বুজা সহিব নোৱাৰি ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত কান্দিবলৈ ধৰিলে৷


17. ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা৷

উত্তৰঃ-'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা৷ মালিতাটোৰ মাজেৰে ধনবৰৰ কাৰুণ্যতা প্ৰকাশ পাইছে৷ ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই  ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল৷ ধনবৰ ভাগি পৰিল৷সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা৷মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ৷কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে৷ যাৰ  বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে৷


18. 'ধনবৰ আৰু ৰতনী' কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা৷

উত্তৰঃ-লক্ষ্মীনাথ বেজবৰুৱাৰ 'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা৷ এই মালিতাত ধনবৰ আৰু ৰতনী নামৰ প্ৰেমিক-প্ৰেমিকাহালৰ অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত৷ মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে৷ এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ উভতি গ’ল৷ ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে৷ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল৷ ৰতনীৰ অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল৷ সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল৷ ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল৷


19. 'ধনবৰ আৰু ৰতনী' কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?

উত্তৰঃ-'ধনবৰ আৰু ৰতনী' কবিতাটোৰ মাজেৰে ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ ভাষ্য প্ৰকাশ পাইছে৷ ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিছিল৷ কিন্তু ৰতনী যেতিয়া ধনবৰহঁতৰ ঘৰ এৰি গুছি গৈছিল তেতিয়া ধনবৰৰ মনত আঘাত লাগিছিল৷ সি ৰতনীৰ বিৰহত ব্ৰহ্মপুত্ৰৰ পাৰত বিলপ কৰিবলৈ ধৰিলে৷ বুকুৰ মাধুৰী লৈ উজাই অহা ৰতনীয়ে যাবৰ পৰত শাহটো সামৰি ধনবৰলৈ খোলাটো এৰি গ’ল বুলি ধনৰে বিলাপ কৰিছ৷ৰতনীৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতো পিতৃ মাতৃক মনাব নোৱাৰা ধনবৰে কেনেকৈ জীয়াই থাকে বুলি প্ৰশ্ন কৰিছে৷ ধনবৰৰ বুকু শুদা কৰি মাক-বাপেকৰ সৈতে ঘূৰি যোৱা ৰতনীক কালশতৰু বুলি অভিহিত কৰিছে আৰু কবিতাটোৰ শেষৰ ফালে "যাগে ৰতনী! নাহিবি নাহিবি, বিচাৰি নাহিবি মোক৷" বুলি ৰতনীৰ প্ৰতি গভীৰ অভিমান প্ৰকাশ কৰিছে৷


20. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,

  বালিতে উৰিল ঐ ঘোঁৰা,

সেন্দূৰী টিঙতে বহি উটি গ’লে

ৰতনী ধনাইৰি পৰা৷

উত্তৰঃ-উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে৷

ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে৷

ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই  ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল৷ ধনবৰ ভাগি পৰিল৷ সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা৷মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে৷ যাৰ  বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে৷ ধনবৰৰ বিলাপত ৰতনীৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ পাইছে৷


খ) ফুটুকাৰ তলতে যখিনী ছোৱালী৷

টুকটুক চাপৰি বায়

ধনাইৰ ছাঁতে ৰতনী নাই ঐ

কোনে তাৰ মুখলৈ  চায়৷

উত্তৰঃ-উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে৷

   ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে৷

অসমীয়া ৰূপকথাৰ যখিনী ছোৱালীৰ উল্লেখেৰে কবিয়ে পংক্তিটোত এক চহা ৰূপ দান কৰিছে৷ ৰতনীৰ বিৰহত কাতৰ হৈ পৰা ধনবৰে লুইতৰ পাৰত ৰৈ ৰৈ বিলাপ কৰিছে৷ ৰতনীৰ অবিহনে তাৰ জীৱন বৃথা যেন অনুভৱ হৈছে৷ ৰতনীকে মনে প্ৰাণে ভালপোৱাৰ পিছত ৰতনীয়ে দিয়া বুকুভঙা বেদনাক কবিয়ে লোক সংগীতৰ সুৰেৰে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে৷


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »