-->

অসমত ব্রিটিছ প্ৰশাসনৰ আৰম্ভণি । Beginning of Company's rule in Assam

 অসমত ব্রিটিছ প্ৰশাসনৰ আৰম্ভণি
Beginning of Company's rule in Assam



শুদ্ধ উত্তৰটো বাছি উলিওৱা
1. অসমৰ শেষ আহোম ৰজা আছিল চন্দ্রকান্ত সিংহ/পুৰন্দৰ সিংহ/যোগেশ্বৰ সিংহ।

উত্তৰঃ- চন্দ্রকান্ত সিংহ।

2. ডেভিদ স্কটৰ মৃত্যু হৈছিল— ১৮৩১ চনত/১৮২৬ চনত/১৯৮৭ চনত।
উত্তৰঃ- ১৮৩১ চনত।

3. ব্রিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্র সিংহ/গোবিন্দ চন্দ্র/তিৰৎ সিঙক চিলেটলৈ নির্বাসন দিছিল।
উত্তৰঃ- ৰাজেন্দ্র সিংহ।  

4. তিৰৎ সিংহ খাচী/মনিপুৰী/জয়ন্তীয়া দেশপ্রেমিক আছিল।
উত্তৰঃ- তিৰৎ সিংহ খাচী দেশপ্রেমিক আছিল।

5. গোবিন্দ চন্দ্র কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰঃ- গোবিন্দ চন্দ্র কাছাৰ ৰাজ্যৰ ৰজা আছিল।

6. ডেভিড স্কটৰ পৰৱর্তী কমিছনাৰ কোন আছিল?
উত্তৰঃ- ৰবাৰ্টচন।

7. প্রশাসনিক সুবিধাৰ বাবে ডেভিড স্কটে অসমক কি কি ভাগত ভাগ কৰিছিল?
উত্তৰঃ- উজনি আৰু নামনি অসম নামেৰে দুটা খণ্ডত ভাগ কৰিছিল।

8. ডেভিড স্কট কোন আছিল?
উত্তৰঃ- এজন বিচক্ষণ ইংৰাজ প্রশাসক আছিল।

9. গা-ধন আৰু গা-মাটি কি?
উত্তৰঃ- নামনি অসমত প্ৰতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা ২ টকাকৈ খাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা-মাটি আৰু খাজনাখিনিক গা-ধন বোলা হৈছিল।

9. জেনকিন্সৰ পৰামর্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
উত্তৰঃ- পুৰন্দৰ সিংহই।

10. জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?
উত্তৰঃ- গোৱালপাৰা, দৰং আৰু কামৰূপ।

11. ব্রিটিছে কাক পঞ্চাশটকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
উত্তৰঃ- গোবিন্দ চন্দ্রক।

12. ব্রিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া কোন আছিল?
উত্তৰঃ- গোমধৰ কোঁৱৰ।

13. আহোম ৰাজবংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ- চ্যুকাফা।

14. আহোম ৰাজত্বৰ কেতিয়া পৰিসমাপ্তি ঘটে?
উত্তৰঃ- মানৰ অসম আক্ৰমণৰ পাছত।

15. ডেভিড স্কটৰ সময়ত নগাওঁ আৰু ৰহাৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব কাৰ আছিল?
উত্তৰঃ- আৰাধন ৰয় আৰু লতা পানী ফুকনৰ আছিল।

16. প্রথম ইঙ্গ-বার্মা যুদ্ধ কেইখন ৰণাংগনত সংঘটিত হৈছিল?
উত্তৰঃ- চাৰিখন।

17. পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়াক কেতিয়া আৰু ক'ত ফাঁচী দিয়া হয়?
উত্তৰঃ- ১৮৩০ খ্রীষ্টাব্দৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত।

18. ৰবার্টচনৰ আগৰ ব্রিটিছ প্রশাসকজনৰ নাম কি?
উত্তৰঃ- ডেভিদ স্কট।

19. গম্ভীৰ সিঙে কাৰ সহযোগত মানসকলক বিতাড়িত কৰিছিল?
উত্তৰঃ- লেফটেনেন্ট পেম্বার্টনৰ সহযোগত মানসকলক বিতাড়িত কৰি মণিপুৰ উদ্ধাৰ কৰিছিল।

20. জেনকিন্সে কোনখন আলোচনীত অসম সম্বন্ধে প্রবন্ধ লিখিছিল?
উত্তৰঃ- 'এছিয়াটিক ছ'চাইটি অৱ বেঙ্গল'।

21. ৰবাৰ্টচনৰ সংস্কাৰসমূহৰ ভাগ কেইটা কি কি?
উত্তৰঃ- ৰবাৰ্টচনৰ সংস্কাৰসমূহক তিনিটা ভাগত ভগাব পাৰি-
(১) ৰাজহ সংস্কাৰ
(২) প্রশাসনিক সংস্কাৰ আৰু
(৩) বিচাৰ বিভাগীয় সংস্কাৰ।

22. অসমত ব্রিটিছ বিৰোধী বিদ্রোহ সংঘটিত হোৱাৰ যিকোনো তিনিটা কাৰণ লিখা।
উত্তৰঃ- অসমত ব্রিটিছ বিৰোধী বিদ্রোহ সংঘটিত হোৱাৰ তিনিটা কাৰণ হ'ল—
(১) প্রথমে ব্রিটিছে আহোম ডাঙৰীয়া শ্ৰেণীৰ কিছু লোকক বিষয়া বাব আৰু পেন্সন দি তোষণ কৰিব বিচাৰিছিল। কিন্তু সকলো আহোম ডাঙৰীয়াই এইবোৰ সুবিধা বিশেষকৈ পেন্সন নোপোৱাত অসন্তুষ্ট হৈ পৰিছিল।
(২) পূর্বৰ খাত-পাম হেৰুৱায় আৰু কর্ম সংস্থান হেৰুৱাই আর্থিকভাৱেও তেওঁলোক জুৰুলা হৈ পৰিছিল।
(৩) ইংৰাজ শাসনৰ লগত অভ্যস্ত তথা প্ৰশাসনীয় কামত দক্ষ বংগদেশৰ লোকক চৰকাৰে নিযুক্তি দিয়াত সম্ভ্ৰন্ত শ্রেণীতে বিতুষ্ট হৈ পৰিছিল।

23. ডেভিড স্কটৰ ৰাজহ নীতি কেনে আছিল?
উত্তৰঃ- স্কটৰ প্ৰশাসনকালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল। নামনি অসমত আগৰ দৰেই একোজন চৌধুৰীৰ পৰিচালনাৰ একেটা পৰগনা (ৰাজহ অঞ্চল) ৰখা হ'ল। চিৰস্তদাৰ, তহবিলদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি খাজনা সংগ্রহকাৰী কৰ্মচাৰী নিয়োগ কৰা হয়। নগাঁও আৰু ৰহা অঞ্চলক সামৰি কৰ আদায়ৰ কাৰণে এটা বেলেগ গোট তৈয়াৰ কৰা হৈছিল। এই গোটটো গুৱাহাটীৰ অধীনত ৰখা হৈছিল। ডেভিড স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ হৈছিল। কেপ্তেইন মেথিউজৰ তত্বাৱধানত এই কার্য সমাধা হৈছিল। মাটিসমূহ বস্তী অঞ্চল, ৰুপিত তথা শালিখেত অঞ্চল, ফৰিঙতি তথা আহু ধান, সৰিয়হ খেতি প্রধান আদি অঞ্চলত ভাগ কৰা হৈছিল। নতুন কৰৰ পদ্ধতি কার্যত পৰিণত হওঁতে কোনো ঠাইত বেছি আৰু কোনো ঠাইত কম সময় লাগিছিল। আফিং খেতি কৰা মাটিত অধিক পৰিমাণৰ কৰ ধার্য কৰা হৈছিল। স্কটে কোম্পানীক জনাইছিল যে নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্রতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা ২ টকাকৈ খাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা-মাটি আৰু খাজনাখিনিক গা-ধন বোলা হৈছিল। ইয়াৰ উপৰি প্ৰত্যেকজন মানুহে জনমুৰি কৰ দিব লগা হৈছিল। এই কৰ কামৰূপত 'পাইক কৰ' দৰঙত 'জুহাল কৰ' বা 'চৰু কৰ' বোলা হৈছিল।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »