-->

গিবন । Gibon

গিবন

১। এডৱাৰ্ড গিবন কোন আছিল?

উত্তৰঃ- এডৱাৰ্ড গিবন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক আছিল৷

২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা৷

উত্তৰঃ- এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফোৰ্ডৰ মেগডালেন কলেজ৷

৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা৷

উত্তৰঃ- এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম -"The History of the Decline and Fall of the Roman Empire" 

৪। শ্বপেনহাৱাৰ কোন?

উত্তৰঃ- শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক৷



৫। 'আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন?

উত্তৰঃ- 'আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক লৰেঞ্চ ডাৰেল৷


 চমু প্ৰশ্ন (মূল্যাংক ২/৩) 

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা৷

উত্তৰঃ- জন মিল্টন ১৬০৮-১৬৭৪ শতিকাৰ কবি আছিল৷ তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম 'পেৰাডাইজ লষ্ট’৷


২। দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ- দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম- ' The Social Contract' আৰু ' Confession' 



৩। গিবনৰ সম্পূৰ্ণ নামটো কি?তেওঁ কোন শতিকাৰ লেখক?

উত্তৰঃ- গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন৷ তেওঁ ১৭৩৭-১৭৯৪ শতিকাৰ লেখক৷

৪। 'Age of Reason' নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ- 'Age of Reason' নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল৷


৫। যৌৱনকালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰঃ- যৌৱনকালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল৷


দীঘল প্ৰশ্ন  

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া৷

উত্তৰঃ- এডৱাৰ্ড গিবনৰ জন্ম হয় ১৭৩৭ চনত,ইংলেণ্ডত৷ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয়৷তেওঁৰ অমৰ কীৰ্তি হ’ল- "The History of the Decline and Fall of the Roman Empire"৷ শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবেও তেও বিখ্যাত৷ ১৭৯৪ চনত গিবনৰ মৃত্যু হয়৷



২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা৷

উত্তৰঃ- গিবনৰ বিখ্যাত ৰচনা "The History of the Decline and Fall of the Roman Empire" ত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বৰ্ণনা কৰা হৈছে৷ সাতটা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিনেছৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌদ্ধটা শতাব্দী সামৰি লৈছে৷ গিবনৰ যাদুকৰী লিখনিৰ স্পৰ্শত অসংখ্য চৰিত্ৰ আৰু অজস্ৰ যুগান্তকাৰী ঘটনা জীৱন্ত হৈ উঠিছে৷ ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়’ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান,ইউৰোপত জাতীয় ৰাষ্ট্ৰগঠনৰ আৰম্ভণি আদি পৃথিৱী তোলপাৰ লগোৱা অজস্ৰ ঘটনা - প্ৰবাহৰ ব্যাখ্যাই গিবনৰ গ্ৰন্থখনিত প্ৰাণ পাই উঠিছে৷ এই গ্ৰন্থখন অভ্ৰভেদী গ্ৰীক মন্দিৰৰ দৰে ৷



৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা৷

উত্তৰঃ- পোন্ধৰ বছৰ বয়সত গিবনঅক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হয়৷ক’বলৈ গ’লে ছাত্ৰ অৱস্থাত অতি সাধাৰণ ল’ৰা আছিল৷ জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অৱস্থা তেতিয়া তেনেই শোচনীয়৷ পঢ়া-শুনা বিশেষ নহয় বুলিয়েই ক’ব পাৰি৷অধ্যাপক সকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল৷ অক্সফোৰ্ডত পঢ়ি থাকোঁতেই তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হ’বলৈ মন মেলিলে৷ তেওঁৰ মতি গতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰপৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে৷ সেইসময়ত লুছান ফৰাছী প্ৰভাৱাধীন আছিল৷ সমগ্ৰ ইউৰোপীয় মানসত তেতিয়া টমাছ পেইনৰ The Age of Reason - ৰ ভাৱ-তৰংগৰদ্বাৰা উদ্বেলিত৷গিবনকো এই প্ৰভাৱে গ্ৰাস কৰিলে,যাৰ ফলত তেওঁ কেথলিক হ’ব খোজা মানুহজন সংশয়বাদীত পৰিণত হ’ল৷ফলস্বৰূপে তেওঁ "The History of the Decline and Fall of the Roman Empire" গ্ৰন্থ লিখি উলিয়ালে৷



৪। চমু টোকা লিখা । 

ক) শ্বপেনহাৱাৰ, খ)ভলতেয়াৰ

উত্তৰঃ-

ক) শ্বপেনহাৱাৰ- এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক (১৭৮৮-১৮৬০)৷ তেওঁ নান্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনি সমূহ ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল৷ "The World as Will and Representation" তেওঁৰ বিখ্যাত ৰচনা৷


খ) ভলতেয়াৰঃ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ বিখ্যাত লেখক-দাৰ্শনিক৷ তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ৷ সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ৷ 'কান্দিদ’ তেওঁৰ দ্বাৰা ব্যংগাত্মক উপন্যাস৷ তেওঁ ফৰাছী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী৷



৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ "যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে৷"  

উত্তৰঃ- উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তগৰ্ত হোমেন বৰগোহাঞিৰ ৰচিত 'গিবন' পাঠটোৰ পৰা তুলি দিয়া হৈছে৷

    এগৰাকী লেখকে তেওঁৰ সাধনাত মহৎ গ্ৰন্থ এখন লিখি উলিওৱাৰ পিছত বুকুত যি শূন্যতা অনুভৱ কৰে তাকে উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে৷


      গিবনৰ জীৱনৰ সোতৰটা বছৰৰ,জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰবোৰৰ একমাত্ৰ ধ্যান-জ্ঞান আছিল "The History of the Decline and Fall of the Roman Empire"৷ ১৭৮৭ চনৰ ২৭ জুনৰ দিনা গিবনে তেওঁৰ ফুলনিত বহি ৰাতি ১১/১২ মান বজাত যেতিয়া গ্ৰন্থখনৰ শেষ পৃষ্ঠা লিখি উলিয়ালে এক বিপুল আনন্দই গিবনৰ মন ভৰাই তুলিলে," স্বাধীনতা ঘূৰাই পোৱাৰ আনন্দ...লগতে যশস্যাৰ ভেটি প্ৰতিষ্ঠা কৰাৰ আনন্দ৷ কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনলৈ বিষাদৰ ছাঁ নামি আহিল৷ অতীতৰ বুকুৱেদি যি দীঘল বাট অতিক্ৰম কৰিলে আৰু ভৱিষ্যতৰ বুকুলৈ তেওঁৰ গ্ৰন্থখনে যি দীঘলীয়া ভ্ৰমণ অতিক্ৰম কৰিব,তাৰ মাজৰ সময়ছোৱা তেওঁৰ অৰ্থশূন্য, ক্ষণস্থায়ী যেন অনুভৱ হৈছিল৷ গ্ৰন্থখন তেওঁৰ প্ৰিয় লগৰী আছিল, চিৰকাললৈ প্ৰিয় সংগীক বিদায় দিয়াৰ শোকে গিবনক খুলি খুলি খাইছিল৷ সেয়েহে কোৱা হৈছে, "যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে৷"

Previous
Next Post »