-->

বায়ুমণ্ডলঃ গঠন আৰু বায়ুৰ চাপ আৰু বায়ুপ্রবাহ । Atmosphere : Pressure Belts and Wind system

বায়ুমণ্ডলঃ গঠন আৰু বায়ুৰ চাপ আৰু বায়ুপ্রবাহ

Atmosphere : Pressure Belts and Wind system


শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
1. অ'জন গেছৰ স্তৰটো ক'ত অৱস্থিত?
(ক) ট্ৰপ'স্ফিয়েৰ     (খ) স্ট্রেট স্ফিয়েৰ
(গ) মেছস্ফিয়েৰ    (ঘ) থার্ম স্ফিয়েব
উত্তৰঃ- (খ) ষ্ট্রেট স্ফিয়েৰ।

2. প্রাচ্যৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হ'ল-
(ক) চাইক্ল'ন         (খ) হাৰিকেন
(গ) উইলী উইলী    (ঘ) টাইফুন
উত্তৰঃ- (ঘ) টাইফুন।

3. বায়ুপ্রবাহৰ মূল কাৰণটো হ'ল–
(ক) আদ্রর্তাৰ তাৰতম্য    (খ) চাপৰ তাৰতম্য
(গ) মাধ্যাকর্ষণ শক্তি    (ঘ) অপকেন্দ্রিক বল
উত্তৰঃ- (খ) চাপৰ তাৰতম্য।

4. বতাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ'ল-
(ক) উইণ্ড ভেন    (খ) এনিম'মিটাৰ
(গ) বিউফ'র্ট স্কেল    (ঘ) হাইড্র'মিটাৰ
উত্তৰঃ- (খ) এনিম'মিটাৰ।

5. বতাহৰ গতিবেগৰ এককটো হ'ল-
(ক) নট        (খ) মিলিবাৰ
(গ) শতাংশ        (ঘ) ডিগ্রী
উত্তৰঃ- (ক) নট।  

6. মৌচুমী বতাহ তলৰ কোন শ্রেণীৰ অন্তৰ্গত-
(ক) স্থানীয় বতাহ    (খ) প্রাথমিক বতাহ
(গ) গৌণ বতাহ    (ঘ) নিয়মিত বতাহ
উত্তৰঃ- (গ) গৌণ বতাহ।

7. প্রাথমিক বায়ু প্রবাহৰ দুবিধ উদাহৰণ দিয়া।
উত্তৰঃ- (১) বাণিজ্য বতাহ আৰু
(২) পছোৱা বতাহ।

8. বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি?
উত্তৰঃ- বতাহৰ গতিবেগ বিভিন্ন উপায়েৰে নিৰ্ধাৰণ কৰি পাৰি।
    এখন ঠাইৰ বতাহৰ দিশ ডাৱৰ, ধোৱা, পানীৰ ঢৌ, গছ-গছনি আদিৰ দ্বাৰা লক্ষ্য কৰিব পাৰি।
বতাহৰ গতিবেগৰ এককবোৰ হ'ল—
(১) উইণ্ড ভেন। (২) এনিম’মিটাৰ।
(৩) এনিম’গ্রাফ। (৪) বিউফট স্কেল। (৫) নট।

9. অপকেন্দ্রিক শক্তি বুলিলে কি বুজা?
উত্তৰঃ- পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্রয় কৰি ঘূৰি থকাৰ (আৱর্তন গতি) বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বোলা হয়। এই অপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে।

10. মৌচুমী বায়ু কোন বতাহৰ অন্তৰ্গত?
উত্তৰঃ- গৌণ বায়ুপ্রবাহৰ অন্তর্গত।

11. মেছ'ছস্ফিয়েৰৰ উলম্ব বিস্তৃতি কিমান?
উত্তৰঃ- ৩০ কিঃমিঃ।

12. হেটেৰ'স্ফিয়েৰৰ একেবাৰে ওপৰৰ গেছীয় তৰপটো কি?
উত্তৰঃ- হেটেৰ'স্ফিয়েৰৰ একেবাৰে ওপৰৰ গেছীয় তৰপটোৰ নাম হ'ল-হাইড্র'জেনৰ তৰপ।

13. বায়ুমণ্ডলত নাইট্র'জেন, অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড গেছে আয়তন হিচাপত কিমান শতাংশ অধিকাৰ কৰি আছে?
উত্তৰঃ- নাইট্র'জেন—৭৮.০৮ শতাংশ।
অক্সি'জেন—২০.৯৪ শতাংশ।
কার্বন-ডাই-অক্সাইড—0.০৩৬ শতাংশ।

14. বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বিস্তৃত?
উত্তৰঃ- ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত।

15. বাতাগ্ৰ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- বাতাগ্ৰ চাৰি প্ৰকাৰৰ- (ক) শীতল বাতাগ্র
(খ) উষ্ণ বাতাগ্র
(গ) অচল বাতাগ্র
(ঘ) অন্তপ্ত বাতাগ্র।

16. কোনে আৰু কেতিয়া পোন প্রথমে 'Anticyclone' শব্দটো ব্যৱহাৰ কৰিছিল? পৃথিৱীৰ দয়োটা গোৰ্লাধৰ ক'ত ইয়াৰ সৃষ্টি হয়।
উত্তৰঃ- বতৰ বিজ্ঞানী ছাৰ ফ্রেঞ্চিচ গেল্টনে পোন প্রথমে ১৮৬১ চনত 'Anticyclone' শব্দটো ব্যৱহাৰ কৰিছিল।
    পৃথিৱীৰ দুয়োটা গোলার্ধৰ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশ অঞ্চলত প্রতীপ ঘূর্ণীবতাহৰ সৃষ্টি হয়।

17. বায়ুমণ্ডলৰ কোনটো স্তৰত বৈদ্যুতিক আধান সম্পন্ন আয়ন কণা আছে?
উত্তৰঃ- থার্মষ্ফিয়েৰত।

18. বায়ুমণ্ডল কাক বোলে? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- পৃথিৱীপৃষ্ঠৰপৰা ওপৰলৈ প্ৰসাৰিত হৈ পৃথিৱীৰ চাৰিওফালে বায়ুৰ যি গেছীয় আৱৰণ আছে তাকে বায়ুমণ্ডল বোলে। অর্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্রই হ'ল বায়ুমণ্ডল।
বায়ুমণ্ডলৰ গঠনঃ- বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্র'জেন আৰু অক্সিজেনৰ প্রাধান্য আটাইতকৈ বেছি বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্র'জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন অন্যান্য গেছবোৰৰ ভিতৰত আর্গন (০.৯৩) শতাংশ কার্বন-ডাই-অক্সাইড (০.০৩৬) শতাংশ আৰু নিয়ন, হিলিয়াম, মিথেন, ক্রিপ্টন, হাইড্র'জেন, অ'জন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪) শতাংশ।

বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ 

19. গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত ভাগ কৰিব পাৰি লগতে স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰঃ- বায়ুমণ্ডলীয় গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ দুটা ভাগত ভগোৱা হৈছে। এটা হ'ল হম'স্ফিয়েৰ আৰু আনটো হ'ল হেটৰ'স্ফিয়েৰ।
হম'স্ফিয়েৰঃ- ভূ-পৃষ্ঠৰ পৰা ৮.০ কি. মি. উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে বাবে এই স্তৰটোক হম'স্ফিয়েৰ বোলে। এই স্তৰটোক উত্তাপৰ ভিত্তিত তিনিটা ভাগত ভগোৱা হৈছে। সেই ভাগকেইটা হ'ল-ট্রপ'স্ফিয়েৰ, ষ্টেট'স্ফিয়েৰ, মেছ'স্ফিয়েৰ, হম'স্ফিয়েৰ আৰু হেটৰ'স্ফিয়েৰৰ মাজৰ সীমাটোক মেছ'পজ বোলে।
হেটৰ'স্ফিয়েৰঃ- মেছ'পজ হ'ল হেটৰ'স্ফিয়েৰৰ তলৰ সীমা। ইয়াৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় উত্তাপৰ মাত্রা দ্রু হাৰত বাঢ়িবলৈ ধৰে। ইয়াৰ ফলতে গেছৰ ৰাসায়নিক গঠন সলনি হয়। এই স্তৰত গেছবোৰে সিহঁতৰ আনৱিক ভৰ অনুসৰি অৱস্থান গ্রহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে। এই তৰপৰোৰ হ'ল- নাইট্র'জেনৰ তৰপ, অক্সিজেনৰ তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্র'জেনৰ তৰপ। নাইট্র'জেনৰ তৰপটো ৮০ কি.মি. পৰা ২০০ কি.মি, উচ্চতালৈ আছে, অক্সিজেনৰ তৰপটো ১১২৫ কি.মি. আৰু হিলিয়ামৰ তৰপ ৩৫৪০ কি.মি. উচ্চতালৈকে আছে। হাইড্র'জেনৰ তৰপটো প্রায় ১০০০০ কি.মি. পর্যন্ত বিয়পি আছে।

20. ঐপস্ফিয়েৰত বতৰৰ ক্রিয়া কলাপ সংঘটিত হয় কিয়? উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত কি কি স্তৰত ভগাব পাৰি? তাৰে দুটা স্তৰৰ বৰ্ণনা দিয়া।
উত্তৰঃ- বায়ুমণ্ডলক উচ্চতা আৰু উত্তাপৰ হ্রাস বৃদ্ধিৰ ভিত্তিত পাঁচটা স্তৰত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হ'ল- (১) ট্ৰপ'স্ফিয়েৰ (২) স্ট্রেট'স্ফিয়েৰ (৩) মেছ'স্ফিয়েৰ (৪) থার্মস্ফিয়েৰ আৰু (৫) এক্স'স্ফিয়েৰ।
ট্রপস্ফিয়েৰঃ- বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হৈছে ট্ৰপ'স্ফিয়েৰ। এইস্তৰটোৰ উচ্চতা বিস্তৃতি সকলো ঠাইতে সমান নহয়। এই স্তৰটোৰ গড় উচ্চতা প্রায় ১২ কিঃমিঃ। এই স্তৰটো ভূ-পৃষ্ঠৰ লগতে লাগি থকাৰ বাবে ইয়াৰ বায়ুত অধিক জলীয়বাষ্প থাকে। সেই কাৰণে এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা আদি সৃষ্টিৰ লগতে বতৰৰ ক্রিয়া-কলাপ সংঘটিত হয়। এই স্তৰৰ উর্ধসীমাটোক ট্রপ'পজ বুলি কোৱা হয়।
ষ্ট্ৰেট'স্ফিয়েৰঃ- এই স্তৰটো ট্ৰপ'স্ফিয়েৰৰ ঠিক ওপৰত থাকে। এই দুয়োটা স্তৰৰ মাজৰ সীমাটোক ট্রপ'পজ বুলি কোৱা হয় এই ট্ৰপ'পজৰ পৰা ওপৰলৈ অর্থাৎ স্ট্রেট'স্ফিয়েৰত বায়ুৰ উচ্চতা ক্রমে বাঢ়ি যোৱা দেখা যায়। এই স্তৰৰ নিম্নভাগত উত্তাপ প্রায় ৬০° ছেণ্টিগ্রেড থাকে আৰু এই উত্তাপ ক্রমে বাঢ়ি গৈ উচভাগত প্রায় ০° ছেণ্টিগ্রেড হয়গৈ। এই ষ্ট্ৰেট'স্ফিয়েতে অ'জন গেছৰ এটা স্তৰ থাকে। এই গেছৰ অণুৱে সূৰ্যৰ পৰা অহা অতি বেঙু্ণীয়া ৰশ্মি শোষণ কৰে তাৰ ফলত ষ্ট্রেট'স্ফিয়েৰত উত্তাপ বাঢ়ে। এই স্তৰৰ উৰ্ধসীমাটোক ষ্ট্ৰেটপ'জ বোলা হয়। এই স্তৰৰ বিস্তৃতি ওপৰলৈ প্রায় ৪০ কি.মি.।

21. বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ- বায়ুমণ্ডলৰ চাপ স্থানভেদে আৰু ঋতুভেদে ভিন্ ভিন্ হোৱা দেখা যায়। বিশেষকৈ বায়ুমণ্ডলৰ উত্তাপ আৰু ভূ-পৃষ্ঠৰ উচ্চতাৰ বাবে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰকবোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে—
বায়ুৰ উষ্ণতাঃ- বায়ুমণ্ডলৰ চাপ উষ্ণতাৰ ওতঃপ্রোত সম্পর্ক আছে। পৃথিৱীপৃষ্ঠৰ তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয়। এইটো প্ৰধানকৈ নিৰ্ভৰ কৰে সূৰ্যৰ ৰশ্মিৰ ওপৰত। অঞ্চলভেদে সূৰ্যৰ তাপৰ পৰিমাণ বেলেগ বেলেগ হয়। তাপ পালে বায়ু প্ৰসাৰিত হয়, আৰু বায়ু প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব কমি যায়। ঘনত্ব কমি গ'লে বায়ু পাতল হৈ পৰে। গতিকে


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Previous
Next Post »