-->

মোৱামৰীয়া গণ বিদ্রোহ । Moamoria Rebellion

মোৱামৰীয়া গণ বিদ্রোহ
Moamoria Rebellion


শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
1. মোৱামৰীয়া বিদ্রোহ আৰম্ভ হৈছিল—
(ক) স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত
(খ) স্বৰ্গদেউ শিৱসিংহৰ দিনত
(গ) স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত
(ঘ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত

উত্তৰঃ- (ক) স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।  

2. কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল—
(ক) ১৭৯০         (খ) ১৭৯১
(গ) ১৭৯২         (ঘ) ১৭৯৩

উত্তৰঃ- (গ) ১৭৯২।  

3. বেংমৰাৰ বর্তমান নাম কি?
উত্তৰঃ- তিনিচুকীয়া।  

4. মায়ামৰা কি? ই কোন সংহতিৰ অন্তৰ্গত?
উত্তৰঃ- মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তর্ভুক্ত।

5. গুৰু নিত্যানন্দদেৱ কোনটো সত্ৰৰ সত্ৰাধিকাৰ আছিল?
উত্তৰঃ- মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল।  

6. মহাপুৰুষ শঙ্কৰদেৱৰ মহাপ্রয়াণৰ পিছত বৈষ্ণৱ সত্র সমূহ কি কি ভাগত বিভক্ত হৈছিল?
(নাইবা)
সত্ৰ বুলিলে কি বুজা?

উত্তৰঃ- সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নামধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰেই শিষ্য-প্রশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে এই সত্ৰসমূহৰ চাৰিটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল। যেনে ব্রহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি। মায়ামৰা সত্ৰ এই সংহতিৰ অন্তর্ভূক্ত।  

7. সংহতি কি? সংহতিৰ সৃষ্টি কেনেদৰে হৈছিল?
(নাইবা) সত্ৰ সমূহৰ চাৰিটা ভাগ বা সংহতি কি কি?

উত্তৰঃ- শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰেই শিষ্য-প্রশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতি স্বৰূপে সত্ৰসমূহৰ চাৰিটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল। এই ভাগবোৰকে সংহতি বুলি কোৱা হয়। এই সংহতি চাৰিবধ যেনে- (১) ব্রহ্ম সংহতি (2) পুৰুষ সংহতি (৩) কাল সংহতি আৰু (৪) নিকা সংহতি।  

8. মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰঃ- স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।  

9. কোনজন আহোম ৰজাই প্রথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ- চুহুংমুঙৰ দিনত।

10. চুৰুম্ফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ- গুৰু নিত্যানন্দকদেৱক।

11. ৰদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰঃ- চতুর্ভূজদেৱ মহন্তক।

12. আহোমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম লিখা।
উত্তৰঃ- ছোমদেউ।

13. জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ- আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল।

14. মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?
উত্তৰঃ- "মায়ামৰা" শব্দৰ পৰা।

15. গুৰু নিত্যানন্দদেৱক কাৰ আজ্ঞামতে হত্যা কৰা হৈছিল?
উত্তৰঃ- চুৰুম্ফা ভগাৰজাৰ আজ্ঞামতে হত্যা কৰা হৈছিল।

16. অসমলৈ ব্রিটিছৰ প্ৰথম আগমন কেতিয়া হৈছিল?
উত্তৰঃ- অসমলৈ ইংৰাজৰ প্ৰথম আগমন আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্রণত ১৭৯২ চনত হৈছিল।

17. অসমৰ ক'ত লোণ উৎপাদন হৈছিল?
উত্তৰঃ- শদিয়া আৰু নগাপাহাৰত।

18. কোনজন আহোম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ- স্বৰ্গদেউ শিৱ সিংহৰ দিনত।

19. গাগিনি কোন আছিল?
উত্তৰঃ- মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ আছিল।

20. মোৱামৰীয়া মহন্ত সকলক জোৰকৈ বলিৰ ফোঁট কাৰ নিৰ্দেশত দিয়া হৈছিল?
উত্তৰঃ- বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত দিয়া হৈছিল।

21. কেপ্তেইন ওৱেলছ অসমত কেতিয়াৰ পৰা কেতিয়ালৈ আছিল?
উত্তৰঃ- ১৭৯২ চনৰ নবেম্বৰৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ কেপ্তেইন ওৱেলছ অসমত আছিল।

22. অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্রোহটোৰ নাম কি?
উত্তৰঃ- মোৱামৰীয়া বিদ্রোহ।

23. কোনচনত মোৱামৰীয়া বিদ্রোহ আৰম্ভ হৈছিল?
উত্তৰঃ- ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ।

24. চুহুংমুংৰ দিনতে লিখা বুৰঞ্জীখনৰ নাম কি?
উত্তৰঃ- শ্ৰীশ্ৰী স্বর্ণনাৰায়ণ মহাৰাজৰ জন্ম কথা।

25. মোৱামৰীয়াসকলে পোন প্রথমে কাক ৰজা পাতিছিল?
উত্তৰঃ- নাহৰখোৱাৰ পুতেক ৰমাকান্ত বা ৰমানন্দ।

26. দুবিধ পাইক প্ৰথাৰ নাম লিখা।
উত্তৰঃ- (১) কাড়ী পাইক আৰু (২) চমুৱা পাইক।

27. কৃষ্ণৰাম ভট্টাচার্য কোন আছিল? তেওঁক কোনে অসমলৈ আনিছিল? তেওঁক কিয় পৰ্বতীয়া গোসাই বুলি কোৱা হয়?
উত্তৰঃ- কৃষ্ণৰাম ভট্টাচার্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্রাহ্মণ পণ্ডিত আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁক অসমলৈ মতাই আনিছিল। পিছত পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্রাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচার্য আৰু তেওঁৰ উত্তৰ পুৰুষসকল পৰ্বতীয়া গোঁসাই নামেৰে জনাজাত হয়। সেই সময়ৰ পৰাই আহোম ধৰ্মত শাক্ত ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায়। আনহাতে শাক্তধৰ্মৰ প্ৰভাৱে ৰাজ্যত ধর্মীয় সংঘাত আৰম্ভ কৰে।

28. অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰঃ- সেই সময়ত লোণ বৰ দামী বস্তু আছিল সেইবাবে সর্বসাধাৰণ লোকে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল।  

29. গৌৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত কেতিয়া বাণিজ্যিক চুক্তি সম্পাদিত হৈছিল? চুক্তিখনৰ চাৰিটা চর্ত উল্লেখ কৰা।
উত্তৰঃ- ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত বাণিজ্যিক চুক্তি সম্পাদিত হৈছিল। এই চুক্তিৰ চৰ্ত চাৰিটা এনেধৰণৰ-
(১) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্রান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতত সমপৰিমাণৰ অর্থাৎ ১০% কৰ ধার্য কৰা হ'ল। (২) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।
(৩) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানী আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ'ল।
(৪) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।

30. মোৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায় নে?
উত্তৰঃ- মোৱামৰীয়াসকল মহাপুৰুষীয়া বৈষ্ণৱ কালসংহতিৰ অন্তর্গত 'মায়ামৰা' সত্ৰৰ শিষ্য আছিল। এওঁলোক প্রধানকৈ অসমৰ মৰাণ, কছাৰী, চুতীয়া, আহোম আৰু কৈবর্ত সম্প্রদায়ৰ লোক বুলি ক'ব পাৰি কাৰণ এইসকল জাতি-জনজাতিৰ লোক মায়ামৰা সত্ৰৰ শিষ্য আছিল। মায়ামৰা সত্ৰৰ মহন্ত বা সত্ৰাধিকাৰকসক শূদ্র সম্প্রদায়ৰ আছিল। গুৰুৰ প্ৰতি মোৱামৰীয়াসকলৰ গভীৰ ভক্তি আছিল। শিষ্যসকলৰ একান্ত আনুগত্য আৰু ভক্তি আদায় কৰি মোৱামৰীয়া মহন্তসকল অতি শক্তিশালী হৈ পৰে। ইয়াৰ ফলতে মোৱামৰীয়া মহন্ত আৰু আহোম ৰজাসকলৰ মাজত ধর্ম লৈ বিবাদ আৰম্ভ হয়। ইয়াৰে ফলশ্ৰুতিত অসমৰ ইতিহাসৰ আটাইতকৈ দীর্ঘকাল জুৰি সংঘঠিত হোৱা ভয়াবহ মোৱামৰীয়া গণ বিদ্রোহ সূচনা হয়।
    এই বিদ্রোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়। ইয়াৰ কাৰণ এই বিদ্রোহত যোগদান কৰা অজস্ৰ প্ৰজাই আছিল সাধাৰণ কৃষক বা অন্য বৃত্তিধাৰী লোক। মোৱামৰীয়া গুৰু নিতানন্দদেৱৰ হত্যাৰ ক্ষোভ মাৰ নোযোৱাৰ সময়তে আহোম ৰজা গদাধৰ সিংহই মোৱামৰীয়াসকলৰ বিৰুদ্ধে চলোৱা অত্যাচাৰী কাৰ্যই জ্বলা জুইত ঘি ঢালিছিল। এইখিনিতে উল্লেখ কাৰিব পাৰি যে অস্পৃশ্যতাৰ পৰা হাত সৰাৰ কাৰণে চাৰিওফালে পলাই থকা সময়ত গদাধৰ সিংহই সত্রানুষ্ঠানসমূহত গোটখোৱা প্রচৰ ধন সম্পদৰ সম্ভেদ পাইছিল। ধন-সম্পদে, পালি-পহৰীয়াই আৰু সত্ৰীয়া ভকত মিলি সত্রানুষ্ঠানসমূহ অসম ৰাজ্যৰ ভিতৰত অন্য একোখন পৃথক ৰাজ্য সদৃশ হৈ পৰিছিল। ইয়াৰোপৰি কোনো কোনো মহাধিকাৰৰ অধীনত আছিল প্রায় ত্রিশহাজাৰ পুৰাতকৈ অধিক মাটি। ঠিক তেনেদৰে সমান সংখ্যক পাইক আৰু বনুৱা আছিল। গতিকে এনে ক্ষমতাশালী সত্ৰাধিকাৰসকলে এসময়ত দেশৰ বাবে বিপদৰ কাৰণ হ'ব বুলি গদাধৰ সিংহই শংকা কৰিছিল। তদুপৰি গদাধৰসিংহ পলাতক অৱস্থাত আউনি আটি আৰু দক্ষিণপাট সত্ৰত আশ্রয় বিচাৰি যাওঁতে তেওঁক আশ্রয় দিয়া নাছিল।
    গতিকে সত্ৰ আৰু সত্ৰাধিকাৰসকলৰ এনে কার্যত গদাধৰ সিংহ গভীৰভাৱে অসন্তুষ্ট হৈ পৰিছিল। সেয়েহে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই আউনি আটি আৰু দক্ষিণপাট সত্ৰৰ সম্পতিবোৰ বাজেয়াপ্ত কৰাৰ লগতে তাৰ সোণৰ মূর্তিবোৰ গলাই দিছিল। দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ৰামবাপুক বন্দী কৰি চকু কাঢ়িলে, আনহাতে আউনি আটিৰ সত্ৰাধিকাৰ কেশৱ গোঁহাই পলাই মৰিল। এইদৰে এই বিদ্রোহত আহোম ৰজাই সাৰ-পানী যোগাই মোৱামৰীয়া বিদ্রোহক গণ অভ্যুত্থানলৈ ৰূপান্তৰিত কৰিছিল।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »