-->

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ । Growth of Indian Nationalism

দ্বিতীয় অধ্যায়ঃ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
class 9 Social Science chapter 2 rise of Indian Nationalism and its aftermath

শুদ্ধ উত্তৰটো বাছি উলিওৱা
1. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল—
(ক) এলেন অক্টোভিয়ান হিউম     (খ) মতিলাল নেহৰু
(গ) উমেশ চন্দ্র বেনাৰ্জী        (ঘ) সুৰেন্দ্ৰনাথ বেনার্জী
উত্তৰঃ- (ক) এলেন অক্টোভিয়ান হিউম।

2. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম সভাপতি আছিল-
(ক) এনি বেছান্ট     (খ) উমেশ চন্দ্র বেনার্জী
(গ) স্বামী বিবেকানন্দ     (ঘ) এলেন অষ্ট্রেভিয়ান হিউম
উত্তৰঃ- (খ) উমেশ চন্দ্র বেনার্জী।

3. ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰা হৈছিল—
(ক) ১৮১৫ চনত     (খ) ১৮২৮ চনত
(গ) ১৮৩৫ চনত     (ঘ) ১৮১৭ চনত
উত্তৰঃ- (খ) ১৮২৮ চনত।

4. অসমৰ প্ৰথমটো ৰেলৰ লাইন আছিল--
(ক) ডিব্ৰুগড় আৰু যোৰহাটৰ মাজত
(খ) যোৰহাট আৰু শিৱসাগৰৰ মাজত
(গ) গুৱাহাটী আৰু লামডিংৰ মাজত
(ঘ) ডিব্ৰুগড় আৰু শদিয়াৰ মাজত
উত্তৰঃ- (ঘ) ডিব্ৰুগড় আৰু শদিয়াৰ মাজত।

5. ভাৰতীয় জাতীয় কংগ্রেছৰ জন্ম হৈছিল-
(ক) ১৯৮৫ চনত     (খ) ১৭৮৫ চনত
(গ) ১৮৮৫ চনত     (ঘ) ১৮৯৫ চনত
উত্তৰঃ- (গ) ১৮৮৫ চনত

6. বোম্বাই আৰু থানেৰ মাজৰ প্রথম ৰেল লাইন দৈর্ঘ্য আছিল-
(ক) ২৯ কিল'মিটাৰ     (খ) ২৮ কিল'মিটাৰ
(গ) ৩৩ কিল'মিটাৰ     (ঘ) ২৬ কিল'মিটাৰ
উত্তৰঃ- (ক) ২১ কিলমিটাৰ।

7. ব্রিটিছ চৰকাৰে পিটৰ ভাৰত আই ন প্রণয়ন কৰিছিল—
(ক) ১৭৭৩         (খ) ১৭৯৩
(গ) ১৭৮৪         (গ) ১৭৫৭
উত্তৰঃ- (গ) ১৭৮৪।

8. ভাৰতীয় জাতীয় কংগ্রেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল?
উত্তৰঃ- এনি বেছান্ট।

9. অসমত কেতিয়া প্রথম লেযাত্ৰা আৰম্ভ হয়?
উত্তৰঃ- ১৮৮৩ চনত।

10. স্বৰাজ শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ- দাদাভাই নৌৰজীয়ে।

11. বন্দে মাতৰম গীতটোৰ ৰচক কোন?
উত্তৰঃ- বঙ্কিমচন্দ্র চেটার্জী।

12. প্রার্থনা সমাজ কিমান চনত প্রতিষ্ঠা হৈছিল?
উত্তৰঃ- ১৮৬৭ চনত।

13. ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্রথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ- পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। উনবিংশ শতিকাৰ প্রথমার্ধত।

14. আনন্দমঠ কোনে লিখিছিল?
উত্তৰঃ- বঙ্কিম চন্দ্র চট্টোপাধ্যায়।

15. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ- বোম্বেত।

16. আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক কোৱা হয়?
উত্তৰঃ- ৰাজা ৰামমোহন ৰায়ক।

17. "স্যাৰে জাহাছে আচ্ছা...." গীতৰ গীতিকাৰ কোন?
উত্তৰঃ- চাৰ মহম্মদ ইকবাল।

18. আর্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ- স্বামী দয়ানন্দ সৰস্বতী।

19. ভাৰতত পোন প্রথম ৰেল যাতায়াত কেতিয়া ক'ত সুচনা হৈছিল? ইয়াৰ দৈর্ঘ্য কিমান আছিল?
উত্তৰঃ- ১৮৫৩ খ্রীষ্টাব্দত, বোম্বাই আৰু থানেৰ মাজত। ইয়াৰ দৈর্ঘ্য ২১ কিঃমিঃ আছিল।

20. ভাৰতত পোন প্রথম টেলিগ্রাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল?
উত্তৰঃ- ১৮৩৯ খ্রীষ্টাব্দত, কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথম টেলিগ্রাফ ব্যৱস্থাৰ সুচনা হৈছিল।

21. ভাৰতত পোন প্রথমে ছপাশাল কোতয়া ক'ত স্থাপন হৈছিল?
উত্তৰঃ-১৭৯৭ খ্রীষ্টাব্দত, শ্ৰীৰামপুৰত।

22. ভাৰতবৰ্ষৰ প্ৰথমখন বাতৰিকাকতৰ নাম লিখা।
উত্তৰঃ-বেংগল গেজেট।

23. হিন্দু কলেজ কেতিয়া প্রতিষ্ঠা হৈছিল আৰু পাছলৈ কি নামেৰে জনাজাত হৈছিল?
উত্তৰঃ-১৮১৭ খ্রীষ্টাব্দত কলিকতাত হিন্দু কলেজ প্রতিষ্ঠা হৈছিল।
    এই খন কলেজেই পিছলৈ (১৮৫৫ খ্রীঃত) প্রেছিডেন্সি কলেজ নামেৰে জনাজাত হৈছিল।

24. লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ- (১) স্ত্রী শিক্ষা বিস্তাৰৰ বাবে গুৰুত্বপূর্ণ ভূমিকা লৈছিল।
(২) সতীদাহ প্রথাৰ আইনী প্রক্রিয়াৰে নিবাৰণ কৰিবলৈ অশেষ চেষ্টা কৰিছিল।

25. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা দুটা কাৰকৰ নাম লিখা।
উত্তৰঃ-(১) ৰাজা ৰামমোহন ৰায় আৰু ব্ৰহ্ম সমাজ (২) আর্য সমাজ (৩) প্রার্থনা সমাজ (4) ৰামকৃষ্ণ মিছন। (৫) থিয়'ছফিকেল ছ'চাইটি আৰু (৬) আলীগড় আন্দোলন।

26. কোনে আৰু কেতিয়া "সতীদাহ প্রথা" নিবাৰণ। কৰে?
উত্তৰঃ-১৮২৯ চনত গৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেন্টিংকে সতীদাহ প্রথা নিবাৰণ কৰে।

27. ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল? তেওঁৰ প্রকৃত নাম কি আছিল?
উত্তৰঃ-ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। তেওঁৰ প্রকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত।

28. ভাৰতবৰ্ষত নৱযুগৰ সূচনা কেনেদৰে হৈছিল?
উত্তৰঃ-প্রাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধর্মীয় সংস্কৃতি আৰু পাশ্চাত্য, এই তিনিওটা সভ্যতাৰ লগত চিনাকী হোৱাৰ যোগ্যতা আহৰণ কৰি মহাসমন্বয়ক আকোঁৱালি লৈ ভাৰতবৰ্ষত নৱযুগৰ সূচনা হৈছিল।

29. গ্রেণ্ডট্রাক ৰোড কেতিয়া নির্মাণ কৰিছিল? এই ৰোডটো ক'ৰ পৰা কলৈকে বিস্তৃত হৈ আছিল?
উত্তৰঃ-১৮৩৯ খ্রীষ্টাব্দত নির্মাণ কৰিছিল। এই পথটো কলিকতাৰ পৰা দিল্লীলৈ বিস্তৃত হৈ আছিল।

30. আর্য সমাজৰ তিনিটা উদ্দেশ্য লিখা।
উত্তৰঃ-আর্য সমাজে ধর্মান্তৰকৰণ ব্যৱস্থা প্রবর্তন কৰিছিল। ইয়াক 'শুদ্ধি' বুলি বুলি জনা যায়। উদ্দেশ্য তিনিটা হ'ল-
(১) বাল্য বিবাহ উচ্ছেদ
(২) বিধৱা বিবাহৰ প্রচলন আৰু
(৩) স্ত্রী শিক্ষা বিস্তাৰ।

31. ভাৰতৰ জাতীয় কংগ্রেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ-উমেশচন্দ্র বন্দোপাধ্যায়।

32. চিপাহী বিদ্রোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা?
উত্তৰঃ- ১৮৫৭ খ্রীষ্টাব্দৰ বিদ্রোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তি আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল বুলি ক'ব পাৰি।
    ইংৰাজ প্রশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় আদিৰ দিশবিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্রতি দায়বদ্ধতাৰ ভাব জগাই তুলিছিল। এই নৱচেতনাকে নৱজাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। ষষ্ঠদশ শতিকাৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰোপৰ জন্ম দিছিল ঠিক একেদৰে ঊনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰতৰ সৃষ্টি কৰিছিল।

33. নিয়ন্ত্রণ সভাৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতবৰ্ষৰ আধুনিক শিক্ষা বিস্তাৰত কোনে প্রথম সু-সংহত আঁচনি নির্ধাৰণ কৰিছিল?
(নাইবা)
'উদৰ প্ৰেৰণপত্ৰৰ' মূল উদ্দেশ্য কি কি আছিল?

উত্তৰঃ- চার্লচ উড নিয়ন্ত্রণ সভাৰ প্ৰথম সভাপতি আছিল। ১৮৫৪ খ্রীষ্টাব্দত চার্লচ উডৰ (নিয়ন্ত্রণ সভাৰ সভাপতিৰ) প্রচেষ্টাত ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ আৰম্ভ হৈছিল। তেওঁ কোম্পানিৰ চৰকাৰলৈ শিক্ষাৰ বিস্তাৰৰ বাবে প্ৰেৰণ কৰা এই পত্ৰখনকে উদৰ প্রেৰণ পত্র বোলা হয়। এই পত্ৰখনৰ মূল উদ্দেশ্যবোৰ হ'ল- প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা। দেশীয় ভাষাৰে আৰু উচ্চ পর্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্রদানৰ নির্দেশনা প্রদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা। মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। ইয়াৰোপৰি প্ৰতিখন প্রদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »